সম্পাদকলৈ চিঠি (-অঞ্জল বৰা)

প্ৰতি
সম্পাদক, সাহিত্য.অৰ্গ
……………………………
বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীত কিছু বাস্তৱ চিন্তা:

সৰু কালত আনৰ মুখত বেজবৰুৱাৰ ‘বুঢ়িআইৰ সাধু’ৰ কাহিনীবিলাক শুনিছিলোঁ৷ কিন্তু এইবিলাক কোনে কেনেদৰে সংগ্ৰহ কৰি ৰাখিছিল আৰু আমি কাৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত এইবোৰ শুনিবলৈ পালোঁ তাক জনা নাছিলোঁ৷ যেতিয়া ক্ৰমে ক্ৰমে ডাঙৰ হৈ আহিলোঁ ওপৰৰ শ্ৰেণীৰ পাঠ্যক্ৰমত ‘মোৰ জীৱন সোঁৱৰণ’ পঢ়িবলৈ পালোঁ৷ তাৰপিচত দুই এটা গল্প পঢ়াৰ বাহিৰে বেজবৰুৱাৰ সাগৰ সদৃশ ৰচনাৰ লগত আমাৰ কোনো পৰিচয় হোৱা নাছিল৷ ইয়াৰ মূলতে হ’ল আমাৰ পাঠ্যক্ৰমসমূহত আজিও বেজবৰুৱাৰ সমগ্ৰ ৰচনাক সামৰি অধ্যয়ন কৰিব পৰাকৈ কোনো ব্যৱস্থা ৰখা নাই৷ পূৰ্বতে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীয়ে এনে বিষয়বিলাক অধ্যয়ন কৰিবলৈ নাপালেও শিক্ষাগুৰুসকলৰ বক্তৃতাৰ মাজেৰে হ’লেও পুৰণিচাম ব্যক্তিয়ে কিছু কথা জানিবলৈ পাইছিল৷ শিক্ষকসকলৰ একো একোটা বক্তৃতাই ছাত্ৰ-ছাত্ৰীৰ জীৱনত মহৌষধৰ দৰে কাম কৰিছিল৷ কিন্তু আজিৰ ভোগবাদী সমাজ ব্যৱস্থা আৰু পুথিগত শিক্ষা ব্যৱস্থাই আমাক পৰীক্ষাত পাছ কৰা আৰু এটা সংস্থাপন পোৱাৰ পিনেই কেৱল ধাৱমান কৰিবলৈ শিকাইছে৷ গতিকে এনে পৰিপেক্ষিতত আমি নতুন প্ৰজন্মৰ মনত বেজবৰুৱাৰ স্বদেশপ্ৰেম আৰু ভাষা-সাহিত্যক চিনাকি কৰি দিবলৈ হ’লে আমি পাঠ্যপুথিৰেই সহায় ল’ব লাগিব৷ কাৰণ আগৰ দৰে পুথিভঁৰাললৈ গৈ পুথি অধ্যয়ন কৰা সময় আৰু আহৰি আজিৰ ছাত্ৰ-ছাত্ৰীৰ নাই৷

বেজবৰুৱাই সকলো বয়সৰ লোককে সন্মুখত ৰাখি সাহিত্য সৃষ্টি কৰিছিল৷ তেওঁ শিশুৰ মনস্তত্ত্বৰ পৰা আৰম্ভ কৰি অশিক্ষিত মানুহৰ মনস্তত্ত্বও অনুধাৱন কৰিব পৰিছিল৷ তেওঁ শিশুৰ বাবে ‘বুঢ়িআইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰা’, ‘বাখৰ’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘ভগৱৎ কথা’ আদি পুথি ৰচনা কৰিছিল৷ সৰুতে আমি হাইস্কুলত চৰিত্ৰপাঠ পঢ়িছিলোঁ৷ আন লেখকৰ চৰিত্ৰপাঠ পঢ়াৰ সময়তো কোনো শিক্ষকেই আমাক বেজবৰুৱাৰ ‘বাখৰ’ৰ দৰে অমূল্য কিতাপখনৰ কথা কোৱা মনত পৰা নাই৷ এক কথাত ‘বাখৰ’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘ভগৱৎ কথা’ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লগা তিনিখন অতি দৰকাৰী কিতাপ৷ কিন্তু এই তিনিখন কিতাপৰ বিষয়ে আজিও ছাত্ৰ-ছাত্ৰীয়ে কমেই জানে৷ কাৰণ আজি বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সময়তো এই তিনিখন কিতাপ কোনো পাঠ্যক্ৰমত নুঠিল৷ একেদৰে বেজবৰুৱাৰ অন্যান্য ৰচনাসমূহো বিষয় আৰু শিক্ষাৰ মাধ্যম অনুসৰি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে বেজবৰুৱা সাহিত্যই বিশেষ বিকাশ লাভ কৰিব বুলি ক’ব নোৱাৰি৷

অসমীয়া বিভাগৰ এজন ছাত্ৰ হিচাপে মোৰ গৱেষণাৰ বিষয় বেজবৰুৱাৰ শব্দসম্ভৰৰ বিষয়ত হোৱা বাবে যোৱা চাৰি বছৰে মই নিজেও বেজবৰুৱাক নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ৷ জীৱনৰ ২৩ বছৰে বেজবৰুৱাৰ কেৱল দুই এখন সাহিত্য পঢ়িছিলোঁ৷ তাকো পৰীক্ষাত পাছ কৰিবৰ বাবে৷ কিন্তু যোৱা চাৰি বছৰত বেজবৰুৱাৰ সমগ্ৰ সাহিত্যক কেইবাবাৰো অধ্যয়ন কৰি আৰু গৱেষণা কাৰ্য সম্পন্ন কৰি অনুভৱ কৰিছোঁ আমি বেজবৰুৱাৰ সাহিত্যৰ পৰা শিকিবলৈ এতিয়াও বহু বাকী আছে৷ যাক গোটেই জীৱন ধৰি অধ্যয়ন কৰি থাকিলেও শিকি শেষ কৰিব নোৱাৰি৷ বেজবৰুৱাৰ ভাষা আৰু স্বদেশপ্ৰেম (জাতীয়তাবাদ) একেডাল সৰল ৰেখাৰে দুটা বিন্দু৷ ‘জাতীয়তাবাদ’ শব্দটোৱে জাতি এটাৰ সামগ্ৰিক উন্নতি আৰু স্বাধীনতাৰ কথাকে সূচায়৷ ১৯ শতিকাৰ আৰম্ভণিতে মানুহৰ মনত জাতীয়তাবাদৰ (Nationalism) যি ধাৰণা জন্ম হৈছিল সি পিছলৈ ভাষাক কেন্দ্ৰ কৰিহে অধিক সবল হৈ পৰিছিল৷ ইংৰাজী ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতা-প্ৰৱাসী অসমীয়া ছাত্ৰসকলৰ ‘টি-পাৰ্টি’ত গঠিত হোৱা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ই (অ. ভা. উ. সা. সভা) আছিল প্ৰথম অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে গঠিত হোৱা এক বলিষ্ঠ সাহিত্যিক আন্দোলন৷ যাক একেষাৰে ক’ব পাৰি এটা ‘ভাষাতাত্বিক জাতীয়তাবাদী (Linguistic nationalism) আন্দোলন’৷ এই আন্দোলনৰেই ফলশ্ৰুতি আছিল বেজবৰুৱাৰ মহান সাহিত্যসমূহ৷ গতিকে আমি এনে সাহিত্যক কেৱল সাহিত্য বুলি ভবাতকৈ ইয়াক অসমীয়া ভাষা-সাহিত্য-সমাজৰ এক ইতিহাস বুলি অধ্যয়ন কৰিলেহে আমি প্ৰকৃত বেজবৰুৱাক অনুধাৱন কৰিব পাৰিম৷

আমি বেজবৰুৱাৰ সাহিত্যক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে যোৱা ডেৰশ বছৰে কি কৰিলোঁ? চৰকাৰ, সাহিত্য-সভা, প্ৰকাশন পৰিষদ আদিয়ে কি কৰিলে? সাহিত্য প্ৰকাশনৰ দ্বাৰা বেজবৰুৱাৰ খণ্ড তিনিটা (এটা খণ্ড বহু শেহতীয়াকৈ) প্ৰকাশ কৰিছিল৷ কিন্তু যোৱা ২০-৩০বছৰৰ পৰাই বজাৰত পাবলৈ নোহোৱা হৈ পৰিছিল৷ অন্যান্য দুই এখন নাটক আৰু ‘মোৰ জীৱন সোঁৱৰণ’খন পাঠ্যক্ৰমত চলি আছিল বাবে দুই এটা প্ৰকাশনে প্ৰকাশ কৰি আছিল৷ আমাৰ নিজৰ গৱেষণাৰ কালতো খণ্ড দুটা জেৰক্স কৰি ল’ব লগা অৱস্থা হৈছিল৷ বৰ্তমান যোৱা বছৰত ডঃ নগেন শইকীয়া চাৰে বনলতাৰ সহযোগত সম্পাদনা কৰি খণ্ড কেইটা পুনৰ প্ৰকাশ কৰি এটা ডাঙৰ কাম কৰিলে৷ কিন্তু কথা হ’ল অসমীয়া সাহিত্যত বেজবৰুৱা ইমান এলাগীনে যে ২০-৩০ বছৰ ধৰি কোনো প্ৰকাশনগোষ্ঠী বা চৰকাৰে নিজৰ খৰছত বেজবৰুৱা ৰচনাৱলীক বজাৰত উপলভ্য কৰি তোলাৰ কথা নাভাবিলে? আনহাতে শুনা মতে বহু গ্ৰন্থপ্ৰেমীয়েও বেজবৰুৱা ৰচনাৱলীৰ বৰ্ধিত মূল্যৰ বাবে গ্ৰন্থসমূহ ক্ৰয় কৰিব পৰা নাই৷ গতিকে নতুন প্ৰজন্মৰ আগত আমি বেজবৰুৱাক পৰিচয় কৰি দিবলৈ হ’লে প্ৰথমতে আমি বেজবৰুৱা ৰচনাৱলীক সহজলভ্য কৰি তোলাৰ কথা ভাবিব লাগিব৷ সেয়ে আমাৰ বোধেৰে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি কেৱল সভা-সমিতি নাপাতি কিছুমান বাস্তৱ সিদ্ধান্ত লোৱা উচিত৷ ইয়াৰ বাবে-

(ক) প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে পাঠ্যক্ৰমত বেজবৰুৱা সাহিত্যৰ নিৰ্বাচিত ৰচনা অধ্যয়ন কৰাতো বাধ্যতামূলক কৰা উচিত৷

(খ) বেজবৰুৱাৰ সমগ্ৰ ৰচনাৱলী সুলভ মূল্যত উপলভ্য হ’ব পৰাকৈ চৰকাৰে নিজা খৰচত প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে৷

(গ) বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজত আলোচনাচক্ৰ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা উচিত৷ যাতে গোটেই ৰাজ্যজুৰি এক সজাগতামূলক আন্দোলনে গা কৰি উঠিব পাৰে৷

আজি ঊনবিংশ শতিকাৰ ‘বেজবৰুৱা যুগ’ৰ অৱসান হ’ব পাৰে, কিন্তু আমি পাহৰিলে নহ’ব বেজবৰুৱাৰ জাতীয়তাবাদী সাহিত্যই যি দৰে অসমীয়াৰ তেজ আৰু প্ৰাণত আত্মপ্ৰতিষ্ঠাৰ শক্তি বৃদ্ধি কৰি অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল সেইয়া অসমীয়া জাতি থাকে মানে স্মৰণীয় হৈ ৰ’ব৷

অঞ্জল বৰা

ইন্দ’ৰ, মধ্যপ্ৰদেশ
০৯৮২৭৪৪৭০১৯

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments