সপোন কঢ়িওৱা সেই ঠাইবোৰ (তিৰুজ্যোতি বৰা দাস)

সপোন কঢ়িওৱা সেই ঠাইবোৰ

ණ তিৰুজ্যোতি বৰা দাস

(দেৱব্ৰত গগৈ ডাঙৰীয়াৰ এটি পোষ্টৰ আঁত ধৰি)

পৃথিৱীখনৰ যতেই নাথাকো কিয় আমাৰ প্ৰিয় ঠাইখনৰ মাটিৰ গোন্ধে আমাক গোটেই জীৱনজুৰি আৱৰি ৰাখে। জন্মৰ পৰা শিক্ষাৰ তাগিদাত অথবা কামৰ তাগিদাত আমিযে কিমান ঠাই ঘুৰিব লাগে। কিছুমান ঠাইত আমি ক্ষণিকৰ বাবে জিৰণি লও আৰু আন কিছুমান ঠাইত বছৰ বছৰ জুৰি থাকি যাওঁ। কিছুমান ঠাই আমি এৰি আহিলেও বুকুত লৈ আহো সেই ঠাইৰ গোন্ধ, সেই ঠাইৰ মৰম। আকৌ কিছুমান ঠাইত থাকোতে হয়তো অনুভব নকৰো সেই ঠাইৰ প্ৰয়োজনীয়তাখিনি । কিন্ত যেতিয়া এৰি থৈ আহো তেতিয়া বুকুখনে হাহাকাৰ কৰি উঠে, হাবাথুৰি খাই, এৰি অহাৰ বেদনাত কোঙা হৈ পৰে। কেতিয়াবা হঠাত দেখা পোৱা এখন ঠাইও আমাৰ বহু যুগৰ চিনাকী যেন লাগে। আজি এনে কিছু ঠাইৰ বিষয়ে লিখিবলৈ লৈছো যি মোৰ বুকুৰ আপোন,যি ঠাইয়ে মোক বাৰে বাৰে জী উঠিবলৈ শিকায়। সেই ঠাইৰ আকাশ মই সদায় কঢ়িয়াই ফুৰো।

স্কুলত পঢ়ি থকাৰ পৰাই এক সপোন দেখিছিলো, সপোনটো কেতিয়াবা সপ্তাহত এবাৰ, কেতিয়াবা মাহত বা কেতিয়াবা বহু মাহৰ মূৰত দেখা পাইছিলো।যিদিনাই সপোনটো দেখা পাইছিলো সেইদিনাই মন আনন্দত আত্মহাৰা হৈ উঠিছিল। লগৰ দুগৰাকী মানে এই সপোনটোৰ বিষয়ে জানিছিল। সপোনত দেখা পাইছিলো এটি মন্দিৰ, অঁকোৱা পকোৱা ৰাস্তাৰে গৈ পাহাৰৰ ওপৰত থকা এটি মন্দিৰ। চাৰিওফালে গাঢ় সেউজ, দুই এটা ওখ শিল, হাতীৰ এটি দীঘল শাৰী। মন্দিৰৰ ভিতৰত কি আছিল দেখা পোৱা নাছিলো, সেইয়া চাব বিছাৰিতো সদায় সাৰ পাই গৈছিলো। কেতিয়াবা ভাবিছিলো ক’ৰবাত ছবিত দেখিছিলোনেকি সেই ঠাই। নাই ক’তো দেখা পোৱা নাছিলো। বাৰে বাৰে সপোনত সেই ঠাইডোখৰ দেখি মোৰ মনত ফটফটীয়া ছবি এখনে ধৰা দিছিলহি সেইখন ঠাইৰ। কলেজত এক্সকাৰচনত মানালীলৈ যাওঁতে হিড়িম্বা দেৱীৰ মন্দিৰলৈ গৈছিলো। আৱেগত মোৰ চকুলো ওলাইছিল। হয় এই ঠাইয়েই মই সপোনত দেখিছিলো।মোৰ প্ৰিয়তমা বান্ধৱী এগৰাকীয়ে ঠাইখন দেখাৰ লগে লগেই চিঞৰী উঠিছিল, “চোৱা চোৱা তোমাৰ সপোনত দেখা ঠাই এইখন” মোৰ মুখত বর্ণনা শুনি শুনি বান্ধৱীগৰাকীৰ মনত ৰৈ গৈছিল। সেইদিনাও মন্দিৰত সোমাব পৰা নাছিলো। মন্দিৰৰ কাষৰ এখন গাঁৱত আমাৰ তথ্য সংগ্ৰহৰ কাম আছিল,বৰ লৰালৰি হৈছিল। সেইদিন ধৰি আজিলৈকে মই সপোনটো দেখা পোৱা নাই। কেতিয়াবা শুবলৈ যাওঁতে সেই ঠাইৰ বিষয়ে খুউব ভাবো কিজানিবা সেই ঠাই দেখা পাওঁৱেই। কিন্ত সফল নহওঁ। প্ৰিয় এই সপোন আৰু সেই ঠায়ে  আজিও মোৰ বুকুত নিগাজিকৈ ঘৰ বান্ধি বহি আছে।

প্ৰিয় ঠাইৰ তালিকাত প্ৰথমেই মোৰ জন্মঠাই মাজুলীৰ বাঘগাওঁ। শিমলু ফুলৰ ৰং,নৈ পাৰৰ ঝাওবন, মুকতা যেন লুইতৰ বালি, গেজেপনী মৰা বেতগছৰ বাৰীত সোমাই বেতগুটি খোৱাৰ মাদকতা, চেনাই চাপৰিত বজোৱা গৰখীয়াৰ বাঁহীৰ সুৰ, মটৰ মাহনীৰ চাপৰিত দৌৰি ফুৰা দিনবোৰ, বানপানী আহিলে মথাউৰিৰ বুকুত বন্ধা ঘৰত থাকিবলৈ যোৱা দিনবোৰ, পানীত ভিজা ধানৰ মোহসনা সেই গোন্ধ, তলৰ পানীত ভৰি নপৰাকৈ দাদাহঁতে ইখন বিচনাৰ পৰা সিখনলৈ দুভৰিৰে বনোৱা দলং পাৰহোৱা মূহূর্তবোৰ, নাৱত উঠি ভেঁটফুল খোৱাৰ দিনবোৰ, পকমৌ বিচাৰি পথাৰে পথাৰে ঘুৰি ফুৰাৰ সময়বোৰ, গাঁৱৰ সহজ সৰল মানুহৰ মৰমখিনি, নৈৰ পাৰত পাৰ কৰা শৈশৱৰ সেই সোণোৱালী সময়খিনি মই জীৱনত পাহৰিব নোৱাৰো। বুজা নুবুজাৰ বয়সতে সেই ঠাই এৰি আহিছিলো । যেতিয়া উভটি গৈছিলো নদীৰ বকুত জাহ গৈ বালিচৰ হৈ পৰি আছিল সেই ঠাই । সেই সময় যে কেনে কষ্টকৰ আছিল বুজাব নোৱাৰো। কেৱল বাঘগাওঁৱেই নহয় চকুৰ আগত দেখিছিলো শৈশৱত উমলি ফুৰা বহুকেইখন ঠাই একেলগে নিশেষ হৈ যোৱা।   আঁহতগুৰি, পমুৱা, মলুৱাল, সাকোপাৰ, বালিচাপৰি…উখল মাখল সেই ঠাই এতিয়া কেবল স্মৃতি।চকুত এঠা লাগি ৰৈ আছে সেই ঠাইৰ প্ৰতিচ্ছবি, বুকুত বৈ আছে সেই ঠাইৰ মানুহৰ মৰম। প্ৰিয় ঠাইক একেবাৰে হেৰুওৱাৰ দুখ বৰ মর্মান্তিক। আজিও যেন শুনো ৰুৰুৱাই বৈ থকা লুইতৰ বুকুৰ ঢৌ।

দ্বিতীয়তে নুমলীগড়, নুমলী কুঁৱৰীৰ ঠাই, মন গলেই বৰষুন এজাক বৈ আহে হুৰহুৰাই। টাউনচিপৰ ওপৰৰ পৰা এবাৰ কালিয়নী নৈৰ বুকুৰ বালিচৰত এটি হালধীয়া কলহ দেখা পাইছিলো, হালধীয়া সৰিয়হৰ পথাৰখন নৈখনে খহাই অকাই পকাই বৈ নিজৰ পচন্দত তৈয়াৰ কৰিছিল সেই কলহ। কেনে শুৱনি দৃশ্য আছিল সেই কথা নেদেখিলে বুজা টান। কানাইঘাটৰ দলংৰ ওপৰেৰে পাৰ হৈ গলে সেই হালধীয়া সুগন্ধি বুকুলৈকে বৈ পৰিছিল।চাহ বাগানৰ সেউজ উপত্যকাৰ সৈতে অকোৱা পকোৱা দেওপাহাৰৰ মাজৰ সেই ৰাস্তা, ধনশিৰী নৈৰ ভাজলগা সৌন্দয্যখিনি, ৰাতি নদীত ডুবি পানীৰ সোঁতত টুকুৰা টুকুৰ হৈ পৰা জোনবাইজনী, শেৱালী ফুলৰ ৰাতিবোৰ, কার্বি পাহাৰৰ কমলা ফার্মৰ পৰা কমলা চুৰি কৰি চাইকেলৰ পেডেল নমৰাকৈ লৱণঘাটৰ ৰাস্তাটোত একে হাওচতে নামি অহাৰ সেই অকৰামী খিনি, বোকাখাটৰ আমটেঙাৰ ৰাধাচূড়া বোৰ, ডিফলু নৈৰ ওপৰৰ ওলোমা দলং,  পথাৰৰ জোনাকী পৰুৱাবোৰ, লেটেকুজান চাহ বাগিছাত অনাই বনাই ফুৰা দিনবোৰ, ফেক্টৰীৰ কুমলীয়া চাহপাতৰ সুগন্ধি, বনৰীয়া হাতী ওলাওতে উজাগৰে থকা ৰাতিবোৰ, ৰংবং, পংকা পথাৰ, সেউজীপাৰ, মোৰ মৰমৰ ঘৰখনৰ প্ৰতিটো চুক কোণ,প্ৰতিজোপা চাহগছ, প্ৰতিজোপা খৰিকাজাই।

তৃতীয়তে জালুকবাৰী। মই আৰ চি চি ফৰ গার্লচ হোষ্টেলত আছিলো, ৰুমটোৰ পৰা সন্মুখৰ মেটেকাভৰা পথাৰখনৰ সৈতে বিশ্ববিদ্যালয়ৰ হস্পিটেলৰ সন্মুখৰ পকিৰাস্তা দেখা পোৱা গৈছিলো। পুৱা সোনকালে উঠোতে দেখিছিলো এক অভূতপূর্ব দৃশ্য, সন্মুখত লেম এটা ওলোমাই ঘন্টা বজাই পাৰ হৈ গৈছিল শাৰী শাৰিকৈ অজস্ৰ গৰুগাড়ী। গৰুৰ ডিঙিত অৰা টিলিঙাৰ শব্দ বহু দূৰৰ পৰা শুনা গৈছিল, গৰুগাড়ীত ওলোমাই ৰখা লেমবোৰ দূৰৰ পৰা জোনাকী পৰুৱাৰ দৰে দেখা গৈছিল। অনুভব হৈছিল ঘন কুঁৱলীৰ মাজত ঘন্টা বজাই যেন জোনাকীপৰুৱাবোৰেহে গান গাই গাই সমদল পাতিছে। মাজে মাজে ভাবো সেইয়া সঁচা আছিলনে নে সপোন আছিল। আচলতে জালুকবাৰীৰ প্ৰতিটো অংশই আছিল মায়াসনা। আমি কেইজনীমান লগলাগি ঠাইবোৰ পিটপিটাই ঘুৰি ফুৰিছিলো। সুন্দৰবৰিৰ মাজেৰে দ্বীপৰ বিললৈ যোৱা সেই ৰাস্তা, অবজাৰভেটৰীৰ ঠিক তলতে ৰাস্তাৰ দুয়োকাষে হালধীয়া সোণাৰুৱে সৃষ্টি কৰা সেই তোৰণ, গুলন্স ফুলৰ মতলীয়া গোন্ধ, ৰাতি আৰ চি চি ফৰ গার্লচ হোষ্টেলৰ চাদৰ ওপৰৰ পৰা দেখা শৰাইঘাট দলংৰ মোহনীয় দৃশ্য, দ্বীপৰ বিলৰ শৰালী হাঁহৰ জাক, হোষ্টেলৰ কৃষ্ণচূড়া কেইজোপা, বটানী ডির্পাটমেন্টৰ সন্মুখৰ ৰাস্তা, লংকেশ্বৰ মন্দিৰ, মন্দিৰৰ ঠিক তলতে থকা অনাথ আশ্ৰমখন, মার্কেটৰ মেঘালী আৰু যে কত কি! ভুৱেনশ্বৰী মন্দিৰৰ ওপৰৰ বহল শিলচটা, বগলা মন্দিৰৰ শিলৰ খটখটীৰে নামি পাহাৰৰ বুকুৰে বগুৱা বাই তলৰ ৰাস্তাত নমা সেই ঠাই। খাৰঘুলিৰ পাহাৰৰ ওপৰৰ পৰা দেখা পোৱা ব্ৰক্ষ্মপুত্ৰত বেলি ডুবাৰ দৃশ্যও বৰ ধুনীয়া, সেই যে হোটেল বেলিভিউৰ কাষৰ এঢলীয়া ঠাইখিনি।

চতুর্থতে মোৰ কলেজ আৰু চাকৰী জীৱনৰ আৰম্ভনি দেৰগাওঁ কমল দুৱৰা কলেজ, নাৰিকলগুৰি, গেলাবিল পাৰ হৈ চৰাইচাপৰীলৈ যোৱা ধূলিয়ৰি ৰাস্তা, বেলি ডুবাৰ সময়ত সোণোৱালী হোৱা কলেজৰ কাষৰ বহল পথাৰ, গৈ গৈ শেষ নোহোৱা দেৰগাঁৱৰ ঠাইবোৰ । দেৰগাওঁখন জীৱনত দুইধৰণে দেখাৰ সৌভাগ্য হৈছিল, একেখন কলেজতে পঢ়ি আকৌ তাতে শিক্ষকতা কৰি, একেটা ছোৱালী হোষ্টেলত  আবাসী হৈ থাকি আকৌ তাতে ৱার্ডেন হৈ থাকি দেখা পাইছিলো, অনুভব কৰিছিলো একেখিনি ঠাইৰে ভিন্ন ৰূপ।অনন্য অভিজ্ঞতা আছিল সেইয়া। দেৰগাঁৱখনে মোক বহু কথা শিকাইছিল।

নদী আৰু সাগৰৰ পাৰে সদায় এক মোহলগা অনুভূতি কঢ়িয়াই আনে। আটলান্টিক মহাসাগৰৰ বহুকেইটা  পাৰ আৰু দীঘা, উদয়পুৰ, মান্ধাৰমণি, শংকৰপুৰ, কৱালাম, কণ্যাকুমাৰী মোৰ খুউব প্ৰিয়। কলিকতাত থাকোতে শ্ৰীমানৰ সৈতে আমি প্ৰায়েই বাচেৰে নগৈ হুগলী নৈত ফেৰীৰে শ্যামবজাৰ, হাওৰা আদি বিভিন্ন ঠাইলৈ গৈছিলো। কলিকতাৰ হুলস্থূলীয়া পৰিবেশৰ বিপৰীতে ফেৰীৰ সেই যাত্ৰাত এক মোহনীয় মাদকতা অনুভব কৰিছিলো।

শেষত মোৰ ভাল লগা ঠাইখন হ’ল এতিয়া থকা নিউজার্চিৰ চমাৰভিলখন। সৰু ঠাই, কিন্ত পাইন গছেৰে বাৰেমাহেই সেউজীয়া এই ঠাই। শীতত কপাহ জোলাৰ দৰে গুৰি গুৰিকৈ বৰফ পৰা চাই মোৰ বৰ ভাল লাগে । মাজৰাতিযে বৰফে ঢকা ঠাইখিনি কেনে দিন যেন পোহৰ হৈ পৰে! বসন্তত ইয়াত চেৰী ফুলে, ডেফডেল, হাইড্ৰজিয়া টিউলিপৰ উচ্ছলতাই মন পোহৰাই ৰাখে, মেগনলিয়াৰ সুগন্ধীত চৌপাশ আমোলমোলাই থাকে। শৰতত ওক, মেপল পাতবোৰ মুগাবৰণীয়া, কমলাবুলীয়া হৈ পৰে। সেই উজ্জ্বলতাখিনিৰ লগতে ঘৰৰ আশে পাশে ঘুৰি থকা হৰিণাবোৰৰ সৈতে নিৰিবিলি এই ঠাই মোৰ ঋষি মুনিৰ আশ্ৰমৰ দৰে লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক