সম্পাদকলৈ চিঠি : মল্লিকা কলিতা

প্ৰতি
মাননীয় সম্পাদক মহোদয়,
সাহিত্য ডট অৰ্গ
নমস্কাৰ গ্ৰহণ কৰিব। আপুনি সম্পাদনা কৰিবলৈ লোৱা ‘সাহিত্য ডট অৰ্গ’ৰ জুলাই সংখ্যাটোৰ সৈতে সংগতি ৰাখি এই চিঠি লিখাৰ প্ৰয়াস কৰিছোঁ। আজি দুদিনমান আগত অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত সম্পাদকলৈ চিঠি শিতানত পঢ়িবলৈ পোৱা এখন চিঠিয়ে মোৰ মনত তোলপাৰ লগালে। মই মনৰ অনুভৱখিনি আপোনালোকৰ সৈতে ভগাই ল’ব বিচাৰিছোঁ। অকবৰ মঞ্চখন এখন শক্তিশালী জনমত গঠনৰ যোগ্য হাথিয়াৰ স্বৰূপ।

প্ৰকৃতিৰ চিৰন্তন নিয়ম মতেই প্ৰত্যেক বছৰে মৌচুমী আহে। মৌচুমীয়ে লগত আনে ধৰালৈ বৰষুণ। বাৰিষাৰ আৰম্ভণি মানেই মাছৰ পোনা মেলাৰ সময়। বৰষুণে নদ-নদী, খাল-বিল-পুখুৰী পানীৰে ওপচাই তোলে। মাছবিলাকেও আনন্দত নাচি উঠে মনে-প্ৰাণে। প্ৰকৃতিৰ নিয়মমতে মাছবোৰে এইসময়ত বংশ বৃদ্ধি কৰে। চৰকাৰে নিশ্চয়কৈ জাননী জাৰি কৰি আহিছে, এই সময়ত মাছ নধৰিবলৈ। কিন্তু কিমানজনে ইয়াক মানি চলিছে বাৰু? এই খিনি সময়ত আমাৰ জিভাক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেন্তে মাছৰ সংখ্যা বৃদ্ধিত আমি কিছু পৰিমাণে হ’লেও অৰিহণা যোগাব পাৰোঁ। কিন্তু আমাৰ মনত এই ভুল ধাৰণাই কিয় বাঁহ লৈছে যে পেটত কণী থকা মাছবোৰহে অধিক সোৱাদ যুক্ত! আমাৰ গাঁৱলীয়া অশিক্ষিত ককা-আইতাহঁতে উজানৰ মাছবোৰ নাখাইছিল।

সমীক্ষাইও কয় ৯৫% শতাংশ লোকে মাছক পুষ্টিকৰ খাদ্য ৰূপে গ্ৰহণ কৰে। আমাৰ ৰাজ্যত বছৰি যিখিনি মাছ উত্পাদন হয় সেইখিনিয়ে গোটেই চাহিদা পূৰণ কৰিব নোৱাৰে। অসম চৰকাৰৰ মীন বিভাগে কেইবছৰমানৰ আগতে প্ৰকাশ কৰা তথ্য মতে, ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অধীনত ২,৮৫,৭৫৫টা পুখুৰী, ৪৩০খন পঞ্জীয়নকৃত বিল, ৬৭৭খন অপঞ্জীয়নকৃত বিল, প্ৰায় ১০হাজাৰৰো অধিক জলাশয় আৰু ১৭৭টাৰো অধিক ৰিভাৰ ফিছাৰীকে ধৰি মুঠ ২,৯৭,০৩৯টা পুখুৰী, বিল, জলাশয় আছে। ইমান বৃহ্ৎ উত্স থকা সত্বেও, মাছৰ চাহিদা পূৰণ কৰিবলৈ বহিঃ ৰাজ্য- তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশৰ পৰা বছৰি ১১০কোটিৰো অধিক মূল্য ভৰি মাছ আমদানি কৰিবলগীয়া হয়। ‘অসম মীন পোনা আইন ২০০৫’ আৰু ‘মীন পোনা নিয়মাৱলী ২০১০’ অনুসৰি কণী হোৱা মাছ আৰু তাৰ পিছৰ পৰ্যায়ত এক নিৰ্দিষ্ট সময়লৈ পোনা মাছ ধৰাটো নিষিদ্ধ আৰোপ কৰা হৈছে। কিন্তু প্ৰশাসন তথা মত্স্যৰ লগত জড়িত সকলো বিভাগ এই আইনৰ নিয়মাৱলী ৰূপায়ণত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে। ফলস্বৰূপে অসমৰ বহু থলুৱা মাছৰ প্ৰজাতিয়ে চিৰদিনৰ বাবে বিলুপ্ত তথা ধ্বংসৰ কৱলত। নানাধৰণৰ উদ্যোগ স্থাপনেও জলাশয়সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে। চৰকাৰ তথা বিশ্ব বেংকৰ পৰাও প্ৰত্যেক বছৰেই বহু হাজাৰ কোটি টকাৰ পুঁজিও আহে বুলি জনা যায়। বৈজ্ঞানিক পদ্ধতিৰে মত্স্য উত্পাদন কৰাৰ প্ৰতি চৰকাৰে চিন্তা কৰিব লাগে। চৰকাৰৰ সু-পৰিকল্পনা, নতুন আঁচনি-চিন্তা-চৰ্চা, উপযুক্ত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰেহে অসমৰ মীন পালনক- উদ্যোগলৈ ৰূপান্তৰিত কৰিব পৰা যাব। এই চিঠিৰ জৰিয়তে মই সামান্য জ্ঞানেৰে গোটৰ সমূহ সদস্যৰ দৃষ্টিগোচৰ কৰাবলৈ প্ৰয়াস কৰিলোঁ। মাছৰ বংশবৃদ্ধি কৰাৰ দায়িত্ব নিশ্চয় আমাৰো আছে, সকলো খিনি চৰকাৰেই কৰিব বুলি হাত সাৱটি বহি থকাতকৈ!

ইতি
মল্লিকা কলিতা
অল খোৰ, কাটাৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments