সম্পাদকলৈ চিঠি (বিকাশ দাস)

সম্পাদকলৈ চিঠি

বিকাশ দাস


প্ৰতি
মাননীয় সম্পাদিকা,
সাহিত্য ডট অৰ্গ

নাৰী তুমি অৰ্ধ আকাশ -এই বিষয়টো আমাৰ সমাজখনে বুজি পাবলৈ বহু দিন আছে । লিখিবলৈ চেষ্টা কৰিছোঁ নিজৰ ভাষাৰে ।
নাৰী
তুমি অনন্যা ,
তুমি অলংকাৰ সমাজৰ
ৰূপেৰে , গুণেৰে সজাই তুলিছা ধৰণী ।।

হয় এক অতুলনীয় অপৰূপ সৃষ্টি হ’ল নাৰী । সততা ,ধৈৰ্যৰ চাক্ষুষ প্ৰমাণ হ’ল নাৰী । আমাক জীৱনৰ বীণাখনিত খোজ কাঢ়িবলৈ এগৰাকী নাৰীয়ে আঙুলিত ধৰি আগুৱাই নিছিল , সেই নাৰীৰ অন্য এক নাম হ’ল ‘ মা ’ । ইমান সুন্দৰ পৰিচয় দিয়াৰ পিছত আমাৰ সমাজখনে নাৰীক কি সন্মান দিছে সেইটো মনকৰিবলগীয়া । যিগৰাকী মাৰ আশীৰ্বাদত আমি শিকিলোঁ পুৰুষ নাৰীৰ মাজৰ প্ৰভেদ সেই নাৰী জাতিটোক আমাৰ সমাজখনে সুৰক্ষা দিব পাৰিছেনে? মধ্যযুগৰ পৰায়ে নাৰীক অৱহেলাৰ দৃষ্টিৰে চাইছে এখন পংগু সমাজে । এতিয়া নাৰী-পুৰুষৰ নামত সংৰক্ষণৰ ব্যৱস্থা আছে, কিন্তু তাৰ পাছতো নাৰী অৱহেলিত  । সমাজ ব্যৱস্থা ইমানেই নিম্ন পৰ্যায় পাইছে নে গৈ ? মধ্যযুগত নাৰী শব্দতো মাথোন এটি সম্পত্তি হে আছিল । নিজৰ ইচ্ছা –অনিচ্ছা বুলি একো এটা নাছিল । সৰু বয়সতে বিয়া পাতি দিছিল । শৈশৱে মেলানি নলওঁতেই সাংসাৰিক জীৱন-যাপন কৰিব লগা হৈছিল । এয়া আছিল সামাজিক প্ৰথা । ছোৱালীক লিখা –পঢ়া শিকোৱা পাপ বুলি ভাবিছিল । বিয়া হোৱাৰ পিছত নাৰীক জন্তু দৰে ব্যৱহাৰ কৰিছিল । মধ্যযুগত সতীদাহ প্ৰথা , বাল্য বিবাহ এই প্ৰথাবোৰ আছিল ।  বিধৱা বিবাহত বাধা আছিল  । সময়ে সময়ে কোৱা হৈছে যে সমাজ সলনি হৈছে । কিন্তু মানুহবোৰে জা’নো সময়ৰ সৈতে লগত একেলগে খোজ মিলাব পাৰিছে ? হয়তো খোজ মিলাব পৰা নাই ,সেই কাৰণে আজিকালি ৰাতিপুৱাই বাতৰি কাকতখন মেলি চালে কেৱল ধৰ্ষণ , যৌতুকৰ সমস্যা ইত্যাদি খবৰবোৰ পোৱা যায় । আজিও বহুতে নাৰীক পণ্য সামগ্ৰী হিচাপে জ্ঞান কৰে । ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আজিৰ দিনত নাৰীশক্তিয়ে কেনেকৈ দপদপাই ফুৰিছে হয়তো এই কথা বহুতে নাজানে । বহুতো নাৰীয়ে আজি দেশৰ ইমুৰৰ পৰা সিমুৰলৈ পুৰুষৰ প্ৰতিটো খোজৰ লগত সমানে খোজ মিলাবলৈ সক্ষম হৈছে । কিন্তু আমাৰ সমাজখনে এই কথা হেয়জ্ঞান কৰি যিমান পাৰে সিমান ঘৰত আবদ্ধ কৰি ৰাখিছে । কিছুমান নাৰীয়ে আজিৰ উন্নতিৰ দিনতো চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিবলৈ সঁহাৰি নাপায় । সেইসকলৰ কাৰণে বাহিৰৰ জগতখন এটা নেদেখা গ্ৰহৰ দৰে । নিজৰ পৰিয়াল , ঘৰৰ কাম এইচবেই হল তেওঁলোকৰ নিজৰ পৃথিৱী ।এফালে নাৰীৰ হাতত দেশৰ শাসনভাৰ , এফালে জীয়ৰী-বোৱাৰীক যৌতুকৰ নামত জ্বলাই দিয়া দুষ্কৰ্ম । ৱাহ কি যে সমাজ ! কি যে শাসন !
ভূপেন হাজৰিকাদেৱৰ গানৰ তালে তালে আমিও মানুহ গঢ়ি তুলিব লাগিব যিয়ে মানুহক ভাল পাব পাৰে । প্ৰতিজন মানুহে নিজৰ মাজত এজন ভাল মানুহ বিচাৰি পাব লাগিব । তেতিয়াহে হয়তো সমাজ সলনি হব । উপযুক্ত স্থান পাব নাৰীয়ে ।

ইতি
বিকাশ দাস
বাংগালুৰু-৫৬০০৬২

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক