সপোন : এখন ব্যক্তিগত ৰচনা (দেৱব্ৰত বৰা)

সপোন : এখন ব্যক্তিগত ৰচনা

দেৱব্ৰত বৰা


মোৰ ছো‌ৱালী তৰাই প্ৰায় সদায় ৰাতি সপোন দেখে। তাই সপোনেতে হাঁহে, কান্দে, গালি পাৰে আনকি গানো গায়। তাইৰ এই কাৰবাৰবোৰ দেখি থাকোতে মোৰ ভা‌ৱ হ’ল যে ময়োতো কম সপোন দেখা নাই! ল’ৰালিৰে পৰা এতিয়ালৈকে এনে বহুত সপোন দেখিছো যিবোৰ মনতো আছে। সেয়ে মই নিজে দেখা সপোনবোৰৰ বিষয়ে এখন ৰচনা লিখিবলে মন গ’ল। লগতে সেই সপোনবোৰনো মই কিয় দেখিছিলো তাৰো বিশ্লেষণ কৰাৰ চেষ্টা কৰিছো।

মই ল’ৰালিতে আটাইতকৈ বেছিকৈ দেখা সপোনটো এনেকু‌ৱা আছিল। নীৰেন মামাহঁতৰ পদুলীমুখত গৰু এৰাল দিয়া খুটি এটা আছে। খুটিটো মাটিৰ পৰা এফুটমান ওলাই থাকে। মই দৌৰি যাওঁ আৰু হঠাতে খুটিটোত উজুটি খাই মাটিৰ ফালে পিঠি দি(শুই থকাৰ নিচিনাকৈ) পৰি যাওঁ। তাৰ পিছ সোসো‌ৱাবই চুচৰি যাওঁ। তাৰ পিছতে মই সাৰ পাওঁ। মই এই গৰু এৰাল দিয়া খুটিটো সদায়ে দেখিছিলো। আৰু সম্ভ‌ৱ তাত কেতিয়াবা উজুতি খাইছিলো বা আনে উজুটি খো‌ৱা দেখিছিলো। সেয়ে এই সপোনটো দেখিছিলো।

মই এটা খেলিমেলি সপোন প্ৰায়ে দেখিছিলো। সেইটো হ’ল মই চাইকেল চলাই গৈ থাকো। কিছু সময়ৰ পাছত চাইকেলখন এখন স্কুটাৰলৈ পৰিবৰ্তন হয়। তাৰ পিছত স্কুটাৰখন এখন এম্বেচেদৰ কাৰত পৰিণত হয়।এনেদৰে শেষত মই নিজকে এখন বাছত আৱিস্কাৰ কৰো। আচলতে মই সৰুতে চাইকেল চলাবলৈ পাইছিলো আৰু বাছত উঠি পাইছিলো। কিন্তু স্কুটাৰ আদি চলাবলৈ পো‌ৱা নাছিলো। সেয়ে বোধহয় এই সপোনটো চাইকেলত আৰম্ভ হৈ বাছত শেষ হৈছিল।

মই দেখা এটা সপোন আখৰে আখৰে ফলিয়াইছিল। মই দৰং মহাবিদ্যালয়ত নাম ভৰ্তি কৰা বেছিদিন হো‌ৱা নাই। সেই সময়ত আমাৰ কলেজৰ প্ৰতিটো বিভাগতে নাম ভৰ্তিৰ অলপ দিন পিছত ‘মেজৰ টেষ্ট’ হয়। এই পৰীক্ষাত উত্তীৰ্ণ হ’ব নো‌ৱাৰিলে সন্মান কটা যায়। ‘মেজৰ টেষ্ট’ দি ঘৰলৈ আহিলো। কিবা বন্ধ আছিল বোধহয়। ঘৰত সপোন দেখিলো তেজপুৰ বাছ আস্থানত বন্ধু মৃণাল শইকীয়া ৰৈ আছে তেওঁৰ চাইকেলখনত বহি। মোক দেখি কৈছে “মেজৰ টেষ্টৰ ৰিজাল্ট দিছে। কাৰো মেজৰ কটা নাই। “সঁচাই তেজপুৰলৈ গৈ দেখিলো বন্ধু মৃণাল তেওঁৰ নিজা ষ্টাইলত মাটিত এটা ভৰি থৈ চাইকেলত বহি আছে আৰু মোক কৈছে “মেজৰ টেষ্টৰ ৰিজাল্ট দিছে। কাৰো মেজৰ কটা নাই। “ইমান আখৰে আখৰে মিলি যো‌ৱা সপোন মই আৰু দেখা নাই। আচলতে সেই সময়ত মই অলপ সন্দেহত আছিলো কেনেবাকৈ মেজৰ কাটি দিয়ে বুলি। পৰীক্ষা খুব ভাল হো‌ৱা নাছিল। কিন্তু আগৰ বৰ্ষৰ ছাত্ৰ এজনে কৈছিল যে অতিপাত বেয়া নম্বৰ নাপালে মেজৰ নাকাটে। সেয়ে সপোনটো দেখিছিলো চাগৈ।

এটা সপোন দেখি কিন্তু মই বহুদিন ভাবিব লগা হৈছিল যে মই এই সপোনটো কিয় দেখিলো। সপোনটো আছিল এনেধৰণৰ: মই কোনো এক পুৰণি জহি খহি যো‌ৱা হাউলিত বহি আছো। হাউলিটো এখন মুকলি পথাৰৰ মাজত। মোৰ ওচৰত কোনো নাই। অলপ ভয় লাগে। বহুদিন ভবাৰ পিছতহে মই বুজিব পাৰো যে মই দেখা জহি খহি যো‌ৱা হাউলিটো আচলতে তেজপুৰৰ শ্বহীদ বাকৰিৰ আধা সজা ছাত্ৰসন্থাৰ পুথিভঁৰালটোহে। শ্বহীদ বাকৰিৰ সৈতে আধা সজা প্ৰকাণ্ড পুথিভঁৰালটো সপোনত মই হাউলি বুলি ভুল কৰিছিলো। সেই ঘৰটো এতিয়া সম্পূৰ্ণ হ’লনে নাই মই নাজানো।
ইয়াৰ বাহিৰেও বিভিন্ন চিনেমা, কিতাপ, লগ পো‌ৱা মানুহ আদি খেলিমেলিকৈ অনেক সপোন মই দেখিছো।

এবাৰ এজন দাদাৰ লগত এৰাতি একেলগে শুব লগা হৈছিল। ৰাতি মই সপোনত তেওঁৰ বুকুত এনে এটা ভুকু মাৰিলো যে পিছদিনা তেওঁ চিকিৎসকৰ ওচৰ চাপিব লগা হ’ল। আনহাতে মোৰ বন্ধু এজনে ৰাতি একেলগে শোওঁতে সপোনত কুকুৰ দেখি মোক যিটোহে গোৰ মাৰিলে, সেইটো মই আজিলৈকে পাহৰা নাই।

মই আটাইতকৈ বেছি দেখা সপোনটো কি বাৰু? ভাৰাঘৰ বিছৰা সপোন। ভাৰাঘৰত থকা মানুহেহে জানে ঘৰ বিছৰা কি এটা কঠিন কাম! আনহাতে ভাৰাঘৰে মোক কম জ্বলাকলা দেখুউৱাৰ নাই! গতিকে মই ইমান বেছি সপোন দেখা মানুহটো‌ৱে ভাৰাঘৰ বিছৰা সপোন নেদেখিমনে?

অনেক সপোন দেখিলো। আনকি সপোন আখৰে আখৰে ফলিয়াইছেও। কিন্তু মই সপোনৰ কিবা অৰ্থ আছে বুলি নাভা‌ৱো। নাটক, চিনেমা আদিত দেখা, কিতাপত পঢ়া, কোনোবাই কো‌ৱা বা আমাৰ জী‌ৱনত ঘটা কেতবোৰ ঘটনাকে আমি সপোনত দেখো। কিন্তু সপোনত ঘটনাবোৰ চুপাৰ ইম্পজ হো‌ৱাৰ দৰে দেখো। সেয়ে কেতিয়াবা দেখোতাই ভয় খায়। কিন্তু ভালদৰে বিশ্লেষণ কৰিলে সপোনটোনো কিয় দেখিছিলো সেইটো বিচাৰি উলিয়াব পৰা যায়। আৰু এটা কথা, নিজে দেখা সপোন নিজেহে বিশ্লেষণ কৰিব পৰা যায়। আনৰ দ্বাৰা সেইটো সম্ভ‌ৱ নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক