সমতাৰ প্ৰজন্ম গঢ়াত নাৰীৰ ভূমিকা –নিৰ্মালি নয়নতৰা

বাটচ’ৰা:
“Equality is not only a fundamental human right, but a necessary foundation for a peaceful, prosperous and sustainable world”

‘সমতা’ শব্দটোৱে সদায় লিংগ নিৰ্বিশেষ সম অধিকাৰক নিৰ্দেশ কৰি আহিছে। সমতা শব্দৰ সমাৰ্থক ইংৰাজী প্ৰতিশব্দটো হৈছে ‘equality’, যাৰ সংজ্ঞাই আমাক সমতাৰ অন্তৰ্হিত আভিধানিক অৰ্থটো প্ৰতিপন্ন কৰে এনেদৰে,

‘‘Equality is ensuring individuals or groups of individuals are not treated differently or less favourably, on the basis of their specific protected characteristic, including areas of race, gender, disability, religion or belief, sexual orientation and age.”

সমতা মানেই এক নিৰ্দিষ্ট পৰিমাপক। যাৰ লক্ষ্মণৰেখা ভেদি লিংগ, বৰ্ণ, জাতি, ধৰ্ম, বয়স আৰু সম্প্ৰদায়ে পৰস্পৰে পৰস্পৰৰ অধিকাৰ ক্ষুণ্ণ কৰিব নোৱাৰে, বা কৰিলেও তাক অন্যায় বুলি গণ্য কৰা হয়।

বুলনিচ’ৰা:
প্ৰজন্ম এটাৰ উত্থান অথবা পতনত নাৰীয়ে সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। মহাকাব্যৰ পৃষ্ঠাৰ পৰা তুলি অনা উদাহৰণেৰে আমি কৈকেয়ীৰ লোভ লালসা আৰু দ্ৰৌপদীয়ে দুৰ্যোধনক ইন্দ্ৰপ্ৰস্থত কৰা অপমানলৈ আঙুলিয়াই দেখুৱাব পাৰো। কৈকেয়ীৰ ৰাজ্যলোভ আৰু অন্ধ পুত্ৰপ্ৰেমে ৰামৰ প্ৰজন্মৰ সকলোকে শাস্তি ভোগাইছিল। আনহাতে পাঞ্চালীৰ অহংবোধে দুৰ্জন দুৰ্যোধনক নাৰী নিৰ্যাতনকাৰী পাষণ্ড সজাবলৈ প্ৰৰোচিত কৰিছিল, এটা সম্পূৰ্ণ প্ৰজন্ম বিনাশকাৰী মহাভাৰতৰ যুদ্ধ নিশ্চিত কৰি তুলিছিল। আনপিনে কুসুম্বৰ মাতৃ খেৰসূতীৰ দূৰদৰ্শিতা, মননশীলতা আৰু জীৱনান্বেষী চিন্তনে ধিতিঙালি কোবাই ফুৰা শংকৰক গুৰুৰ টোলৰ সবাতোকৈ শ্ৰেষ্ঠতম ছাত্ৰজন সজাবলৈ নিচেই কম সময় গ্ৰহণ কৰিছিল।

সমতাৰ প্ৰজন্ম গঢ়াত নাৰীয়ে স্বাধীনতা-উত্তৰ কালৰে পৰা অতি সাম্প্ৰতিক সময়লৈকে বিশেষ উত্থানৰ ছবি অঁকা পৰিলক্ষিত নহ’লেও ৰাজনীতিৰ পৰা চলচ্চিত্ৰলৈ, শিক্ষাৰ পৰা বিজ্ঞানৰ পৃথিৱীলৈ আমাক চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাইছে। সমতাৰ প্ৰজন্ম গঢ়াৰ একনিষ্ঠতা আৰু অটল মনোবল থকাৰ বাবেই তাহানিৰ দুৰ্গম নেফা’ত থাকিও ইন্দিৰা মিৰিয়ে শিক্ষাক্ষেত্ৰৰ আমূল পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছিল। সমতাৰ প্ৰজন্ম গঢ়াৰ সপোন দেখাৰ বাবেই বৈমাণিক ধীৰা হাজৰিকা, স্বাধীনতা সংগ্ৰামী তথা একক মাতৃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পৰা প্ৰথম অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈ, দৌৰবিদ হিমা দাসলৈকে অসমীয়া নাৰীৰ উত্থান আৰু পাৰদৰ্শিতাৰ তালিকাখন বৰ চকুত লগাকৈ দীঘলীয়া।

বিশ্ব ইতিহাসৰ জলঙাইদি চালেও দেখা পাওঁ হেলেন কেলাৰৰ পৰা মাদাৰ টেৰেচালৈকে, মেৰী কুৰিৰ পৰা লেডী ডায়েনালৈকে, মালালাৰ পৰা আগাথা ক্ৰীষ্টিলৈকে অগণিত দৃঢ়মনা নাৰীয়ে সমতাৰ হকে এখন সৃষ্টিশীল যুঁজেৰে আমাক বিস্মিত, বিমুগ্ধ আৰু উদ্বেলিত কৰি আহিছে।

আজিৰ সকলো নাৰীৰেই দুখন নিজা যুঁজ থাকে। সকলো নাৰীয়েই নিজৰ সৈতে যুঁজে আৰু সামাজিক বাধা ওফৰাই নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে যুঁজে। দুয়োখন যুঁজতে নাৰী কেতিয়াবা পৰাজিত, মূক পৰাভৱ আৰু কেতিয়াবা বিজয় নিনাদেৰে উল্লসিত। কিন্তু এই যে যুঁজি থকাৰ যাত্ৰা— সেই যাত্ৰাৰ নামেই হৈছে সমতাৰ প্ৰজন্ম গঢ়াত নাৰীৰ শক্তিশালী ভূমিকা। যি নাৰীয়ে বিছাৰ পৰা নিজকে পখিলালৈ ৰূপান্তৰ কৰে, সেই নাৰীয়েই সমতাৰ প্ৰজন্ম গঢ়াৰ প্ৰথমটো চিৰি অতিক্ৰম কৰে।
ৰক্ষণশীল ভাৰতীয় সমাজৰ পায় নেপায়, বিশ্বাস অবিশ্বাস, ধৰ্মীয় গণ্ডী আৰু পুৰুষতান্ত্ৰিক শিকলি গছকি যেতিয়া কোনোবা সৰোজিনী নাইডু অথবা লক্ষ্মী আগ্ৰৱালৰ জন্ম হয়, তেতিয়াই সমতাৰ প্ৰজন্ম গঢ়াৰ দুৱাৰ মুকলি হয়। নাৰীয়ে নাৰীক তুলি ধৰাৰ মানসিকতা, সন্তানক সন্তানৰ দৰে প্ৰতিপালন কৰাৰ সদিচ্ছা, লিংগবিহীন পৃথিৱী এখনৰ পৰিকল্পনা আৰু বিবাহতকৈ স্বাৱলম্বিতাক প্ৰাধান্য দিবলৈ আৰম্ভ কৰা আজিৰ নাৰীয়ে সমতাৰ প্ৰজন্ম গঢ়াৰ প্ৰথমটো স্তৰ সফলতাৰে অতিক্ৰম কৰিছে।

কিন্তু, ঋতুজনিত কাৰণত ধৰ্মীয় উপাসনাৰ স্থল এৰাই চলা, বিশ্বাস অবিশ্বাসৰ দোমোজাত ৰৈ এসময়ত অন্ধবিশ্বাসক প্ৰাধান্য দিয়া, ঘৰৰ পুৰুষ সকলৰ পৰিচয়েৰে নিজৰ চিনাকি দিয়াত গৰ্ব অনুভৱ কৰা নাৰীয়ে সমতাৰ প্ৰজন্ম গঢ়িবলৈ অপাৰগ হয়। তেওঁলোকে যুগে যুগে চলি অহা পিতৃসত্তাক আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ। নিৰ্যাতন, নিপীড়ন আৰু বন্দীত্বক তেওঁলোকে সহজে স্বীকাৰ কৰে। তেনে নাৰীৰ প্ৰতিপালনতে ধৰ্ষণকাৰী আৰু অপৰাধীৰ জন্ম হয়। তেনে নাৰীয়ে বিবেকতকৈ প্ৰচলিত ধ্যান ধাৰণা আৰু সামাজিক বিশ্বাসক প্ৰাধান্য দিবলৈ যাওঁতে স্বকীয় মৰ্যাদা আৰু সামাজিক স্থিতিও হেৰুৱাই পেলায়।

‘সমতাৰ প্ৰজন্ম’ ধাৰণাটো এক অলীক কল্পনা নহয়। ই মানুহ হিচাপে প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক প্ৰাথমিক প্ৰয়োজন। বিভিন্ন ক্ষেত্ৰত পুৰুষো নিৰ্যাতিত হয়। পৌৰুষ অহংবোধ হেয় হোৱাৰ আশংকাত নিৰ্যাতিত পুৰুষে নিজৰ লগত ঘটা অপৰাধবোৰ মুকলিকৈ প্ৰকাশ নকৰে। তেনে ক্ষেত্ৰত নাৰী হোৱাৰ সুবাদতেই অপৰাধী নাৰীগৰাকী আইনী হাতোৰাৰ কবলৰ পৰা মুক্ত হৈ যায়। অফিচ কাছাৰীৰ পৰা পাৰ্কলৈকে, বজাৰৰ পৰা শ্মশানলৈকে, স্কুলৰ পৰা পাব, ৰেঁষ্টুৰালৈকে যেতিয়াই নাৰী পুৰুষ নিৰ্বিশেষে সমানে অংশ ল’ব পৰা সময় এখিনি আহি উপস্থিত নহ’ব, তেতিয়ালৈকে সমতাৰ প্ৰজন্মৰ গঢ়িব খোজা নাৰীৰ ব্যক্তিগত আন্দোলন বোৰ চলি থাকিব, থকা উচিত।

সমতাৰ প্ৰজন্ম গঢ়িবলৈ যোৱাটো নাৰীৰ বাবে মৰসাহস নহ’লেও দুৰূহ কাম। কিয়নো বিভিন্ন সামাজিক বিশ্বাসক অবান্তৰ বুলি জানিও নাৰীয়ে নিজেই ত্যাগ নকৰে বা কৰিবলৈ সাহস গোটাব নোৱাৰে। কিন্তু যেতিয়াই মানুহৰ সন্মুখত হয় মৃত্যু নহয় জীৱনৰ পথ খোলা থাকে, তেতিয়া আশাবাদী মানুহে জীৱনৰ পথ বাচি লয় আৰু সেই পথেৰে গৈ থকা মানুহে নাৰী বা পুৰুষৰ চিনাকিতকৈ মানুহ হিচাপে পৰিচিত হোৱাৰ সপোনহে সংগোপনে পুহি ৰাখিবলৈ শিকে।

সমতাৰ প্ৰজন্ম গঢ়িব পাৰে সেইসকল নাৰীয়ে, যাক জীৱনে অকুতোভয় কৰিছে। চিংগল মাদাৰৰ একাকী যন্ত্ৰণাৰে ভোকাতুৰ সন্তানক বুকুত বান্ধি প্ৰকাশৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ফুৰা জে. কে ৰাউলিং যদি হতাশাগ্ৰস্ত হ’ল হেঁতেন, তেতিয়া বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ‘হেৰী পটাৰে’ কাহিনীও ছপা ৰূপ নাপালেহেঁতেন! মাথোঁ পতিপ্ৰেমৰ বাবে নহয় সমতাৰ প্ৰজন্ম গঢ়াৰ সপোন দেখি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিয়াৰ বাবেহে জয়মতীৰ তেজেৰে জেৰেঙা ৰাঙলী হৈছিল।
সমতাৰ প্ৰজন্ম গঢ়াত নাৰী সেয়ে প্ৰথম আৰু শেষৰটো মুখ্য চৰ্ত। বাকী সকলো আনুষংগিক আৰু গৌণ।

পাছচোতালৰ নঙলা মুখত:
‘সমতাৰ প্ৰজন্ম’ ধাৰণাটো এতিয়াও ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বত এক অসম্ভৱ মৰীচিকা! কিন্তু এই ধাৰণাৰ বাস্তৱ ৰূপায়ণ নোহোৱালৈকে আমাৰ দেশত তিনিমহীয়া শিশুৰ পৰা নব্বৈবৰ্ষীয়া বৃদ্ধাৰ ধৰ্ষণ এক সহজ পৰিঘটনাই হৈ থাকিব আৰু এমুঠিমান প্ৰগতিশীল নাৰীয়ে কেণ্ডেল মাৰ্চ কৰি নিষ্ফল ক্ৰোধত গুজৰি গুমৰি মৰিব লাগিব। সমতাৰ প্ৰজন্মৰ সপোন দিঠক নোহোৱালৈকে নিজাকৈ সপোন দেখা হাজাৰজনী লক্ষ্মীক এচিড ঢালি পদানত কৰি পেলাব খোজা হ’ব।
সেয়ে তৃতীয় বিশ্বৰ প্ৰগতিশীল নাৰীৰ বাবে ‘সমতাৰ প্ৰজন্ম’ এক প্ৰথম শ্ৰেণীৰ শোভাযাত্ৰাৰ নাম হওক। যি শোভাযাত্ৰাই মানুহক মানুহ কৰি তুলিব আৰু পৃথিৱীখন মানুহৰ অনুকূলে ন কৈ সজাই তুলিব।

মনুসংহিতা—বৰুৱা ডাঃ প্ৰফুল্ল নাৰায়ণ(২০০৩)
Mill, J.S. (1869). The Subjection of Women. New York: D Appleton and Company.
Locke. J (2004). The Second Treatise of Government. New York: Barnes and Noble Books.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক