-সমাপ্তি- ( দিগন্ত কুমাৰ ভট্টাচাৰ্য )

Somapti_Diganta Kumar Bhattacharya

 

 

 

’হেল্লো অণু, অ’ফিচ পালাগৈ? ’

’হয়..দহমিনিটমান হ’ল৷ আজি ’ট্ৰেডিছনেল ডে’ৰ কাৰণে আমি সকলোৱে শাৰী পিন্ধি আহিছোঁ’

’তুমি মেখেলা-চাদৰ নিপিন্ধিলা? শাৰী কোনখন পিন্ধিছা? ’

’মেখেলা-চাদৰ ভাল নাই ও..সেই যে সেউজীয়া শাৰীখন, দাদাৰ বিয়াত যে কিনিছিলোঁ’

’কি? আৰু লগত সেই ’লো-কাট ব্লাউজ’টো? পিঠি-পেট উলিয়াই আহিছা কিজানি ন অ’ফিচৰ সকলোকে দেখুৱাবলৈ? কোৱা নাছিলোঁ সেইযোৰ পিন্ধিলে মই কিবা ঠিক নাপাওঁ? শাৰী-চাৰী পিন্ধাতকৈ ছেলৱাৰ-কুৰ্তা বেছি ভাল লাগে’

অনুভাই ছ’ৰি কোৱাৰ আগতেই অম্লানে ফোনটো থৈ দিলে৷ অনুভাই গম পালে তাৰ খং উঠিছে৷ বেয়া লাগিল তাইৰ৷ ’ৰাতি ফোনত ভালকৈ বেয়া নাপাবলৈ বুজাব লাগিব তাক’- অনুভাই ভাবিলে৷ শাৰীখন টানি ঠিক-ঠাক কৰিবলৈ চেষ্টা কৰিলে তাই৷

’বয়ফ্ৰেণ্ড না? কেয়াৰিং ৰাইট? ’ -সেয়া কাষতে বহা শ্ৰেয়াই সুধিছে৷

অণুভাই মূৰ দুপিয়াই হাঁহিলে লাহেকৈ৷

০০০

’অণু, তুমি অ’ফিচৰ আউটিঙলৈ গ’লাই মানে? ’

’উপাই নাই জানা নে, প্ৰতিবাৰে ’বাহানা’ বনাই নহাকৈ থাকিলে লগৰবোৰে বেয়া পায় অলপ’

’হ’ব দিয়া৷ ৰাতিপুৱাৰে পৰা ফোন কৰি আছোঁ৷ এবাৰতো মোক ক’ব পাৰিলাহেঁতেন’

’নেটৱ’ৰ্ক নায়েই ইয়াত৷ এছএমএছ এটা দিছিলোঁ৷ পাইছা নে? ’

’এতিয়া কৰিছা কি? ’

’তোমাক যে কৈছিলোঁ মই বৰষুণ ভাল পাওঁ খুউব৷ গাড়ীৰপৰা নমাৰ লগে লগে কিনকিনিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছে৷ চাৰিওফালে সেউজীয়া, মাজে মাজে বৰষুণৰ টোপালবোৰ মুকুতাৰ দৰে গালে-মুখে পৰিছে…আস: কি যে এক অপূৰ্ব অনুভূতি! তুমিও যদি থাকিলাহেঁতেন লগত…’ -অণুভাই ইয়েৰফোনটো কাণত লগাই দুহাত মেলি দিয়ে চকু দুটা মুদি৷

’ট-ছাৰ্ট পিন্ধি বৰষুণত তিতি ফুৰিছা? গা’ত লিপিট খাই পৰিছে চাগে ন? ওচৰত ৰৈ থকা তোমাৰ লগৰ বন্ধুবোৰে কিজানি খুব এনজয় কৰিছে৷ ঠিকেই, তোমালোকেতো সেয়াই বিচৰা…’৷

ফোনটো বন্ধ হৈ গ’ল৷ অণুভাই দুবাৰমান কল কৰিবলৈ চেষ্টা কৰিলে৷ নেটৱ’ৰ্ক নাই৷ তাইৰ বেয়া লাগিল৷ কিজানিবা অম্লানে তাই খঙতে ফোনটো কাটি দিয়া বুলিয়েই ভাবে! লগত অনা পাতল স্কাৰ্ফখন তাই গায়ে-মূৰে উৰি ল’লে৷

ooo

’হেল্লো অণু, তোমাৰ ফোনটো ইমান দেৰি ছুইটচ্ অফ আছিল যে? ক’ত আছা? ’

’অম্লান, ছ’ৰি হা৷ চিনেমা চাবলৈ আহিছিলোঁ৷ হঠাতে প্লান কৰিলে অ’ফিচৰ লগৰবোৰে৷ তোমাক ফোন কৰিছিলোঁ এবাৰ, নালাগিল৷ পিছত হল’ৰ ভিতৰত বন্ধ কৰি থৈ দিলোঁ…বেয়া নাপাব প্লিজ, ছ’ৰি…’৷

’কিমান চিন্তা কৰোঁ মই নাজানা? এতিয়া ক’ত? ভাড়াঘৰ আহি পালা নে? ’

’নাই পোৱা, ওলাইছোঁ হে৷ লগৰ এজনৰ বাইক’ত আহি আছোঁ৷ সি থৈ যাব ভাড়াঘৰত…আৰু ইয়াত ঠাণ্ডাও পৰিছে জানা নে! কঁপিছোঁ বাইকৰ পিছফালে বহি আহি৷ দীঘল একো পিন্ধাও নহ’ল…’

’কি? বাইকৰ পিছফালে এই ৰাতিখন? তোমাৰ কাম নাই আৰু! অ’টো-টেক্সি এখন ল’ব নোৱাৰিলা? নে বাইকৰ পিছফালে সাৱটি ধৰি অহাৰ মজাই বেলেগ’

’অম্লান প্লিজ…কেনেকুৱা কথা কৈছা৷ এওঁ মোৰ বৰ ভাল বন্ধু’

’নাই মোৰ ভয় লাগে, মই বিশ্বাস কৰিবলৈ টান পাওঁ ও…প্লিজ বুজা৷ অ’টো এখন লৈ ঘৰলৈ যোৱা প্লিজ’৷

’এইখনিতে কাম এটি আছে’ বুলি অণুভাই বাইকখন ৰখাবলৈ দিয়ে৷ লগৰজন গুচি যায়৷ অণুভা ৰৈ থাকে অ’টোৰ সন্ধানত৷

ooo

বেলক’নীত বহি অনুভাই সন্ধিয়াৰ আকাশখন চাই আছে৷ হাতত একাপ গৰম চাহ৷ ওচৰতে মিউজিক ছিষ্টেমটোত বাজি আছে জুবিনৰ ’পাখি পাখি এই মন’৷ ’তুমি সেই পেনপেনীয়া অসমীয়া গানবোৰ কেনেকৈ যে শুনিব পাৰা ও’- অম্লানে কৈছিল এদিন তাইক৷ সি দিয়া গানবোৰৰ মাজত তাই নিজকে বিচাৰিবলৈ বৃথা চেষ্টা কৰিছিল যেনেকৈ খুউব আগ্ৰহেৰে সি তাইক তাইৰ যোৱাবছৰৰ বাৰ্থ-ডে’ত দিয়া ’ফিফটি শ্বেডছ্ অৱ গ্ৰে’ কিতাপখন ’এমেজিং’ বুলি ক’বলৈ কষ্ট কৰিবলগীয়া হৈছিল৷

মোবাইলৰ কৰ্কশ ৰিংটোনৰ শব্দত অণুভাই ঘূৰি চালে৷ অম্লানৰ ফোন৷ যোৱা চাৰিদিন তাই তাৰ লগত কথা পতা নাই৷ তাই ফোনটো ’ছুইটচ অফ’ কৰি থলে৷ আকাশখন গোমা হৈ আহিছে৷ হঠাতে বৰষুণ এজাক আহিল জোৰেৰে৷ বৰষুণৰ শব্দই তাইৰ মনটোক জীপাল কৰি তুলিলে৷

বাহিৰলৈ ওলাই আহিল অণুভা৷ দুহাত ডাঙি আমন্ত্ৰণ জনালে বৰষুণজাকক বুকুৰ মাজলৈ৷ সপোন যেন বৰষুণত তাই তিতি ৰ’ল কিছুপৰ৷ খুউব মুকলি লাগিল তাইৰ৷ চৌপাশৰ পৃথিৱীখনকেই তাইৰ হঠাতে ভাল লাগি আহিল৷ তাই বহুদিনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰেমত পৰিল নিজৰ..নিজৰ জীৱনটোৰ!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments