সমাধান বিছাৰি- নাজিয়া হাচান

ল’ৰা ছোৱালীক স্কুলত এডমিছন দিয়াৰ সময়৷ হাজৰিকাৰ পত্নীয়ে একমাত্ৰ ল’ৰাটোক ইংৰাজী মাধ্যমত পঢ়ুৱাব বুলি মনস্থ কৰিছে৷ হাজৰিকাৰ চাকৰি অসমতে৷ তেনেই সাধাৰণ মানুহ৷ পুত্ৰ সোণৰ বয়স তিনি বছৰ হৈছেহে মাত্ৰ৷ মাকৰ সাংঘাতিক চিন্তা, আগলৈ লৰাটোক কি পঢ়ুৱাব, কোন স্কুলত পঢ়ুৱাব, আগলৈ সি কি চাকৰি কৰিব তাকে লৈ!

“হেৰি-! আপুনি যে একো মন-কাণ দিয়া নাই! ইয়াক স্কুলত এডমিচন নিদিয়ে নেকি এইবছৰ?“

পুৱাৰ চাহ কাপ শেষ কৰি হাজৰিকাই বাতৰি কাকতখন চাই আছিল৷ কাণৰ ওচৰত পত্নীৰ সঘনে উচ্চাৰিত অহেতুক কথাবোৰৰ আতিশয্যত তেওঁ কাকতখন ভালদৰে পঢ়িবলৈ নোৱাৰিলে৷ এনেবোৰ কথাই হাজৰিকাক সচৰাচৰ টলাব নোৱাৰে৷ ব্যতিক্ৰমী স্বভাৱৰ হাজৰিকাই জগতক সম্ভ্ৰম দেখুৱাবলৈ অদৰ্কাৰী কামবোৰ কৰি লটি ঘটি খাবলৈ একেবাৰে টান পায়৷

“হেৰা! হতাশ নহবাচোন৷ ল’ৰা আমাৰ বুঢ়া হৈ যোৱা নাই নহয়৷ বহুত সময় আছে স্কুলত ভৰ্তি কৰাবলৈ তাক৷ এই বয়সত মুক্ত মনেৰে খেলা-ধূলা অলপ কৰিবলৈ সময় দিয়াহে৷ এই শৈশৱ পুনৰ ঘূৰি নাহে জানা৷ আমিচোন পাঁচ ছয় বছৰ বয়স হওঁতেহে পঢ়াশালিলৈ বুলি কিতাপ আৰু বস্তা এখন লৈ গৈছিলোঁ৷

হাজৰিকাই কথাখিনি কৈ শেষ কৰিবলৈ নেপালে৷ পত্নীয়ে তেওঁক মুখতে ধৰিলে-

“কি! কি কবলৈ বিচাৰিছে আপুনি? মোৰ ল’ৰা পাঁচ ছয় বছৰ বয়সত স্কুললৈ যাব! আপোনাৰ দৰে গাঁৱৰ স্কুলত পঢ়ুৱাম নেকি মই তাক! বৰুৱাৰ জীয়েক আমাৰ সোণতকৈ বয়সত সৰুহে, সৌৱা চাওকগৈ, বৰুৱাই হেনো কেইবাখনো ইংৰাজী মাধ্যমৰ স্কুলত জীয়েকৰ এডমিচনৰ ফৰ্ম অনলাইন জমা কৰাৰ কাম শেষ কৰিলে! বৰুৱানীয়ে সেইদিনা মোক সোণৰ এডমিছনৰ কথা নুসুধিলে বুলিহে!“

“হেৰা- মোক এতিয়া কিবা অলপ খাবলৈ দিবানে? ঘড়ীটোৰ কাটা কেইডাল কালৈকো নৰয় বুইছা৷ বেগাই কিবা খাবলৈ দিলে দিয়া নহলে নোখোৱাকৈয়ে মই অফিচলৈ যাওঁ৷“

“আজি ব্ৰেড-বাটাৰেই খাই যাওক৷ ৰুটি ভাজি কৰা নাই আজি৷“

জীৱনত ব্ৰেড খাই ভাল নোপোৱা হাজৰিকাই ব্ৰেড এডোখৰ চোবাই চোবাই পানী এগিলাচ ধুমাধুম গিলি বেগটো লৈ অফিচলৈ বুলি ওলাই গ’ল৷

বৰুৱা আৰু হাজৰিকা দুয়ো একে অফিচতে কাম কৰে৷ স্বভাৱত বৰুৱা মানুহজন বহুত বুদ্ধিমান৷ শান্তি বজাই ৰাখি আৰু আগ-পিছ ভাবি কামবোৰ খুব নিখুঁতকৈ কৰিব পৰাৰ এক অসাধাৰণ ক্ষমতা আছে তেওঁৰ৷ বৰুৱাই স্কুলসমূহত ফৰ্ম জমা কৰা কথাটো হাজৰিকাৰ কিবা হজম নোহোৱা যেন লাগিল৷ বৰুৱাই বাৰু ইমানবোৰ স্কুলৰ ফৰ্ম কেতিয়া জমা কৰিলে- প্ৰশ্নটোৱে টুকুৰিয়াই থকাত, আচল কথাটোনো কি জানিবলৈ বুলিয়ে তেওঁ বৰুৱাৰ টেবুলৰ ফালে আগবাঢ়িল৷

“অ’ হাজৰিকা, বহক বহক৷“ লিখি থকা ফাইলটো সামৰি বৰুৱাই হাজৰিকাক বহিবলৈ কৈ, লগে লগে চাহ দুকাপৰ অৰ্ডাৰ দিলে৷

বিভিন্ন কথাৰ মাজতে বৰুৱাই কবলৈ ধৰিলে, “জানেনে হাজৰিকা, এই মাইকী মানুহবোৰ সঁচাকে কিবা মাথা পগলা হে, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ ধান্দাতেই থাকে বুজিছে?“

চেলাউৰিজোৰ কোঁচাই হাজৰিকাই অলপ আগোৱাই বহি আগ্ৰহেৰে সুধিলে, “কেছটো কি মানে?“

“এহ, কিনো কম৷ মাজতে মোৰ মানুহজনীয়ে মোক বলিয়া কৰি দিছে জানে? তেওঁক হেনো সোণৰ খাৰু দুডাল লাগে৷ মই বোলো কথা নাই বতৰা নাই, কাৰো বিয়া নাই, উৎসৱ নাই অসময়ত তোমাক খাৰু কিয় লাগে হে? তেওঁ কি কলে জানে? বোলে হাজৰিকাৰ পত্নীয়ে (মানে আপোনাৰ পত্নীয়ে) দুভৰি ওজনৰ খাৰু এজোৰৰ অৰ্ডাৰ দি আহিছে৷ তাকে শুনি আমাৰ গৰাকীৰো হেনো সোণৰ খাৰু এযোৰ লবলৈ বৰকৈ হেঁপাহ জাগিল আৰু সেই হেঁপাহৰ বশৱৰ্তী হৈ তেওঁ আগ পিছ নেভাবি আপোনাৰ গৰাকীক লগে লগেই কৈ পেলালে যে তেৱোঁ হেনো এই মাহত খাৰু এযোৰ ল’ব বুলি! এতিয়া তেওঁ খাৰুযোৰা যদি হাজৰিকানীক দেখুৱাব নোৱাৰে বা হাজৰিকানীয়ে যদি তেওঁক খাৰুযোৰা চাবলৈ খোজে, তেতিয়া বাৰু কি উত্তৰ দিব! তাকেই লৈ ৰাতিটো তেওঁৰ হেনো টোপনিও নাই সেইকেইদিন৷ মোৰ মূৰটো সেইকেইটা দিন তেওঁ খাবলৈহে বাকী বুজিছে! তেওঁ লাজ পোৱা মানে মোৰো লাজ হেনো৷ তাকেই ভাবি সিদিনা চাৰে তিনিশ টকা দামৰ চিটি গোল্ডৰ খাৰু এজোৰকে তেওঁলৈ বুলি লৈ গ’লো আৰু ক’লো- “হেৰা চোৱা, এইযোৰ চিটি গোল্ডৰহে খাৰু৷ সোণৰ এতিয়া বহু দাম৷ তাতে দুভৰি ওজনৰ সোণৰ গহনা এতিয়া মই তোমাক কিনি দিবলৈ একেবাৰে অক্ষম৷ খাৰুযোৰ বৰুৱানীয়ে তোমাৰ হাতত এতিয়া দেখিলে সোণৰ বুলিয়ে ভাবিব দিয়া৷ মাইকী মানুহহে হয়, তেওঁলোকে বস্তুবোৰ নেদেখিলে নেথাকিলেহে জানিবলৈ বেছি ইচ্ছুক হয় বুইছা৷ দেখিলে বা বস্তুবোৰ থাকিলে তেওঁবিলাকে নেদেখাৰ ভাও লয়, ভিতৰি ভিতৰি কিন্তু জ্বলি পুৰি মৰে৷ তুমি মাথোঁ খাৰুযোৰ তেওঁৰ চকুত পৰাকৈ পিন্ধি থাকিলেই হ’ল৷ মোৰ কথামতেই তেওঁ খাৰুযোৰ পানী-দুনী নলগোৱাকৈ পিন্ধি থাকিল৷ অবশেষত যেতিয়া খাৰুযোৰ আপোনাৰ পৰিবাৰৰ চকুত পৰিল বুলি নিশ্চিত হল, লগে লগে খাৰুযোৰে হাতৰ পৰা গৈ বাকচতহে স্থান পালে৷

“হা হা হা বৰুৱা, আপোনাৰ বুদ্ধিক কিন্তু মানিছোঁ দেই৷ ৰ’বহে বৰুৱা কথা এটা সোধো আপোনাক৷ মোৰ মানুহগৰাকীয়ে এইকেইদিন মোৰ মাথা শেষ কৰি দিছে৷ আপোনাৰ সুকৰ্মৰ ব্যাখ্যা কৰি কৰি জানে?“ কথাৰ মাজতে হাজৰিকাই বিশেষ কথাষাৰ বৰুৱাক চেগ বুজি সুধিবলৈ ল’লে৷

“হাৰে হয় নেকি! পিছে কোনটো কৰ্মৰ কথাহে হাজৰিকা?“ বৰুৱাই হাঁহি হাঁহি সুধিলে৷

“আপুনি বোলে ছোৱালীৰ এডমিছনৰ ফৰ্ম বহু কেইখন ইংৰাজী মাধ্যমৰ স্কুলত অনলাইন জমা কৰিলে? মোকো কওকচোন কোন কেইখন স্কুলৰ ফৰ্ম? নহলে মোৰ ঘৰত সোমোৱাই বৰ মস্কিল হৈ পৰিছে বুইছে?“

“অ’ অ’ আচ্ছা আচ্ছা! এওঁ মানে সকলোৰে আগত ঢোলটো কোবাই আছে৷ ধেত্তেৰী! এই মাইকী মানুহবোৰো যে! এই পেটকলিতে ল’ৰা-ছোৱালীবোৰৰ পৰা নিজৰ ভাষাটো এলাগী কৰি ৰাখি, সিহঁতক ফিৰিঙি বনাবলৈ মোৰ অলপো ইচ্ছা নাই দেই৷ আজি কালি মাক বাপেকবোৰ ইংৰাজী স্কুলত পঢ়ুৱাবলৈ কিয় যে উঠি পৰি লাগে বুজি নাপাওঁ হে!
শুনক হাজৰিকা, মই মোৰ ছোৱালীক যি মিডিয়ামতে নপঢ়ুৱাও মুঠতে ইমান পেন্দুকণাতে কিন্তু স্কুললৈ নপঠাও৷ ছোৱালীজনীৰ ভালকৈ মাতেই ফুটা নাই! এতিয়াই বাৰু তাইক কিয় ইমান কষ্টখন দিম মই?“

“কিন্তু বৰুৱানীয়ে কোৱা আপুনি কেইবাখনো ইংৰাজী স্কুলৰ ফৰ্ম জমা কৰা কথাটো!“

হাজৰিকাৰ প্ৰশ্নৰ উত্তৰত বৰুৱাই সোঁহাতখন লৰাই লৰাই হাঁহি এটা মাৰি কবলৈ ধৰিলে, “নকব আৰু বুইছে হাজৰিকা৷ সেইকেইদিন অফিচত, ঘৰত কতো মোৰ শান্তি নোহোৱা হৈছিল৷ ঘৰত থাকিলেও এওঁৰ বকবকনি অফিচলৈ আহি পাওঁহে এওঁৰ ফোনত তাগিদা! সেয়ে উপায়হীন হৈ মই এটা বুদ্ধি উলিয়ালোঁ মিছাকৈ তেওঁক কৈ থাকিলোঁ যে বহু কেইখন স্কুলৰ ফৰ্ম জমা কৰা হৈ গৈছে বুলি৷ উপায় নাই বুইছে৷ শান্তি পাবলৈ মিছাৰে আশ্ৰয় লব লগাত পৰিছোঁ৷ ফলত আজি দুদিনমানৰ পৰা এওঁৰ মুখ মন সকলোতে আনন্দ বিৰিঙি আছে৷ তেওঁতো সুখীয়ে, মোৰো এইকেইদিন কি যে শান্তি! কথাখিনি কৈ বৰুৱাই বাহু দুটা লৰাই জোৰকৈ হাঁহিবলৈ ধৰিলে৷

হাজৰিকাৰ মুখত পুনৰ প্ৰশ্নবোধক চাৱনি!

“পিছে বৰুৱানীক পিছলৈ আপুনি কি বুলি মনাব? ফৰ্ম যে জমা নকৰাকৈ থাকিল!“ হাজৰিকাই প্ৰশ্ন কৰিলে৷

“কিয়? সেইটোনো কি কথা৷ কৈ দিম, ইমান ভিৰ সেইকাৰণে বহুতৰে ফৰ্ম একচেপ্টই নহল চাগে৷ অহা বছৰ দিম আৰু এডমিচন৷” একেবাৰে সাধাৰণ ভাবে বৰুৱাই উত্তৰটো দি দিলে৷

হাজৰিকা এইবাৰ আৰু আচৰিত৷ হাও! এই বৰুৱা মানুহজন কম টেটোন নহয় দেই৷ সাপো মাৰিল লাঠিও নেভাগিল৷ পিছে মই মোৰ মানুহ গৰাকীক কি বুদ্ধিৰে বাৰু সুখী কৰোঁ৷ মোৰ অৱস্থাটো যে বৰুৱাতকৈ আৰু এখোপ ওপৰত! হাজৰিকাৰ মনটো ক্ষন্তেক সময়ৰ বাবে শিথিল হৈ পৰিল আৰু বৰুৱাৰ পৰা মিছাৰ আশ্ৰয় লোৱা কিটিপ এটা প্ৰথমবাৰ লৈ চাবৰ মন গ’ল৷

“এহ হাজৰিকা- চিন্তা কৰিবলৈ কিটো আছে হে? একেবাৰে সহজ উপায় এটা দিওঁ শুনক৷

ঘৰ সোমাই হাজৰিকা খুব চিৰিয়াছ আৰু চিন্তাত ভাগি পৰা মন এটা লৈ বহি আছিল৷

“হেৰি কি হল? অফিচত কিবা হৈছে নেকি? আপোনাক বৰ চিন্তাত থকা যেন দেখা গৈছে যে?“

“নাই হে৷ মোৰ ট্ৰেন্সফাৰ হ’ব পাৰে হেনো এই বছৰ তাকেহে ভাবিছোঁ৷ কি কৰোঁ৷

“অঃ! হয় নেকি! ভাল খবৰ দেখোন৷ তাতেনো চিন্তা কৰিবলৈ কি হল! ট্ৰেন্সফাৰ কি আপোনাৰ এয়া প্ৰথমবাৰ হ’ব নে কিবা? আগতেতো ইমান চিন্তা কৰা নাছিল৷ হলে হব আৰু৷ ঠাইবোৰ অলপ সলনি হৈ থাকিলে ভালহে বুইছে৷“

বৰুৱাই কোৱাৰ দৰে হাজৰিকাৰ শ্ৰীমতীৰ মুখত সুখেৰে নধৰা আনন্দ স্পষ্ট দেখা পোৱা গল৷ কি আচৰিত! এই বৰুৱা কিন্তু কম মানুহ নহয় দেই! মাইকী মানুহক ভালকৈ এপালি কেনেকৈ দিব লাগে ইমান পকাকৈ জানে! মনতে কথাখিনি ভাবি তেওঁ বৰুৱাৰ একপ্ৰকাৰ ভক্তয়ে হৈ পৰিল৷

“নহয় মানে, সোণৰ এডমিছনৰ কথাটো ভাবিহে”- হাজৰিকাই উদাস হৈ ক’লে৷

“এহ আপুনি সেইটো কথানো ইমান চিৰিয়াছলি লব লাগিছেনে? বয়সনো তাৰ কিমান হৈছে? মই বৰুৱানীৰ কথা শুনিহে ইমান আপোনাক কৈ আছোঁ ফৰ্ম জমা কৰিবলৈ৷ এতিয়া পিছে তেওঁ এডমিচনৰ কথা সুধিলেও মই কব পাৰিম নহয়, যে আমাৰ এওঁৰ প্ৰমোছনৰ লগতে ট্ৰেন্সফাৰো হ’ব পাৰে এইকেইদিনত বুলি৷ সেয়ে এইবাৰ সোণৰ স্কুলৰ ফৰ্মবোৰ জমা নকৰো৷ আপুনি চাহকাপ খাওক৷ চিন্তা কৰি মন বেয়া কৰাৰ একো কথা হোৱা নাই৷ লওক আকৌ চাহ কাপ!“ হেঁপাহেৰে শ্ৰীমতীয়ে আজি বহু দিনৰ মূৰত ডাঠ গাখীৰৰ চাহ একাপ হাজৰিকালৈ আগুৱাই দিলে৷

চাহ কাপ হাতত লৈ হাজৰিকাৰ কিন্তু এটা নতুন চিন্তা আৰম্ভ হৈ গ’ল৷ এই প্ৰমোছন বোলা কথাটো আকৌ ক’ৰ পৰা খেলালে শ্ৰীমতীৰ মূৰত!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments