সপোন (চন্দামিতা দেবী)

কৃষ্ণচূড়াৰ প্ৰেমত পৰাৰ বয়সৰ পৰাই প্ৰেমত পৰিছিলোঁ জালুকবাৰীৰ। সপোন দেখিছিলোঁ জালুকবাৰীৰ। গল্প, কবিতা, উপন্যাস সকলোৱে মোৰ সপোনৰ জালুকবাৰীক কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙাই তুলিছিল। আসঃ, কিমান সুন্দৰ এই ৰঙীন সপোন!

জালুকবাৰীক দুভাগ কৰা পথটোৰে সপোনত খোজ কাঢ়িছোঁ অজস্ৰবাৰ। দুয়োকাষে মোৰ প্ৰিয় গছে শাৰী পতা এই পথ সচাঁকৈয়ে খুব ধুনীয়া। যিমানেই ভাবোঁ, যিমানেই দেখোঁ বেছিহে নিমজ্জিত হওঁ গভীৰ প্ৰেমত। কেনেকৈ হ’ব পাৰে কোনো ঠাই ইমান আকৰ্ষণীয়!

সপোন দেখাৰ মুহূৰ্তবোৰত তুমিওতো আছিলা মোৰ সতেই। তুমিওতো মোৰ সপোনৰে অংশ। সপোনবোৰ বৰ ভাল লগা নহয়নে?  সোণাৰুবুলীয়া হাঁহি, এজাৰফুলীয়া স্বপ্ন, সকলোবোৰ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন।

বৰ ভাল লাগে মোৰ সোণাৰু ফুল। ইমান উজ্বল। ৰঙেৰে যেন কৈ যায়— “হাঁহি থাকা। সদায়ে হাঁহি থাকা। হাঁহি হাঁহি পাৰ কৰা জীৱনৰ সকলো জটিলতা।” সোণাৰুৰ থোপাত ওলমি থকা বৰষুণৰ মুকুতা যেন সোণত সুৱগা চৰোৱা। প্ৰেৰণাময় এই ৰঙৰ উজ্বলতা, স্নিগ্ধ এই বৰষুণৰ মুকুতা। এজাৰফুলীয়া সপোন, কৃষ্ণচূড়াৰ বৰষুণ। কি সুন্দৰ এই সপোন। তেতিয়া তুমিওতো আছিলা মোৰ সতে। মনত পৰেনে(!)?  কিমান দিন যে খোজ কাঢ়িলোঁ হাতত হাত থৈ। অন্তহীন কথা আৰু ক’ত মান অভিমান।

সপোনবোৰ যেন ভাঙিবৰ বাবেই। সাৰ পালেই সপোনে লগ এৰা দিয়ে। সাৰ পাবই খোজা নাছিলোঁ মই। জানিছিলো এই ঠুনুকা সপোনবোৰৰ কথা।

এতিয়াও পাৰ হওঁ এই সপোন যেন লগা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰে ঢকা পথটোৰে। তাত তুমিও নাথাকা, ময়ো নাথাকোঁ। আমাৰ অস্তিত্ব সপোনতহে। কিন্তু তথাপি কৃষ্ণচূড়াৰ বৰষুণত হাতত হাত থৈ তিতি থকা হাজাৰজনৰ মাজত আমাক দুয়োকো দেখোঁ। কিছুমান ঠাই চাগে সদায়ে সপোনেৰে আৱৰা! সপোনবোৰ বাৰু ভাঙে নে ইজনৰ পৰা সিজনলৈ বাগৰে!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments