[সম্পাদকীয়,উচ্চজিৎ কলিতা] "হে যাযাবৰ, তোমাক প্ৰণাম !"

অসমৰ সৰ্বপ্ৰথম বিশ্ব-নাগৰিক কোন ? আজি অসমত সকলোৱে একে আষাৰে ক’ব, ড০ ভূপেন হাজৰিকা। আমাৰ সকলোৰে “ভূপেনদা” । মোৰ দেউতাৰ বয়স ছয়ষষ্ঠি বছৰ । তেওঁ সুধাকণ্ঠক মাতে ভূপেনদা বুলি । আমাৰ দৰে ত্ৰিশৰ ওচৰা-ওচৰি সকলোৱেও এই বৰেণ্য মহামানৱক মাতোঁ ভূপেনদা বুলি । মোৰ মামাৰ সোতৰ বছৰীয়া ল’ৰাটোৰ বাবেও তেওঁ ভূপেনদা । এই যে তিনি-চাৰিটা প্ৰজন্মৰ বাবে এজন ব্যক্তি কেবল ভূপেনদা হৈ হৈয়ে ৰ’ল, তাতেই লুকাই আছে তেওঁৰ মহত্ব, তেওঁৰ অতুলনীয়তা । তেওঁ ককা নহ’ল, খুড়া নহ’ল । তেওঁ চিৰতৰুণ, সকলোৰে ভূপেনদা ।কণমানি সকলৰ বাবে তেওঁ নিজেই “ভূপেন মামা” হৈ লিখিছিল, “ভূপেন মামাৰ গীতে-মাতে অ-আ, ক-খ” । কিন্তু সেই কণমানিসকলেও পৈণত বয়সত তেওঁক মাতে ভূপেনদা বুলি । কাৰণ, এই ক্ষণজন্মা শিল্পীক প্ৰজন্ম-বিচ্ছিন্নতাই স্পৰ্শ নকৰিলে কেতিয়াও ।

তেওঁ সকলোৰে লগৰীয়া, সকলো বয়সৰ, সকলো মানুহৰে । কি ক’লা, কি বগা; কি ধনী, কি দুখীয়া । এই বিশ্ব-নাগৰিকত্বৰ ধাৰণা, মানু্হৰ প্ৰতি অকৃত্ৰিম প্ৰেম তেওঁৰ মনত জাগ্ৰত হৈছিল শৈশৱতে । বিষ্ণু-জ্যোতিৰ সান্নিধ্যত । আৰু সেই বহল মন লৈ তেওঁ যেতিয়া লগ পাইছিল কৃষ্ণাংগ নায়ক পল্ ৰ’বচনক, তেওঁৰ হৃদয়ত নিগাজিকৈ বাহ লৈছিল মানৱতাৰ চৰাই, কণ্ঠৰ পৰা নিগৰি বৈছিল কেবল মানুহৰ প্ৰতি প্ৰেমৰ কল্লোলধ্বনি । এই বিশ্ব-মানৱতাই জন্ম দিছিল “মোক এজন বগা মানু্হ দিয়া যাৰ ৰক্ত বগা……….” আদিৰ দৰে কালজয়ী গীত ।

ভূপেনদা অকল গায়ক হোৱাহেঁতেন তেওঁৰ বিশাল মনৰ উমান আমি নাপালোঁহেঁতেন । শুৱলা কণ্ঠৰ কোনোবা গায়ক বুলি ইতিহাসত লিপিবদ্ধ হ’লহেঁতেন । কিন্তু তেওঁ আছিল এজন গীতিকাৰ, কবি, লিখক, সমাজ-সংস্কাৰক । সংগীত তেওঁৰ বাবে আছিল প্ৰগতিৰ বিপ্লৱ অনাৰ অস্ত্ৰ । তেওঁৰ গীতৰ কথা কালোত্তীৰ্ণ। সেয়ে প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁৰ গীতত একাত্ম হৈ পৰিব পাৰে, দেশৰ সীমনা পাৰ হৈ দূৰৰ দেশলৈ প্ৰতিধ্বনিত হ’ব পাৰে তেওঁৰ সুৰ । তেওঁ এজন স্ৰষ্টা, লগতে এজন দ্ৰষ্টা । সেইবাবে তেওঁ অদ্বিতীয়, অমৰ। তেওঁ শিশুক নিচুকাব পাৰে নিচুকনি গীতেৰে, কিশোৰ-কিশোৰীক আপ্লুত কৰিব পাৰে উদ্দীপিত সুৰেৰে, যুৱক-যুৱতীক প্ৰেমত পেলাব পাৰে ৰোমাণ্টিক সন্মোহনীৰে, মধ্যবয়সীয়াক সোঁৱৰাই দিব পাৰে জীৱনৰ অৰ্থ, বিপ্লৱীক প্ৰদান কৰিব পাৰে বিপ্লৱৰ লেলিহান শিখা, এটা জাতিক জগাব পাৰে, জগাই গঢ়িব পাৰে ভাঙি যোৱা জাতিৰ কাঠামো ।সেইবাবেই তেওঁ সৰ্বহাৰাৰ মহানায়ক, সেইবাবেই কৃষকৰো আপোন, শ্ৰমজীৱিৰো আপোন, সেইবাবেই তেওঁৰ চিতাৰ কাষত আবাল-বৃদ্ধ-বণিতা, এটুপি চকুলোৰ ঠাইত হাজাৰ চকুলো বয় তেওঁৰ স্মৃতিত আৰু হয়তো সেইবাবেই তেওঁৰ প্ৰেমত পৰে সোতৰ বছৰীয়া কল্পনা ।

ভূপেনদা যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে জীয়াই থাকিব অসমীয়া, অসম । যিদিনাই অসমৰ নাগৰিকে বুজিব নোৱাৰা হ’ব ভূপেনদাৰ গীতৰ অৰ্থ, তেতিয়াই মৃত্যু হ’ব অসমীয়াৰ ।আজিৰ প্ৰজন্মই, আমাৰ পিছৰ প্ৰজন্মই বুজিব পাৰিব লাগিব ভূপেনদাৰ গীতৰ কথা । তেহে আমাৰ ভূপেনদা সিহঁতৰ বাবেও ভূপেনদা হৈ থাকিব । তেতিয়াহে ভূপেনদাৰ গুৰু জ্যোতি-বিষ্ণুকো বুজিব পাৰিব পিছৰ প্ৰজন্মই । বুজিব পাৰিব লক্ষ্মীনাথক, বুজিব পাৰিব শঙ্কৰ-মাধৱক ।

মানুহ সদায় ৰূপান্তৰৰ যাত্ৰী । কিন্তু সেই ৰূপান্তৰৰ মাজত সমন্বয়ৰ সেতু গঢ়ে ভাষাই, কথাই ।ভূপেনদাৰ গীতৰ কালোত্তীৰ্ণ কথাই সেই সমন্বয় গঢ়ে, প্ৰজন্ম-বিচ্ছিন্নতাৰ মাজত একতাৰ দলং বান্ধে ।ভূপেনদাক বুজিবলৈ সেয়হে পিছৰ প্ৰজন্মই বুজিব পাৰিব লাগিব ভূপেনদাৰ ভাষা, অসমীয়া ভাষা । “বিমূৰ্ত এই নিশাটি……….” গানটো বুজিবলৈ বুজিব লাগিব বিমূৰ্ত শব্দটোৰ অৰ্থ । আৰু তাৰ বাবে চৰ্চা কৰিব লাগিব “অসমীয়া ভাষা”। অসমীয়া ভাষাক মৰিবলৈ দিলে, অসমত ভূপেনদাৰো মৃত্যু ঘটিব সঁচা অৰ্থত । আজি মাথোঁ তেওঁৰ কায়িক দেহ নাই ।কিন্তু অসমীয়া ভাষা নোহোৱা হ’লে, তেওঁৰ আত্মাৰ মৃত্যু ঘটিব ।

আমি সেয়া হ’বলৈ দিব নোৱাৰোঁ । আৰু সেয়ে আমি প্ৰচাৰ চলাই যাম অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে, ইণ্টাৰনেটৰ জৰিয়তে ।এই সাতাইশ নৱেম্বৰত “অসমীয়াত কথা-বতৰা” গোটৰ (যাৰ মানসসন্তান এই “সাহিত্য ডট্ অৰ্গ”)এবছৰ পূৰ্ণ হ’ব । “অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য ডট্ অৰ্গ”-এ যেন অসমীয়া ভাষাক জীয়াই ৰাখি জগতসভাত ইয়াৰ স্থিতি সুদৃঢ় কৰাত কিঞ্চিত হ’লেও অৱদান যোগাব পাৰে, অ.ক.ব-ৰ জন্মদিনত সেয়াই আমাৰ কাম্য ।

ভূপেনদাই আমাক কেতিয়াবাই কৈছিল, “তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’লে বিশ্বই জানো ভাল পাব……..”। আমি অসমক, অসমীয়া ভাষাক বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’বলৈ দিব নোৱাৰোঁ ।

ভূপেনদাই আৰু কৈছিল, “সমাজে সাবটিব মহান মানৱতা……বিজ্ঞানে আনিব জোৱাৰ….জিলিকাব লুইতৰে পাৰ………..”। আমিও বিজ্ঞানৰ অৱদান, ইউনিক’ডৰ সহায়ত ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰচাৰ চলাই যাম, চৰ্চা কৰি যাম । উঠি অহা প্ৰজন্মৰ সকলোৱে যাতে অসমীয়া ভাষাৰ চৰ্চা কৰে, সেয়াই অ.ক.ব আৰু “সাহিত্য ডট্ অৰ্গ”ৰ ফালৰ পৰা একান্ত অনুৰোধ । সেয়াহে হ’ব ভূপেনদাৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি । আমি জিলিকাব লাগিব লুইতৰ পাৰ, তেহে বিশ্বই সম্ভ্ৰমেৰে চাব আমাক । “অসমীয়াত কথা-বতৰা”ৰ জন্মক্ষণত “সাহিত্য ডট্ অৰ্গ”ৰ ফালৰ পৰা এয়া আমাৰ সংকল্প ।

মৃত্যুৰ সময়তো যিয়ে আমাক এক হ’বলৈ শিকাই গ’ল, সেই মহীৰূহক আমি কথা দিছোঁ; তোমাৰ কথা, তোমাৰ ভাষাক আমি জীয়াই ৰাখিম । তোমাৰ গানেই হৈ ৰওক আমাৰ বাবে বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান, কল্পনাবিলাসিতাৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ গান ।

আমাক শক্তি দিয়া, হে মহানায়ক ! হে যাযাবৰ, তোমাক প্ৰণাম !

-উচ্চজিৎ কলিতা

[সম্পাদক১৫ নভেম্বৰ,২০১১ সংখ্যা]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments