সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য— ড° মৃণাল জ্যোতি গোস্বামী

৭.৩.৫ অন্যান্য সাহিত্য

ৰোমাণ্টিক যুগৰ অসমীয়া সাহিত্যত প্ৰবন্ধ বা সমালোচনা সাহিত্য, জীৱনী, ৰম্য-ৰচনা আদিয়েও বিশেষ স্থান অধিকাৰ কৰি আছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ‘অৰুণোদয় যুগ’তে প্ৰবন্ধ তথা সমালোচনা সাহিত্যই ভূমুকি মাৰিছিল৷ তাৰ পাছত ‘আসাম বিলাসিনী’, ‘আসাম বন্ধু’, ‘আসাম নিউজ’ আদি কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত আদি লেখকসকলে প্ৰবন্ধক উন্নতিৰ পথেৰে আগবঢ়াই নিয়ে৷ কিন্তু সেই যুগৰ বেছিভাগ প্ৰবন্ধই আছিল চিন্তাধৰ্মী আৰু বস্তুধৰ্মী৷ ‘জোনাকী’ কাকতৰ প্ৰকাশৰ লগে লগে মনোধৰ্মী, ব্যক্তিনিষ্ঠ আৰু ৰসাত্মক প্ৰবন্ধ ৰচনাৰো ইতিহাস আৰম্ভ হয় বুলি ক’ব পাৰি৷

• প্ৰবন্ধ : সংখ্যা আৰু বিষয়বস্তুৰ বহুমুখিতাৰ ফালৰপৰা লক্ষ্মীনাথ বেজবৰুৱা ৰোমাণ্টিক যুগৰ শ্ৰেষ্ঠ প্ৰবন্ধ লেখক৷ সাহিত্য, সমাজ, ধৰ্ম আনকি ৰাজনীতি – এই সকলো বিষয় লৈ বেজবৰুৱাই অজস্ৰ প্ৰবন্ধ ৰচনা কৰিছে৷ আদিৰ পৰাই বেজবৰুৱাই গধুৰ আৰু লঘু এই দুয়োবিধ প্ৰবন্ধ ৰচনা কৰি আহিছে৷ ‘জোনাকী’ত বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামেৰে অসমীয়া সমাজ জীৱনৰ পুৰণিকলীয়া অন্ধ সংস্কাৰ আৰু ঔপনিবেশিক আমোলত গা কৰি উঠা অন্ধ আভিজাত্য, অনুকৰণপ্ৰিয়তা, ভণ্ডামি আদিৰ সমালোচনা কৰি তীব্ৰ ব্যঙ্গ বাণেৰে হাস্যব্যঙ্গাত্মক ৰচনাৰ নতুন ধাৰা এটাৰ সূচনা কৰে৷ কৃপাবৰ বৰুৱা ছদ্মনামেৰে ‘জোনাকী’ত ব্যঙ্গ আৰু হাস্যৰসপূৰ্ণ যি প্ৰবন্ধ প্ৰকাশ হৈছিল, সেয়ে ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ নাম লৈ ১৯০৫ চনত প্ৰকাশ হয়৷ তাৰ পাছত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘জোনাকী’ত কৃপাবৰ বৰুৱা আকৌ আৱিৰ্ভাৱ হয়৷ সেইবোৰ প্ৰবন্ধ আৰু ‘ঊষা’ত ওলোৱা দুই-চাৰিটা প্ৰবন্ধৰ সমষ্টিয়েই পুথিৰ আকাৰত ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’ (১৯৫১), ‘বৰবৰুৱাৰ বুলনি’ (১৯৬৪)৷ এই প্ৰবন্ধাৱলীৰ বাহিৰেও ‘ভগৱৎকথা’, ‘কৃষ্ণকথা’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ চিন্তামূলক, বস্তুনিষ্ঠ গ্ৰন্থ বেজবৰুৱাই ৰচনা কৰে৷ বেজবৰুৱাৰ গহীন প্ৰবন্ধ প্ৰায়বোৰেই বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয়৷ ‘কৃষ্ণকথা’, ‘তত্ত্বকথা’ আদি উপনিষদ, ভাগৱত আদি পুৰাণ অধ্যয়নৰ ফল৷
‘ঊষা’ৰ পাততে ৰজনীকান্ত বৰদলৈৰ ‘মনোবিজ্ঞান’ শীৰ্ষক পাশ্চাত্যৰ বৈজ্ঞানিক চিন্তাৰ সমীক্ষাৰে চিন্তাশীল এলানি প্ৰবন্ধ লিখে৷ তদুপৰি ‘ঊষা’ৰ পাততে লক্ষেশ্বৰ বৰঠাকুৰৰ ‘জাপান যাত্ৰীৰ পথ’ (ভ্ৰমণ কাহিনী), হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া লো’, ‘গোপেশ্বৰ দেৱালয়ৰ তামৰ ফলি’ (প্ৰত্নতত্ত্বমূলক প্ৰবন্ধ); কীৰ্তিনাথ দাসৰ ‘নেপোলিয়ন বোনাপাৰ্ট’ আদি বিচিত্ৰ বিষয়ৰ প্ৰবন্ধ প্ৰকাশ পায়৷
অসমীয়া ভাষাৰ ইতিহাস আলোচনাৰে গৌৰৱময় ঐতিহ্য অনুসন্ধান আৰু স্বকীয়তা প্ৰতিপন্ন, জোনাকী-বাঁহী স্তৰত বিশেষভাৱে চৰ্চিত বিষয়৷ আনহাতে অসমৰ বৈষ্ণৱ সাহিত্য সংস্কৃতি বিষয়ক গভীৰ তত্ত্বানুসন্ধানী আৰু তথ্য আধাৰিত বিচাৰধৰ্মী প্ৰবন্ধৰ এটা মেটমৰা ভঁৰাল এই স্তৰতে সৃষ্টি হৈছিল৷ এই বিষয়তে মানৱ জীৱনৰ কৰ্তব্য-ৰহস্য, সাধনা আৰু প্ৰমূল্যবোধ সম্পৰ্কীয় ভালেমান প্ৰবন্ধ ৰচিত হয়৷ এইক্ষেত্ৰত সত্যনাথ বৰা এই ক্ষেত্ৰত উল্লেখযোগ্য লেখক৷ বস্তুনিষ্ঠ আধুনিক অসমীয়া গদ্যৰীতি নিৰ্মাণত বৰাৰ অৱদান অতুলনীয়৷ এক কথাত ক’ব পাৰি যিসকলে সচেতনভাৱে বস্তুনিষ্ঠ আধুনিক অসমীয়া গদ্য-ৰীতি সৃষ্টি কৰিবলৈ যত্ন কৰিছে, তাৰ ভিতৰত সত্যনাথ বৰাই সকলোতকৈ অধিক কৃতকাৰ্যতা লাভ কৰিছে৷ ‘আকাশ ৰহস্য’ (১৯০৮), ‘সাহিত্য বিচাৰ’ (১৯২২), ‘সাৰথি’ (১৯১৫), ‘কেন্দ্ৰসভা’ (১৯২৪) আৰু ‘চিন্তাকলি’ (১৯২৫) এই কেইখনিত বৰাৰ কথাশৈলীৰ বিকাশ মন কৰিবলগীয়া৷ তদুপৰি প্ৰবন্ধক (Essay) এওঁ বিশিষ্ট আৰ্ট ৰূপে কৰ্ষণ কৰিবলৈ যত্ন কৰিছিল৷ বেকনৰ আৰ্হিত জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই সাৰথিক মূল্যৱান সম্পদ কৰি তুলিছে৷ সততে নিভাঁজ অসমীয়া ভাষা লিখিবৰ প্ৰযত্নও বৰাৰ এটি কীৰ্তি৷ বৰাৰ উপৰি বেণুধৰ ৰাজখোৱা, দেবেশ্বৰ চলিহা আদিৰ নামো এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি৷ ‘মিলন’, ‘চেতনা’ স্তৰত উপৰিউক্ত প্ৰবন্ধ ধাৰা ক্ষীণ হৈ আহি তাৰ সলনি সমাজ জীৱনৰ তৎকালীন সমস্যা, স্বাধীনতা আন্দোলন সম্বন্ধীয় চিন্তা, বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰা ভাষা সাহিত্যৰ মননশীল আলোচনালৈ, ইতিহাসৰ পৰা নৃতত্ত্বলৈ– বিচিত্ৰ বিষয়ক প্ৰবন্ধ প্ৰকাশ হয়৷ চিন্তাৰ গভীৰতা, অধ্যয়নৰ দীপ্তি, এইবোৰ ৰচনাৰ বৈশিষ্ট্য৷
তদানীন্তন সময়ত পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষাক বিদেশীৰ ভাঁজ নপৰা এটি গঢ় দিবলৈ প্ৰচেষ্টা কৰিছিল৷ এওঁৰ ‘পঢ়াশলীয়া পুথি’, ‘নীতিশিক্ষা’, ‘বুৰঞ্জীবোধ’ সৰল অসমীয়া ভাষাৰ নিদৰ্শন৷ অৱশ্যে পাছৰফালে তেওঁৰ গদ্যই গধুৰ ৰূপ ধাৰণ কৰে৷ বিশেষকৈ তিনি খণ্ডযুক্ত ‘শ্ৰীকৃষ্ণ’ (১৯৩০), ‘গীতিসাৰ’ (১৯৩৫)ত তেওঁৰ গদ্যই পূৰ্ণাংগ তথা গতিশীল ৰূপ ধাৰণ কৰিছে৷ এই সময়ছোৱাৰ আন এগৰাকী উল্লেখনীয় প্ৰবন্ধকাৰ হ’ল জ্ঞাননাথ বৰা৷ ভাষাৰ সাধনাত তেওঁ সত্যনাথ বৰাৰ ৰীতি গ্ৰহণ কৰিছিল৷ ‘যুগতত্ত্ব’ (১৯২৫), ‘নতুন জগত’ (১৯৪৬), ‘অসমত বিদেশী’ (১৯২৫) – এইবোৰ প্ৰবন্ধ সংকলনত জগত বা বিশ্ব সম্পৰ্কীয় নতুন চিন্তাধাৰা প্ৰকাশ পাইছে৷
হেমচন্দ্ৰ গোস্বামীৰ পিছত ইতিহাস তথা পুৰাতত্ত্ব বিষয়ক প্ৰবন্ধ লিখাৰ ক্ষেত্ৰত কনকলাল বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ তেওঁৰ মৌলিক চিন্তাপ্ৰসূত প্ৰবন্ধবোৰ বহু তথ্য সম্বলিত৷ সোণাৰাম চৌধুৰীৰ প্ৰত্নতাত্ত্বিক প্ৰবন্ধবোৰো এই প্ৰসঙ্গতে উল্লেখযোগ্য৷ প্ৰাচীন ইতিহাস-সাহিত্যৰ পৰা সামাজিক ব্যৱস্থা, পৰম্পৰাগত মূল্যবোধ আৰু আচাৰ-সংস্কাৰ বিষয়লৈ ৰত্নেশ্বৰ মহন্তৰ ৰচনাৰ বিষয় ব্যাপ্ত৷
ৰোমাণ্টিক যুগৰ এই প্ৰবন্ধ সাহিত্যখিনিকে আৰ্হি হিচাপে লৈ পৰৱৰ্তী সময়ত কনকলাল বৰুৱা, সূৰ্য্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, অম্বিকাগিৰী ৰায়চৌধুৰী, নীলমণি ফুকন, বাণীকান্ত কাকতি আদিয়ে এই শ্ৰেণী ৰচনাক ফলে-ফুলে জাতিষ্কাৰ কৰি তোলে৷

• সাহিত্য-সমালোচনা : সাহিত্যৰ অন্যান্য কেইবাটাও ধাৰাৰ দৰে সমালোচনা সাহিত্যৰো বাট মুকলি হয় ৰোমাণ্টিক যুগত৷ লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰো পথ-প্ৰদৰ্শক৷ ৰোমাণ্টিক যুগৰ আগৰ আন লেখকৰ ৰচনাত সমালোচনামূলক মন্তব্য নথকা নহয়৷ কিন্তু সাহিত্যতত্ত্বৰ আদৰ্শ আগত লৈ সাহিত্যকৰ্মৰ বিচাৰ কৰা চেষ্টা বেজবৰুৱাৰ ৰচনাতেই পোনতে চকু পৰে৷ শংকৰদেৱৰ সাহিত্যকৰ্মৰ আলোচনাৰে বেজবৰুৱাই সমালোচক হিচাপে আত্মপ্ৰকাশ কৰে৷ এই প্ৰসঙ্গত প্ৰধানকৈ ‘কীৰ্ত্তন’ আৰু ‘ৰুক্মিণী-হৰণ কাব্য’ৰ আলোচনালৈ আঙুলিয়াব পাৰি৷ আনহাতে, অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণে বেজবৰুৱাক সাহিত্য-তত্ত্ব জ্ঞানৰ মানবিশিষ্ট এগৰাকী সমালোচক হিচাপে থিয় কৰায়৷
অসমীয়াত সমালোচনা সাহিত্যত এটি মানবিশিষ্ট পৰম্পৰাৰ সৃষ্টি কৰে বাণীকান্ত কাকতিয়ে৷ ইংৰাজী, গ্ৰীক, সংস্কৃত সাহিত্যৰ গভীৰ অধ্যয়নেৰে পুষ্ট কাকতিৰ তীক্ষ্ণধীসম্পন্ন আৰু বিশ্লেষণশীল মন আধুনিক সমালোচনাৰ বাবে অতি উপযোগী আছিল৷ সমালোচনাৰ বাবে যিকেইটা গুণ অপৰিহাৰ্য, সেইকেইটা বাণীকান্ত কাকতিৰ ৰচনাতে পোন প্ৰথম পৰিলক্ষিত হয়৷ সমালোচনাৰ তাত্ত্বিক আদৰ্শৰ প্ৰতি সজাগতা, নিৰপেক্ষতা আৰু সংযম, যুক্তি, তুলনা আৰু বিশ্লেষণ – কাকতিৰ সমলোচনাৰ বিশিষ্ট লক্ষণ৷ শব্দৰ যথাযথ ব্যৱহাৰ আৰু ভাষাৰ সমন্বয় আৰু পৰিমিত প্ৰকাশভংগী কাকতিৰ সমালোচনাৰ অতিৰিক্ত সম্পদ৷ ইয়াৰ দৃষ্টান্ত হিচাপে তেওঁৰ ‘পুৰণি অসমীয়া সাহিত্য’ (১৯৪০)ৰ অন্তৰ্গত সমালোচনাখিনিলৈ আঙুলিয়াব পাৰি৷ উল্লেখযোগ্য এই পুথিখনৰ অন্তৰ্গত ‘সাহিত্যত কৰুণ ৰস’ প্ৰবন্ধটি ছাত্ৰ অৱস্থাতে লিখা যদিও তাৰ মাজেদিয়েই তেওঁৰ সমালোচনাত্মক মনৰ মূৰ্ত প্ৰকাশ ঘটিছে৷ তদুপৰি সাহিত্য আৰু প্ৰেম বিশ্বসাহিত্যৰ পৰিচয় থকা এখনি উল্লেখযোগ্য পুথি৷ কাকতিয়ে তেওঁৰ সমসাময়িক, অগ্ৰজ আৰু অনুজ লেখকসকলৰ বিষয়েও আলোচনা কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যই বলিষ্ঠ ৰূপ লয় বাণীকান্ত কাকতিৰ হাততেই৷
কাকতিৰ সমসাময়িক এগৰাকী সমালোচক হ’ল ডিম্বেশ্বৰ নেওগ৷ সূক্ষ্ম বিচাৰ-বুদ্ধি, মৌলিক দৃষ্টিভংগী আৰু নিৰ্ভীকভাৱে নিজস্ব মত দাঙি ধৰাৰ চেষ্টা এওঁৰ সমালোচনাৰ বিশেষত্ব৷ অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক হিচাপেও তেওঁৰ খ্যাতি সৰ্বজনবিদিত৷ ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯৩৬), ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি’ (১৯৪০) আৰু ‘অসমীয়া সাহিত্য বুৰঞ্জী’ (১৯৫৬) – নেওগৰ সাহিত্যৰাজিৰ অন্তৰ্গত অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পৰ্কীয় উল্লেখযোগ্য গ্ৰন্থ৷
সমালোচনা সাহিত্যৰ ক্ষেত্ৰত আন তিনিগৰাকী উল্লেখনীয় সমালোচক হৈছে– সত্যনাথ বৰা, দেৱানন্দ ভৰালী আৰু কালিৰাম মেধি৷ সত্যনাথ বৰাৰ ‘সাহিত্য বিচাৰ’ (১৯০৮), দেৱানন্দ ভৰালীৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ (১৯১২), কালিৰাম মেধিৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ (১৯৩৬)ৰ নাম এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি৷ ৰোমাণ্টিক যুগৰ সাহিত্য সম্পৰ্কীয় সমালোচনামূলক গ্ৰন্থৰ ভিতৰত হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাহিত্যৰ চানেকি’ (১৯২৩-২৯), ‘A Descriptive Catalogue of Assamess Manuscripts’ (১৯৩০), সেনাপতি দেৱশৰ্মাৰ ‘সাহিত্যৰ সাজ’ (১৯২৬), হৰমোহন দাসৰ ‘সাহিত্য তত্ত্ব’ (১৯৩৯)৷ ঠিক সেইদৰে ‘অনুবাদৰ কথা’, ‘য়ুৰোপৰ ভাষা আৰু সাহিত্য’, ‘স্পেনিছ সাহিত্যত ৰোমিঅ’ জুলিয়েট’, ‘জাৰ্মান সাহিত্যৰ সপোন নাটক’, ‘গ্ৰীক নাটকৰ গান’, ‘চক্ৰেটিছৰ মতে কবি প্ৰকৃতি’ আদি নিবন্ধৰ যোগেদি কৃষ্ণকান্ত সন্দিকৈয়ে পাঠকক বিশ্বসাহিত্যৰ লগত পৰিচয় কৰাই দিয়ে৷ একেদৰে সূৰ্য্যকুমাৰ ভূঞাৰ ‘সাহিত্যৰ মূলকথা’, ‘বৰফুকনৰ গীতৰ সংগ্ৰহ’ (১৯২৪) লেখত ল’বলগীয়া সাহিত্যৰ সমালোচনা তথা সংগ্ৰহ৷ বৰফুকনৰ গীতৰ পাতনিখন অসমীয়া সাহিত্য জগতৰ আজিও মূল্যৱান সম্পদ৷
এনেদৰে ৰোমাণ্টিক যুগত সাহিত্যৰ সমালোচনাই এক সুকীয়া কথা আধুনিক দৃষ্টিভঙ্গী গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ পৰৱৰ্তীকালত এইসকল লেখকৰ হাততেই সমালোচনা সাহিত্যই আৰু অধিক পৰিপক্বতা লাভ কৰিবলৈ সক্ষম হয়৷

• জীৱনী-সাহিত্য : অসমীয়া সাহিত্যত সপ্তদশ শতিকামানৰ পৰা পদ্য আৰু গদ্যত চৰিতপুথি ৰচনা কৰা দেখা যায়৷ বৈষ্ণৱ সন্ত-মহন্তসকলৰ জীৱন চৰিতসমূহে মধ্যযুগৰ অসমীয়া সাহিত্য জাতিষ্কাৰ কৰি ৰাখিছে৷ এইবোৰো জীৱনী সদৃশ ৰচনা যদিও ইয়াত সন্ত-মহন্তসকলৰ আদৰ্শাত্মক ৰূপটোহে পোৱা যায়৷ দৃষ্টিভংগী আৰু ৰচনাভঙ্গীৰ ফালৰপৰা এই চৰিতপুথিসমূহৰ লগত আধুনিক যুগৰ জীৱন-চৰিতৰ বিশেষ পাৰ্থক্য দেখা যায়৷ আধুনিক জীৱনী সাহিত্যৰ বৈশিষ্ট্যই হ’ল বস্তুনিষ্ঠতা, তথ্যৰ বিশ্বাসযোগ্যতা, জীৱনৰ ঘটনাৰ লগত তৎকালীন বিভিন্ন ঘটনা প্ৰবাহৰ সংগতি স্থাপন আৰু সৃষ্টিধৰ্মী ৰচনাশৈলী৷ মধ্যযুগৰ অসমীয়া চৰিত পুথিবোৰত এনেবোৰ বৈশিষ্ট্য্য অভাৱ দেখা যায়৷ প্ৰকৃত জীৱনীৰ উদ্দেশ্য আদৰ্শ পূজা বা বীৰপূজা নহয়; ব্যক্তি বিশেষৰ প্ৰতিকৃতি-চিত্ৰ (Portrait painting) অংকন কৰাহে৷
আধুনিক যুগৰ জীৱনী সাহিত্যৰ কথা ক’বলৈ গ’লে গুণাভিৰাম বৰুৱাই ৰচনা কৰা ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’ৰ (১৮৮০) কথাই প্ৰথমে মনলৈ আহে৷ এইখনেই আধুনিক যুগৰ প্ৰথম অথচ আদৰ্শ জীৱনী৷ বচৱেলৰ জন্চনৰ জীৱনীৰ দৰে এইখন জীৱনীতো ফুকনৰ পূৰ্বপুৰুষৰপৰা আৰম্ভ কৰি তেওঁৰ জীৱনৰ সৰু-বৰ সকলো ঘটনা জীৱন্তভাৱে ৰখা হৈছে৷ জীৱনীখনিৰ ভাষা প্ৰাঞ্জল আৰু গদ্যৰীতিও বৈশিষ্ট্যপূৰ্ণ৷
লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শংকৰদেৱ’ (১৯১২) আৰু ‘শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ (১৯১৬) ৰোমাণ্টিক যুগত ৰচিত আন দুখনি উল্লেখযোগ্য জীৱনী সাহিত্য৷ প্ৰথমখন ‘বৰদোৱা চৰিত’ আৰু দ্বিতীয়খন ‘কথা-গুৰু-চৰিত’ৰ বিষয়বস্তুৰ আধাৰত প্ৰতিষ্ঠিত৷ বিষয়বস্তু প্ৰাচীন হ’লেও ইয়াৰ আধুনিক লক্ষণ হ’ল ভাষা আৰু পাৰ্যমানে অলৌকিকতা বৰ্জন৷ ইয়াৰে প্ৰথমখনৰ বিশেষত্ব হ’ল জনমানসত প্ৰতিষ্ঠিত শঙ্কৰদেৱৰ দৈৱিক সত্তাৰ পৰা আঁতৰাই মানৱীয় সত্ত্বাৰে অৱলোকন আৰু পিছৰখন জীৱনীৰ বিশেষত্ব হৈছে ইতিহাসৰ সাংস্কৃতিক-সামাজিক-ৰাজনৈতিক পটভূমিত শঙ্কৰদেৱৰ মূল্যায়নৰ প্ৰচেষ্টা৷ আনহাতে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ডাঙৰীয়া দীননাথ বেজবৰুৱা’ পুত্ৰৰ দৃষ্টিৰে পিতৃৰ জীৱনী যেন হ’ল যদিও বহু ঐতিহাসিক তথ্য প্ৰত্যক্ষ বা পৰোপক্ষভাৱে গ্ৰন্থখনত সন্নিবিষ্ট কৰিছে৷
জীৱনবৃত্তৰ দৰে প্ৰভুত উপাদান সংগ্ৰহ কৰি তাৰে বিচাৰপূৰ্বক ৰচনা জীৱন-চৰিতৰ এটা ভাল নিদৰ্শন দাঙি ধৰিছে সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘আনন্দৰাম বৰুৱা’ (১৯২০) শীৰ্ষক জীৱনীখনে৷ সমালোচকসকলৰ মতে এইখন সাৰ্থক জীৱন চৰিত৷ আনন্দৰাম বৰুৱাৰ জীৱনীৰ উপৰি সূৰ্য্যকুমাৰ ভূঞাই ‘গোপালকৃষ্ণ গোখলে’ (১৯১৬), ‘ৰবীন্দ্ৰনাথ ঠাকুৰ’ (১৯২০) নামৰ আৰু দুখন জীৱনীও ৰচনা কৰে৷ দণ্ডিনাথ কলিতাৰ ‘কৰ্মবীৰ চন্দ্ৰনাথ’ (১৯২৪) এখনি উল্লেখযোগ্য জীৱনী৷ সৰ্বেশ্বৰ শৰ্মা কটকীৰ ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ (১৯২৩) আৰু ‘সত্যনাথ বৰাৰ জীৱন চৰিত’ (১৯২৩) দুখন লেখত ল’বলগীয়া জীৱনী৷ হৰেন্দ্ৰনাথ শৰ্মাৰ ‘জোৱান ডাৰ্ক’ (১৯১৮) আৰু ‘কামাল পাছা’ (১৯৩২) আকৰ্ষণীয় কথনভঙ্গীৰ দুখন জীৱনী৷
পদ্মনাথ গোহাঞি বৰুৱাই তৎকালীন শৈক্ষিক প্ৰয়োজন পূৰণৰ উদ্দেশ্যেই ‘জীৱনী সংগ্ৰহ’ নামৰ গ্ৰন্থখন সংকলন কৰে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত ৰচিত কমলেশ্বৰ চলিহাৰ ‘বিশ্বৰসিক লক্ষ্মীনাথ বেজবৰুৱা’ (১৯৩৯) এখনি সাহিত্যিক জীৱনী৷ ১৯৪০ চনৰ ভিতৰত ৰচিত আন আন অসমীয়া জীৱনীসমূহ হ’ল– মহাদেৱ শৰ্মাৰ ‘বুদ্ধদেৱ’ (১৯১৪), ‘মহম্মদ চৰিত’ (১৯২৮), ‘কস্তুৰবা গান্ধী’ (১৯৪৪); বসন্ত কুমাৰ বৰুৱাৰ ‘বুকাৰ ৱাচিংটন’ (১৯২৬), উপেন্দ্ৰনাথ বৰুৱাৰ ‘ইন্দিবৰ বৰুৱা’ (১৯২৪), সূৰ্য্যকুমাৰ ভূঞাৰ ‘জোনাকী’ (১৯২৩) আৰু ‘চানেকি’ (১৯২৮); কুমুদেশ্বৰ ঠাকুৰৰ ‘মাণিক’ (১৯১৩), গোপীনাথ বৰদলৈৰ ‘তৰুণৰাম ফুকনৰ জীৱনী’ (১৯৩৪), সতীশচন্দ্ৰ কাকতিৰ ‘হিটলাৰ-মুছলিনি’(১৯৩৮), কেশৱ পাঠকৰ ‘মহাত্মা গান্ধী’ (১৯২২), কালিৰাম বৈশ্যৰ ‘বেঞ্জামিন ফ্ৰেঙ্কলিন’ (১৯৩০), ফণীধৰ চলিহাৰ ঘিণাৰাম বৰুৱা (১৯১২) আদি৷
এনেদৰে আলোচনা কৰিলে দেখা যায় যে ৰোমাণ্টিক যুগত ভালেসংখ্যক জীৱনীমূলক গ্ৰন্থই অসমীয়া সাহিত্যত আত্মপ্ৰকাশ কৰে৷ এনেবোৰ গ্ৰন্থই নিঃসন্দেহে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি সাধনত অৰিহণা যোগাইছে৷ অৱেশ্যে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু বিষয় ব্যাখ্যাৰ বস্তনিষ্ঠতাৰ বিচাৰত ভাল জীৱনীৰ সংখ্যা তেনেই সীমিত৷
বৰ্তমানৰ প্ৰতিটো সৃষ্টিৰ শিপা অতীতত স্থিত থাকে৷ পাৰহৈ যোৱা অতীতে বান্ধি যোৱা ভেটিতেই বৰ্তমানৰ সাধনাই সিদ্ধি আৰু সমৃদ্ধিৰ বাট ৰচে৷ জোনাকী যুগৰ সাহিত্য সকলো সময়তে শিল্পগুণ বা আদৰ্শগত দিশত নাইবা বিচাৰধৰ্মীতাৰ দিশত উৎকৃষ্ট নহ’ব পাৰে; কিন্তু জোনাকীয়ে যি উদ্যম আৰু সাহসেৰে দুৰ্দশাগ্ৰস্ত অসমীয়া ভাষা-সাহিত্যক তুলি ধৰি নতুন পুষ্টি দান কৰিলে সেয়া এক গৌৰৱোজ্জ্বল ইতিহাস হৈ ৰ’ব৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক