সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল – আচমা বেগম

বিকশিত ৰাষ্ট্ৰ বা এটা সুস্থ জাতি গঢ়ি তুলিবলৈ সুস্থ, শিক্ষিত নাগৰিকৰ প্ৰয়োজন৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলেই আমাৰ মনলৈ মাতৃৰ কথা আহে, কাৰণ শিশুক সুস্থ, শিক্ষিত আৰু বিকাশগামী নাগৰিক গঢ়ি তুলিবলৈ মাতৃয়েহে পাৰে৷ গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ৷

নেপোলিয়নে কৈছিল ‘এটা সুস্থ জাতি পাবলৈ এজন শিক্ষিত মাতৃৰ প্ৰয়োজন৷’

এ. পি.জে. আব্দুল কালামে কৈছিল- “আমাৰ ভাৰতত এতিয়াও নাৰীসকল শিক্ষাৰ পৰা বঞ্চিত, ইয়াৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ৷ অনাগত প্ৰজন্ম সুস্থভাৱে বাঢ়ি অহা আৰু সুনাগৰিক হিচাপে গঢ়ি উঠাত বাল্যবিবাহ এক প্ৰাচীৰ হিচাপে থিয় হৈ আছে৷”

বাল্যবিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সমাজত এগৰাকী নাবালিকাক সাধাৰণতে ১৮ বছৰৰ তলৰ এজন প্ৰাপ্তবয়স্ক বা অপ্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়াটোকেই বুজোৱা হয়৷ বৰ্তমান ভাৰতৰ আন অংশৰ লগতে আমাৰ অসমতো বাল্যবিবাহৰ প্ৰচলন বেছি দেখা যায়৷ অসমৰ ভিতৰত চাহবাগান আৰু চৰ চাপৰিত বাল্য বিবাহ বেছিকৈ হোৱা দেখা যায়৷ অসমত ২২৫১খন চৰ আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ এই মানুহখিনি দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱত সমাজত একাষৰীয়াকৈ থকাৰ দৰে থাকিবলৈ বাধ্য৷ আধুনিক যুগত আজিও তেওঁলোক আদিম মানুহৰ দৰেই বসবাস কৰে৷ সংগ্ৰহিত তথ্য মতে চৰ অঞ্চলত মাত্ৰ ১৯ শতাংশ মানুহ হে শিক্ষিত, তাৰে ৪ শতাংশ নাৰী শিক্ষিতৰ হাৰ৷ অতি দুখৰ বিষয় যে আমাৰ ভাৰতত শিক্ষিতৰ সংজ্ঞা বুজাবলৈ এল.পি. স্কুলৰ ডেওনা পাৰ হোৱাকেই বুজায়৷ গতিকে এই ৪ শতাংশৰ কিমান সংখ্যক নাৰী উচ্চ শিক্ষিত হ’ব তাক অনুধাৱন কৰিব পাৰি৷ এনে শিক্ষাৰ দিশত একেবাৰে পিছপৰি থকা অঞ্চলত সামাজিক পৰম্পৰাবোৰো তেনেকুৱা৷ আগতকৈ বহুক্ষেত্ৰত দিনে দিনে পৰম্পৰাবোৰ কমি আহিছে৷ আগতকৈ বাল্যবিবাহৰ হাৰো কমিছে৷ তথাপিও এতিয়াও অসমত বাল্য বিবাহৰ হাৰ ৩২.৬ শতাংশ হৈ আছে৷ ২০১৮ চনৰ এখন প্ৰতিবেদন মতে, অসমৰ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, চিৰাং, ধেমাজি, লখিমপুৰ আদি জিলাৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বাল্য বিবাহৰ হাৰ অস্বাভাবিকভাৱে বৃদ্ধি পাইছে৷ তাৰ ভিতৰত ধুবুৰী, বৰপেটা, বঙাইগাঁও জিলাত সৰ্বাধিক৷ এই জিলাকেইখনত ১৮ বছৰৰ তলৰ কন্যাসন্তান আৰু ২১ বছৰৰ তলৰ কিশোৰৰ বিবাহৰ হাৰ বেছি৷ জিলাকেইখনৰ বাল্যবিবাহৰ হাৰ হ’ল ক্ৰমে- ধুবুৰী- ৪৮.৩ শতাংশ, বৰপেটা- ৪৬.৯ শতাংশ, বঙাইগাঁও- ৪২.৫ শতাংশ৷ ৰাজ্যৰ বাবে উদ্বেগজনক হৈ পৰা বাল্য বিবাহৰ ঘটনা বৃদ্ধিৰ ফলত অকালতে মাতৃত্বৰ বোজা লোৱাৰ বাবে অপুষ্টিত ভোগা শিশুৰ হাৰ তথা প্ৰসৱজনিত মৃত্যুৰ হাৰো সমান্তৰালভাৱে বৃদ্ধি পাইছে৷

বাল্যবিবাহৰ কাৰণসমূহ:
১.দৰিদ্ৰতা বাল্যবিবাহৰ মুল কাৰক বুলি কলেও ভুল কোৱা নহব৷ দৰিদ্ৰতাৰ বাবে অভিভাৱকে ছোৱালীক অসমৰ্থ উচ্চ শিক্ষা দিয়াত, তাতকৈ বিয়া দিয়াটোকে ঠিক বুলি ভাৱে৷ আনফালে আৰ্থিক দুৰ্বলতাৰ বাবে কিছু দৰাঘৰে সুযোগ লয়৷

২. শিক্ষাৰ প্ৰভাৱ নথকা অঞ্চলত বাল্যবিবাহ বেচিকৈ হোৱা দেখা যায়৷ অভিভাৱকৰ নিৰক্ষৰতাই বাল্যবিবাহক ঘিউ-তেল দিয়ে৷

৩.চৰ- চাপৰিত তথা ভিতৰুৱা গ্ৰাম্য অঞ্চলত স্কুল কলেজৰ অভাৱৰ বাবে শিক্ষাৰ প্ৰভাৱ পৰা দেখা নাযায়৷ কিছু কিছু ঠাইত ১০-২০ কি.মি. দূৰত স্কুল৷

৪ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নহয়৷

৪. যাতায়ত ব্যৱস্থা দুৰ্বল৷ অসমৰ বেচিভাগ চৰ চাপৰিত যাতায়ত ব্যৱস্থা সুচল নহয়৷ কিছু কিছু চৰত খৰালি দিনত কমেও ১০ কি.মি. খোজ কাঢ়ি যাব নাগে আৰু বাৰিষা দিনত ঘৰত আৱদ্ধ হৈ থাকিব লাগে বা নাওৰে যাত্ৰা কৰিব লাগে৷

৪.সামাজিক ৰীতি-নীতি আৰু পৰম্পৰা৷

৫. ছোৱালী বিয়া দিবলৈ অভিভাৱকে টকা দি জন্ম চাৰ্টিফিকেটত ছোৱালীৰ বয়স বঢ়াই লয়৷ ইয়াৰ ফলত আইনী ব্যৱস্থা লৱলৈ অসুবিধা হয়৷

৬. সোনকালে বিয়া দিয়াৰ প্ৰৱণতাও আছে৷

৭. বিবাহৰ প্ৰকৃত অৰ্থ নুবুজা৷ প্ৰেম আৰু বিয়া এতিয়া পণ্য সামগ্ৰীৰ দৰে হৈছে৷

৮. শিশু নিৰ্যাতনো বাল্য বিবাহৰ অন্যতম কাৰণ৷ বৰ্তমান প্ৰায়ে দেখা যায় শিশু ধৰ্ষণ, হত্যা আদি৷ এইবোৰৰ পৰা ৰক্ষা পাবলৈ বহুতেই ছোৱালীক সৰুতেই বিয়া দিয়ে৷

বাল্যবিবাহৰ কুফল

১. বাল্যবিবাহে শিশুসকলৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব কৰে৷

২. বাল্যবিবাহে ল’ৰা আৰু ছোৱালীৰ দুয়োজনৰে মানসিক আৰু শাৰীৰিক দিশত বিকৃত প্ৰভাৱ পেলায়৷

৩. বাল্যবিবাহ হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন
যোগায়৷

৪. বাল্যবিবাহ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ৷ বাল্যবিবাহৰ কাৰণে প্ৰায় প্ৰতি ১৫-২০ মিনিটত একোজনকৈ মাতৃৰ মৃত্যু হয়৷

৫. শিশু সৰবৰাহ আৰু বাল্যবিবাহ ওতঃপ্ৰোতভাৱে জড়িত৷

৬. প্ৰতি ঘণ্টাত একোটাকৈ শিশুৰ মৃত্যু হয়৷ কিছুমান মাতৃৰ গৰ্ভতে মৃত্যু হয় কিছুমান জন্মৰ সময়ত আৰু কিছু জন্মৰ পিছত মৃত্যু হোৱা দেখা যায়৷

৭. বাল্য বিবাহৰ বাবে ছোৱালীজনী শাৰীৰিকভাৱে পৰিপক্ব হোৱাৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবে শিশুটিৰ গঠন ভালকৈ নহয় বা মগজুৰ বিকাশ নহয়, যাৰ বাবে বহু ক্ষেত্ৰত শিশু পংগু, মানসিক বিকাৰগ্ৰস্থ হোৱা দেখা যায়৷

৮. বহুবিবাহ, বিবাহ বিচ্ছেদ আৰু পাৰিবাৰিক অশান্তিৰ মূল কাৰণ বাল্যবিবাহ৷

৯. বাল্যবিবাহে অকল ল’ৰা ছোৱালীকে ক্ষতি নকৰে, ই সামাজ, জাতি তথা ৰাষ্ট্ৰৰ বাবে বহু ক্ষতিকাৰক৷ সমাজ, জাতি আৰু ৰাষ্ট্ৰই শৈক্ষিক, আৰ্থিক তথা বিকাশৰ দিশত পিছপৰি ৰয়৷ উদাহৰণস্বৰূপে এন আৰ. চি. ৰ দিশটো লক্ষ্য কৰিলে দেখা যায় এনে বহুত পুৰুষ- মহিলা আছে যিসকল বয়সৰ তাৰতম্যত ল’ৰা ছোৱালী এৰি বিদেশী হিচাপে ডিটেশন কেম্পত থাকিব লগীয়া হৈছে৷ ইয়াৰ কাৰণ হ’ল বাল্যবিবাহ৷ কাৰণ অভিভাৱকে বিয়া দিবৰ বাবে বয়স বেচি দি ভুৱা চাৰ্টিফিকেট বনাই লয়৷ পিছত যেতিয়া হিচাপ কৰিবলৈ লোৱা হয় জন্মৰ বয়স আৰু বিয়াৰ বয়স মিল নাখায়৷ তদুপৰি নিৰক্ষৰ হোৱা বাবে বহুতেই জন্মৰ চাৰ্টিফিকেটৰ গুৰুত্বই বুজি নাপায়৷ এইবোৰ সামাজিক তথা ৰাষ্ট্ৰীয় সমস্যা৷

১০. স্বামী, সংসাৰ, সম্পৰ্কে বুজি উঠা আগতেই সংসাৰ আৰু সংসাৰৰ দায়িত্বভাৰ বোৱাৰীজনীৰ ওপৰত পৰে৷ শহুৰৰ ঘৰৰ চাপত পৰি সৃষ্টি হয় অশান্তি, পাৰিবাৰিক কলহ৷ ইয়াৰ ফলত আৰম্ভ হয় নিৰ্যাতন৷ এই নিৰ্যাতনে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে পৰিয়ালৰ সকলোৰে ওপৰত প্ৰভাৱ পেলায়৷ বিশেষকৈ শিশুসকলৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলায়৷ শিশুসকল ভোগে নানা মানসিক অশান্তিত৷ যি সিহঁতৰ বাবে অত্যান্ত ক্ষতিকাৰক৷

১১. বাল্যবিবাহৰ ফলত পুষ্টিহীন মাতৃৰ লগতে পুষ্টিহীন শিশু জন্ম হয়৷ ই সৃষ্টি কৰে অনাগত ভবিষ্যত পুষ্টিহীন প্ৰজন্মৰ৷

১২. বাল্য বিবাহৰ ফলত ছোৱালীয়ে অপৈণত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ, আই, ভি আৰু প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়৷ মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্বতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতনৰ বলি হয়৷ সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়৷

উন্নয়নকামী সংস্থাবিলাক বহু ঠাইত বাল্যবিবাহ বিৰোধী কাম কৰি আছে যদিও সেয়া পৰ্য্যপ্ত নহয়৷ ভিতৰুৱা অঞ্চলবোৰত (বিশেষকৈ চৰ অঞ্চলত) দেখা যায় অপৰাধ প্ৰৱণতাৰ ধাৰাবাহিকতা৷ কিছুমান ক্ষেত্ৰত দেখা যায় বাল্যবিবাহ ৰোধ কৰিবলৈ গলে অভিভাৱকৰ উৎপাতৰ মুখামুখি হ’ব লগা হয়৷ তদুপৰি জন্ম মানপত্ৰত ছোৱালীৰ আচল জন্মতাৰিখ বদলাই দিয়ে বাবে ছোৱালীজনীৰ বয়স কম হ’লেও আইনগতভাবে একো ব্যৱস্থা লব পৰা নাযায়৷ অৱশ্যে কিছুমান ক্ষেত্ৰত অভিভাৱকক দোষাৰোপ কৰি লাভ নাই৷ আজিকালি প্ৰেম, বিয়া এইবোৰ যেন একেবাৰে সহজলভ্য হৈ পৰিছে৷ প্ৰেমো যেন বজাৰৰ পণ্য সামগ্ৰী৷ ভাল লাগিল মানেই প্ৰেম হৈ গ’ল৷ মনতে ভাবিলে প্ৰেম হ’ল যেতিয়া এতিয়া বিয়া লাগিলে বয়স হওক বা নহওক৷ কৰ্ম সংস্থাপন থাকক বা নাথাকক৷ অভিভাৱকে নামানিলে পলাই যায় তেতিয়া অভিভাৱক বাধ্য হয় বিয়াত সন্মতি দিবলৈ৷ তদুপৰি দিনে দিনে বাঢ়ি গৈ আছে যৌন নিৰ্যাতনৰ ঘটনা কিন্তু চৰকাৰ বা সংস্থা সমূহে উপযুক্ত ব্যৱস্থা লোৱা নাই এতিয়ালৈকে৷ শিশু সুৰক্ষাৰ বিষয়ত পাৰিবাৰিক, সামাজিক পৰ্যায়ত কিমানদূৰ সি নিৰাপদ আৰু সুৰক্ষিত তাৰ খবৰ কোনেও নাৰাখে৷ সেয়েহ নিজৰ ছোৱালীজনীক ভালে ভালে সোনকালে বিয়া দিয়াটোৱে উচিত বুলি ভাবে৷

বাল্যবিবাহ প্ৰতিৰধৰ উপায়ঃ
১. বাল্য বিবাহ নিষিদ্ধ আইনটি বাস্তৱত ব্যাপক প্ৰচাৰ কৰা প্ৰয়োজন৷

২. ৰেডিঅ’, টেলিভিশন আৰু সংবাদপত্ৰত বাল্য বিবাহৰ কুফল সম্পৰ্কে আলোচনা কৰিব লাগে৷

৩. গ্ৰাম বা চৰ চাপৰি সমূহত নানা ধৰণৰ সজাগতা সভা দিয়া উচিত, বিশেষকৈ নাৰীমেল আদি পাতিব লাগে৷ বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ বাবে প্ৰশাসনৰ সহযোগিতা লোৱা উচিত৷

৪. আচল জন্ম প্ৰমাণপত্ৰ নহলে কোনো বিবাহ যেন ৰেজিষ্টাৰ নহয় তাৰ ব্যৱস্থা কৰিব লাগে৷ বয়স লৈ সন্দেহ হলেই নিৰীক্ষণৰ ব্যৱস্থা হ’ব লাগে৷

৫. কম বয়সত বিয়া পঢ়োৱা কাজী আৰু ভুৱা জন্মপ্ৰমাণ পত্ৰ দিয়া ডক্টৰ বা নাৰ্চৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা উচিত৷
৬. প্ৰতিটি ব্লকত বাল্যবিবাহ প্ৰতিৰোধ কমিটি গঠন কৰিব লাগে৷

৭. নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত বাল্যবিবাহ বিষয়টো অন্তৰ্ভূক্ত কৰিব লাগে৷
৮. জনসচেতনতা বৃদ্ধিত চৰকাৰী তথা বেচৰকাৰী সংগঠন সমূহে উল্লেখযোগ্য অবদান আগবঢ়োৱা উচিত৷
৯. প্ৰতিটো অঞ্চলত কি কি কাৰণত বাল্যবিবাহ হৈ আছে সেই কাৰণ সমূহ প্ৰথমে উলিয়াব লাগিব৷
১০. নাৰী শিক্ষা বাধ্যতামূলক কৰিব লাগিব৷ তাৰ বাবে শিশুশিক্ষা আইন ২০০৯ (child educatin act2009) সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিবলৈ উচিত পদক্ষেপ লোৱা উচিত৷ এই আইন সংবিধানৰ article no 21a অন্তৰ্ভূক্ত হৈছে৷ এই আইন অনুসৰি প্ৰতিজন শিশু ৬- ১৪ বছৰলৈ শিক্ষা বিনামুলীয়া৷ বয়সৰ এই সময়সীমা বৃদ্ধি কৰা উচিত আৰু বাধ্যতামূলক কৰা উচিত৷

১১.নাৰীসকলৰ মাজত স্বাস্থ্য সজাগতা বঢ়াব লাগিব৷

১২.শিশুসকলৰ সুৰক্ষাৰ বাবে আইন কাৰ্যকৰী কৰা উচিত৷ আমি প্ৰত্যেকেই অভাৱগ্ৰস্থ শিশুসকলৰ কাষত থিয় দিব লাগে৷

১৩. শিশুৰ সকলো মৌলিক অধিকাৰ সমূহ দিয়াৰ ব্যৱস্থা কৰা উচিত৷

১৪. নাৰী পুৰুষৰ মাজত অসমতা দূৰ কৰিব লাগে৷

১৫. যৌতুক ব্যৱস্থা নিৰ্মূল কৰিব লাগে৷ যৌতুক বিৰোধী আইন ১৯৮০( dowry prohibition act, 1980) বলবৎ কৰিব লাগে৷ প্ৰায়ে দেখা ছোৱালীৰ বয়স হ’লে যৌতুক বেচিকৈ দাবী কৰে৷ গতিকে কম বয়সতে বিয়া দিয়ে৷

১৬.নাৰী সংস্থাপনৰ ব্যৱস্থা কৰা উচিত৷ প্ৰত্যক নাৰীয়ে যাতে স্বনিৰ্ভৰশীল হোৱাৰ সুযোগ পায়৷

১৯২৯ চনত ভাৰতীয় আইনৰ অধীনত ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হয়৷ ১৯৭৮ চনৰ পৰা বিবাহৰ নূন্যতম আইনগত বয়স মহিলাৰ ক্ষেত্ৰত ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ কৰা হয়৷ তথাপিও এই একবিংশ শতিকাতো বাল্যবিবাহ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই৷ একবিংশ শতিকাৰ ভাৰতত তথ্যপ্ৰযুক্তিৰ প্ৰসাৰণে অনা পৰিৱৰ্তনৰ ফলত নাৰীয়ে পুৰুষৰ লগত সমানে খোজ মিলাইছে বুলি কোৱা হয় যদিও কিমান শতাংশ মহিলাই পাৰিছে? আজিও মহিলা সকল ঘৰৰ চাৰিবেৰৰ মাজত থাকিবলৈ বাধ্য হয়৷ মহিলা সাবলীকৰণ, ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণ, নাৰীৰ অধিকাৰ নিশ্চিতকৰণ, নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বন আদি বিষয়বোৰৰ প্ৰসংগ দেশত সঘনাই উত্থাপিত হৈ আছে কিন্তু সিমান কাৰ্যকৰী হোৱাগৈ নাই৷ দেশৰ চুকে-কোণে নাৰী নিৰ্যাতন আৰু যৌন আতিশয্যৰ বিৰুদ্ধে প্ৰতিবাদৰ জনমত গঢ়ি উঠিছে৷ যদিও গ্ৰাম্য সমাজত প্ৰচলন হৈ থকা বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ বহুল চৰ্চা হোৱা নাই৷

শিশু সুৰক্ষাৰ দিশটোও বৰ্তমান সময়ত চিন্তনীয় বিষয়৷ সমাজত ধৰ্ষণ, হত্যা আদিৰ দৰে জঘণ্য ঘটনাবোৰ ঘটি আছে৷ চৰকাৰে বাধ্য হৈ জবানবন্দী আইন (Evidence Act), ফৌজদাৰী আইন(Criminal Procedure Code) আৰু ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) সংশোধন কৰি হাজোতৰ ধৰ্ষণ বিষয়টো সংযোজন ঘটায়৷ কিন্তু কিমানদূৰ কাৰ্যকৰী হৈছে সেয়া লক্ষণীয়৷ কন্যা সন্তান হত্যা, লিংগ-বৈষম্য, মহিলাৰ স্বাস্থ্য আৰু সাক্ষৰতাৰ দৰে বিষয়ত নাৰী আজিও অৱহেলিত৷ ভাৰত চৰকাৰে ২০০১ বৰ্ষক নাৰী সৱলীকৰণ বৰ্ষ হিচাবে ঘোষণা কৰে৷ নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি ২০০১ চনত গৃহীত হয় যদিও সেয়া কাগজে পত্ৰতেই সীমাবদ্ধ হৈ আছে৷ গতিকে চৰকাৰে এইবোৰ দায়িত্ব সহকাৰে কাৰ্য্যকৰী কৰিব লাগে৷ লগতে বেচৰকাৰী সংস্থাসমূহেও একগোট হৈ কাম কৰিব লাগে৷ সমাজৰ প্ৰতিগৰাকী শিক্ষিত নাগৰিকৰ নিজৰ আশেপাশে থকা অশিক্ষিত মানুহক সজাগ কৰি তুলিব লাগে বাল্য বিবাহৰ বিৰুদ্ধে৷ উপযুক্ত বয়সত নাৰী পুৰুষৰ যুগ্ম জীৱনৰ পাতনি এটা পবিত্ৰ বৈবাহিক বান্ধোন৷ ইয়াৰ বিপৰীতে বাল্য বিবাহ মানৱ অধিকাৰ ভংগকাৰী নিয়ম, -এইবোৰ কথা লৰা ছোৱালীক বুজোৱাৰ যত্ন কৰা উচিত৷

★ ★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments