সপোন ভগা মানুহবোৰ-ঐশ্বৰ্য অমিতাভ

 

প্ৰিয়তম সপোনে খোপনি হেৰুওৱা
এক অসতৰ্ক মূহূৰ্ত্তত
পুতৌ কৰা যায় নে জীৱনক
উচপিচনি চেপাত গধুৰ হৈ পৰা
স্মৃতিকাতৰ সময়ক ফাঁকি দি
উদযাপিত হয় নে উশাহ?

সমষ্ট দুখবোধক
হাঁহি এটাত লেটিয়াই ভজা
সুখী জীৱনৰ গৰম ব্যঞ্জন
সোৱাদ আৰু পৰিবেশনৰ
তৃপ্তি থাকে জানো তাত?

সৰু জীৱন এটাকো
সীমিত কৰাৰ তাগিদাত
যন্ত্ৰৱৎ চলে
একাকিত্বৰ অনুশীলন৷

উশাহ বুলি হুমুনিয়াহেৰে বুকু ভৰাই
সপোন ভগা মানুহবোৰে
নিজৰ মাজতেই নিজক হেৰুৱায়
আঁৰকাপোৰ টানি টানি
প্ৰতিনিয়ত
পৰিশীলিত জীৱনৰ আখৰা কৰে৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক