সমীকৰণ(প্ৰতিম প্ৰতাপ বৰুৱা)

“কেতিয়াবা পিছলৈ উভতি চোৱাৰ সময় নাথাকে। এক চেকেণ্ডৰ ভিতৰতে সিদ্ধান্ত লৈ কামটো কৰি পেলাব লগা হয়। কাৰণ তেনে পৰিস্থিতিত এক চেকেণ্ডৰ বিলম্বই তোমাৰ মৃত্যু ঘটাব পাৰে।“ – শূন্যত দৃষ্টি ৰাখি লাহে লাহে কথাকেইটা কৈ আকৌ নীৰৱ হৈ পৰিল অভিমন্যু শইকীয়া। তেওঁৰ মুখলৈ চাই বাসৱীও নীৰৱ হৈ আছে। তাইৰ ইমানদিনৰ কষ্ট সফল হৈছে যেন লাগিছে। মানুহজনে কথা কোৱা আৰম্ভ কৰিছে। “আৰ্ট অফ্‌ হেপী লিভিঙ”ৰ আশ্ৰম যেন লগা অফিচ “শান্তিধাম”ৰ সন্মুখৰ ঘাঁহনিখিনিত দুয়ো দুখন চকীত বহি আছিল।

প্ৰায় তিনিমাহমান আগতে এদিন ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ সময়ত শান্তিধামলৈ সোমাই আহিছিল অভিমণ্যু শইকীয়া। প্ৰাৰ্থনাত ব্যস্ত মানুহখিনিৰ একেবাৰে শেষত লাহেকৈ তেওঁ তললৈ মূৰ কৰি বহি পৰিছিল। প্ৰাৰ্থনা শেষ হোৱাৰ পিছত তেওঁ উঠি গৈ শান্তিধামৰ এমূৰে থকা বিশাল নিম গছজোপাৰ তলত বহুত সময় বহি আছিল। শান্তিধামৰ মূৰব্বী গোপাল বৰঠাকুৰে তেওঁক অহাৰপৰাই লক্ষ্য কৰি আছিল। এটা সময়ত শান্তিধামৰ ভগ্নী বাসৱীয়ে তেওঁক গোপাল বৰঠাকুৰৰ ওচৰলৈ মাতি নিছিল।

সেইদিনা সৌজন্য মূলক নমস্কাৰ বিনিময় আৰু এটা দুটা সাধাৰণ কথাৰ বাদে আন একো কথা পতা নাছিল তেওঁলোকে। কিন্তু সেইকণ সময়তে গোপাল বৰঠাকুৰে বুজি পাইছিল এই অভিমণ্যু শইকীয়া নামৰ প্ৰায় নীৰৱ মানুহজনৰ বহুত কথা ক’বলগীয়া আছে। ফলাহাৰ খিনি হাতেৰে নোচোৱাকৈ মাত্ৰ এগিলাছ পানী খাই অভিমণ্যু শইকীয়া সেইদিনা শান্তিধামৰ পৰা লাহে লাহে ওলাই গৈছিল। তেওঁ গুছি যোৱাৰ পিছত গোপাল বৰঠাকুৰে বাসৱীক কৈছিল – “এই মানুহজনৰ বুকুত এটা আগ্নেয়গিৰি আছে। তুমি সেই আগ্নেয়গিৰিটো নোহোৱা কৰিব লাগিব। পাৰিবা?”
“কিন্তু তেওঁ জানো আকৌ আমাৰ ইয়ালৈ আহিব?” – বাসৱীয়ে ক’লে ।
“আহিব।“ – গভীৰ বিশ্বাসেৰে কথাষাৰ কৈ গোপাল বৰঠাকুৰে সন্মুখৰ বেৰত বন্ধোৱাই থোৱা কৃষ্ণাৰ্জুনৰ ফটোখনলৈ চালে ।

আহিছিল। দুদিন পিছতেই অভিমণ্যু শইকীয়া আকৌ আহিছিল শান্তিধামলৈ। এইবাৰ গোটেই দিনটো থকাকৈ আহিছিল। আপোনমনে তেওঁ শান্তিধামত ইফালে-সিফালে খোজ কাঢ়ি ফুৰিছিল। তাৰ দুদিনমান পিছৰপৰা তেওঁ
সদায় আবেলি আবেলি শান্তিধামলৈ আহি আছিল।

লাহে লাহে বাসৱীয়ে তেওঁৰ লগত সময় কটাবলৈ আৰু কথা পাতিবলৈ আৰম্ভ কৰিছিল। বেছিভাগ সময়ত বাসৱীয়েই কথা কৈছিল আৰু তেওঁ উদাস হৈ শুনি গৈছিল। অতি প্ৰয়োজন নহলে তেওঁ মাত নামাতিছিল। বেছিভাগ সময় তেওঁ শান্তিধামৰ লাইব্ৰেৰীটোত, নহ’লে প্ৰাৰ্থনা-গৃহত বহি থাকিছিল।

লাহে লাহে বিভিন্ন উৎসৰ পৰা গোপাল বৰঠাকুৰ আৰু বাসৱীয়ে অভিমণ্যু শইকীয়াৰ বিষয়ে বহুত কথা জানি ল’লে। প্ৰায় ৬০ বছৰ বয়সীয়া এই মানুহজনে আজি কিছুদিনৰ আগতে ১৪ বছৰ সশ্ৰম কাৰাদণ্ডৰ ম্যাদ শেষ কৰি কাৰাগাৰৰ পৰা বাহিৰ ওলাইছে। এসময়ত তেওঁ এজন নিষ্ঠাবান আৰু সাহসী পুলিচ বিষয়া আছিল। এটা হত্যাৰ অপৰাধত তেওঁৰ যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড হৈছিল। ১৪ বছৰ জেলত কটাই তেওঁ এসময়ৰ নিজৰ ঘৰলৈ গৈছিল। কিন্তু অতীতে তেওঁক লগ এৰা নাছিল। নিজৰ ঘৰত তেওঁ নিজেই অনাহুত হৈ পৰিছিল আৰু কেইদিনমান পিছত তেওঁ নিজৰ জন্ম ঠাইখন এৰি ইয়ালৈ গুচি আহিছিল। এজন পুৰণা চিনাকি মানুহে তেওঁক দুবেলা দুমুঠি খাব পৰাকৈ এটা বন্দোৱস্ত কৰি দিছিল।

দিনবোৰ হৈ আছিল। ইতিমধ্যে তেওঁ শান্তিধামত সহজ হৈ পৰিছে। বাসৱীক এদিন তেওঁ কৈছিল – “মোৰ এজনী ছোৱালী থকা হ’লে তাই ঠিক তোমাৰ সমানেই হ’লহেঁতেন।“ কেতিয়াবা বাসৱীয়ে তেওঁক কিবা কিবি কৈ হঁহুৱাবলৈ চেষ্টা কৰে। কিন্তু ব্যক্তিগত কথা সুধিলেই মানুহজন নীৰৱ হৈ যায়। বাসৱীয়ে ভাবে – সেই আগ্নেয়গিৰিটো কেতিয়া নুমাব? কেনেকৈ নুমাব?

সেইদিনা ৩০ জানুৱাৰী আছিল। শান্তিধামত সেইদিনা বিশেষ প্ৰাৰ্থনা সভা আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন হৈছিল। অডিটৰিয়ামত মানুহ নধৰা হৈছিল। দিনটোৰ ব্যস্ততাৰ পিছত আবেলি আশ্ৰমৰ সকলোৱে ৰংমনে বহি কিবাকিবি খাইছিল। তাৰ পিছত কিছুসময় জিৰণি লৈ গধূলিৰ পৰা হব লগা ভজন-সন্ধ্যাৰ বাবে সকলো সাজু হৈছিল। জিৰণিৰ সময়খিনিতে অভিমণ্যু শইকীয়াই বাসৱীক মাতি নিছিল – “ঘাঁহনিত বহোঁ গৈ ব’লা।“ দুয়ো বহিছিল। লাহে লাহে আগ্নেয়গিৰিটো ঠাণ্ডা হ’বলৈ আৰম্ভ কৰিছিল সেইদিনা। “কেতিয়াবা পিছলৈ উভতি চোৱাৰ সময় নাথাকে। এক চেকেণ্ডৰ ভিতৰতে সিদ্ধান্ত লৈ কামটো কৰি পেলাব লগা হয়। কাৰণ তেনে পৰিস্থিতিত এক চেকেণ্ডৰ বিলম্বই তোমাৰ মৃত্যু ঘটাব পাৰে।“ – শূন্যত দৃষ্টি ৰাখি নীৰৱ হৈ ৰোৱা অভিমণ্যু শইকীয়াক বাসৱীয়ে একো উত্তৰ দিয়া নাছিল। তাই মাত্ৰ আশা কৰিছিল কৈ যাওক, মানুহজনে কথাবোৰ কৈ যাওক। যিমান সময় লাগে, সিমান সময় তাই ইয়াত বহি থাকিব। কিন্তু মানুহজনে নিজৰ কথাবোৰ কৈ যাওক।

কৈছিল। লাহে লাহে অভিমণ্যু শইকীয়াই সকলো কথা এফালৰ পৰা কৈ গৈছিল। গোটেই ঘটনাবোৰ মাত্ৰ কালি ঘটি যোৱা ঘটনাৰ দৰে তেওঁ কৈ গৈছিল।

পুলিচৰ উপ-পৰিদৰ্শক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল তেওঁ। সৎ, নিষ্ঠাৱান আৰু সাহসী বুলি তেওঁৰ এটা নাম আছিল। এদিন তেওঁ পৰিদৰ্শকৰ পদবীলৈ প্ৰমোচন পাইছিল আৰু সেইদিনাই তেওঁলৈ আহিছিল সেই আদেশটো। তেওঁক স্পেচিয়েল ক্ৰাইম ব্ৰান্সত প’ষ্ট কৰা হৈছিল। অসাধাৰণ বুদ্ধিমত্তা আৰু সাহসৰ পৰিচয় দি তেওঁ কেইবাটাও জটিল কেচ সমাধান কৰিছিল আৰু কেইবাটাও দুৰ্দান্ত গেংষ্টাৰক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ ইনফৰ্মেচন নেটৱৰ্ক চাৰিওফালে বিয়পি পৰিছিল আৰু কেইবাখনো প্ৰদেশৰ গেংষ্টাৰবিলাকে তেওঁলৈ ভয় কৰিছিল। কেইবাঠাইতো কেইবাটাও এন্‌কাউণ্টাৰ হৈছিল আৰু কেইবাটাও গেংষ্টাৰ মৰা পৰিছিল। লাহে লাহে এন্‌কাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে তেওঁৰ নাম প্ৰতিস্থিত হৈছিল। পুলিচ মহলত তেওঁক সম্ভ্ৰমৰ দৃষ্টিৰে চোৱা হৈছিল। তেওঁৰ টীমটোৱে কৰা সকলোবোৰ এন্‌কাউণ্টাৰৰ ষ্টাইল মাত্ৰ এটাই আছিল – ডাবল টেপ, অন্‌লি হেড শ্বট, এণ্ড টু এট্‌ এ গ’।

ৰাজু নেপালী। ইন্টাৰ ষ্টেট গেং এটাৰ মূৰব্বী। এনেকুৱা কোনো অপৰাধ নাই যিটো ৰাজু নেপালীয়ে কৰা নাই। সি নিজ হাতেৰে কমেও ২০ জন মানুহক হত্যা কৰিছে। ধৰ্ষণ, অপহৰণ, লুটপাটৰ সীমা নাই। এইটো গেঙৰ কেইবাটাও মানুহক ইতিমধ্যে অভিমণ্যু শইকীয়াৰ টীমটোৱে এনকাউণ্টাৰ কৰিছিল। এবাৰ ৰাজু নেপালী কাণে কাণ মাৰিহে সাৰি গৈছিল অভিমণ্যু শইকীয়াৰ হাতৰ পৰা।

এদিন দুপৰীয়া এটা খবৰ আহিল। অভিমণ্যু শইকীয়াৰ বিশ্বস্ত ইন্‌ফৰ্মাৰৰ খবৰ। এখন বগা ৰঙৰ স্কৰ্‌পিঅ’ গাড়ীত ৰাজু নেপালী চহৰলৈ আহি আছে। সি পাঞ্জাৱী মানুহৰ নিচিনাকৈ পাগুৰি পিন্ধি আছে। দাড়িয়ে-গোফে ভোবোকাৰ ৰাজু নেপালীক পাগুৰি পিন্ধিলে পাঞ্জাৱী মানুহৰ দৰেই দেখাব। অভিমণ্যুৰ টীমটো মুহূৰ্ততে সাজু হ’ল। ৰাজু নেপালীৰ গাড়ীখন আন এটা টীমৰ হতুৱাই বিচাৰি উলিওৱা হ’ল আৰু অনুসৰণ কৰা হ’ল। অভিমণ্যুলৈ খবৰ আহিল ৰাজু নেপালী নীলা চাৰ্ট পিন্ধি গাড়ীৰ পিছৰ ছীটত বহি আছে। ৰাজু নেপালীৰ গাড়ী চহৰ সোমোৱাৰ পিছত খবৰ আহিল চহৰৰ মাজেদি যোৱা মূল পথটোৱেদি গাড়ীখন গৈ আছে। চাৰিআলিৰ ট্ৰেফিক পইণ্টৰ ওচৰতে অভিমণ্যুৰ টীমটোৱে পজিচন ললে। দুই মিনিটমান পিছতেই এখন বগা স্কৰ্‌পিঅ’ গাড়ী আহি ট্ৰেফিক পইণ্টত ৰ’লহি। পিছফালৰ ছীটত দুজন পাঞ্জাৱী মানুহ। অভিমণ্যুৱে গাড়ীখনৰ নাম্বাৰটো চালে – ঠিকেই আছে, এইখনেই সেইখন গাড়ী। “চাৰ্জ” – লগে লগে অভিমণ্যুৰ টীমটোৱে হাতে হাতে পিষ্টল লৈ গাড়ীখন ঘেৰি ধৰিলে। অভিমণ্যুৱে পাঞ্জাৱী মানুহ দুজনক আদেশ দিলে –“চাৰেণ্ডাৰ”। কিন্তু দুয়োহাত দাঙি গাড়ীৰপৰা নামি অহাৰ পৰিবৰ্ত্তে মানুহদুজনে ড্ৰাইভাৰক গাড়ীখন জোৰেৰে চলাবলৈহে আদেশ দিলে –“গাড়ী এৰি দে, পলা পলা।“ লগে লগে অভিমণ্যুৰ টীমটোৰ সকলোৰে পিষ্টলবোৰ গৰজি উঠিল। ডাবল টেপ। মুহূৰ্ততে সকলো শেষ। ব্যস্ত আলিবাটত সকলোৰে সন্মুখতে সংঘটিত হ’ল এই এনকাউণ্টাৰ। ৰাজু নেপালী শেষ। অভিমণ্যুৱে ৰাজু নেপালীৰ মৃতদেহৰ পৰা পাগুৰিটো টান মাৰি খুলি দিলে। কিন্তু ই কি? এয়াতো নকল পাগুৰি নহয়। এয়া আচল পাগুৰি। সাংঘাতিক ভুল হৈ গ’ল। এয়া ৰাজু নেপালী নহয়। তেন্তে এয়া কোন? এয়া কোনোবা নিৰপৰাধ দুজন নাগৰিক। তেন্তে এই গাড়ীখন? আৰু এই গাড়ীখনত ৰাজু নেপালী আহি আছিল বুলি অহা খবৰটো?

“মোক বৰ বেয়াকৈ বিশ্বাসঘাতকতা কৰা হৈছিল। মোৰেই বিশ্বাসী ইন্‌ফৰ্মাৰৰ হতুৱাই মোক ভুল খবৰ দিওৱা হৈছিল। দুজনকৈ নিৰপৰাধ মানুহক মোৰ হতুৱাই হত্যা কৰোৱাই পেলোৱা হৈছিল। তেওঁলোকে পলাব নোখোজা হ’লেই আমি গুলী নচলালোঁহেঁতেন। আমি সাধাৰণ পোছাক পিন্ধি আছিলোঁ বাবে তেওঁলোকে হয়তো আমাকে কোনোবা গেংষ্টাৰ বুলি ভাবিছিল। তেওঁলোকে হয়তো ভাবিছিল আমি তেওঁলোকক অপহৰণ কৰিম।“ –

দীঘলকৈ উশাহ এটা লৈ অভিমণ্যু শইকীয়াই অলপ সময় মনে মনে থাকিল। শূন্যত দৃষ্টি ৰাখি তেওঁ পুনৰ ক’লে – “সকলোৱে আমাক অপৰাধী সজাইছিল। যিখন সমাজ নিকাকৈ ৰাখিবৰ বাবে আমি প্ৰাণৰ মায়া এৰি গুলীৰ সন্মুখত থিয় হৈছিলোঁ সেইখন সমাজেও আমাক অপৰাধী সজাইছিল। হয়, অপৰাধ আমি কৰিছিলোঁ। আমি দুজনকৈ নিৰ্দোষী মানুহক হত্যা কৰিছিলোঁ। কিন্তু সেই অপৰাধ আমাৰ অজানিতে হৈছিল। সেই দুজন মানুহ নিৰ্দোষী নহৈ ৰাজু নেপালী আৰু তাৰ বডিগাৰ্ডটো হোৱা হ’লে আমাক কিন্তু কোনেও সন্মানিত নকৰিলেহেঁতেন। হয়তো এদিন খবৰ কাগজত এটা সামান্য বাতৰি ওলালেহেঁতেন যে ৰাজু নেপালী পুলিচৰ হাতত নিহত। আমাক ক্ষমা কৰা হোৱা নাছিল। আমি ক্ষমা বিচৰাও নাছিলোঁ। তাৰ পিছত ১৪ বছৰ। জেলৰ ভিতৰত এটা এটা দিন যেন এটা এটা যুগ। এদিন ৩৫ বছৰীয়া আছিলোঁ, আজি ৬০ বছৰীয়া হলোঁ।“

বাসৱীয়ে অভিমণ্যু শইকীয়াৰ মুখলৈ চাই ৰ’ল। কিবা এটা ক’বলৈ শব্দ বিচাৰি পোৱা নাই তাই। আগ্নেয়গিৰিটো নিজে নিজে ঠাণ্ডা হৈছে।
বহুত সময় নীৰৱ হৈ ৰ’ল অভিমণ্যু শইকীয়া। ভজন-সন্ধ্যা আৰম্ভ হ’বৰ হৈছে। মানুহবোৰ লাহে লাহে অডিটৰিয়ামলৈ খোজ লৈছে।

“মই আজি সকলোকে ক্ষমা কৰিছোঁ।“ – কথাষাৰ কৈ অভিমণ্যু শইকীয়াই বাসৱীৰ মুখলৈ চাই সৰুকৈ হাঁহি এটা মাৰিলে। এই প্ৰথম হাঁহি দেখিলে তাই অভিমণ্যু শইকীয়াৰ মুখত। ওলাই আহিব খোজা চকুপানীখিনি কোনোমতে লুকুৱাই থ’লে তাই। “ব’লা অডিটৰিয়ামলৈ যাওঁ।“ – অভিমণ্যু শইকীয়াৰ কাষে কাষে অডিটৰিয়ামলৈ খোজ লওতে বাসৱীয়ে ভাবিলে “মোৰ পিতৃ জীয়াই থকা হ’লে তেওঁ আজি আপোনাৰ দৰেই শান্ত-সৌম্য, ক্ষমাশীল এজন পুৰুষ হ’লহেঁতেন।“

(স্থান, কাল, পাত্ৰ, কাহিনী সকলো কাল্পনিক। ক’ৰবাত কিবা মিলি যোৱা যেন পালে সেয়া কাকতালীয় সংযোগহে।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments