সময়……(হিতেন্দ্ৰ শৰ্মা)

সময়ৰ সর্বব্যাপিতা, শক্তি,নিৰপেক্ষতা আৰু নিৰ্মোহ স্ৱভাবৰ বিষয়ে নজনা ব্যক্তি বোধহয় নোলাব। সময়ৰ এইবিলাক চৰিত্রৰ বিষয়ে পৃথিবীৰ বিভিন্ন ভাষাত ফকৰা শুনা যায়, যেনে আমাৰ অসমীয়াত সময়ৰ টিকনি আগফালে উৰে, ঈংৰাজীত time and tide wait for none, time is the greatest healer, ইত্যাদি,ইত্যাদি।

কিন্তু এইবিলাক আপ্তবাক্যৰ মৰ্মাৰ্থ সকলোৱে সকলো সময়তে অনুভব কৰিব নোৱাৰে। পাৰে কেৱল ভুক্তভোগীয়েহে। যিজন ব্যক্তিৰ হাতৰ পৰা সময় সৰকি গৈছে, কোনো এটা কাম সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সময়ৰ অভাব হৈছে তেনেকুৱা পৰিস্থিতিত হে এই জ্ঞানগৰ্ভ কথা বিলাক হৃদয়ংগম কৰিব পাৰি। তেনেকুৱা কোনো ভুক্তভোগী, অভিজ্ঞতাসম্পন্ন পুৰুষেই হয়্তো এইবিলাক উপদেশমূলক বাক্যৰ জন্মদাতা, পৰৱৰ্তী প্রজন্মৰ কাৰণে।

জীৱনৰ আদিভাগত অৰ্থাৎ শৈশব বা কৈশোৰ অৱস্থাত মানুহে এইবিলাক বেছিকৈ নাভাবে। কাৰণ হাতত থাকে অফুৰন্ত সময়। নিজৰ কেৰিয়াৰ, ভবিষ্যত পৰিকল্পনা আদি গুৰুত্ৱপূৰ্ণ কথাই সময়ৰ কাৰনে হাহাকাৰ কৰিব লগা হয়। আনন্দ উপভোগ আৰু ক্ষনিক বৈষয়িক সুখ উপভোগেই বহুতৰ জীৱনত প্ৰাধান্য পায়। কিন্তু যেতিয়া সময়বোৰ হাতৰ পৰা ওলাই যায় তেতিয়াহে নিজৰ শক্তিহীনতাৰ কথা অনুভব কৰা যায়।

যা হওক,এয়া আছিল সময়ৰ কঠিন ৰুপ। সময়ৰ আন এটা মনোমোহা ৰুপো আছে- সেয়া হল স্মৃতি, memories ইত্যাদি।

সময় যদি গতিমান নহলেহেতেন তেনেহলে আমাৰ মৰমৰ, দুখৰ, সুখৰ,গৌৰবৰ,প্রেমৰ স্মৃতিবোৰ,যিবোৰে আমাক বহু কথা শিকাইছে আৰু জীৱনটো সমৃদ্ধ কৰি তুলিছে,আমি নাপালোহেতেন। এই স্মৃতিবোৰৰ অবিহনে আমি মনসিকভাবে পংগু, দুৰ্ভিক্ষগ্রস্ত হলোহেতেন।

আজিও শৈশবৰ, কলেজৰ,বন্ধুবৰ্গৰ,আপোনজনৰ,ঘৰখনৰ, মা-পিতাৰ স্মৃতিবোৰে অজানিতে মুখলৈ এটা মিচিকিয়া হাহি অথবা এটা গভীৰ হুমুনিয়াহ লৈ আহে। এনেহে সময়ৰ শক্তি যে, সৌ সিদিনাৰ ঘটনা যেন লগা কথাবোৰ কেতিয়া চন,তাৰিখেৰে বুজাব লগা হল গমকে নাপালো।

সময়ৰ শক্তি ইমান প্ৰবল যে ই মানুহৰ স্ৱভাব,চৰিত্র,ব্যবহাৰ,চিন্তাৰ দিশ, সকলো সলনি কৰি দিব পাৰে। অতি প্ৰিয়জন বা কোনো গভীৰ আঘাতকো পাহৰাব পাৰে,চকুৰ আতৰত থকা জনক মনৰ আতৰ কৰিব পাৰে,মৰমক ঘৃণা আৰু প্ৰেমক হিংসাত পৰিণত কৰিব পাৰে,ঐশ্ৱ্যৰ্যক দাৰিদ্র্য আৰু অবহেলিতক শক্তিমান কৰি তুলিব পাৰে। এয়াই সময়ৰ শক্তি -একে সময়তে সুন্দৰ আৰু ভয়ংকৰ.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক