সপোন ( ৰাজু কলিতা )

  “প্ৰথম শিকোতেই ল’ভিন চিগাৰেট এটা সম্পুৰ্ণ ওঁঠৰ কোণত ওলমাই হত্যা কৰা আৰু প্ৰথম দেখোঁতেই এজনী সুন্দৰী যুৱতীক প্ৰপ’জ দিয়াটো একেই কথা ” সন্ধ্যাৰ তিনিআলিৰ আড্ডাত বৰ গৰ্বৰে কথাটেইটা ক’লে বাল্যবন্ধু বসন্তই। তাৰ কথা শুনি কাষতে বহি থকা হেমন্তই মাত লগালে,

– “ছাল্লা , গোটেই জীৱন বাপেৰৰ হোতেলত খাই খাই , বাটে বাটে শুকান বিড়ি টানি ফুৰিছ আৰু এতিয়া ছোৱালীক প্ৰপ’জ দিয়াটো ল’ভিন চিগাৰেটৰ লগত তুলনা কৰিছ।”
হেমন্তৰ কথাত আড্ডাৰ সকলোৱে কিৰিলি পাৰি হাঁহিলো। গাৱঁৰ তিনিআলিৰ বিশেষ চুক এটাত এনেদৰেই দহ-বাৰ জন বেকাৰ ল’ৰাৰ আড্ডা বহে। ৰঘু কাইৰ দোকানত কোনোৱে দুই এটকা বৰঙণি হিচাপে আগবঢ়াই শিখৰ, চিগাৰেটৰ ধোঁৱাৰে পৰিবেশটো ৰমৰমিয়া কৰে। আড্ডাৰ মাজতে কোনোৱে সকলোৰে পৰা সহায় বিচাৰে, কোনোৱে আক’ কেতিয়াবা নিজৰ নিজৰ প্ৰেমিক হৃদয়ৰ কবিতা পাঠ কৰে। এনেদৰেই পাৰ হয় বহু বেকাৰৰ সপোনৰ সন্ধ্যা।

ঘৰলৈ অহা দুমাহেই হ’ল। চাৰি বছৰ অসমৰ বাহিৰত বেকাৰ জীৱনৰ মেৰুদণ্ড বিচাৰি হাবাথুৰি খালো। চাকৰি পামনো ক’ত? মেট্ৰিকটো পাচ কৰি কিতাপ বহীবোৰ ধোঁৱাচাঙত উঠাই থোৱা সুবাদ এটা কপালত লিখা আছে। অৱশ্যে বিঃ এঃ, এমঃ এঃ পাচ কৰা বোৰৰো চাৰ্টিফিকেট বোৰে অফিচৰ টেবুলে টেবুলে উচুপি থকা নিজৰ চকুৰে দেখিছোঁ। অনাই বনাই চাৰি বছৰ পাৰ কৰি ঘৰৰ ল’ৰা ঘৰলৈ উভটিছো।
উদ্দেশ্য , অহাবাৰ বাৰিষাত পিতাইক হাল বোৱাত সহায় কৰিম। আলি দিম , নিজৰ মাটিত সেউজীয়া সপোন আঁকিম। সন্ধ্যাৰ আড্ডাত আমি কেতিয়াবা খেতিৰ বিষয়েও আলোচনা কৰো। ঘৰলৈ ঘুৰি আহি অহাবাৰ খেতিত নমাৰ কথাটোকে আড্ডাত ওলিয়ালো। মোৰ কথা শুনি অতিপাত কথা চোবোৱা হেমন্তই তাচ্ছিল্যৰ সুৰতে ক’লে
– “অহাবাৰ বাৰিষালে যে বৰষুণ নহয় , সেয়া খাটাং ?”

তাৰ কথা শুনি সকলোয়ে হাঁহিলে। মোৰ খঙে চুলিৰ আগ পালেগৈ। কোনোমতে নিজক চম্ভালি তাক প্ৰশ্ন কৰিলো , তাৰ উত্তৰত হেমন্তই যি ক’লে সেয়া মোৰ দৰে অসমৰ বাহিৰত টিকিব নোৱাৰি ঘৰলৈ উভটি অহা সকলোৰে গাত লাগিব।

“ছাল্লা, অসমৰ বাহিৰত খেতি কৰিছিলিনে নে চাকৰি বিচাৰি টেবুলে টেবুলে বক্তৃতা দিছিলি? আৰু ঘৰলৈ আহি খেতিত নামিলে বৰষুণ আহিলেও তই যে ওলাই নাযাৱ সেইটো খাটাং।”

আড্ডাৰ ৰসিকতাময় কথাৰে জীৱনটোক উপলদ্ধি কৰিবলৈ জটিল যদিও, বুকুৰ কোনোবা এটা চুকত যে আঘাত কৰে সেয়া ভুক্তভোগী সকলে নুই কৰিব নোৱাৰে। নাঙলৰ মুঠিত সপোন থাকে, আৰু আমি সপোন বিচাৰো চৰকাৰি চাকৰি পিচে পিচে। শৈশৱৰ সোণোৱালী দিন বোৰলৈ মনটো উৰা মাৰিলে বাৰিষাৰ পথাৰ খনলৈ মনত পৰে আৰু যেতিয়া সন্মুখত সুন্দৰী যুৱতী দেখো , তেতিয়া চৰকাৰি চাকৰিলৈ মনত পৰে। এফালে পথাৰত বাৰিষাৰ বৰষুণত তিতাৰ ভয় , আনফালে ন’কিয়া ম’বাইলত মাজে মাজে হোৱা হেং চিষ্টেমৰ দৰে ৰাতি ৰাতি সপোনত খেতি কৰা সপোনৰ হেং। গোটেই চিষ্টেম টোৱেই বেইমান। তথাপি জীয়াই থকাৰ আশা। কেতিয়াবা সুন্দৰী যুৱতীৰ কাষত থিয় হৈ প্ৰতিজ্ঞা কৰো ,” আব্বে , এদিন ময়ো তোৰ প্ৰেমিক হ’ম। বাইকেৰে ধূলি উৰুৱাই আঙুলি ফাকত গুজি লম কিং চাইজ গ’ল ফ্লেক নাইবা ল’ভিন চিগাৰেটৰ সুঠাম দেহ। সপোনহে দেখো বীমা পলিচি বোৰৰ দৰে , বাস্তৱত দেউতাৰ ফ্ৰি হোতেল, মাৰ গালি, সমাজত বেকাৰ হোৱাৰ অপবাদ আৰু সন্ধ্যাৰ আড্ডাত ৰঘু কাইৰ দোকানৰ বাকীকৈ লোৱা চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলি। কেতিয়াবা চিন্তা হয়, জীৱনটো কি এনেদৰে পাৰ হ’ব নেকি? গতানুগতিক জীৱন পৰিক্ৰমাৰ সীমান্তত আকাশ চোৱাৰ সপোন। অথচ ভেলিডিটি পাৰ হৈ যায় বয়সৰ , এণ্ট্ৰি নহয় অন্য সপোনৰ ভাইৰাচ। কল্পনাত যিমানেই পাচৱৰ্ড সলনি কৰি কৰি জীৱনটোক নতুন চেটিংছ্ কৰো , তাতকৈ বেছি ৰাতি সপোনত হেং মাৰি ৰিষ্টাৰ্ট হয় বেকাৰ জীৱন। মাৰ চকুলৈ চাব নোৱাৰি , সেই একেটাই কথা ” মই আৰু কাম কৰিব নোৱাৰা হৈ আহিছো | বিয়া খন পাত।” কিন্তু মায়েতো নাজানে বিশ্বকাপ ক্ৰিকেটত শক্তিশালী দলেই জয়লাভ কৰে। দেউতাৰ পুৱা গধূলি নিয়োগ বাতৰিৰ দৰে খেতিত মনোযোগ দিয়াৰ পৰামৰ্শ। আৰু নিজৰ আকাশ চোৱাৰ সপোন। অথচ, বেটেৰী ল’ হোৱা ম’বাইলৰ দৰে সপোন বোৰো বয়সৰ লগে লগে ল’ হৈ আহিছে।

আড্ডালৈ আগৰ দৰে যাব নোৱাৰোঁ। বাৰিষাৰ দিন। সকলোৰে ব্যস্ততা বাঢ়িছ। নাঙলৰ মুঠিত যে সুখ থাকে, তাৰেই প্ৰমান কৰিবলৈ ময়ো উঠিপৰি লাগিছো। আঘোণত সোণালী ধান কাটিবলৈকে গাৱঁৰে জেতুকী বাই ছোৱালী তৰাক নিজৰ কৰি আনিম। সপোন সেউজীয়া কৰি আকাশ চুম। তৰা জনী গাভৰু হ’লেই….।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments