সপোন-পখিলা (গাৰ্গী দাস)

কোনোবাই গুণগুণাইছিল! দুৱাৰ খুলি চালো। গুণগুণনি নহয়, মুকুতা মণিৰ দৰে শব্দৰ এধাৰী মালা। মই হেনো মৰমীয়াল আৰু মৰমলগা। দুৱাৰ-ডলিত থমকি ৰ’ল এটি লহমা! চকুৰ মণিত নে হাতৰ মুঠিত নে কোমলকৈ উশাহত জোনাক সিঁচি ৰ’ল এটি লহমা। বুকুতে ৰৈ গ’ল এটি সপোন – পখিলা তেতিয়াৰে পৰা।

বহুত দূৰৈৰ পৰা ভাঁহি আহিছে ঘণ্টাৰ শব্দ। কোনে বজালে? কোনে বজালে? নিজান ৰাতিত ঢৌ খেলি বৈ গ’ল শব্দৰ সেই লহৰ। কোনে জানিলে? কোনে শুনিলে? দিনৰ পোহৰতে বাট হেৰুওৱা মোক কোনোবাই ছাঁ হৈ আৱৰিলে।

তেওঁ আহিছে। জোলোঙাত আনিছে বহুতো সপোন। সপোন-পখিলা যাৰ নাম। সেই পখিলা যাৰ গাত পৰে তেওঁ হেনো সপোন খেদি ফুৰে। চহৰৰ মানুহবোৰে ভয় খাইছে। কংক্রিটৰ এই পৃথিৱীত, কৃত্রিম পোহৰৰ চমকনিত, এই যান্ত্রিকতাত সপোনৰ কোনো স্থান নাই। কোনেও ইয়াত সপোন খেদিব নিবিচাৰে। প্রতিযোগিতাৰ এই দৌৰত দাম নাই সপোনৰ, মান নাই সপোনৰ। সপোন-পখিলাৰ পৰা বচাবলৈ মানুহবোৰে ল’ৰা-ছোৱালীবোৰক ঘৰৰ ভিতৰত সুমুৱাই ৰাখিছে। বন্ধ কৰিছে দুৱাৰ-খিৰিকী সকলো। হঠাৎ চহৰখন শান্ত-শীতল হৈ পৰিছে। হেৰাই গৈছে উদ্দাম ছন্দোময়তা। ক’ত গ’ল সেই বিশাল জণগণ? ক’ত গ’ল সেই বিজ্ঞাপনবোৰ? সপোন-পখিলাৰ ভয়ত সকলো কৰবাত লুকাইছে।

এইখন চহৰলৈ বহুদিনৰ অপেক্ষাৰ অন্তত যোৱাৰাতি মূষলধাৰে বৰষুণ এজাক নামিছে। বাটবোৰ মুকলি হৈছে। গছপাতবোৰ আৰু অলপ সেউজীয়া হৈছে। এইখিনি সময়তেই গান এটি মোৰ মনলৈ আহিছে। ঠিক গান নহয়, কিছুমান শব্দ। শব্দবোৰ সুৰ হৈ বৈছে চহৰৰ মাজেৰে। ঘৰবোৰৰ বন্ধ খিৰিকীৰে সেই সুৰ পুৱাৰ পোহৰ হৈ সোমাইছে। পোহৰে জিলিকাইছে কোমল মুখবোৰ।
নাঃ, মই কিজানি সপোনেই দেখিছো। এয়াচোন মই বিচনাতে আছো। যোৱাৰাতি বৰষুণজাকৰ মাজতেই মই কিন্তু থিকেই শুনিছিলো ঘণ্টাৰ সেই গুৰু-গম্ভীৰ শব্দ।
যোৱাৰাতি তেওঁ আহিছিল। আন্ধাৰৰ মাজেৰে, বৰষুণৰ সাজেৰে। মই উঠি গৈ তেওঁৰ সন্মুখত থিয় দিছিলো। জুৰুলি-জুপুৰি দুখনি হাতক কিছু জুইৰ তাপ দিছিলো। তেওঁ ক’ৰ পৰা আহিছিল, কিয় আহিছিল, কিয় বজাইছিল সেই ঘণ্টাধ্বনি, শোধা নাছিলো। তেওঁৰ হাতত ধৰিয়েই গোটেই ৰাতি পাৰ কৰিছিলো। নাঃ মই কিজানি সপোনেই দেখিছিলো। এয়াচোন মই বিচনাতে আছো। যোৱাৰাতিৰ সেই ঘণ্টাধ্বনি মই কিন্তু স্পষ্টকৈ শুনিছো।

সেই ঘণ্টাধ্বনিয়ে সৃষ্টি কৰা উৎসুকতাৰ আঁত বিচাৰি থিয় দিছিলো তেওঁৰ কাষত। তেওঁ এযোৰ বগা সাজ পিন্ধি আছিল। মুখমণ্ডলত বিয়পি আছিল এটি শান্ত হাঁহি। কান্ধৰ জোলোঙাত তেওঁ আনিছিল এজাক সপোন-পখিলা। তেওঁ শান্তিদূত হৈ দেশ-বিদেশ ঘূৰিছিল। খবৰ আনিছিল। খবৰ বিলাইছিল— প্রেম আৰু ভালপোৱাৰ, শান্তি আৰু অহিংসাৰ।

পৃথিৱীৰ কৰবাত জুই লাগিছিল। জুইৰ লেলিহান শিখাই এফালৰ পৰা গ্রাস কৰি নিছিল দেশ-মহাদেশ, পৰ্বত-পাহাৰ, অৰণ্য, গছ-গছনি, প্রকৃতি জগত, জীৱ-জগত— তেওঁ বাতৰি দিছিল। তাৰ উপায়ো আনিছিল। যি দেশত সপোন-পখিলা আকাশত উৰি ফুৰে, বৰষুণে জীপাল কৰি ৰাখে মন-মাটি, যি দেশত ল’ৰা-ছোৱালীয়ে সপোন-পখিলাৰ পিছত উমলি ফুৰে, যি দেশৰ আকাশত ৰামধেনু ওলায়, যি দেশত শিশুৱে হাঁহে – সেই দেশক জুইৰ শিখাই চুব নোৱাৰে। সেই দেশ চিৰ-সেউজীয়া। তেওঁ চিন্তাত কাতৰ হৈ উঠিছিল। তেওঁ আমাৰ ঠাইলৈ আহিছিল আমাৰ বাবে, সেউজীয়া পৃথিৱীৰ বাবে এজন দেৱদূত হৈ।

মানুহবোৰে সপোন-পখিলাৰ কথা লাহে লাহে জানিবলৈ ধৰিছিল। তেওঁ বৰ আগ্রহেৰে সকলোৰে ওচৰলৈ গৈছিল। সেউজীয়া পৃথিৱীৰ কথা কৈছিল। বন্ধ ঘৰৰ ভিতৰত সোমাই লাহে লাহে শিল হেন হোৱা ল’ৰা-ছোৱালীবোৰক তেওঁ ঘৰৰ পৰা উলিয়াই আনিব খুজিছিল। সিহঁতৰ মুখত তেওঁ কোমল এটি হাঁহি জিলিকাব খুজিছিল। পৃথিৱীৰ যান্ত্রিকতাৰ মাজতো তেওঁ বিয়পাইছিল মৰম-চেনেহ আৰু বিশ্বাসৰ বাণী। কোনোবাই তেওঁক হাঁহিছিল। কোনোবাই উপলুঙা আৰু ঠাট্টা-মস্কৰা কৰিছিল। কোনোবাই বলিয়ালী বুলি মুখ কোঁচাইছিল। কোনোবাই পদূলিৰ পৰাই তেওঁক বিদায় দিছিল। খুব কমেইহে তেওঁক মৰমেৰে আদৰি লৈছিল।

তেওঁৰ আপত্তি নাছিল। খুব শান্ত আৰু সহজভাৱে তেওঁ সকলো গ্রহণ কৰিছিল। কোনোবা পুৰণি চিনাকীৰ দৰেই আমি কথা পাতিছিলো। গুণগুণাইছিলো গান। তেওঁৰ কথাবোৰে, গুণগুণ গানবোৰে ঘৰৰ ভিতৰত শুই থকা শিশুবোৰক জগাই তুলিছিল। জগাই তুলিছিল তেওঁলোকৰ সেউজীয়া মন।

লাহে লাহে ৰাতিৰ আন্ধাৰবোৰ পাতল হৈছিল। পুৱাৰ কোমল ৰ’দজাক, পাতল বতাহজাকে মোৰ টোপনি ভাঙিছিল। বহুদিনৰ আগতেই ৰোৱা খৰিকাজাই ফুলজোপাত তিনিপাহ ফুল ফুলিছিল। বগা আৰু ধুনীয়া ফুলকেইপাহে এটি লহমাৰ কথা সোঁৱৰাই দিছিল।
আৰু…… আৰু…… গোটেই আকাশখন যেন কোনোবাই আৱৰি ধৰিছিল! এজাক সপোন-পখিলা উৰি ফুৰিছিল ভিতৰে-বাহিৰে আকাশ ছানি।

মই এবাৰ চকু মেলিছো, এবাৰ মুদিছো। এবাৰ নিজকে চিকুটি চাইছো। ঘৰৰ পৰা বাহিৰলৈ, বাহিৰৰ পৰা ভিতৰলৈ বাৰে বাৰে অহা-যোৱা কৰিছো। ৰঙীন পখিলাবোৰ সকলোতে উৰি ফুৰিছে। বন্ধ ঘৰৰ দুৱাৰ খুলি ল’ৰা-ছোৱালীবোৰ ওলাই আহিছে। সকলোৰে মুখত ইমান হাঁহি। পখিলাবোৰ আমাৰ গাতে আহি পৰিছে।

এটি হাঁহি মোৰ মুখত লাহেকৈ বিয়পিছে। মই আপোনমনে গুণগুণাইছো….
আজি আৰু সাজি-কাচি চিকুণ হোৱা নাযায়। ৰং সানি নিজকে কৃত্রিম কৰা নাযায়। জীৱনৰ বাবে এটা দিন, জী উঠাৰ বাবে এটা দিন – যাঃ বুলি হেৰুওৱা নাযায়।
এৰা, মই সপোন দেখা নাই। যি দেশত শিশুৱে হাঁহে, সেই দেশ চিৰ-সেউজীয়া। বাৰে বাৰে উচ্চাৰণ কৰিছো এই কথা।

তেওঁৰ নাম শোধা নাছিলো। তেওঁ ক’ৰ পৰা আহিছিল, ক’লৈ গ’লগৈ সেই কথাও জনা নাছিলো। মাথোঁ জানিছিলো এজন দেৱদূত হৈ তেওঁ আহিছিল। আমাৰ শিৰত বোলাইছিল কৰুণাময় দুহাতৰ আঙুলি। তেওঁৰ খোজত বিয়পিছিল সূৰ্যমুখী হাঁহি। তেওঁৰ বাবেই আমি আকৌ এবাৰ জী উঠিছিলো। তেওঁৰ বাবেই আমি অপেক্ষাৰ ক্ষণ গণিছিলো। জুইৰ গ্রাসৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিছিল। প্রেম আৰু অহিংসাৰ বাণী হৈ তেওঁ আমাৰ হৃদয়তে ৰৈছিল। সপোন-পখিলাবোৰ আমাৰ আকাশত চাৰিওফালে উৰি ফুৰিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক