সমাজ ব্যৱস্থা…!! (দেৱব্ৰত গগৈ)

সমাজ ব্যৱস্থা…!!


 

দেৱব্ৰত গগৈ

এই কেইদিন ব্যস্ততাৰ কোবত মৰিবলৈও সময় নোহোৱা হৈছে। পৰহি যম দেৱতা আহি লাজ পাই গুচি গৈছে। যাওতে কৈ গ’ল – “ কামখিনি শেষ কৰি ল’ , তাৰ পাছত মই আহিম”। এনে ব্যস্ততাৰ মাজতো সিদিনা সন্মুখীন হোৱা এটা অভিজ্ঞতাৰ কথা আপোনালোকৰ মাজত ভগাই দিবলৈ বিচাৰিলো।

এখন বৃহৎ শিক্ষানুষ্ঠান। অসমৰ জাতীয় জীৱনত অপৰিসীম প্ৰভাৱ। তাৰ ছাত্ৰ , শিক্ষক সকলোৱেই যেন একোজন বৃহত প্ৰজ্ঞাৰ বাহক। বাহিৰৰ পৰা দেখিলে তেনে যেনেই লাগে। তাৰে এজন ডেকা শিক্ষকৰ ওচৰলৈ সিদিনা গৈছিলো। বেপাৰৰ কামত। শিক্ষকজন উৎসাহী হৈ আছিল। কাৰণ চৰকাৰৰ ঘৰৰ পৰা তেওঁলৈ এক বৃহৎ পুঁজি আহিছে , গৱেষণাৰ বাবে। কিছুমান দামী যন্ত্ৰ- পাতি কিনাৰ কথা আছে। সেইবাবে গ’লো তেখেতৰ তালৈ। কথা-পাতি আছো, তেনেতে এজন জেষ্ঠ্য অধ্যাপক সেই ডেকা শিক্ষকজনৰ তালৈ সোমাই আহিল। মোক চিনি পায়। মই সন্মান জনাই চকীৰ পৰা উঠি দিলোঁ। কথা পাতিলোঁ। বেপাৰ কেনে সুধিলে। অসমীয়া ল’ৰাই যে আজিকালি বেপাৰ কৰিবলৈ লৈছে সেই কথাটোত হেনো তেখেতে খুব ভাল পাইছে। তেখেতৰ কোনোবা ছাত্ৰই হেনো এটা যন্ত্ৰ মনে মনে ভাঙি পেলালে, সেয়ে খুব দুখ কৰি ক’লে – “ আজিকালি সমাজ ব্যৱস্থাই ল’ৰাবোৰক বেয়া কৰি পেলাইছে, দহহাজাৰ টকীয়া মবাইল কিনিব পাৰে, কিন্ত ক’ৰ্চৰ কিতাপ এখন কিনিব নোৱাৰে”।

মই হয় বুলি ক’লো। ইয়াৰ পাছতে জেষ্ঠ্য অধ্যাপকজনে ডেকা শিক্ষকজনক বাহিৰলৈ মাতি লৈ গ’ল। অলপ পাছত ডেকা শিক্ষকজন ৰুমলৈ ঘুৰি আহি মোক বিদায় দিবলৈ বিচাৰিলে। কিবা হেনো জৰুৰী কাম আছে। ৰাতিলৈ ফোন কৰিব। মই গুচি আহিলো।

ৰাতিলৈ তেখেতে ফোন কৰিলে আৰু ক’লে – “মই আধা কথা পাতি আপোনাক বিদায় দিয়াৰ বাবে আপুনি বেয়া নাপাব, আচলতে ছাৰে (সেই জেষ্ঠ্য অধ্যাপকজন) মোক আপোনাৰ বিষয়ে কিছু ক’লে বাবেই তেনেকুৱা কৰিলো।“

মই ইমানদিনে সন্মান জনাই অহা সেই জেষ্ঠ্য অধ্যাপকজনৰ মনোভাব জানি মই আচৰিত হ’লো। তেখেতৰ মতে আমাৰ দৰে বেপাৰীবোৰৰ সকলো ব্যৱসায়তে লাভ এশ শতাংশ থাকে, সেয়ে যিমান পাৰি সিমানে কম দামত দৰদাম কৰিব লাগে। মানে আমি যদি একলাখ টকাৰ বস্ত বিক্ৰী কৰো, তেন্তে আমাৰ লাভো এক লাখেই হয় (এনে লাভজনক ব্যৱসায়ৰ কথা মই হ’লে নাজানো)। আমাৰ দৰে অসমীয়া ল’ৰাই সেই একলাখত আৰু বেছি লাভ যোগ দিয়ে কাৰণ আমাৰ মূলধন কম আৰু ‘ইজিমানি’ বেছিকৈ বিচাৰো আৰু সেয়ে তেখেতে সেই ডেকা অধ্যাপকজনক আন এজন অনা-অসমীয়া ব্যৱসায়ীৰ ফোন নম্বৰটো দি তেখেতৰ পৰা যন্ত্ৰ-পাতি কিনিবলৈ উপদেশ দিলে, লগতে তেখেতে যে ফোন নম্বৰটো দিছে সেই কথাটোও সেই অনা-অসমীয়া ব্যৱসায়ীজনক কবলৈ ক’লে। সেই অনা-অসমীয়া ব্যৱসায়ীজনে হেনো বাওঁহাতৰ লেনেদেনও কৰে। নতুনকৈ চাকৰিত যোগ দিয়া সেই কৰ্মী, উত্সাহী ডেকা অধ্যাপকজনক মোৰ একো ক’বলৈ মন নগ’ল। মাথো কলো – “ ছাৰ, আমি কথা নকওঁ, কামহে কৰো”।

জেষ্ঠ্য অধ্যাপকজনে কোৱা সেই সমাজ-ব্যৱস্থাটোক সচাঁয়ে সলনি কৰিবলগীয়া হৈছে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments