সভ্যতা -প্ৰাঞ্জল বৰা

বন্ধু,

মই ৰৈ আছো
এটি সেউজ উপত্যকাৰ সমতলত
যি সমতলে ধাৰণ কৰিছে
মোৰ প্ৰ-পিতামহৰ পুৰাতন ইতিহাস
অথবা তাৰো পূৰ্বৰ
কোনো আৰ্য,
কোনো অনাৰ্যৰ
পৰিব্ৰাজনৰ অলেখ কাহিনী

শতায়ু গৰকা মোৰ আইতাই এদিন লৈ গৈছিল মোক
যেনেকৈ তেৱোঁ গৈছিল
আজো আয়েকৰ শীৰ্ণ আঙুলি ধৰি
লাহে লাহে বাঢ়িব ধৰা
এটি সভ্যতাৰ আদিম স্তৰলৈ

আইতাৰ ঘোলা পৰা চকুযুৰিত দেখিছিলো
কেনেকৈ আহিছিল এদল মানুহ
সমান মাটিত খোজ দিয়াৰ হেঁপাহত
শিলাময় পৰ্বতৰ চূড়া পাৰ হৈ৷

কিনো আনিছিল লগত সিহঁতে…
সাহিয়াল বুকুত প্ৰত্যয়ৰ তগবগ পতাকা
কণকণ দুচকুৰ তীব্ৰতাত
প্ৰগলভ পোহৰৰ বীজৰ বাদে!
সিহঁতৰ চেতনাত উঠলি উঠা দ্বিগ্বীজয়ৰ অসহিষ্ণু তেজ
যাৰ গহীনত সাঁচি আনিছিল সমভূমিৰ এখন নক্সা

ক্ৰমাৎ মোৰ দেহলৈও সংক্ৰমিত হৈছিল
দূৰ্গম পদযাত্ৰাৰ ভীষণ ক্লান্তি
নিৰাময় কৰিব নোৱাৰা মহামাৰি
আৰু আৰ্তনাদৰ সহস্ৰ প্ৰহৰ

বন্ধু,
মোৰ পূৰ্বজক চাবৰ জোখাৰে
আছে জানো তোমাৰ সেই দৃষ্টি
আইতাৰ বয়সকুঞ্ছিত বুকুৰ প্ৰাচীন লিপি
পাঠৰ জোখাৰে আছেনে তেনে ভাষাজ্ঞান!
বুজিব পাৰিবানে হাবি মুকলি কৰা
এজাক মানুহৰ তেজত চেঁকুৰ মেলা
হাজাৰটা ৰণুৱা ঘোঁৰাৰ উদ্যত আস্ফালন
এহাতত যাৰ লালনৰ মুক্ত আঙুলি
সিহাতত শাষণৰ অভেদ্য মুঠি

সেই মানুহবোৰ
উত্তাপে দেই যোৱা সেই মানুহবোৰ…
কি আশ্চৰ্যকৰ তন্ময়তাত বুৰ গৈ
উৰুৱাইছিল সাম্ৰজ্যৰ ধ্বজা
এটি এটি শিলেৰে
এটি এটি ইটাৰে
তেজেৰে ঘামেৰে
সাজি গৈছিল
কাৰেং দেউল গড় সাঁকো
আৰু সভ্যতাৰ আধাৰশিলা

সেয়াই মোৰ মূল
সিবোৰেই মোৰ শক্তিমন্ত পূৰ্বজ
যি সাৰে আছে এতিয়াও
আৰু সাৰে থাকিব
সমাধিৰ হিমশীতল মৈদামত

এবাৰ আহি চাই যোৱা বন্ধু
দিখৌৰ উৰ্বৰতাত উৰি থকা
মোৰ আদিমতম সভ্যতাৰ গৰ্বিত নিচান
শুনি যোৱাকিংবদন্তি ৰূপকাৰৰ শৌৰ্যৰ ৰঙা বুৰঞ্জী! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments