সম্পাদকলৈ চিঠি (শান্তি ছাঁয়া শইকীয়া)

পাতনি নেমেলাকৈ ক’লে এনে হয় ১৯৯০ চনৰ কথা, মোৰ সংগীতৰ গুৰু ৰোষেশ্বৰ বৰুৱাদেৱে কলে “আবৃত্তি যিহেতু তুমি কৰাই নামৰূপৰ ল’ৰা-ছোৱালীহঁতকো শিকোৱাৰ দিহা কৰিবও চোন পাৰা।” মই ভাবিলোঁ আবৃত্তিৰ বাবে সঁচাকৈয়ে বিদ্যালয় প্ৰতিষ্ঠা, প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি! যদি আছে তেন্তে মই নিশ্চিতভাবেই কৰিম। সেয়াই আৰম্ভ। নামৰূপত “সাহিত্য কাব্য কানন’ নামটো চাৰেই ঠিক কৰি দিলে। অসমত পাঠ্যক্ৰম ভিত্তিক আবৃত্তি শিক্ষাৰ অনুষ্ঠান সম্ভৱতঃ এয়ে প্ৰথম। কলকাতাস্থিত “সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ’ নামৰ সংস্থাটোৰ বাংলা ভাষাত লিখা পাঠ্যক্ৰম এখন মোক দি কাজল সেনগুপ্তৰ “আবৃত্তি অন্বেষা’নামৰ বাংলা ভাষাৰ গ্ৰন্থখন দি আৰম্ভ কৰিবলৈ দিলে আবৃত্তি বিদ্যালয়। বাংলাৰ পৰা অসমীয়া কৰি বাংলা কবিসকলৰ ঠাইত অসমীয়া কবিসকলক নিৰ্বাচিত কৰি অসমীয়া কবিতা আবৃত্তিৰ পাঠ্যক্ৰম এখন যুগুত কৰি ল’লো প্ৰথমে। ভাষা বিষয়ক তাত্বিক কথাবিলাক বাংলাৰ সৈতে একেই কিন্তু তাৰ ব্যৱহাৰিক দিশটোহে বেলেগ। সেয়ে অসুবিধাত নপৰিলোঁ। অসমীয়া ভাষা তত্ব বিষয়ত মোৰ এম.এ ডিগ্ৰী থকাৰ বাবে এই কৰ্মত বেচি সুবিধা হৈছিল। কাজল সেনগুপ্তৰ গ্ৰন্থখনক আধাৰ কৰি অসমীয়া ভাষাৰ বিষয়বস্তুৰে আবৃত্তিবিষয়ক গ্ৰন্থখন ৰচনা কৰি শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱক দেখুৱালোঁ আৰু তেখেতে প্ৰেৰণাদায়ক প্ৰীতিভাষেৰে মোক উৎসাহিত কৰিলে। আৰু মই আৰু মোৰ সহযোগী অৰুন্ধতী পদ্মপতিৰে সৈতে লগ লাগি আবৃত্তি বিষয়ত ৩য় বাৰ্ষিকত কলকাতাৰ “সোহিনী সাহানা” নামৰ অনুষ্ঠানটিত নাম ভৰ্তি কৰি পৰীক্ষা দি দি বিশাৰদ ডিগ্ৰী লৈ পাছত দুয়ো জনীয়ে স্নাতকোত্তৰ “আবৃত্তি-ৰত্ন” ডিগ্ৰী ল’বলৈ সক্ষম হলো। আবৃত্তিক আনুষ্ঠানিক শিক্ষাৰে ডিগ্ৰী লোৱা হয়তো অসমত সেয়ে প্ৰথম প্ৰচেষ্টা আছিল।নিজেও শিকি থাকি ছাত্ৰ-ছাত্ৰীকো শিকাই বিদ্যালয়ৰ বৰ্ষবিলাকক আগবঢ়াই লৈ যাবলৈ সক্ষম হ’লো। আবৃত্তি আচলতে আমি শিকা গৈ নাছিলোঁ কিন্তু বিষয় ভিত্তিক অধ্যয়ন কৰি পৰীক্ষাবোৰ কলকাতাতে দিছিলোঁগৈ। নামৰূপত যথেষ্ট সঁহাৰি পোৱাৰ পাছত ক্ৰমে – বৰহাট, টিটলাগড়,কালুগাঁও,দুলীয়াজান,ডিমৌ, লাকুৱা,ফৰকাটিং,হাতীআলি,.চাবুৱা,নগাঁও,পুৰণিগুদাম,ৰহা আদি বিভিন্ন ঠাইৰ পৰা উৎসাহী লোকে বিষয়টো অধ্যয়ন কৰি শিকাবৰ বাবে একোখনকৈ বিদ্যালয় আৰম্ভ কৰি বৰ্তমানো পৰিচালনা কৰি আছে। ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম নামৰূপৰ পৰা অৱসৰ লোৱাৰ লগে লগেই মই আহি নিজাববীয়াকৈ দুঠাইত দুখন বিদ্যালয় যোৰহাট জিলাত আৰম্ভ কৰিলোঁহি। আৰু নিয়মীয়াকৈ পাঠদান কৰি থকা হৈছে যদিও পাঠ্যক্ৰম ভিত্তিক আবৃত্তি বিদ্যালয়ৰ প্ৰসংগটো এতিয়াও অসমৰ মানুহে নাজানে। তাৰো অৱশ্যেই কাৰণ আছে। মই তৃণমূল পৰ্যায়ৰ পৰাহে ভেটিটো বান্ধিবলৈ প্ৰয়াস অব্যাহত ৰাখিছোঁ। ধামাকা ফুটাই আবৃত্তিক ৰঙীন পোছাক পিন্ধাই টেলিভিছনৰ পৰ্দালৈ লৈ যাব খোজা নাই। ই মোৰ নিৰলস প্ৰচেষ্টা বা আন্দোলন ,বা ভাষা শিক্ষণৰ যাত্ৰা। সেয়ে এদিন স্বাভাৱিক ভাৱেই অগ্ৰসৰ হ’ব।

কেৱল আবৃত্তিৰ বাবে মোৰ এই প্ৰয়াস নহয়, আবৃত্তিক জীৱন কলালৈ উন্নীত কৰাৰ লক্ষ্য লৈ আবৃত্তিক জীৱন জিজ্ঞাসাৰ ,জীৱন জীৱিকাৰ , শিল্প সাধনাৰ. ভাষা শিক্ষণৰ, সৃজনীশীল মনৰ অধিকাৰী কৰি শিশুক পূৰ্ণ মানৱৰ পৰ্যায়লৈ উত্তৰণৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে। সাহিত্যত ৰস বোধ উপলব্ধিৰে ভাষা সাহিত্যৰ প্ৰতি অকণিহঁতৰ সুস্থ মানসিকতা গঠনৰ প্ৰয়াস কৰা হৈছে। বুজাব বিচৰা হৈছে যে আবৃত্তিও সংগীতৰ দৰে, চিত্ৰকলাৰ দৰে, বা তেনে কৌশলী বিদ্যাৰ দৰে শিকিব লগা কলা। আৰু ই কেৱল নাটকৰ বাবেহে প্ৰয়োজন এই ধাৰণাটো পৰিবৰ্তন কৰি আবৃত্তিক এক স্বতন্ত্ৰ কলা ৰূপে চিনাক্ত কৰিবলৈ এই মোৰ কঠোৰ যাত্ৰা। বিগত ২৩ বছৰে প্ৰতি দেওবাৰ,প্ৰয়োজন সাপেক্ষ অন্যান্য বাৰো মই আবৃত্তিৰ বাবে ব্যয় কৰি আহিছোঁ। আবৃত্তি মোৰ জীৱনজোৰা সাধনা। আবৃত্তিৰে ভাষা অধ্যয়নৰ বাবে বাধ্য কৰাব বিচাৰো প্ৰতি ইংৰাজী মাধ্যমৰ শিশুকে। সেইফালৰ পৰা ই মোৰ এক মৌন আন্দোলন। আবৃত্তিৰ দৰে সুকুমাৰ কলাৰ লগত জড়িত কোনো শিশুৱে অশুভ কৰ্ম কৰিব নোৱাৰিব কাৰণ কবিতাৰ দৰে সূক্ষ্ম কলাৰ লগত জড়িত কৰিব পাৰিলে কোনো মানুহে বিকৃত ৰুচিবোধৰ অংশীদাৰ নহ’ব বুলি মই বিশ্বাস কৰোঁ। আবৃত্তিৰ বাবে মোৰ ধ্যান-ধাৰণা আৰু সকলো শ্ৰম ,সাধনা উৎসৰ্গীত। কোনোলোকৰ স্বীকৃতিৰ বাবে মোৰ এই সাধনা নহয় ,মই আনন্দ পাওঁ বাবেহে এনে কৰ্মত মই সমগ্ৰ সত্তা উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ। এয়া অৱশ্যেই একান্ত মোৰ ব্যক্তিগত কথা অ.ক.ব.ৰ বন্ধু সকলক ক’বলৈ পাই মই আনন্দ পাইছোঁ সেয়ে ..। আশা কৰো মোৰ এই যাত্ৰাত আপোনালোকে সঁহাৰি জনাব!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments