সময় সংগীতৰ দৰে (পল্লৱ কুমাৰ নাথ)

প্ৰাণে পণে আশাই প্ৰত্যাশাই কঢ়িয়াই ফুৰো
সময় সংগীতৰ এটুকুৰা পুৰাতন সুৰ
এই যে বতাহ মোৰ জন্মৰ আগৰ তথাপি লগৰী
আইৰ মুখৰ নিচুকনি গীত কিম্বা সতৰ্ক বাণী
বুকুত কবিতাই ঘৰ সাঁজে
.
সময় নতুন নৈ প্ৰবাহিত
চিৰ তৰুণ
শংখ-ধ্বনিৰ আঁৰে আঁৰে মংগলকামনাৰ বীণ বাজে
বৈ থাকে গৈ থাকে
.
কাৰোবাৰ মুখৰ কথা কাৰোবাৰ প্ৰাণৰ গাঁথা
বহুতেই বহুতো কথা ক’ব
দেশ মাটি ভোক ভালপোৱা আৰু অনেক
মন্দিৰ গীৰ্জা মছজিদৰ ভিতৰত স্বৰ্গ পতাৰ
স্বৰ্গ ভঙাৰ
মই পবিত্ৰতাক হাতত লৈ প্ৰাণত ঢালো
আইৰ মাতৰ দৰে কোমল কথাবোৰ
.
আত্মাৰ শুদ্ধি কৰি চাকিবোৰ জ্বলি থাকিব
মন আৰু মগজত এলানি ৰশ্মি পৰিব
.
সহস্ৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ নিচান দেখিও
শেঁলুৱৈ পিছল বাটত আস্থাই হাতত ধৰি
আগুৱাই নিব তৰাৰ জগতলৈ
মোৰ দেশৰ আকাশে বতাহে
আকৌ উৰুলি উৰিব
সমুখৰ ফালে চাই চাই
সময় সংগীতৰ সমবেত বাজানা বাজিব ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments