সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য — ড° মৃণাল জ্যোতি গোস্বামী

৭.৩.৩ নাটক
ব্ৰিটিছ ৰাজত্বৰ আৰম্ভৰ লগে লগে প্ৰাচীন অঙ্কীয়া নাটৰ ৰচনা হ্ৰাস পাই আহিল৷ কেৱল গাঁওবোৰতহে অঙ্কীয়া নাটৰ ৰচনা আৰু অভিনয় কিছুকাল অব্যাহত থাকিল৷ কিন্তু সমসাময়িকভাৱে চহৰৰ শিক্ষিত শ্ৰেণীৰ মাজত পাশ্চাত্য নাটকৰ আদৰ্শত নতুন নাট উদ্ভৱৰ সূচনা হ’ল৷ ইংৰাজী নাটৰ সোৱাদ পোৱা নতুন শিক্ষিত শ্ৰেণীয়ে কলিকতাত বাংলা নাটকৰ আৰ্হি আৰু অভিনয় দেখি তেনে নাট ৰচনা কৰি অভিনয় কৰিবলৈ অনুপ্ৰেৰণা পায়৷

অৱশ্যে মন কৰিবলগীয়া যে, নাট্য চৰ্চা আৰু নাট্যানুশীলনৰ ক্ষেত্ৰত পাশ্চাত্য জগতৰ পৰা পোনপটীয়াভাৱে এই প্ৰভাৱ আৰু প্ৰেৰণা লাভ কৰা নাছিল; ওচৰ-চুবুৰীয়া বংগদেশৰ পৰাহে লাভ কৰিছিল৷ সেই সময়ত অসমীয়াৰ কাৰণে একমাত্ৰ উচ্চশিক্ষাৰ কেন্দ্ৰস্থল আছিল কলিকতা৷ বাঙালীসকলে অসমীয়াতকৈ বহু আগতে ইংৰাজৰ সংস্পৰ্শলৈ অহাৰ কাৰণে কলিকতাত পাশ্চাত্য ৰংগমঞ্চৰ আৰ্হিত ৰংগশালা আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি পাশ্চাত্য নাটৰ আৰ্হিত বাংলা নাট ৰচনা কৰি অভিনয় কৰিছিল৷ ঊনবিংশ শতাব্দীৰ শেষৰফালে অসমীয়া ডেকাসকলে কলিকতাত উচ্চশিক্ষা লওঁতে বাংলা নাট আৰু অভিনয় দেখি সেই আদৰ্শত অসমীয়া নাট ৰচনা আৰু অভিনয় কৰিবলৈ প্ৰয়াস কৰে৷ কেইগৰাকীমান উৎসাহী অসমীয়া ব্যক্তিৰ প্ৰচেষ্টাত অসমৰ প্ৰধান নগৰ গুৱাহাটী, যোৰহাট, গোলাঘাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, মঙলদৈ আদিত ঊনৈশ শতিকাৰ শেষ তথা বিংশ শতিকাৰ আদি দশকত কলিকতাৰ অনুকৰণত ৰংগমঞ্চ স্থাপিত হয়৷ ৰংগমঞ্চ স্থাপনৰ পাছৰেপৰা অসমত নিয়মীয়াভাৱে নাট্যচৰ্চা আৰু অভিনয় ক্ৰমান্বয়ে গতিশীল হ’বলৈ আৰম্ভ কৰে৷ মূলতঃ উচ্চশিক্ষাৰ বাবে কলিকতালৈ যোৱা জোনাকী স্তৰৰ অসমীয়া ছাত্ৰ দলে কলিকতাত নাট্যশিল্পৰ প্ৰসাৰিত সাধনাৰ স্বৰূপ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সুবিধা পালে৷ নন্দকুমাৰ ৰায়, কালী প্ৰসন্ন সিংহ, উমেশচন্দ্ৰ মিত্ৰ, মাইকেল মধুসূধন দত্ত আদি বিখ্যাত নাট্যকাৰ আৰু তেওঁলোকৰ নাটক, আধুনিক আৰ্হিৰ ৰঙ্গমঞ্চত শব্দ-পোহৰ ব্যৱস্থাৰে নতুন ধৰণৰ অভিনয়ে অসমৰ ছাত্ৰ দলৰ প্ৰেৰণা যোগালে৷ এই সময়ছোৱেতে অসমীয়া নাটকে ভাব আৰু ৰূপ দুয়ো দিশতে নতুনত্ব লাভ কৰিলে৷ বিষয়বস্তুৰ ফালৰ পৰা জোনাকী যুগৰ অসমীয়া নাটকক সামাজিক, ঐতিহাসিক, পৌৰাণিক আৰু কাল্পনিক– এই চাৰিটা ভাগত ভগাব পাৰি৷ আনহাতে পাশ্চাত্য আংগিকৰ প্ৰেৰণাই অসমীয়া নাটকৰ ৰূপগত দিশতো বৈচিত্ৰ্য আনিলে৷ সমালোচকসকলে ৰূপগত দিশৰ পৰা এই সময়ৰ নাটকক ট্ৰেজেডি, কমেডি, মেলড্ৰামা আৰু ফাৰ্চ এই চাৰিটা ভাগত ভাগ কৰিছে৷

আধুনিক যুগৰ প্ৰথমগৰাকী নাট্যকাৰ হ’ল গুণাভিৰাম বৰুৱা৷ এওঁ ১৮৫৭ চনত ‘ৰাম-নৱমী নাটক’ ৰচনা কৰে৷ ‘ৰাম-নৱমী নাটক’ প্ৰথম আধুনিক নাটকেই নহয়; প্ৰথম অসমীয়া সামাজিক তথা ট্ৰেজেদিমূলক নাটক৷ পাশ্চাত্য নাটকৰ আদেৰ্শৰে ইয়াত দুখাত্মক পৰিণতিৰে প্ৰথমবাৰৰ বাবে ট্ৰেজেদিৰ সংযোগ কৰা হৈছে৷ বিষয়বস্তুৰ অভিনৱত্বৰ উপৰি নাটকীয় কলা-কৌশলৰ ফালৰ পৰাও ৰাম-নৱমী নাটক নব্য অসমীয়া নাটকৰ ক্ষেত্ৰত পথিকৃত৷ কলিকতা প্ৰবাসী, সমাজ সচেতন, উদাৰ আৰু প্ৰগতিশীল দৃষ্টিভঙ্গীৰ গুণাভিৰাম বৰুৱাৰ ওপৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ব্ৰহ্ম সমাজৰ প্ৰভাৱ পৰাটো স্বাভাৱিক৷ সেইবাবে ৰাম-নৱমী নাটকত বাল্য বিবাহৰ কুফল আৰু বিধৱা বিবাহৰ সপক্ষে যুক্তি দাঙি ধৰা হৈছে৷ বহু সাহিত্যৰ বুৰঞ্জী তথা অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত গুণাভিৰাম বৰুৱাই ৰচনা কৰা এই নাটকখনৰ নাম ‘ৰাম-নৱমী’ বুলি উল্লেখ কৰা দেখা যায়; কিন্তু নাট্যকাৰে নাটকখনৰ নাম ৰাখোতে ‘ৰাম-নৱমী নাটক’ বুলিয়েই লিপিবদ্ধ কৰিছিল৷ পাঠসমীক্ষাৰ অন্তত পৰৱৰ্তীকালৰ গৱেষকসকলে সেইবাবেই এই নাটকখনৰ নাম ‘ৰাম-নৱমী নাটক’ হ’ব লাগে বুলি কৈ গৈছে৷

গুণাভিৰাম বৰুৱাৰ ‘ৰাম-নৱমী নাটক’ নামৰ সামাজিক নাটকেৰেই প্ৰকৃতাৰ্থত আধুনিক অসমীয়া নাট্য সাহিত্যৰ ইতিহাস সূচনা হ’লেও সমগ্ৰ জোনাকী যুগটোত সামাজিক নাটকৰ সংখ্যা তেনেই সীমিত৷ যি কেইখন নাট আছে সেইকেইখনেও গহীন সামাজিক দ্বন্দ্ব্ব বা সমস্যা দাঙি ধৰাৰ পৰিৱৰ্তে লঘু হাস্য-ব্যঙ্গাত্মক চিত্ৰহে দাঙি ধৰিছে৷ ‘ৰাম-নৱমী নাটক’ৰ পাছত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ (১৮৯৭), বেণুধৰ ৰাজখোৱাৰ ‘সেউতী কিৰণ’ (১৮৯৪), নবীনচন্দ্ৰ বৰদলৈৰ ‘গৃহলক্ষ্মী’ (১৯১১), লক্ষ্মীধৰ শৰ্মাৰ ‘নিৰ্মলা’ (১৯২৬) উল্লেখযোগ্য সামাজিক নাটক৷ আলোচ্য সময়ছোৱাত সামাজিক নাটক সংখ্যাত কম হোৱাৰ কাৰণ নোহোৱা নহয়৷ নাটক দৃশ্য-শ্ৰাব্য কলা৷ সাহিত্যৰ আনবোৰ শাখাৰ তুলনাত নাটক ৰচনা এক জটিল কাৰ্য৷ আধুনিক নাটকৰ পূৰ্ব অভিজ্ঞতা নথকা অসমীয়া লেখকসকলে নাটক ৰচনাৰ বাবে প্ৰস্তুত কাহিনীকে গ্ৰহণ কৰিবলৈ ভাল পাইছিল৷ আনহাতে ৰোমাণ্টিক আদৰ্শৰ প্ৰবল ঢৌত সাহিত্যিকসকল ঐতিহ্যমুখী অনুসন্ধান আৰু সাংস্কৃতিক চেতনাহীন অসমীয়া জাতিক জগাব পৰাকৈ প্ৰাচীন আৰু ঐতিহাসিক বীৰত্বব্যঞ্জক দেশাত্মবোধক কাহিনীৰ প্ৰতি আকৰ্ষিত হৈছিল৷ ফলত নাটকৰ ক্ষেত্ৰতো প্ৰধানতঃ ঐতিহাসিক আৰু পৌৰাণিক নাটকেই অসমীয়া নাট্য সাহিত্যিক সমৃদ্ধ কৰিছিল৷ তৃতীয়তে, তৎকালীন অসমীয়া সমাজৰ জীৱন প্ৰবাহৰ গতিও নাটকৰ বিষয় হ’ব পৰাকৈ বিচিত্ৰ আৰু দ্ৰুত পৰিৱৰ্তনশীল নাছিল৷ সামাজিক কু-সংস্কাৰ আৰু মধ্যযুগীয় ধ্যান-ধাৰণা, নিৰক্ষৰতা আৰু ধৰ্মীয় চেতনাই সমাজ জীৱন কোঙা কৰি ৰাখিছিল৷ গতিকে এনে ক্ষেত্ৰত অসমীয়া নাট্যকাৰসকলে হাস্যৰসাত্মক নাটকেৰে সমাজ পৰিৱৰ্তনৰ চেষ্টা কৰিছিল৷ আনহাতে ব্ৰিটিছৰ ঔপনিবেশিক শাসন-শোষণ আৰু জনগণৰ দুৰ্দশা নাটকৰ মাজেৰে প্ৰকাশ কৰাৰ মানসিকতাও ব্ৰীটিছ অনুগত মধ্যশ্ৰেণীৰ লেখকসকলৰ ক্ষেত্ৰত অভাৱ আছিল৷ সেইবাবেই এই যুগটোত অন্ততঃ প্ৰথম তিনিটা তৰংগত সামাজিক নাটকৰ সংখ্যা কম৷ কিন্তু শেষস্তৰৰ ফালে, যেতিয়া স্বাধীনতা সংগ্ৰামৰ প্ৰবল আৱেগে অসমকো ঢৌৱাই গ’ল তেতিয়া লক্ষ্মীধৰ শৰ্মা, সত্যপ্ৰসাদ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰবীন ফুকন, দৈবচন্দ্ৰ তালুকদাৰ আদি নাট্যকাৰসকলে সামাজিক, সমস্যা আৰু সংঘাতক নাটকৰ বিষয় কৰি লৈছিল৷

১৮৬১ চনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ-কীৰ্তন’ ৰচিত আৰু প্ৰকাশিত হয়৷ বৰুৱা কথাই-কামে-আদৰ্শৰে সমাজ সংস্কাৰক আছিল৷ সমকালীন অসমীয়া সমাজখনৰ দোষ-দুৰ্বলতা, ব্যক্তি আৰু সমাজৰ চাৰিত্ৰিক ত্ৰুটী-বিচ্যুতি সমালোচনা কৰাত হেমচন্দ্ৰ বৰুৱাৰ কলম আছিল অতিকৈ নিৰ্মম৷ ‘কানীয়াৰ-কীৰ্তন’ত কানি বৰবিহৰ অপকাৰিতা দেখুওৱাৰ লগে লগে ধৰ্মৰ নামত ভণ্ডামি, ক্ষমতাৰ নামত দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ চিত্ৰ ব্যংগ ৰূপত অংকন কৰিছে৷ ‘টাইপ’ চৰিত্ৰৰ যোগেদি নাটকীয় ঘটনাক আগবঢ়াই নিয়া চাৰি অঙ্কযুক্ত ‘কানীয়াৰ-কীৰ্তন’ নামৰ এই সংস্কাৰমূলক নাটকখন ৰচনা কৰি হেমচন্দ্ৰ বৰুৱাই আলোড়নৰ সৃষ্টি কৰিছিল৷ বৰুৱাৰ জীৱিত কালতেই নাটখনিৰ ছটা সংস্কৰণ প্ৰকাশ পাইছিল৷ ইয়ে নাটখনিৰ জনপ্ৰিয়তাৰ প্ৰমাণ দাঙি ধৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমৰ মঞ্চত অভিনীত হোৱা এইখনেই প্ৰথম অসমীয়া নাটক৷
১৮৭২ চনত আন এখন সামাজিক নাটক ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙালনী’ ৰচিত আৰু প্ৰকাশিত হয়৷ আঠটা অংকযুক্ত এই নাটকত নাট্যকাৰে নাৰী চৰিত্ৰ স্খলনৰ এক জটিল ঘটনাৰ ৰূপদান কৰিছে৷ অসমলৈ বেহাবেপাৰ কৰিবলৈ অহা নিম্ন-শ্ৰেণীৰ বাঙালীৰ ব্যভিচাৰী জীৱন, চৰিত্ৰহীনতা আৰু তাৰ লগতে জাত্যান্তৰ হোৱা ব্যভিচাৰিণী অসমীয়া তিৰোতাৰ ব্যৱহাৰ আৰু কাৰ্যকলাপ চিত্ৰিত কৰিছে৷

ঐতিহাসিক দৃষ্টিকোণেৰে চালে পুৰণি ৰীতিৰ পৰা আঁতৰি আহি নতুন আৰ্হিৰে ৰচনা কৰা নাটসমূহৰ ভিতৰত প্ৰথমে উক্ত নাটকেইখনলৈ মনত পৰে৷ গুণাভিৰাম বৰুৱাৰ ‘ৰাম-নৱমী নাটক’, হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ-কীৰ্তন’ আৰু ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙালনী’ এই তিনিওখনেই আছিল সামাজিক তথা সমাজ সংস্কাৰমূলক নাটক৷ এই প্ৰসংগত এগৰাকী নাট্য-সমালোচকে মন্তব্য দি কৈছে – “আধুনিক যুগৰ অগ্ৰগণ্য নাট্যশিল্পী হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু ৰুদ্ৰৰাম বৰদলৈ এই ত্ৰিমূৰ্তিৰ হাতত বিষয়বস্তুৱে একেবাৰে বোল সলালে… …এয়ে আধুনিক অসমীয়া নাট্য জগতৰ নৱ কল্পাৰম্ভ৷”

১৮৮৮ চনত কলিকতা প্ৰবসুৱা শিক্ষিত ডেকা চাৰিজনে মহাকবি শ্বেইক্সপীয়েৰৰ ‘Comedy of Errors’ ভাঙনি কৰি ‘ভ্ৰমৰংগ’ নাম দি প্ৰকাশ কৰে আৰু অভিনয়ো কৰে৷ ভাঙনি কৰিছিল যুটীয়াভাৱে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই৷ মূলৰ Blank Verse বা অমিত্ৰাক্ষৰ ছন্দ পৰিহাৰ কৰি কেৱল গদ্যকে প্ৰকাশৰ বাহন ৰূপে গ্ৰহণ কৰিছিল তেওঁলোকে৷

‘ভ্ৰমৰংগ’ প্ৰকাশৰ লগে লগেই অসমীয়া সাহিত্যৰ ৰোমাণ্টিক তথা জোনাকী যুগৰ আৰম্ভ হয়৷ ‘জোনাকী’ৰ প্ৰথম সংখ্যাতে বেজবৰুৱাৰ ‘লিতিকাই’ প্ৰকাশ পায় আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ তত্ত্বাৱধানত ছোৱা-ছোৱাকৈ কেইবাটাও সংখ্যাত ধাৰাবাহিকভাৱে প্ৰকাশিত হয়৷ নাট্যকাৰ হিচাপে বেজবৰুৱাই প্ৰথম জীৱন আৰম্ভ কৰে কলিকতাৰ ইডেন গাৰ্ডেনত৷ ৰসৰাজ বেজবৰুৱাই প্ৰহসন বা লঘু হাস্যৰসাত্মক নাটক ‘লিতিকাই’ ইডেন গাৰ্ডেনৰ বেঞ্চত বহি বহি ৰচনা কৰে৷ কিতাপ আকাৰে ছপা হৈ ওলায় ১৮৯০ চনত৷ ইয়াৰ প্ৰায় কুৰি বছৰ পাছত অৰ্থাৎ ১৯১৩ চনতহে বাকীকেইখন প্ৰহসন ‘নোমল’, ‘পাঁচনি’ আৰু ‘চিকৰপতি নিকৰপতি’ ছপা হৈ ওলায়৷ তাৰ পাছত একেটা বছৰতে (১৯১৫ চনত) তেওঁৰ বুৰঞ্জীমূলক নাটক ‘জয়মতী কুঁৱৰী’, ‘চক্ৰধবজ সিংহ’ আৰু ‘বেলিমাৰ’ – এই তিনিওখন প্ৰকাশ পায়৷ গতিকে দেখা যায় নাট্যকাৰ হিচাপেও বেজবৰুৱাৰ অসমীয়া সাহিত্যলৈ অৱদান একেবাৰে কম নহয়৷ বিমল হাস্যৰস বেজবৰুৱাৰ প্ৰহসনকেইখনৰ মূল সম্পদ৷ আনহাতে ঐতিহাসিক নাটককেইখনত তেওঁৰ কীৰ্তি বহু পৰিমাণে নিহিত আছে৷ এইকেইখন নাটকৰ যোগেদিয়েই অসমীয়া নাটকত শ্বেইক্সপীয়েৰৰ প্ৰভাৱ মুকলি কৰি দিয়া হয়৷

লক্ষ্মীনাথ বেজবৰুৱাৰ সমসাময়িকভাৱে নাটক ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলা আন এগৰাকী নাট্যকাৰ হ’ল পদ্মনাথ গোহাঞিবৰুৱা৷ এৱেঁই প্ৰথমগৰাকী বুৰঞ্জীমূলক নাট্যকাৰ৷ বেজবৰুৱাৰ দৰে এৱোঁ বহু সংখ্যক নাট ৰচনা কৰি নাট্য প্ৰতিভাৰ চানেকি ৰাখি থৈ গৈছে৷ নাটকেইখন হ’ল ‘জয়মতী’ (১৯০০), ‘গদাধৰ’ (১৯০৩), ‘সাধনী’ (১৯১০), ‘লাচিত বৰফুকন’ (১৯১৫), ‘বাণৰজা’ (১৯৩৩), ‘গাঁওবুঢ়া’ (১৮৯৩), ‘টেটোন তামোলী’ (১৯০৯) আৰু ‘ভূত নে ভ্ৰম’ (১৯২৪)৷ ইয়াৰে ভিতৰত প্ৰথম পাঁচখন বুৰঞ্জীমূলক নাটক আৰু বাকী তিনিখন কমেডি আৰু ধেমেলীয়া নাটক৷ ১৮৯৩ চনত ‘গাঁওবুঢ়া’ নাটকৰ যোগেদি তেওঁ নাট্য জগতত প্ৰৱেশ কৰে৷ অৱশ্যে ইয়াৰ আগতে গোহাঞিবৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি ১৮৮৯ চনত ‘ডেকা গাভৰু’ নামৰ নাটক এখন ৰচনা কৰিছিল৷ ‘ডেকা গাভৰু’ৰ পিছতে বেণুধৰ ৰাজখুৱাই ১৮৯৪ চনত ৰচনা কৰে ‘সেউতি কিৰণ’ নামৰ কাল্পনিক নাট৷ আনহাতে ৰাজখুৱাই দুখন পৌৰাণিক নাটক ৰচনা কৰে– ‘দুৰ্যোধনৰ উৰুভংগ’ (১৯০৩) আৰু ‘দক্ষযজ্ঞ’ (১৯০৮)৷ ৰাজখোৱাৰ প্ৰহসনমূলক নাটকৰ সংখ্যা ছখন – ‘তিনিঘৈণী’ (১৯০৮), ‘অশিক্ষিতা ঘৈণী’ (১৯০২), ‘কুৰি শতিকাৰ সভ্যতা’ (১৯০৮), ‘চোৰৰ সৃষ্টি’ (১৯৩১), ‘যমপুৰী’ (১৯৩১) আৰু ‘টোপনিৰ পৰিণাম’ (১৯৩২)৷

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই শিশু উপযোগী দুখন পৌৰাণিক নাট ৰচনা কৰে– ‘গুৰু দক্ষিণা’ আৰু ‘বৃষকেতু’৷ তদুপৰি তিনিখন ধেমেলীয়া নাটকো ৰচনা কৰে– ‘নিগ্ৰো’ (১৮৯৬), ‘মহৰি’ (১৮৯৬) আৰু বেণুধৰ ৰাজখোৱাৰ লগত যুটীয়াভাৱে ৰচিত ‘কলিযুগ’৷ চন্দ্ৰধৰ বৰুৱাই ‘মেঘনাদ বধ’ (১৯০৪), ‘তিলোত্তমা সম্ভৱ’ (১৯২৬) আৰু ‘ৰাজৰ্ষি’ (১৯৩৩)– এই তিনিখন পৌৰাণিক নাট ৰচনা কৰে৷ আনহাতে, ‘ভাগ্য পৰীক্ষা’ (১৯১৫) তেওঁৰ ধেমেলীয়া নাট৷ মৰণোত্তৰভাৱে চন্দ্ৰধৰ বৰুৱাৰ ভালেকেইখন নাট প্ৰকাশ পাইছে – ‘পুনৰ জন্ম’ (১৯৩৬), ‘অসম সন্ধ্যা’ (১৯৩৬) আৰু ‘বিয়া বিলৈ’ (১৯২৯)৷ ‘পুনৰ জন্ম’ পৌৰাণিক, ‘মোগল বিজয়’ আৰু ‘অসম সন্ধ্যা’ ঐতিহাসিক আৰু ‘বিয়া বিলৈ’ সামাজিক নাটক৷ বৰুৱাৰ নাটসমূহৰ ভিতৰত ‘মেঘনাদ বধ’ নাটকীয় গুণেৰে সমৃদ্ধ আৰু এই নাটখনিয়ে সেই সময়ত ৰংগমঞ্চত খলকনি তুলিবলৈ সক্ষম হৈছিল৷

দুৰ্গেশ্বৰ শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত তিনিখন নাট ৰচনা কৰিছিল– ‘পাৰ্থ-পৰাজয়’ (১৯০৯), ‘বালীবধ’ (১৯১৯) আৰু ‘চন্দ্ৰাৱলী’ (১৯১০)৷ প্ৰথম দুখন নাটৰ বিষয়বস্তু পৌৰাণিক৷ ‘চন্দ্ৰাৱলী’ শ্বেইক্সপীয়েৰৰ ‘As You Like It’ নাটৰ মুকলি অনুবাদ৷ শৈলধৰ ৰাজখুৱাই তিনিখন নাটৰ যোগেদি অসমীয়া নাট্য সাহিত্য পুষ্ট কৰিছে৷ নাট তিনিখন হ’ল– ‘বিদ্যাৱতী’ (১৯১৮), ‘অসম গৌৰৱ’ (১৯৩৫) আৰু শ্বেইক্সপীয়েৰৰ ‘Othello’ নাটৰ অনুবাদ ‘ৰণজিৎ’৷ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে শ্বেইক্সপীয়েৰৰ তিনিখন নাট ‘Troilus and Cressida’, ‘King Lear’ আৰু ‘Taming of the Shrew’ অসমীয়ালৈ অনুবাদ কৰে৷
নকুলচন্দ্ৰ ভূঞাই চাৰিখন ঐতিহাসিক নাট ৰচনা কৰে – ‘বদন বৰফুকন’ (১৯২৩), ‘চন্দ্ৰকান্ত সিংহ’ (১৯২৩), ‘বিদ্ৰোহী মৰাণ’ (১৯৩৮) আৰু ‘নুমলী কুঁৱৰী’ (১৯৬৩)৷ এওঁৰ চাৰিওখন নাটেই ঐতিহাসিক আৰু চাৰিওখন নাটেই দুখাত্মক বা ট্ৰেজেদিমূলক৷

এই যুগৰ এগৰাকী উল্লেখনীয় নাট্যকাৰ হ’ল – দৈবচন্দ্ৰ তালুকদাৰ৷ এওঁ মুঠতে আঠখন নাটক ৰচনা কৰে৷ তাৰে ভিতৰত পাঁচখন বুৰঞ্জীমূলক আৰু বাকী তিনিখন সামাজিক নাটক৷ বুৰঞ্জীমূলক নাটকেইখন হ’ল– ‘বামুণী কোঁৱৰ’ (১৯২৮), ‘অসম প্ৰতিভা’ (১৯২৮), ‘ভাস্কৰবৰ্মা’ (১৯৫২) আৰু ‘ৰাধা-ৰুক্মিণী’৷ ‘বিপ্লৱী’, ‘চন্দ্ৰকলা’ আৰু ‘লহঙা’ সামাজিক নাট৷ দণ্ডিনাথ কলিতাৰ ‘সতীৰ তেজ’ (১৯৩১), ‘অগ্নিপৰীক্ষা’ (১৯৩৩) গহীন নাট আৰু ‘পোহনীয়া কুকুৰ’, ‘পৰাচিত’ প্ৰহসনমূলক ব্যংগ নাটক৷

ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ উল্লেখযোগ্য তথা ৰংগমঞ্চত বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী নাট্যকাৰ হ’ল পজিৰুদ্দিন আহমেদ৷ ‘গুলেনাৰ’ (১৯২৪) আৰু ‘সিন্ধু বিজয়’ (১৯২৮) এওঁৰ মঞ্চসফল ঐতিহাসিক নাটক৷ এই সময়ৰ আন এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ হ’ল মিত্ৰদেৱ মহন্ত৷ ‘বৈদেহী বিয়োগ’ (১৯৫০), ‘প্ৰচ্চন্ন পাণ্ডৱ’ (১৯৫৪), ‘বলিছলন’ আৰু ‘অম্বা’ পৌৰাণিক নাটক৷ কিন্তু তুলনামূলকভাৱে মহন্তৰ জনপ্ৰিয়তা ধেমেলীয়া নাট্যাৱলীত৷ ‘বিয়া বিপৰ্যয়’ (১৯২৮) আৰু ‘কুকুৰীকণাৰ আঠমঙলা’ (১৯১৩) এওঁৰ সৰ্বাধিক সমাদৃত নাটক৷

পৌৰাণিক, ঐতিহাসিক, অনূদিত আদি বিভিন্ন শ্ৰেণীৰ নাটক ৰচনা কৰি এসময়ত প্ৰসিদ্ধি লাভ কৰা নাট্যকাৰ এগৰাকী হ’ল অতুলচন্দ্ৰ হাজৰিকা৷ তেওঁৰ পৌৰাণিক নাটকসমূহ হ’ল– ‘নন্দ দুলাল’ (১৯৩৫), ‘কুৰুক্ষেত্ৰ’ (১৯৩৬), ‘ৰুক্মিণীহৰণ’ (১৯৪৯), ‘নৰকাসুৰ’ (১৯৩০), ‘শ্ৰীৰামচন্দ্ৰ’ (১৯৩৩), ‘সাবিত্ৰী’ (১৯৩৯), ‘চম্পাৱতী’ (১৯৪৯), ‘বেউলা’ (১৯৩৯), ‘নিৰ্যাতিত’ (১৯৫০)৷ এই নাটসমূহৰ বেছিভাগৰেই প্ৰকাশ মাধ্যম অমিত্ৰাক্ষৰ ছন্দ৷ বুৰঞ্জীমূলক নাটকেইখন হ’ল ‘কনৌজ কুঁৱৰী’ (১৯৩৩), ‘ছত্ৰপতি শিৱাজী’ (১৯৪৩), ‘টিকেন্দ্ৰজিত’ (১৯৫৯) আৰু ‘পাণিপথ’৷ অনুবাদমূলক নাটৰ ভিতৰত শ্বেইক্সপীয়েৰৰ – ‘Merchant of Venice’ আৰু ‘King Lear’ ক্ৰমে ‘বণিজ কোঁৱৰ’ আৰু ‘অশ্ৰুতীৰ্থ’ নাম দি অসমীয়ালৈ ৰূপান্তৰ কৰে৷ হাজৰিকাৰ আন কেইখনমান নাটক হ’ল ‘মাৰ্জিয়ানা’ (১৯৩৯), ‘মানস প্ৰতিমা’ (১৯৪৮), ‘ৰংমহল’ আৰু ‘কল্যাণী’ (১৯৩৯)৷ এই সময়ৰ আন দুখন মঞ্চসফল ঐতিহাসিক নাটক হ’ল প্ৰসন্নলাল চৌধুৰীৰ ‘কমতা কুঁৱৰী’ (১৯৪০) আৰু ‘নীলাম্বৰ’ (১৯২৬)৷

ৰোমাণ্টিক যুগটোৰ আটাইতকৈ প্ৰতিভাশালী নাট্যকাৰগৰাকী হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা৷ বিষয়বস্তু আৰু উপস্থাপনৰ ৰীতি উভয়তে আমূল পৰিৱৰ্তন ঘটাই জ্যোতিপ্ৰসাদে সমসাময়িক নাটকৰ গতানুগতিকতা আঁতৰ কৰে৷ সামাজিক বাস্তৱতাক নাটকৰ মূল চিন্তাৰূপে লৈ আৰু শ্বেইক্সপীয়েৰীয় তথা ইবছেনীয় কৌশলৰ সমন্বয় ঘটাই জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া নাটকৰ নতুন দিশ উন্মোচন কৰে৷ এওঁৰ নাটককেইখন হ’ল – ‘শোণিত কুঁৱৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰী’ (১৯৩০), ‘লভিতা’ (১৯৪৮), ‘ৰূপালীম’ (১৯৬০) আৰু ‘খনিকৰ’ (১৯২৮)৷

এনেদৰে আলোচনা কৰিলে দেখা যায় যে ১৮৮৯ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত অসমীয়া ভাষাত ভালেসংখ্যক নাটক ৰচিত হৈছে৷ পৌৰাণিক, ঐতিহাসিক, সামাজিক, ধেমেলীয়া, কাল্পনিক আদি বিভিন্ন শ্ৰেণীৰ নাটকে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে৷ পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালালৈকে বিভিন্ন নাট্যকাৰে তেওঁলোকৰ নাট্য সাহিত্যৰ যোগেদি অসমীয়া ৰোমাণ্টিক যুগটোক সমৃদ্ধ কৰি তোলাত অপৰিসীম অৱদান আগ বঢ়াই থৈ গৈছে৷
এই যুগৰ নাটকৰ সাধাৰণ বৈশিষ্ট্য্যবোৰ এনেদৰে উল্লেখ কৰিব পাৰি–

• সামাজিক নাটক ৰচনাৰ আঁৰত সমাজৰ পটভূমিত সংস্কাৰধৰ্মী আৰু প্ৰচাৰধৰ্মী নাট ৰচনাৰ প্ৰেৰণা লক্ষণীয়৷
• আলোচ্য সময়ছোৱা ঐতিহাসিক নাটকৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধ৷ তৎকালীন সময় আৰু পটভূমিত ইতিহাসৰ গৌৰৱময় অধ্যায়ৰ ৰোমন্থন আৰু কলাত্মক ৰূপায়ণৰ জৰিয়তে জাতীয় জাগৰণ, আত্মপ্ৰত্যয় আৰু প্ৰতিষ্ঠাৰ প্ৰেৰণা লেখকসকলৰ মাজত তীব্ৰ হৈ আছিল৷
• পৌৰাণিক কাহিনীৰ আধাৰতো এই যুগৰ লেখকসকলে ভালেমান নাটক ৰচনা কৰে৷ কাহিনীটো পুৰাণ বা অন্যান্য প্ৰাচীন গ্ৰন্থৰ পৰা গ্ৰহণ কৰিলেও ৰচনা প্ৰণালী আৰু কলা-কৌশলৰ ক্ষেত্ৰত পাশ্চাত্য নাটকৰ আৰ্হিয়েই গ্ৰহণ কৰিছে৷ প্ৰাচীন কাহিনীৰ দৈৱিক ভাবনা, ভক্তি আদিৰ সহজ বিশ্বাস আলোচ্যযুগৰ নাট্যকাৰসকলে বহুক্ষেত্ৰত পৰিৱৰ্তন কৰা নাই যদিও কোনো কোনো ক্ষেত্ৰত তাৰ মানৱীয় তাৎপৰ্য আৰু বাস্তৱবীক্ষাৰ প্ৰতিও নাট্যকাৰসকল সজাগ আছিল৷
• বেছিভাগ নাটকেই ঐতিহাসিক আৰু পৌৰাণিক কাহিনী আধাৰিত হোৱা বাবে এই যুগৰ অসমীয়া নাটকত ভাৰতীয় জীৱনাদৰ্শৰ প্ৰতিফলন ঘটিছে৷
• ঈশ্বৰ বা দৈৱিক আদৰ্শতকৈ মানুহ আৰু পৃথিৱীৰ প্ৰতি মমতাই মানৱতাবাদৰ আদৰ্শ প্ৰকাশ কৰিছে৷ যেনে– গোহাঞিহৰুৱাৰ ‘সাধনী’ত দেখা পোৱা সাধাৰণ গৰখীয়া ল’ৰা নিতাইৰ প্ৰতি সহানুভূতি৷
• নাৰী চৰিত্ৰৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগীয়ে সমগ্ৰ যুগটোৰ সাহিত্যলৈ নতুনত্ব আনিলে৷ গোহাঞিবৰুৱাৰ জয়মতী আৰু সাধনী, বেজবৰুৱাৰ জয়মতী কুঁৱৰী, চন্দ্ৰধৰ বৰুৱাৰ ‘মেঘনাথ বধ’ৰ প্ৰমীলা, জ্যোতিপ্ৰসাদৰ ‘কাৰেঙৰ লিগিৰী’ৰ কাঞ্চনমতী, ‘ৰূপালীম’ৰ ইতিভেন আদি চৰিত্ৰ মৰ্যাদাপূৰ্ণ ৰূপত উপস্থাপন কৰা হৈছে৷
• প্ৰেমৰ ক্ষেত্ৰতো এক উদাৰ আৰু ৰমন্যাসিক আৱেদনপূৰ্ণ প্ৰকাশ দেখা গ’ল৷
• মঞ্চৰ প্ৰয়োজনতকৈ সাহিত্য হিচাপে অভাৱ পূৰাবলৈকে বহু নাটক ৰচিত হৈছিল বাবে মঞ্চসফল নাটকৰ সংখ্যা কম৷
• ইংৰাজী নাটক, বিশেষকৈ শ্বেইক্সপীয়েৰৰ নাট্যৰীতিয়েই আছিল অসমীয়া নাট্যকাৰসকলৰ প্ৰধান আদৰ্শ৷ গহীন দৃশ্যৰ মাজত লঘু দৃশ্যৰ অৱতাৰণা, কাব্যধৰ্মী দীঘল স্বগতোক্তি, অংক আৰু দৃশ্য বিভাজন ৰীতি আদি ইংৰাজী নাটকৰ কলা-কৌশলৰ গতানুগতিক বহুল ব্যৱহাৰে বহু নাটকৰে নাটকীয় আবেদন ব্যাহত কৰিছে৷ কিন্তু এই যুগৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ইংৰাজী নাটকৰ ওপৰতে নিৰ্ভৰ নকৰি পাশ্চাত্য নাটকৰ শেহতীয়া বিকাশবোৰৰো খবৰ ৰাখিছিল৷ তদুপৰি এক শিল্পীসত্তাৰ অধিকাৰী জ্যোতিপ্ৰসাদে ভাব-বিষয় আৰু আংগিক সকলো দিশতে অসমীয়া নাটকক নতুন এক মাত্ৰা দান কৰিছিল৷

মন কৰিবলগীয়া যে তাদনীন্তন সময়ত পাশ্চাত্য-চিন্তাত ট্ৰেজেডি বুলিলে যি ধৰণৰ নাটকক বুজোৱা হয় তেনে অৰ্থত সাৰ্থক ট্ৰেজেডি পাবলৈ নাই বুলিবই পাৰি৷ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে– “ক্লাছিকেল ট্ৰেজেডিৰ লক্ষণসমূহ অসমীয়া বিয়োগান্ত নাটত সম্যক পৰিস্ফূৰণ দেখা নাযায়৷ অৱশ্যে সাধাৰণ অৰ্থত ট্ৰেজেডিৰ অভাৱ নাই৷” কিন্তু মেলড্ৰামা আৰু ফাৰ্চ বা প্ৰহসনে জোনাকী যুগটোত উল্লেখযোগ্য স্থান দখল কৰি আছে৷ ভাবগত দিশত এনেদৰে ভাগ কৰা হয় যদিও এই যুগৰ নাটকৰ বিষয় বস্তুগত শ্ৰেণীবিভাগহে বেছি সুবিধাজনক৷ কাৰণ, নাট্যকাৰসকলে ট্ৰেজেডি বা কমেডি স্বৰূপে কলাত্মক নাটক ৰচনাতকৈ জাতীয় অনুপ্ৰেৰণাৰ দাবীতহে নাট ৰচনাৰ প্ৰেৰণা পাইছিল৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments