সব চেঁচা -নূপুৰ হাজৰিকা

উৰুখা পঁজা
উদং কোঠা
উকা বেৰ
জেকা এন্ধাৰ…সব চেঁচা, চেঁচা মজিয়া !
আহ্! চেঁচা পৰি আহে হাত-ভৰিবোৰ!

ঠেৰেঙা লগা দেহাত
দিনটোৰ ভাগৰে হেঁচে,
গধূলিবেলা ৷
“ক’ ভাই! ফটিকা নহ’লে কৰিম কি?
চব ফিকা,
জীৱনটো একদম চেঁচা!”

জানো ভাই ,
বিহসোপা গিলো, বাচি থাকো।
বিহসোপা গিলো, মৰি থাকো।
ইফালেও মৰণ, সিফালেও মৰণ,
কি ৰে ভাই ফটিকাৰ জীৱন!

জুহালত নাথাকে খৰি,
চিতাতো নজ্বলে খৰি,
কিন্তু জীৱনভৰ জ্বলোঁ আমি
(ভোকে- দুখে- ৰোগে জ্বলাই মাৰে )
তহঁতৰ কি আহে যায়!

জ্বলোহে জ্বলো
আমাৰ জীৱনো চেঁচা
মৰণো চেঁচা,
চুই চা।

( মোৰ চাহবাগিচাৰ ভাইহঁত,
তোমালোকৰ জীয়া জুই সৰুৰে পৰা দেখিছোঁ।

আওমৰণে মৰিছা।


মই কবিতা লিখিছোঁ (লাজ নাই মোৰ)

কি কৰো ভাই!
মোৰো খৰি নাই,
কেৱল শোকৰ জ্বালাই জ্বলাই।
তোমালোকৰ শোক মোৰো, মোৰো…
….চুই চোৱা!! )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক