সমন্বয় আৰু প্ৰেমৰ ঋতু ব’হাগ (নিবেদিতা হাজৰিকা)


আই অসমীৰ সেউজী বুকুত
ব’হাগৰ নৱ আৱাহন
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি শিহৰণ
বাজে মিলনৰ গান
উদ্বেলিত মন প্ৰাণ….

 

শিমলু পলাশৰ ৰঙেৰে আকাশ বোলাই, মৃদু মলয়া আৰু কুলি-কেতেকীৰ মৌ সনা মাতেৰে হৃদয় উজলাই, গছে গছে উৰুৱাই কুঁহিপাতৰ নিচান আকৌ আহিল সমন্বয় আৰু প্ৰেমৰ ঋতু ব’হাগ। শ্যামলী মাদকতাৰে ভৰা প্ৰকৃতিৰ বিনন্দীয়া ৰূপত সেউজীয়া হৈ উঠিল মানুহৰ আবেগ অনুভূতি। ঢোল, পেঁপা, গগনাৰ তালে তালে কৃষ্টিৰ পথাৰত আকৌ এবাৰ বাজি উঠিল সমন্বয়ৰ সুৰ। নানা জাতি- জনজাতিৰে ভৰা অসমভূমিত জাতি, ধৰ্ম, ভাষাৰ ভিন্নতা পাহৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকাৰ যেন এক স্বতঃস্ফুৰ্ত আবেদন লৈ আহে এই ব’হাগে।
অসমৰ জনমানসৰ এক নিৰ্ভুল দৰ্পন ব’হাগ। এই ব’হাগৰ লগত জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি, প্ৰেম-ভালপোৱা, ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, জীৱন যাত্ৰাৰ প্ৰণালী আৰু জাতীয় চেতনাবোধ। বহাগ ৰূপ, ৰস, গন্ধেৰে সুবাসিত হৈ অসমবাসীৰ সমগ্ৰ সত্তাত বিলীন হৈ আছে। ব’হাগৰ সতে যেনেকৈ প্ৰেমৰ ওতঃপ্ৰোত সমন্ধ আছে ঠিক তেনেকৈয়ে ব’হাগ জড়িত হৈ আছে অসমৰ চহা কৃষিজীৱি ৰাইজৰ আবেগ অনুভূতিৰ লগত। এই ব’হাগেই আনি দিয়ে কৃষিজীৱি ৰাইজৰ মনলৈ নতুন উদ্যমেৰে খেতিত নমাৰ প্ৰেৰণা।

ঢোলৰ চেৱে চেৱে মনটি ৰঙাই
চিফুঙৰ সুৰে হৃদয় জুৰাই
বিহুৱান, আৰনাইখনি
আমাৰ মৰমৰ এনাজৰী
কৃষ্টিৰ পথাৰত ইজনে-সিজনক
একতাৰ ডোলেৰে বান্ধো আজি়
একতাৰ ডোলেৰে বান্ধো আজি…

মূলতঃ কৃষিকৰ্মৰ লগত জড়িত অসমৰ জাতি-জনজাতি সমূহৰ বাবে ব’হাগ উৰ্বৰা পথাৰ। লুইতপৰীয়া ডেকা-গাভৰুৰ বাবে ব’হাগ হ’ল প্ৰণয়ৰ থলী, মিলনভূমি। ব’হাগে জীপাল কৰা পথাৰতেই যেন তেওঁলোকৰ প্ৰেমৰ গজালি মেলে।ডেকা-গাভৰুৰ মাজৰ ধেমালি,প্ৰেম,বিৰহ,আবেগ-অনুভূতি আদিক লৈ ৰচিত হোৱা বিহুগীত সমূহেও যেন ব’হাগৰ বুকুত সিঁচি দিয়ে মিঠা জীৱনৰ মাদকতা, মিলনৰ আদিম বাসনা। সেয়ে হয়তো বিহুগীত সমূহক প্ৰধানকৈ যৌৱনৰ গীত বুলি কোৱা হয়। তাহানিৰে পৰা এতিয়াও যেন ব’হাগৰ একেই ৰূপ, একেই মাদকতা, একেই সজীৱতা। সময়ৰ পৰিবৰ্ত্তনৰ লগত খোজ মিলাই মাথো সলনি হৈছে ব’হাগক আদৰাৰ, উপভোগ কৰাৰ কিছু নিয়ম-নীতি। অনুভৱ, আবেগ কিন্তু এতিয়াও সেই একেই। এতিয়াও শীতৰ শেষত বসন্তৰ আগমনৰ লগে লগে ৰিমঝিম বৰষুণৰ স্পৰ্শত প্ৰকৃতি যেতিয়া জীপাল হৈ উঠে, বসন্তৰ সুগন্ধিৰে সুবাসিত হৈ পৰে আমাৰ মন প্ৰাণ। বিৱৰ্ত্তনৰ পথেৰে আগবাঢ়ি অহা ব’হাগ যেন এতিয়াও আমাৰ বাবে হৈ পৰে নৃত্য-গীত-ছন্দেৰে জীৱনৰ সুখ, দুখ, উল্লাসৰ স্বতঃস্ফুৰ্ত প্ৰকাশৰ মাধ্যম।

বাপতি সাহোন বিহুটি আমাৰ
অসমীয়া জাতিৰ দাপোন
জাতি-জনজাতি অসমীৰ সন্তান
সকলো আমি আপোন…

আনফালে আকৌ এই ব’হাগেই হ’ল অসমৰ বিভিন্ন জাতি-জনজাতি, ভাষা-ধৰ্ম নিৰ্বিশেষে সকলোকে বান্ধি ৰখা একতাৰ এনাজৰী, সমন্বয়ৰ সেতু। কোনো ধৰ্ম বা জাতিগত সংকীৰ্ণতাই ব’হাগক আজিও স্পৰ্শ কৰিব পৰা নাই। ব’হাগে মাথো আমাক দিয়ে সান্নিধ্য আৰু জীৱন সংগ্ৰামত আগুৱাই যোৱাৰ সাহস। অসমত বাস কৰা প্ৰত্যেক জনগোষ্ঠীয়েই নিজস্ব ৰীতি-নীতিৰে ব’হাগক আদৰে, বিহু উদযাপন কৰে। বড়ো, মিছিং, তিৱা, লালুং, দেউৰী, ডিমাছা, হাজং আদি সকলো জনগোষ্ঠীয়ে নিজা নিজা পৰম্পৰা অনুসৰি ব’হাগক আদৰে। অসমত স্থান আৰু সম্প্ৰদায় বিশেষে বিহু পালন কৰাৰ ক্ষেত্ৰত সামান্য তাৰতম্য দেখা গ’লেও উদ্দেশ্য কিন্তু একেতাই। শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই এই ব’হাগতেই যেন সকলোৱে সংকল্প কৰে সমন্বয়ৰ সেতু গঢ়াৰ।

একতাৰ এনাজৰী বান্ধা
এই ব’হাগতে….
হিংসাৰ জুই নুমাই দিয়া
এই ব’হাগতে….

যি সময়ত হিংসা, হত্যা, দুৰ্নীতি, ব্যভিচাৰ, ক্ষমতাৰ অপব্যৱহাৰ আদি বিষবাষ্পই অসমখন চাৰিওফালৰ পৰা আৱৰি ধৰিছে সেই সময়ত ব’হাগে যেন অলপ হ’লেও আশাৰ ৰেঙণি কঢ়িয়াই আনে। জাতি-ধৰ্ম, ভাষাৰ ভেদাভেদ পাহৰি মিলিত হয় সকলো, কৃষ্টিৰ একেখন পথাৰত ব’হাগক আদৰিব’লে। আমাৰ আশা এই ব’হাগ যেন অসমীয়া জাতীয় জীৱনৰ একতাৰ মিলনভূমি হৈ থাকিব চিৰকাল। চিৰপ্ৰৱহমান এই ব’হাগৰ বুকুতেই পোখা মেলিব বাৰে বাৰে সমস্ত সুখৰ সম্ভাৱনাই।

যেতিয়ালৈকে থাকিব পৃথিৱী
সুৰভিত ঋতুৰ স্পৰ্শত সৰস হ’ব
জীৱন-যৌৱন, উৰ্বৰা হ’ব পথাৰ
সুখৰ স্বপ্নবোৰে উমলি ফুৰিব
জান, জুৰি, পথাৰ পাৰ হৈ গাঁও নগৰৰ
বুকুৱে বুকুৱে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments