সম্পাদকলৈ চিঠি (ভৈৰৱ চাওদাং)

স্কুলত নতুনকৈ নিযুক্তি পায় মনটো বৰ ভাল লাগিছিল। নতুন স্কুল নতুন উদ্যম। স্কুলৰ ল’ৰা-ছোৱালীবোৰো বৰ ভাল। কিন্তু স্কুলখনত এটা লাইব্ৰেৰীৰ অভাৱ অনুভৱ কৰিলোঁ। লাগ বুলিলেই এটা লাইব্ৰেৰী কত পাম ! জমা ৰাশিৰ অবিহনে এটা লাইব্ৰেৰী স্কুলত হঠাতে পাতিব নোৱাৰি। সেইয়ে এটা পৰিকল্পনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ওচৰত থকা কিতাপবোৰ স্কুললৈ লৈ আহিবলৈ কলো যাতে বিদ্যালয়ত এটা অস্থায়ী লাইব্ৰেৰী খুলিব পাৰোঁ। আৰু বছৰৰ শেষত সিহঁতৰ কিতাপবোৰ সিহঁতক ঘূৰাই দিয়াৰ কথা দিলোঁ। ছাত্ৰ ছাত্ৰী সকলেও মোৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই সিহঁতৰ হাতত থকা কিতাপবোৰ মোৰ হাতত জমা দিলে।এনেকৈয়ে বৰ্তমানৰ আমাৰ বিদ্যালয়খনত এটা অস্থায়ী লাইব্ৰেৰী গঢ়ি তুলিলোঁ। মোৰ এই পৰিকল্পনাৰ উম পাই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰে জনালে যে বিদ্যালয় খনত এটা লাইব্ৰেৰী আগতে আছিল যদিও বহু কিতাপ তাৰ পৰা হেৰাই যাবলৈ ধৰাত লাইব্ৰেৰী টো বন্ধ কৰি দিয়া হৈছিল। লগতে ছাৰে পুৰণি লাইব্ৰেৰীটোত থকা কিছু কিতাপো অস্থায়ী লাইব্ৰেৰীটোৰ বাবে দিলে।

এনেকৈয়ে আমাৰ বিদ্যালয়ত এটা অস্থায়ী লাইব্ৰেৰী বৰ্তমান চলি আছে। ছাত্ৰ ছাত্ৰী সকলৰো বৰ আগ্ৰহ এই লাইব্ৰেৰীটোৰ প্ৰতি।

 


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments