সফল পিতৃ মাতৃত্বৰ পৰিকল্পনা – ৰূপলেখা দেবী

সকলো দম্পতীয়ে সুস্থ সবল সন্তান এটিৰ পিতৃ-মাতৃ হ’বলৈ মনে-প্ৰাণে কল্পনা কৰে৷ সন্তানক সুস্থ-সবল আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলাৰ ধাৰণাটো স্বামী-স্ত্ৰীয়ে সন্তান জন্মৰ আগৰ পৰাই মনত ৰখা উচিত৷ প্ৰত্যেক দম্পতীৰ বাবে সন্তান এটি ডাঙৰ-দীঘল কৰাটো ডাঙৰ ত্যাগ আৰু প্ৰত্যাহ্বান, গতিকে মানসিকভাবে প্ৰস্তুতি আৰু পৰিকল্পনা কৰিহে সন্তান জন্ম দিবলৈ সাজু হ’ব লাগে৷ এনেধৰণৰ পৰিকল্পনাক হেল্ডী পেৰেণ্টিং বোলা হয় আৰু হেল্ডী পেৰেণ্টিঙৰ বাবে সন্তান এটি জন্ম দিয়াৰ আগতে প্ৰত্যেক দম্পতীয়ে তলত দিয়া ধৰণে প্ৰস্তুত হোৱা দৰকাৰ৷

১/ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লোৱাৰ লগে লগে প্ৰত্যেক দম্পতীয়ে কিছু আৰ্থিক পৰিকল্পনা কৰিব লাগে৷

২/ গৰ্ভস্থ সন্তানটি ল’ৰা নে ছোৱালী হ’ব তাক অকণো উদ্বিগ্ন হ’ব নালাগে৷

৩/ মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ লগে লগে স্বামীৰো বহুতো দায়িত্ব আহি পৰে৷ হ’বলগীয়া মাতৃগৰাকীৰ লগতে স্বামীৰ পূৰ্ণ সহযোগিতা অত্যন্ত জৰুৰী৷ এই সময়চোৱাত গধুৰ বস্তু দঙা বা দূৰ ভ্ৰমণ বৰ্জন কৰিব লাগে৷

৪/ গৰ্ভৱতী মহিলাগৰাকীয়ে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লৈ টেবলেট, ইনজেকচন, চোনোগ্ৰাফী আদি কৰাব লাগে আৰু সাৱধানে চলা-ফুৰা কৰিব লাগে৷

৫/ গৰ্ভাৱস্থাত মহিলাগৰাকীক পৰ্য্যাপ্ত পৰিমাণে পুষ্টিকাৰক আহাৰ যেনে ফলমূল, শাক-পাচলি, প্ৰ’টিন, কেলচিয়াম, মিনাৰেল আৰু আন খাদ্যপ্ৰাণ যুক্ত আহাৰ নিয়মিতভাবে খাব দিব লাগে৷

৬/ পৰিয়ালৰ কাৰোবাৰ লগত মনোমালিন্য হ’লে তাক আলোচনাৰ জৰিয়তে সমাধা কৰিব লাগে৷ অন্যথা সুফল নাপালে মনোবিজ্ঞানীৰ পৰামৰ্শ ল’ব লাগে৷

৭/ এই সময়চোৱাত ভাল কিতাপ পঢ়িব লাগে৷ সদায় হাঁহি-ধেমালি কৰি আনন্দ মনে থাকিব লাগে৷

৮/ শিশুৰ জন্মৰ পিচত শিশুটোৰ লগতে মাতৃগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অধিক যত্নপৰ হোৱা দৰকাৰ৷ শিশুই যাতে মাকৰ গাখীৰ নিয়মিত খাব পাৰে তাৰ প্ৰতি যত্নবান হ’ব লাগে৷

শিশু জন্ম দিয়া প্ৰক্ৰিয়াটো এটা স্বাভাৱিক আৰু প্ৰাকৃতিক ঘটনা, গতিকে মাতৃগৰাকীয়ে অযথা ভয়-শংকা আদি কৰাৰ কোনো দৰকাৰ নাই৷

সন্তান ডাঙৰ কৰাৰ সময় চোৱাত পিতৃমাতৃয়ে লবলগীয়া সাৱধানতা:

১/ শিশুক সদায় পৰিষ্কাৰ-পৰিছন্নকৈ ৰাখিব লাগে আৰু সৰুৰে পৰাই টয়লেট আদি কেনেদৰে ব্যৱহাৰ কৰিব তাক ভালকৈ প্ৰশিক্ষণ দিব লাগে৷

২/ ৰাতি সময়মতে খোৱা-লোৱা কৰি শিশুক সোনকালে শুৱাই দিয়াৰ অভ্যাস কৰিব লাগে৷ টিভি, মোবাইল বা কম্পিউতাৰ আদিৰ লগত ব্যস্ত হৈ বেছি ৰাতিলৈ শিশুক জাগি থাকিব দিব নালাগে৷

৩/ পিতৃ-মাতৃ যথেষ্ট ধৈৰ্যশীল হোৱা দৰকাৰ৷ কেতিয়াবা কৰ্মক্ষেত্ৰৰ পৰা আহি দেখা যায় যে সন্তানে মূল্যবান সামগ্ৰী এবিধ ভাঙি থৈ দিছে৷ তেতিয়া তৎক্ষণাত শিশুটোক মাৰিব বা গালি পাৰিব নালাগে, তাৰ সলনি সন্তানক বস্তুটোৰ মূল্য আৰু গুৰুত্বৰ বিষয়ে ভালকৈ বুজাই দিব লাগে৷

৪/ সন্তান যাতে মাক-দেউতাকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ মাজে সময়ে সিহঁতক লগৰীয়াৰ লগত খেলা ধূলা কৰিব দিব লাগে৷ মাক-দেউতাকেও অৱশ্যে সকলো সময়তে শিশুক শাসন কৰি সকলো কামতে হকা-বাধা কৰিব নালাগে৷ মৰম মিহলি শাসনেৰে শিশুসকলক ডাঙৰ কৰিব লাগে কিন্তু সম্পূৰ্ণৰূপে এৰিও দিব নালাগে কাৰণ ভাল-বেয়াৰ বিচাৰ বিবেচনা শিশু কালছোৱাত সিহঁতে সম্পূৰ্ণৰূপে আয়ত্ব কৰিব নোৱাৰে৷

৫/ টোপনি যোৱাৰ সময়ত সন্তানক নিচুকণি গীত গাই মাকে শুওৱাৰ অভ্যাস কৰিলে ভাল৷ মাজে মাজে সাধুকথা বা পৌৰাণিক কাহিনী আদি শুনাব লাগে৷ ফলত শিশুসকলে নিজৰ দেশৰ সভ্যতা-সংস্কৃতিৰ লগত আপোনাআপুনি জড়িত হৈ পৰিব আৰু মনতো আনন্দলাভ কৰিব৷

৬/ পৰিয়ালৰ আন সদস্য যেনে ককাক, আইতাক, পেহীয়েক, খুৰাক, মামাক, মাহীয়েক আদিৰ সম্বন্ধে কটু মন্তব্য শিশুৰ আগত দিয়া উচিত নহয়৷

৭/শিশুৰ সন্মুখত মাক-দেউতাকে কেতিয়াও কাজিয়া কৰিব নালাগে বা উচ্চস্বৰত কথা ক’ব নালাগে৷

৮/ কৰ্মক্ষেত্ৰৰ পৰা উভতি অহাৰ পিচত কিছুসময় আচুতীয়াকৈ সন্তানৰ লগত অন্তৰঙ্গভাবে কটাই দিনটোৰ ভাল-বেয়াৰ খবৰ লোৱা তথা আলোচনা কৰাৰ লগতে হাঁহি-ধেমালিৰে কিছু ক্ষণ কটাব লাগে৷

৯/ সন্তানৰ সন্মুখত কোনোধৰণৰ সমস্যাৰ কথা আলোচনা কৰিব নালাগে৷ ইয়াৰ ফলত শিশুৰ মনত বেয়া ধৰণৰ প্ৰতিক্ৰিয়া বা আশংকাৰ সৃষ্টি হ’ব পাৰে৷

১০/ মাক-দেউতাকে সন্তানৰ লগত ‘বেবী টক’ বা কেঁচুৱাৰ নিচিনা লেনিয়াই কথা নকৈ স্বাভাৱিক সুৰত কথা ক’ব লাগে৷ সিহঁতৰ লগত সদায় বন্ধুভাৱাপন্ন ব্যবহাৰ কৰিব লাগে৷

১১/ সন্তানক কেতিয়াও পৰিয়ালৰ আন শিশু বা লগৰ শিশুৰ লগত তুলনা কৰিব নালাগে৷

১২/  স্কুলত নাম লিখাৰ আগতে সন্তানক স্কুলত চাৰ বা মেডামে মাৰিব আদি কথা কৈ ভয় খুৱাব নালাগে৷

১৩/ শিশু মাত্ৰেই ভুল কৰাটো স্বাভাৱিক৷ কিন্তু তাৰ ফলত শিশুক মাৰিব বা গালি দিব নালাগে৷ তাৰ সলনি সিহঁতৰ ভাল দিশটো তুলি ধৰিব লাগে আৰু কোলাত লৈ মাজে মাজে মৰম আদৰ কৰিলে সিহঁতৰ কাৰণে ডাঙৰ পুৰস্কাৰৰ নিচিনা হয়৷

১৪/ শিশুই যি ভাষা বুজি পাই সেই ভাষাতেই কথা ক’ব লাগে৷ শিশুক উপদেশ দিয়া ভাল, কিন্তু আদেশ নহয়৷

১৫/ শিশুৱে যদি কেতিয়াবা কিবা যুক্তি দি কথা ক’ব খোজে, সেয়া শুনিব লাগে, সিহঁতক পৰাস্ত কৰি লাজ দিবলৈ ওলোটা যুক্তি দিব নালাগে৷

১৬/ শিশুৱে ফেণ্টাচী বা আশ্চৰ্য্যকৰ বস্তু বা ঘটনা পচন্দ কৰে৷ সিহঁতৰ কল্পনাৰ প্ৰতি যত্নশীল হোৱা দৰকাৰ৷ অৱশ্যে অলীক বা অবাস্তৱ কল্পনাক উৎসাহিত কৰিব নালাগে৷ শিশুৰ আচৰণত হঠাতে পৰিবৰ্তন দেখিলে তাৰ কাৰণটো জানিবলৈ চেষ্টা কৰিব লাগে৷ সিহঁতবোৰে হয়তো কোনো মানসিক সমস্যাত ভুগিব পাৰে বা মনত কোনো প্ৰশ্নৰ উদয়ো হ’ব পাৰে৷ বয়ঃসন্ধিৰ সময়ত সন্তানৰ এনেধৰণৰ পৰিবৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কৌতুহ’ল বা যৌন জীৱনৰ জিজ্ঞাসাৰ বাবে সন্তানৰ মনত এনেধৰণৰ পৰিবৰ্তন দেখিলে পিতৃ-মাতৃৰ বেয়া লাগিব পাৰে কিন্তু তাক বৈজ্ঞানিক দৃষ্টি ভংগীৰে চাই আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে৷ এইবোৰক সাধাৰণতে স্বাভাৱিক কৌতূহল বুলি গণ্য কৰা হয়৷ আলোচনাৰ জৰিয়তে পিতৃ-মাতৃয়ে সমাধান কৰিব নোৱাৰিলে মনোবিজ্ঞানীৰ কাষ চাপি পৰামৰ্শ ল’ব পাৰে৷

ওপৰত উল্লিখিত সাৱধানতাসমূহ অৱলম্বন কৰিলে এহাল দম্পতীয়ে নিজ সন্তানক সুন্দৰকৈ ডাঙৰ দীঘল কৰি সফল পিতৃ-মাতৃ বা হেল্ডী পেৰেণ্ট হোৱাৰ অধিকাৰী হ’ব৷

■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

সুন্দৰ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক