সম্পাদকলৈ চিঠি (অঞ্জল বৰা)

সম্পাদকলৈ চিঠি

অঞ্জল বৰা

প্ৰতি সম্পাদক
সাহিত্য ডট্ অৰ্গ

জীৱনৰ জটিলতাত হেৰাই যোৱা ৰাষ্ট্ৰপতিৰ সাহসিকতা পুৰষ্কাৰ লাভ কৰা দুজন যুৱকৰ কাহিনী:
……………………………..

যোৱা ১ ডিচেম্বৰ সন্ধিয়া টিভিৰ সন্মুখত বহি এনেই ৰিমৰ্টটো লৈ চেনেলবিলাক চাই থাকোঁতে হঠাৎ Sony টিভিৰ Crime Patrol অনুষ্ঠানটোত অলপ সময় ৰৈ গ’লোঁ৷ বাৰে বাৰে ‘অসম’, ‘বৰুৱা’, ‘দাস’ আদি শব্দবোৰ শুনাৰ লগতে ‘কামৰূপ জিলা’ লিখা এখন স্কুল দেখি থমকি ৰৈ গ’লোঁ৷ তাৰপিচত আধা ঘণ্টা ধৰি সমগ্ৰ অনুষ্ঠানটো চাই মনটো ভাল লাগি গ’ল৷ অসমৰ দুজন যুৱকৰ এটা কৰুণ কাহিনীক এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ধাৰাবাহিকত প্ৰচাৰ কৰাৰ কাৰণে৷

২০০৪ চনৰ মে’ মাহৰ কথা৷ অসমৰ কামৰূপ জিলাৰ এখন ভিতৰুৱা গাঁৱৰ অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্ৰ আছিল ৰাতুল চন্দ্ৰ ৰাভা আৰু ঋতুপৰ্ণ বড়ো৷ এদিন হঠাৎ হাতত পিষ্টল আৰু গ্ৰেনেড লৈ দুজন অচিনাক্ত মানুহ তেওঁলোকৰ বিদ্যালয়খনলৈ আহিল আৰু নিচেই কাষৰ পৰা বিদ্যালয়খনৰ ফিল্ডতে তেওঁলোকৰেই এজন শিক্ষকক গুলীয়াই হত্যা কৰিলে৷ অচিনাক্ত ব্যক্তি দুজনক পিছত আলফা সংগঠনৰ সদস্য বুলি চিনাক্ত কৰা হৈছিল৷ আলফা সদস্য দুজনে শিক্ষকজনক হত্যা কৰি পলাই যোৱাৰ লগে লগে অষ্টম আৰু দশম শ্ৰেণীত পঢ়ি থকা ৰাতুল চন্দ্ৰ ৰাভা আৰু ঋতুপৰ্ণ বড়ো নামৰ ছাত্ৰ দুজনে তেওঁলোকক পিছে পিছে প্ৰায় তিনি কিলোমিটাৰ খেদি যায় আৰু তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ থকাৰ পিছতো অতি সাহসিকতাৰে এজন সদস্যক দুয়োজন ছাত্ৰই মিলি বন্দী কৰে আৰু পিছত পুলিচক গতাই দিয়ে৷

২০০৫ চনত এনে সাহসিকতাৰ বাবে ৰাতুল চন্দ্ৰ ৰাভা আৰু ঋতুপৰ্ণ বড়োক ৰাষ্ট্ৰপতি বঁটা (ৰাষ্ট্ৰীয় সাহসিকতা বঁটা)ৰ বাবে মনোনীত কৰা হয় আৰু সেই বছৰৰ গণতন্ত্ৰ দিৱসত প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই বঁটা প্ৰদান কৰে আৰু শেষত ৰাষ্ট্ৰপতি ভৱনতো তেওঁলোকে সেই সময়ৰ ৰাষ্ট্ৰপতি আব্দুল কালামক সাক্ষাৎ কৰে৷ কিন্তু তেওঁলোকে সাহসিকতাৰ পৰিচয় দিলেও আলফা সদস্যৰ পৰা তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ বাবে চাৰি মাহ ধৰি ভাৰতীয় সেনা বাহিনীৰ আশ্ৰয়ত থাকিব লগা হয়৷ ফলত তেওঁলোকৰ শিক্ষাত বাধা পৰে আৰু বহু চেষ্টা কৰিও বাৰে বাৰে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰিলে৷ আনপিনে ঘৰ দুখনৰ আৰ্থিক অৱস্থাৰ বাবে তেওঁলোকক পঢ়োৱাবলৈ মাক-দেউতাক সক্ষম নহ’ল৷ ফলত আধাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি মাক-দেউতাকৰ লগত খেতি-পথাৰত লাগিব লগ হয়৷

বৰ্তমান ২০১২ চনত ৰাতুল(২০) আৰু ঋতুপৰ্ণ(২২) দুয়োজনেই জীৱন যাপনৰ নিম্নতম সুবিধাখিনিও লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ দুয়োজনেই দিনটো হাজিৰা কৰি কোনোমতে দৈনিক ১২০ টকা উপাৰ্জন কৰে৷ তেওঁলোকৰ আশা আছিল ভাৰতীয় সেনা বাহিনী বা অসম পুলিচত ভৰ্তি হোৱাৰ৷ কিন্তু আধাতে শিক্ষা সমাপ্ত কৰিব লগা হোৱা বাবে সেই ইচ্ছাও পূৰণ হ’ব পৰা নাছিল৷ আনপিনে ‘সাহসিকতা বঁটা’ৰ আধাৰত তেওঁলোকে এটা চৰকাৰী চাকৰিৰ বাবে অসমৰ মুখ্যমন্ত্ৰ্ৰীকে ধৰি অন্যান্য ৰাজনৈতিক নেতাক লগ ধৰিছে যদিও কোনো সুফল লাভ কৰা নাই৷ প্ৰত্যেকেই তেওঁলোকক কেৱল আশ্বাস দিছে৷ কিন্তু কোনেও তেওঁলোকক জীৱনটো চলাই আনৰ আদৰ্শ হ’ব পৰাকৈ উপাৰ্জনৰ এটা সুবিধা কৰি দিব পৰা নাই৷ তেওঁলোকৰ বাবে এতিয়া সাত বছৰৰ আগতে লাভ কৰা ‘ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা’ এটা অৰ্থহীন বঁটা মাত্ৰ৷ নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ প্ৰিয় শিক্ষকৰ হত্যাকাৰীক পুলিচৰ হাতত গতাই দিয়া এই দুজন যুৱকৰ খবৰ ল’বলৈ আজি কোনো ৰাজনৈতিক নেতাৰ হাতত সময় নাই৷

২০০৫ চনত সাহসিকতাৰ পুৰষ্কাৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল “Such type of bravery that has been shown at the spur of moment, such type of the bravery that encourages others, I really congratulate these children. I am proud of them and I salute them” আনহাতে এই বঁটা লাভ কৰা শিশুসকলক ভৱিষ্যতে বিত্তীয় সাহাৰ্য প্ৰদানকে ধৰি ইন্দিৰা গান্ধী ছাত্ৰবৃত্তি আঁচনিৰ আধাৰত Indian Council for Child Welfare (ICCW)ৰ অংশ হিচাপে চিকিৎসা আৰু কাৰিকৰী শিক্ষা প্ৰদানকে ধৰি তেওঁলোকৰ সম্পূৰ্ণ স্কুলীয়া শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক৷ আনকি ২০০৯ চনত ভাৰত চৰকাৰে এনে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চিকিৎসা, কাৰিকৰী আৰু প’লিটেক্‌নিক প্ৰতিষ্ঠানত কিছু আসন সংৰক্ষণ কৰাৰ কথাও ঘোষণা কৰিছিল৷ কিন্তু এনে সকলো ঘোষণাৰ অসাৰ প্ৰতিপন্ন কৰি অসমৰ ৰাতুল চন্দ্ৰ ৰাভা আৰু ঋতুপৰ্ণ বড়ো নামৰ ছাত্ৰ দুজন আৰ্থিক অভাৱ আৰু সন্ত্ৰাসবাদীৰ ভয়ৰ বাবেই আধাতে শিক্ষা সমাপ্ত কৰিব লগা হ’ল৷ যাৰ খবৰ আজি অসমৰ সংবাদ পত্ৰই হওক বা ৰাজনৈতিক নেতাই ল’বলৈ আহৰি নাপালে৷

Sony টিভিৰ Crime Patrol অনুষ্ঠানটোৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই এখন কাকতত আমি ধন্যবাদ দিব লাগে যে তেওঁলোকে বহু বছৰৰ পিছত হ’লেও বিষয়টো পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিছে৷ লগতে ছাত্ৰ-দুজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে৷ অনুষ্ঠানটোৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিছে যে, দেশৰ বাবে অলিম্পিকত মেডেল লাভ কৰা, বিশ্বকাপত জয়ী হোৱা, প্ৰশাসনিক সেৱাত প্ৰথম স্থান লাভ কৰা বা দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাসকলেই সকলো সময়তে আমাৰ পথপ্ৰদৰ্শক হৈ থাকিলে নহ’ব৷ সমাজ এখন আগুৱাই যাবলৈ সমাজৰ মাজত এনেদৰে ব্যতিক্ৰমী কামেৰে নিজৰ সাহসৰ পৰিচয় দিয়া ব্যক্তিসকলকো সমান সন্মান, সুযোগ দি আমি আগুৱাই নিলেহে ভৱিষ্যতে আন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব৷

অঞ্জল বৰা
ইন্দোৰ, মধ্যপ্ৰদেশ
০৯৮২৭৪৪৭০১৯

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments