সপ্তদশ খণ্ড : কালযৱন বধ

৷৷সপ্তদশ খণ্ড৷৷

৷৷কালযৱন বধ৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰঘুপতি হৌক গতি

তোহ্মাৰ চৰণে নাৰায়ণ৷

দাস বুলি দামোদৰ দিয়োক শৰণ৷৷১০৭৷৷

পদ৷৷

সেহি সময়ত যৱনৰ মহাৰাজা৷

লগে লৈয়া সাজি ম্লেছ তিনি কোটি প্ৰজা৷

নামে কালযৱন ৰণত অনিৰ্ব্বাৰ৷

নাৰদে পঠাইলা মাধৱক দিলে ধাৰ৷৷১৩৩৩৷৷

তিনিকোটি ম্লেছে বেঢ়িলেক মথুৰাক৷

দেখি সচকিত ভৈলা যত যদুজাক৷৷

দেখি বলো সমে আলোচন্ত দামোদৰ৷

মিলিল প্ৰমাদ দাদা যাদৱ বংশৰ৷৷১৩৩৪৷৷

বেঢ়িল আমাক দেখা যৱন দুৰ্ব্বাৰ৷

কিবা আজি কালি জৰাসন্ধে দেয় ধাৰ৷৷

যৱনক যুজন্তে মাগধ যেৱে আসৈ৷

নেয় চোপে বাসে জোনো বংশক বিনাশৈ৷৷১৩৩৫৷৷

হেন জানি সাজিবোহো দুৰ্গ দ্বাৰকাক৷

মনুষ্যে নপাৰে যেন তাক লন্দ্ৰিবাক৷৷

এহি বুলি সাগৰ মধ্যত দামোদৰ৷

বাহ প্ৰহৰৰ পথ নিৰ্ম্মিলা নগৰ৷৷১৩৩৬৷৷

বিশ্বকৰ্ম্মে শিল্প কৰ্ম্ম জানে যতমানে৷

দ্বাৰকাত সৱাকো দেখিয় বিদ্যমানে৷৷

বিৱিধ উদ্যান কল্পতৰু উপবন৷

দিব্য সৰোৱৰ দীঘি দেখি বিতোপন৷৷১৩৩৭৷৷

আকাশ লন্দ্ৰিয়া আছে গড়ৰ দুৱাৰ৷

স্ফটিক কপাট তাৰ পাশত সোণাৰ৷৷

সুৱৰ্ণ ৰজত জ্বলৈ গৃহৰ আৰম্ভ৷

স্ফটিক আটাল মৰকত দিল স্তম্ভ৷৷১৩৩৮৷৷

সুৱৰ্ণৰ ঘটচয় উপৰে প্ৰকাশৈ৷

বিচিত্ৰ পতাকাচয় বতাসে উল্লাসৈ৷৷

সুধৰ্ম্মা সভাক পঠাই দিলা পুৰন্দৰ৷

যাত আৰোহিলে হোৱে অজৰ অমৰ৷৷১৩৩৯৷৷

বৰুণে পঠাইলা হয়চয় শুক্ল বৰ্ণ৷

মনোজৱ বেগ সৱে শ্যাম এক কৰ্ণ৷৷

কুবেৰে পঠাইল অষ্ট নিধিৰ ভাণ্ডাৰ৷

কি কহিবো মহিমা কৃষ্ণৰ দ্বাৰকাৰ৷৷১৩৪০৷৷

দশদিগপালৰ বিভৱ আছৈ যত৷

সিবেলা সমস্তে আনি অৰ্পিলা কৃষ্ণত৷৷

সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে৷

মথুৰাৰ প্ৰজাক আনিলা যোগবলে৷৷১৩১৪৷৷

মথুৰাক আসি ৰামে সমে আলোচিলা৷

সুগন্ধ পুষ্পৰ মালা গলত পিন্ধিলা৷৷

সুদাহাতে নগৰ দ্বাৰৰ ভৈলা বাজ৷

যৱনক দেখাই চলি যান্ত যদুৰাজ৷৷১৩৪২৷৷

মাধৱৰ জন্মকৰ্ম্ম শুনা সৱ নৰে৷

কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে৷৷

দুৰ্ল্লভ মনুষ্য জন্ম নকৰিও বৃথা৷

কৰা হৰি কীৰ্ত্তন এড়িয়া গ্ৰাম্য কথা৷৷১২৪৩৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷

ইহ পৰলোকে হৰি চৰণেসে গতি৷৷

গৈল প্ৰাণ প্ৰায় জানা যেন আছা মৰি৷

আন চিন্তা এড়ি ডাকি বোলা হৰি হৰি৷৷১৩৪৪৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ মাধৱ মধু- সূদন দেৱ

দাস উদ্ধাৰিয়া নিয়ো৷

তুমিসি পৰম গুৰু নাৰায়ণ

মোক উপদেশ দিয়ো৷৷১০৮৷৷

পদ৷৷ কাল যৱনৰ আগে লীলা কৰি

চলি যান্ত হৃষীকেশ৷

দেখিল যৱনে পাছে মাধৱৰ

পৰম সুন্দৰ বেশ৷৷

শৰত কালত ভৈলন্ত উদিত

যেন পূৰ্ণিমাৰ চান্দ৷

সুকুমাৰ শ্যাম তনু পীতবস্ত্ৰে

দেখিতে আতি সুচান্দ৷৷১৩৪৫৷৷

সদায়ে ঈষত হাসি নুগুচয়

প্ৰফুল্ল মুখকমলে৷

নৱ পদ্ম সম আয়ত অৰুণ

লোচন যুগল জ্বলে৷৷

শিৰত কিৰীটি প্ৰকাশে অমূল্য

ৰত্ন গণে আছৈ গঢ়ি৷

নাসা তিল ফুল অধৰ ৰাতুল

দন্ত পান্তি কুন্দ কড়ি৷৷১৩৪৬৷৷

কৰ্ণত মকৰ কুণ্ডল দোলয়

কপালে অলকা পান্তি৷

কম্বুকণ্ঠ মাজে কৌস্তুভ শোভয়

নৱ আদিত্যৰ কান্তি৷৷

প্ৰলম্ব বৰ্ত্তুল স্থল ভুজ চাৰি

কেয়ূৰ কঙ্কণে শোভে৷

গলে বনমালা আপাদলম্বিত

ভ্ৰমৰ নছাড়ৈ লোভে৷৷১৩৪৭৷৷

সুন্দৰ হৃদয়ে প্ৰকাশৈ শ্ৰীবৎস

কঙ্কালে মেখলা জ্বলে৷

কৰিকৰ সম উৰু নিৰুপম

নূপুৰ পদকমলে৷৷

সংসাৰ মোহন হেন ৰূপ দেখি

বোলয় কালযৱন৷

এহিগোট কৃষ্ণ জানিলো নাৰদে

কহিল যেন লক্ষণ৷৷১৩৪৮৷৷

সুদা হাত ভৰি গতি চলি যায়

ময়ো যাওঁ অস্ত্ৰ এড়ি৷

এহি বুলি উঠি ধাইলেক যৱনে

ৰহ বুলি পাৰৈ গেড়ি৷৷

জ্ঞানীগণে যাক ধ্যানতো নেদেখৈ

খেদৈ হেন মাধৱক৷

হাতে পাৱে হেন দেখাই আপুনাক

নিলন্ত তাক দূৰক৷৷১৩৪৯৷৷

পাছত যৱনে আক্ষেপ কৰয়

যদুকুলে ভৈলি জাত৷

পলায়ন ধৰ্ম্ম নুহিকে উচিত

পালটি আহ্মাক মাত৷৷

এতেকে বোলন্তে গিৰি গহ্বৰত

পশিলন্ত নাৰায়ণ৷

পাছত যৱনে পশিয়া দেখয়

সুতি আছৈ একজন৷৷১৩৫০৷৷

আমাক দূৰক আনিয়া শয়ন

কৰিলি যেন সজ্জনে৷

কৃষ্ণ হেন মানি মাৰিলেক লাথি

দুৰ্জ্জন কালযৱনে৷৷

চিৰকাল সুতি আছে মুচুকুন্দ

উঠিয়া বসিল জাগি৷

কিছু কিছু কৰি চক্ষু মেলি চাইল

চাৰিয়ো দিশক লাগি৷৷১৩৫১৷৷

যৱনক পাছে আগত দেখিয়া

ক্রোধ দৃষ্টি কৰি চাইল৷

তেতিক্ষণে তাৰ শৰীৰত লাগি

অগনি কুণ্ড উধাইল৷৷

ক্ষণেকতে ভস্ম ভৈ গৈল যৱন

আপুন গাৱৰ জুই৷

পৰীক্ষিত ৰাজা শুকত সোধন্ত

আতি অদভূত হুই৷৷১৩৫২৷৷

সিটো কোনজন যৱনক যিটো

ভস্ম কৰিলেক তথা৷

কিহেতু সুতিয়া আছে কিবা নাম

কহিয়ো আহ্মাত কথা৷৷

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

শুনা সৱে সভাসদে৷

আন চিন্তা এৰি ডাকি বোলা হৰি

বৈকুণ্ঠে যাইবাৰ পদে৷৷১৩৫৩৷৷

৷৷কালযৱন বধ সমাপ্ত৷৷S১৭৷৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments