সম্পাদকলৈ চিঠি (নিয়ৰ পার্থ প্রতিম বুজৰবৰুৱা)

মাননীয় সম্পাদক মহোদয়,
সাহিত্য ডট অৰ্গ

 

মুক্ত যৌনতা বা বৈধ বেশ্যালয় আমাৰ সমাজত কেতিয়াও উদাৰ মানসিকতা হ’ব নোৱাৰে। আজিকালি কিছুসংখ্যক আধুনিক জ্ঞানী পুৰুষে নিজৰ বহল মনৰ প্রমাণ দিবলৈ সততে কৈ আহা দেখিছোঁ যে ভোক, ভয় ইত্যাদি মানসিক তাড়নাৰ দৰে যৌন-ক্রিয়াও এক মানসিক তাড়না। গতিকে মানসিকভাবে পৰিপক্ক এহাল পুৰুষ-নাৰীৰ মাজত প্রাক-বৈবাহিক যৌনতাক মুক্ত ঘোষণা কৰিব লাগে আৰু পুৰুষসকলে পতিতালয়ত যোৱাটো একো ভুল কথা হ’ব নোৱাৰে। আকৌ সেইসকলে ইয়াৰ সপক্ষে যুক্তি আগবঢ়াইছে যে ইয়াৰ ফলত সঘনে ঘটি থকা ধর্ষণৰ দৰে দুর্ঘটনাসমূহ বহু পৰিমানে ৰোধ হ’ব পাৰে। কিন্তু তেওঁসকলক মই এইখিনিতে কৈ থওঁ যে শেহতীয়া পৰিসংখ্যা অনুযায়ী মার্কিন যুক্তৰাষ্ট্রৰ দেশসমূহত প্রতি বছৰে ২৫০০০০ টা ধর্ষণৰ অভিযোগ পুলিছৰ হাতত পৰে অথচ সেইবিলাক পশ্চিমীয়া দেশত যৌনতা বহু পৰিমানে মুক্ত।

গতিকে আমি কিছুমান ভুল ধাৰণা নোলোৱাই ভাল। ধর্ষণ হ’ল এটা মানসিক ৰোগ। আকৌ ভোক আৰু যৌনতাৰ মাজত পার্থক্যও বহুখিনি আছে। অন্ন, বস্ত্র, বাসস্থান আমাৰ মৌলিক প্রয়োজন, কিন্তু যৌনতা মৌলিক প্রয়োজন নহয়। যৌনসুখ নাপালে পুৰুষ বা মহিলা এজনীয়ে যে সুস্থ জীৱন-যাপন কৰিব নোৱাৰিব তেনেকুৱা একো কথা নাই। যৌনতা আমি মনেৰে দমন কৰিব পাৰোঁ। মদ- ভাঙৰ নিচা যেনেকৈ আমি সম্বৰণ কৰিব পাৰোঁ, ঠিক তেনেকে যৌন ইচ্ছাকো আমি দমন কৰি ৰাখিব পাৰোঁ আৰু যিয়ে নোৱাৰে মোৰ মনত তেওঁ পোন কথাত বেমাৰী। গতিকে ইয়াৰ পৰাই আমি আনুভৱ কৰোঁ সুস্থ আৰু বৈজ্ঞানিক যৌনশিক্ষাৰ প্রয়োজন। মনত ৰাখিব যৌনশিক্ষাই কেতিয়াও মুক্ত যৌনতা অথবা বহুগামিতাক স্বীকৃতি নিদিয়ে।

আমাৰ সমাজত বিয়া হ’ল এটা সামাজিক স্বীকৃতি। এজন পুৰুষ বা এজনী নাৰীৰ একেলগে থকাৰ বাবে বিয়াখনে আমাক স্বীকৃতি দিয়ে। (অৱশ্যে পৰপস্পৰৰ মাজত ভালপোৱা আৰু বিশ্বাস থাকিলে বিবাহৰ দৰে অনুজ্ঞা পত্রখনৰ আৱশ্যকতা কিমান সেই বিষয়ত মোৰ দ্বিমত আছে, কিন্তু যিহেতু আমি সামাজিক প্রাণী গতিকে এইফেৰা নিয়ম মানি চলাতো সিমান এটা আপত্তি নাই।) আৰু বিয়াৰ পিছৰ পৰাই এহাল দম্পতিয়ে এজনে আনজনৰ ওপৰত সম্পূর্ণভাবে মানসিক বা শাৰীৰিকভাৱে দায়িত্ব লাভ কৰে । এতিয়াৰ পৰা যৌনক্রিয়াও তেওঁলোকৰ বাবে সম্পূর্ণভাবে ব্যাক্তিগত বস্তু হৈ পৰে আৰু এই যৌনক্রিয়াই সমাজৰ বাকী মানুহৰ ওপৰত একো প্রভাব নেপেলায়। কিন্তু প্রাক-বৈবাহিক যৌনতাই সমাজখনক বহু ক্ষেত্রত প্রভাবিত কৰা দেখা যায়। আমি যদি প্রাপ্তবয়স্ক সকলৰ বাবে যৌনতা মুক্ত কৰি দিওঁ তেন্তে ১৪/১৫ বছৰীয়াসকল জানো পিছ পৰি ৰ’ব? যৌনতাৰ দৰে গভীৰ বিষয় এটা যদি ইমান সহজলভ্য কৰি দিয়া যায়, তেন্তে ইয়াৰ গাম্ভীর্যতা বা কলা থাকিবনে? উদাহৰণস্বৰূপে ধৰি লওক; এহাল প্রেমিক- প্রেমিকাই তেওঁলোকৰ অন্তৰংগ মুহূর্তবোৰ আৰু বেছি জীপাল কৰি ৰাখিবলৈ যৌনক্রিয়াত লিপ্ত হ’ল, ঠিক সেই সময়ত যদি ছোৱালীজনী কিবা শাৰিৰীক অসুস্থতাত ভোগে তেন্তে ল’ৰাজনে সেই সময়ৰ দায়িত্বখিনি সুকলমে পালন কৰিবনে? আৰু ইয়াৰ পিছৰ পর্য্যায়ত ল’ৰাজনে ছোৱালীজনীক মানসিকভাবে সহায় কৰিব পাৰিবনে?  আকৌ ভৱিষ্যতে যদি সেইহাল প্রেমিক-প্রেমিকা একেলগে থাকিব নোৱাৰে (আন কাৰোবাৰ লগত বিয়া হ’লে), তেওঁলোকে সেই অন্তৰংতাখিনি বেলেগ এজন বা এজনীৰ লগত উপভোগ কৰিব পাৰিবনে?

দেখা যায় যে মুক্ত যৌনতা সপক্ষে লিখা প্রায়ভাগ লেখাই সাধাৰণতে পুৰুষ সকলৰ অভাৱ- অভিযোগৰ প্রতি লক্ষ্য ৰাখিহে লিখা হৈছে; ধর্ষণ ৰোধৰ বাবে মুক্ত যৌনতা, মানসিক সন্তুষ্টিৰ বাবে পতিতালয় ইত্যাদি। কিন্তু নাৰী সকলৰ বাবে? পুৰুষৰ যদি যৌনতা মানসিক তাড়না হয়, তেন্তে নাৰীৰ ক্ষেত্রতো একেই কথাই প্রযোজ্য হ’ব। আপুনি যদি কিবা মানসিক অসন্তুষ্টিৰ বাবে পতিতালয়লৈ অনা এজনী নাৰীৰ সংগ ল’বলৈ যায়, আপোনাৰ অর্ধাঙ্গিনীয়ে কি সেই তাড়না সহ্য কৰি থাকিব? তেওঁকো যাবলৈ দিবনে আন এজন পুৰুষৰ সংগত? আজি যুক্তি দিয়াৰ ক্ষেত্রত হয়তো আপুনিও ক’ব যে নাৰীৰ ক্ষেত্রতো মুক্ত যৌনতা স্বীকৃত, কিন্তু ভাবি চাব ইয়াৰ পৰিণাম কিমান ভয়ঙ্কৰ হ’ব পাৰে। তেতিয়া এখন সংসাৰ হৈ থাকিবনে? নিজৰ ল’ৰা- ছোৱালীকেইটাই কিবা ভাল শিক্ষা পাবনে? বা সমাজখন প্রদূষিত নহ’বনে? আকৌ পতিতালয়ত যিমানবিলাক মহিলাই নিজৰ দেহ বিক্রী কৰি পইছা অর্জন কৰি আছে, সেইসকলৰ  ভিতৰত কিমানজনী নিজ ইচ্ছাই সেই কামত যোগ দিছে? নিশ্চয় প্রায়সংখ্যকে অর্থৰ অভাৱৰ কাৰণে আৰু কিছুমানক আনে বলপূর্বকভাবে ঠেলি দিয়াত সেই কাম কৰি আছে। গতিকে বৈধ পতিতালয় খোলাতকৈ সেই মহিলাসকলক যদি আমি আন কামত লগাব পাৰোঁ, তেন্তে নিশ্চয় সমাজখন উপকৃত হ’ব আৰু সেই মহিলাসকলেও স্বাধীনভাৱে জীয়াই থাকিব পাৰিব।

প্রেম ভালপোৱাৰ ক্ষেত্রত আপোনজনৰ স্পর্শই বহুখিনি অন্তৰংগতা আনে আৰু ইজনে সিজনক ওচৰ চপাই আনিব পাৰে। আপোনজনৰ স্পর্শই বহু সময়ত দুখ বেদনা দূৰ কৰিব পাৰে। আকৌ যৌনতা বা যৌনক্রিয়াও আমাৰ জীৱনত উলাই কৰিব পৰা বিষয় নহয়। ই হ’ল প্রাণীৰ জৈৱিক প্রয়োজন তথা প্রাণীকুলৰ সৃষ্টিৰ মূল। কিন্তু মনত ৰাখিবলগীয়া কথা এইটোৱে যে, সাময়িক উত্তেজনাৰ বশৱর্ত্তী হৈ কেতিয়াও যৌনতাৰ ব্যাৱহাৰ উচিত নহয় । আটাইতকৈ ডাঙৰ কথা হ’ল পৰস্পৰৰ প্রতি থকা সন্মান। এজনী নাৰীৰ শক্তি আৰু সৌন্দর্য্য কেতিয়াও কাৰো লগত তুলনা নহয়। যিমানে ভালকৈ চাবলৈ শিকিম সিমানে ধুনীয়া আৰু মৰমীয়াল ৰূপ এটা আৱিষ্কাৰ কৰিব পাৰিম। যেতিয়া কাৰোবাৰ প্রতি সন্মান জনাও তেওঁৰ প্রতি একো বেয়া ভাবো নাথাকে। আচলতে মানসিক সংযম আৰু শান্তিৰ দৰে মহৌষধ আন একো নাই। মানসিকভাবে যি সুস্থ, সি কেতিয়াও কোনো নাৰীকে শাৰিৰীক বা মানসিক ভাবে নির্যাতন নকৰে, ধর্ষণটো বহুত দূৰৰ কথা। একেখিনি কথা নাৰীৰ ক্ষেত্রতো সমানে প্রযোজ্য। তেওঁলোকেও যদি পুৰুষসকলে আচলতে কি বিচাৰে সেইখিনি বুজি পাই তেন্তে কোনেও একো বিকল্প বিচাৰিব নালাগে। মুক্ত যৌনতা আৰু বৈধ পতিতালয়ৰ কথাও কোনেও ভাবিব নালাগে।

ধন্যবাদ সহকাৰে আজিলৈ ইমানতেই সামৰিলোঁ৷

ইতি,
নিয়ৰ পার্থ প্রতিম বুজৰবৰুৱা

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments