সম্পাদকলৈ চিঠি : বৰ্ণালী বৰুৱা

প্ৰতি সম্পাদক, সাহিত্য

মৌ পালন এক অভিজ্ঞতাৰ আঁত ধৰি
(একান্ত ব্যক্তিগত)

আমি কোনো অভিজ্ঞতা পুষ্ট কৃষক নহয়, সাধাৰণ সংবাদকৰ্মীহে মাত্ৰ। চকুৰ আগত পৰিলক্ষিত হোৱা আৰু বিবেক জোকাৰি যোৱা দুই চাৰিটা ঘটনাক বাতৰিৰ ৰূপ দি মানুহৰ উপকাৰত অহাকৈ বাতৰি কাকতলৈ প্ৰেৰণ কৰো, তাৰে মাজৰ দুই এটা প্ৰকাশ হয়, কোনোতো নহয়। অসমৰ গ্ৰামাঞ্চলৰ মহিলা সকলৰ দুখ দুৰ্দশা, জীৱন-নিৰ্বাহ প্ৰণালী, ৰাজনৈতিক সচেতনতা প্ৰসঙ্গত পৰিবেশিত বাতৰিৰ বাবে আমাক গ্লোবেল সংগঠন “দা হাঙ্গাৰ প্ৰজেক্ট” এ মাৰ্কিন যুক্তৰাজ্যলৈ ২০১০ বৰ্ষত আমন্ত্ৰণ কৰি নগদ ধন সহ সৰোজিনী নাইডু বঁটাৰে বিভূষিত কৰিছিল। ইয়াৰো পৰি “পানচ ছাউথ এছিয়া”, “দা লাদলী মেডিয়া” আদি প্ৰতিষ্ঠানে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কেইবাটাও বিষয় অধ্যয়নৰ বাবে সুবিধা প্ৰদান কৰাত দেখিছোঁ অসমৰ বাদে বাকী ৰাজ্য সমূহে খাদ্য উত্পাদনৰ বাবে যিমান কষ্ট কৰে তাৰ কিজানি এশ ভাগৰ এভাগ মানো আমি নকৰো ৷ নতুন দিল্লীস্থিত “ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান” লৈ ভ্ৰমণ কৰাৰ সময়ত বহুকেইজন বিজ্ঞানীয়ে প্ৰশ্ন কৰিছিল,- “অসমৰ পথাৰ সমূহ বছৰৰ সৰহ ভাগ সময় পৰি থাকে কিয় ?” আমাৰ কাষত যাৰ কোনো উত্তৰ নাছিল। অন্যান্য ৰাজ্য, বিহাৰ, উৰিষ্যা,পঞ্জাব,পশ্চিমবংগ, উত্তৰ প্ৰদেশ,হাৰিয়ানা সকলোতে দেখোঁ পথাৰত ইটোৰ পাছত সিটো খেতি। সানমিহলি খেতিও প্ৰচুৰ, য’ত ফুৰি চাকি নিজৰ মাজত সদায় এটা হীনমন্যতাৰ ভাব কঢ়িয়াই লৈ ফুৰিব লগা হয়। বাৰে বাৰে নিজৰ মাজত প্ৰশ্ন জাগে, আমাৰ অসমত বহু তৰপীয়াতো বাদেই, অসমৰ মানুহৰ কৃষি কাৰ্য্যৰ প্ৰতি ইমান অৱহেলা কিয়। কেতিয়াবা ভাবি পাওঁ, অসমৰ মানুহৰ মাটি কম, কথাতো হয় জানো, ককাই ভাই বেলেগ হলে মাটি ভাগ হয়, যাৰ বাবে কৃষকে হাতৰ পৰা কৃষি উপযোগী মাটি কমি যায়, উদঙীয়া গৰুৰ সমস্যা, কিন্তু আমাৰ গো-পালক আছে কেইজন, দহ বাৰ জনী গাই থাকে পুৱা গিলাচ এটা লৈ খীৰাই, শালি খেতিও বাহিৰৰ পৰা আমদানি কৃত বনুৱাই কৰি দিবহি লাগে য’ত খৰচৰ অংক মিলালে শূন্যৰ ঘৰত নতুবা বিয়োগৰ ঘৰত। বাৰি ঘৰত ছাগলী, হাঁহ, কুকুৰা গাহৰিৰ আদি পোহনীয়া জন্তুকে ধৰি জলকীয়া পুলি এটাও নোহোৱা হৈছে৷ যিখন ছবি কিন্তু আন ৰাজ্যত নাই , তাত যি কৰিছে ভালকৈ কৰিছে। ধৰক গোপালকে অকল ভাল সঁচৰ গাইয়ে ৰাখিছে, ভাল দানা যোগান ধৰিছে আৰু সৰহ গাখীৰ উৎপাদন কৰিছে৷

নিজৰ মনত উদয় হোৱা এক প্ৰশ্ন – আমাৰ মা দেউতাই আমাক কৃষি কৰ্মত নিয়োজিত হব পৰাকৈ মানসিক ভাবে প্ৰস্তুত কৰেনে, বা আমাৰ সমাজে কৃষক জনক সন্মানৰ দৃষ্টিৰে চাইনে, যিজনে আমাৰ খাদ্যৰ যোগান ধৰে তেওঁৱেই যেন সমাজৰ আটাইতকৈ নিম্নস্তৰত৷ আমি জানো টকা খাই জীয়াই থাকিম? টকা ঘটা জন, ভাল চাকৰি কৰা জন, ডাক্তৰ, ইঞ্জিনিয়াৰ হ’বলৈ সমাজে অভিভাৱকে উৎসাহ যোগালেও কোনো কালে কাকো খেতিয়ক হ’বলৈ নকয়, একো কৰিব নোৱাৰা জনেহে অৱশেষত খেতিলৈ মন মেলে। ই আমাৰ সমাজৰ মানসিক বিকাৰ৷ দেউতা ককা পিতামহ, প্ৰপিতামহৰ দিনৰ পৰা দেখি শিকাই খেতিৰ মূল ভিত্তি, নতুন কিবা ওলাইছে, বিজ্ঞানী সকলৰ গৱেষণালব্ধ কিছু কথা অৱশ্যে কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেৰে কৃষকে পাইছে৷ কিন্তু চৰকাৰী ভাবে প্ৰচাৰ চলোৱা আঁচনি সমূহে প্ৰকৃত কৃষকক ঢুকি পাইছে জানো? কাৰণ কাৰ্য্যালয়লৈ তাঁত বাতি কৰাৰ বাবে প্ৰকৃত কৃষক জনৰ সময় কত, আৰু শিক্ষাৰ লগতে জ্ঞানৰ অভাৱ, বহু সময়ত বাবু বাবু লগা কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সতে কথা পাতিবলৈ কৃষক জনে মানসিক হীনমন্যতাত ভোগে। যাৰ বাবে প্ৰকৃত কৃষক জনতকৈ দালালি ধৰনৰ ব্যক্তিয়েহে এই সুবিধা লাভ কৰে যদিও বাস্তৱ ক্ষেত্ৰত তেওঁলোকে সুবিধা আদায় কৰিও কাৰ্য্যতঃ একো নকৰে।

আমাৰ ব্যক্তিগত কৃষি ভূমিৰ অভাৱ, যাৰ বাবে খেতি কৰিবলৈ মন থাকিলেও বাস্তৱত সম্ভৱ হৈ উঠাগৈ নাই, যদিও আমি জন্ম গ্ৰহণ কৰা শিৱসাগৰ জিলা খনৰ লগতে সমীপৰ যি দুই চাৰিয়ে কৃষি কাৰ্যত মনোনিবেশ কৰিছে তেওঁলোকক বিজ্ঞান ভিত্তিক কৃষি প্ৰণালীৰে সহায় কৰিব পৰা বাতৰি পৰিবেশন কৰি সংশ্লিষ্ট বিষয়াৰ দৃষ্টিলৈ আনি কিবা এটা কৰি উপযুক্ত স্থান, সন্মান দিয়াৰ অহৰহ প্ৰয়াস কৰি আহিছোঁ ৷ লগতে, আন সংবাদকৰ্মী বন্ধুক এই দিশত কাম কৰিবলৈ অনুৰোধ জনায় আহিছোঁ৷ এই ক্ষেত্ৰত কিমান সফল হৈছোঁ নাজানো৷ অৱশ্যে, চেষ্টা হ’লে এৰি দিয়া নাই।

এতিয়া, মই সৰুকৈ এখন বাৰী পাতিবলৈ লৈছোঁ, য’ত ৩৬০ জোপা কল (সৰুতে পঢ়া পাঠ তিনিশ ষাঠি জোপা ৰুবা কল…..) ভিত্তি কৰি। বিশ হাজাৰ বৰ্গ ফুটৰ এটা পুখুৰী, ২০০ হাঁহ( যিটো অৱশ্যে বিজ্ঞান সন্মত নহয় ), ৩০ টা লেয়াৰ কুকুৰা, (বি টি ৩০০) কুছিয়া পালন কৰি ছাইছিলোঁ যদিও কাৰিকৰী জ্ঞানৰ অভাবত ব্যৰ্থ হৈছোঁ। কুঁহিয়াৰ, ভোট জলকীয়াৰ পাছত এই বছৰ পুখুৰীৰ পাৰত ১৫০জোপা অমিতা ৰোপণ কৰিছোঁ। পুখুৰীৰ পাৰে পাৰে উন্নত জাতৰ ঘাঁহ ৰোপণ কৰা হৈছে যিটো হাঁহ আৰু মাছৰ খাদ্য ৰূপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা পুহি ৰখা হৈছে। আৰু এটা কেঁচু সাৰৰ টেংক প্ৰস্তুত কৰি তাত ঘৰুৱা জাবৰ পেলাই আমি নিজা প্ৰয়োজনীয় সাৰ প্ৰস্তুত কৰি লওঁ। সাধাৰণ এজন সংবাদকৰ্মী ৰূপে পৃথিৱীত ঘটি থকা খবৰ, আৰু আমাৰ অঞ্চলৰ কিছু সমস্যাৰ কাৰক বিশ্লেষণ কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰিছিলোঁ, আমাৰ বজাৰত মাছ-কাছৰ লগতে আমাৰ অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান তামোল নাৰিকল আদি নোহোৱা হৈ আহিছে। আমাৰ গ্ৰাম্য জীৱনৰ প্ৰতি ঘৰৰ বাৰীতে তামোল-নাৰিকল গছ আছে যদিও গছত গুটি নাই ইয়াৰ মূল কাৰণৰূপে কেইবাজনো অভিজ্ঞ ব্যক্তিয়ে কথা প্ৰসংগত জনাইছিল ম’বাইল ফোনৰ টাৱাৰৰ পৰা নিৰ্গত ৰেডিঅ তৰংগৰ বাবে আমাৰ মৌৰ জীৱন নিৰ্বাহ অসহনীয় হৈ উঠিছে। আৰু মৌমাখিৰ অভাবত তামোল নাৰিকল আদিৰ পৰাগ সংযোগ নহয়। সেই বাবেই মৌৰ প্ৰয়োজন হৈ পৰিছে। সেই বাবেই মৌৰ দুটামান কলনি কৰাৰ দুৰ্বাৰ হেঁপাহ হ’ল। অকল হেঁপাহ হ’লেই জানো হ’ব? জানিবওতো লাগিব। পুৰণি কাকত আলোচনী খুচৰি একো নাপাই ইণ্টাৰেনেটৰ আশ্ৰয় ল’লোঁ। সেউজী ধৰণী নামৰ ছাদ্দিক হুছেইন ডাঙৰীয়াৰ ব্লগটোত পালো ৰুদ্ৰ নাৰায়ন বৰকাকতিৰ এক লেখা। সেয়াই অভিজ্ঞতা এবাহ দুবাহকৈ পাঁচ বাহ মৌমাখি সংগ্ৰহ কৰাৰ পাছত এদিন দুপৰ বেলা ওলালহি এজাক, আগ ফালৰ কৰবী ফুলৰ পুলিটোত আশ্ৰয় ল’লেহি কি কৰা যায়, নাই বাকচ, শিৱসাগৰৰ চহৰৰ পৰা এহেজাৰ টকা দি এটা বাকচ আনি মৌ বাহক সেই স্থানতে ৰখাৰ ব্যৱস্থা কৰিলোঁ যদিও, দুদিন পাছতে সিঁহতৰ মাজত তামাম কাজিয়াত শ শ মৌৰ মৃত্যু ঘটিল৷ ইজন সিজনলৈ ফোন কৰিলোঁ যদিও নিজা অভিজ্ঞতা নথকাৰ বাবে একো নুবুজিলোঁ একো কৰিবও নোৱাৰিলোঁ। ৰুদ্ৰ নাৰায়ন বৰকাকতিৰ পৰামৰ্শ মতে ধোঁৱা দিয়াত কিছু শাম কাটিল, গধূলিলৈ গম পালো আন এবাহ মৌ আহি সেই স্থান দখল কৰিবলৈ লৈছিল। যদিও ধোঁৱা পাই আঁতৰি আন স্থানত আশ্ৰয় লয়, এতিয়া আমাৰ মৌৰ ৮টা কলনি। আৰু দুটা বঢ়োৱাৰ পৰিকল্পনা মনত পুহি ৰাখিছোঁ। পাছদিনা অভিজ্ঞতা আৰু কিছু জ্ঞান অৰ্জনৰ বাবে মৌৰ বাবে বিখ্যাত যোৰহাট বাহনাৰ চি. কে. উদ্যোগ পালোঁগৈ। দৌৰিলোঁ শিৱসাগৰ জিলাৰে মৌ-গাঁও ৰূপে খ্যাত নামতি খনিকৰ গাঁৱলৈ। য’ৰ পৰা শিকিলোঁ মৌৰ খাদ্যৰ অভাৱ হলে কেনেকৈ কৃত্ৰিম খাদ্যৰ যোগান ধৰিব লাগে৷ শেষত কৃষি তথা মৌ পালনৰ বিষয়ে লিখিবলৈ গৈ আত্ম ৰচনা কৈ আমনি দিয়াৰ বাবে সদৌটিলৈ ক্ষমা প্ৰাৰ্থনা কৰিলোঁ৷

ইতি
বৰ্ণালী বৰুৱা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক