সময়-দুঃসময়

সময়দুঃসময়

৺ সুৰেশ ফুকন ।

 

Comrade, this is no book, who touches this, touches a man. Whitman.

বন্ধ্য গাইজনীৰ হেম্বেলনী

আৰু

আকাশত উৰি ফুৰা

শগুণজাকৰ

দৃষ্টিৰ বহুদূৰত

হাতুৰীৰে পিতি পিতি

মোৰ কলিজাটোৰ ধাৰ তুলিছোঁ।

কম্ ৰেড্

তুমি শুনা নাই

প্রাচীৰ ভঙাৰ গান?

শগুণজাক আকৌ নামিব

তোমাৰ কলিজাত চকু থৈ,

পদূলীৰ শেৱালীজোপাত

আকৌ পৰিব আকাশীলতা ।

ৰংমনৰ পথাৰত আকৌ পৰিবহি

টুনী চৰাইৰ জাক ।

মিলনপুৰ, ভাগ্যপুৰ,

বেতনীবাম, এৰাতলী,

নাওজানৰ ৰাইজ

কাতি মাহৰ উদং ভঁৰালটো জানো

ভোগমনৰ পূৰ্ণযৌৱনা

নাঙঠ গাভৰুজনী নহয়?

পোনাৰাম

এতিয়াও জোপোকা মাৰি বহি আছা?

চকুত চকু থৈ সাজু হোৱা,

আগবাঢ়া

এতিয়া সময় সমাগত ।

 

[নিজা কবিতা সংকলন “বন কুকুৰাৰ ডাক”ত(১৯৮৯) প্রকাশিত, সৌজন্য-দেৱীকা ফুকন]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments