সম্পাদকীয়ৰ পৰি‌ৱৰ্তে (উজ্জ্বল ফুকন)

“মামা”–  চিঞৰটোৰ পম খেদি মই ঘূৰি চালো। সৰু সৰু এজাক লৰা ছোৱালী। সকলো মোৰ ভাগিন ভাগিনী। আমি সৰুৰে পৰা যৌথ পৰিয়াল এটাৰ মাজত ডাঙৰ হৈছো যদিও আজিকালি বিহুৱে সংক্রান্তিয়ে ঘৰলৈ আহিলেহে গোটেইবোৰ লগ খোৱা হয়।মনত পৰে পৰীক্ষাত কম নম্বৰ পালে দেউতাই খবৰটো পোৱাৰ আগতেই খুড়াৰ পৰা গালি খাইছিলো। আৰু খুড়াৰ লৰাই দেউতাৰপৰা পইচা লৈ পৰীক্ষাৰ মাছুল জমা দিছিল। দাদাৰ উৎপাতত বিদ্যালয়ৰ প্রধান শিক্ষকক দেউতাৰ ঠাইত বৰদেউতাই বুজাই আহিছিল। আজিও হাঁহি উঠে যেতিয়া ডাঙৰ বাইদেউৰ নৱম শ্রেনীৰ অঙ্কৰ কিতাপখন এদিন মোৰ হাততো পৰিছিল আৰু সকলো চিনাকি নামৰ তলত গৌৰৱেৰে মইও মোৰ নামটো লিখিছিলো। বেয়া দিন বা স্ফুৰ্তি নকৰা দিন হয়তো আমি দেখাই নাছিলো। ঘৰখনলৈ বিপদ আহিলেও আমি গম পোৱাৰ আগতেই এজাক হাঁহিৰ মাজত দুখ কষ্ট  পলাই ফাট মাৰিছিল। পিছলৈ ইঞ্জিনিয়াৰিং কলেজ ছাত্রাবাসত ভাতৰ ঘন্টাৰ শব্দ শুনি সৰুকালৰ নিজৰ ঘৰৰ ভাতৰ ঘন্টাটো মনত পেলাই ৰোমাঞ্চিত হৈছিলো ।
আজিৰ যান্ত্রিক যুগত আমাৰ প্রজন্মৰ সকলো নিউক্লিয়েৰ ফেমিলী হৈ দেশৰ ইমূৰে সিমূৰে জীয়াই আছো। হয়তো আমি বহু কিবাকিবি পাইছো কিন্তু সফলতাৰ মৰিচীকা বিচাৰি তাতোকৈ বহু বেছি হেৰুৱাইছো। আজিকালি যিদৰে যৌথ পৰিয়াল আঙুলীৰ মূৰত লিখিব পৰা ,ঠিক সেইদৰে নিজকে অসমীয়া বুলি পৰিচয় দিয়া মানুহো তেনেই নগণ্য । আহোম , বামুণ , কোঁচ , কলিতা , মিছিং , মিৰি , বড়ো  আদি হ’বলৈ গৈ আমি প্রকৃত অসমীয়া হ’বলৈ পাহৰি গলো । চুকাফাই যদি শক্তিৰে,মহাপুৰুষ দুজনাই ভক্তিৰে আৰু জ্যোতি,বিষ্ণু, ৰসৰাজ আদিয়ে কলা-সাহিত্যৰ দ্বাৰা  নিজকে অসমীয়া বুলি ক’বলৈ শিকাই গৈছিল। কিন্তু আমি সেইবোৰ কিয় শিকিম । আমি যে পশ্চিমৰ ডুব যোৱা বেলিটোক অনুকৰণ কৰি ভাল পাওঁ । বড়োলেণ্ড, আহোমলেণ্ড  , কমতাপুৰ , আদি শ শ লেণ্ডৰ বাবে  যেতিয়া অসম ভাগ ভাগ হ’ব সেইদিনা হয়তো ব্রহ্মপুত্রই পুৰুষত্ব হেৰুৱাই চীনা চৰকাৰক আবেদন কৰিব “মোৰ মুখত নদীবান্ধ সাজি মোক শুকুৱাই পেলোৱা।”

“মামা। শুনিছানে মই কি কৈ আছো। তুমি মোক আজি বিহুৰ কাপোৰ দিব লাগিব।” জাকটোৰ সন্মুখত থকা সকলোতকৈ সৰু কিন্তু সকলোতকৈ তীখৰটোৰ মাতত মোৰ চিন্তাত যতি পৰিল।
“মোক ফ্রক।” “মোক ক্রিকেট বেট-বল।” প্রায় গোটেই জাকে পিছফালৰপৰা একেলগে চিঞঁৰিবলৈ ধৰিলে।
“মোক এটা পিষ্টল দিবি । এক বাৰ য’ মে কমিটমেন্ট কৰ দিয়া ত’ মে আপনে বাপ কা ভী নহী চুনতা।” এইটো ডাঙৰ বাইদেউৰ সৰুটো।
সি কথাটো কোৱাৰ লগে লগে চাৰিওফালে এবাৰ চাই ল’লে দেউতাক ওচৰত আছে নেকি ।
মোৰ হাঁহি উঠিছিল যদিও যিমান পাৰো নহঁহাকৈ তাক সুধিলো “তই মাক কিমান ভাল পাৱ?”
সি হাতদুখন যিমান পাৰি মেলি কলে “ইমান ভাল পাও।”
“দুজনি ‘মা’ লগ হলে এটা ‘মামা’ হয় আৰু তহঁতে মোক এনেকৈ কথা কৱ ? ” মই কৃত্রিম খং দেখুৱাই ক’লো ।
“দেন মামা হুৱাট এবাউট “চকুনি” মামা ?” এইজনী ইংৰাজী মাধ্যমত পঢ়ে।
“শকুনি একো বেয়া নাছিল । সি প্রতিশোধ মানে ৰিভেঞ্জ লৈছিল। গান্ধাৰ দেশৰ শকুনিৰ গোটেই বংশটোক দুৰ্যোধনে মাৰিছিল।” মই যিমান পাৰো মনত পেলাই ক’লো।
“গান্ধাৰনো ক’ত?” তাই আকৌ সুধিলে।
“পাকিস্তানত” মই কৈ মনে মনে ভা‌ৱিলো এতিয়া নুসুধিবি পাকিস্তান ক’ত? সিহঁতৰ গাতো দোষ নাই। শিক্ষামন্ত্ৰীৰ বাবে ভূগোল বুৰঞ্জী আজিৰ যুগত অদৰকাৰী  বিষয় ।
“কিন্তু মামা , লাচিতে যে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় বুলি”–  এইজনা অসমীয়া মাধ্যমৰ । সি এতিয়াও যেনে তেনে লাচিতক মনত ৰাখিছে। মনেমনে ভাবিলো এই আইপিএলৰ বতৰত “লাচিত-মালিঙ্গাৰ”  ঠাইত লাচিত বৰফুকনক সি ভাল মনত ৰাখিছে।  মৈডামত শুই থকা লাচিতৰ আত্মাই চাগৈ অলপ হলেও শান্তি পাইছে।
“কেৱল দেশতকৈহে মোমাই ডাঙৰ নহয়। বাকী  সকলোতকৈ মোমাই ডাঙৰ।” মই গহীন হৈ ক’লো।
এইবাৰ যেন গোটেই জাকটোৱে সন্মানৰ চকুৰে চাই মোক আগুৰি বহিল।
“মামা গান্ধীজীৰ বান্দৰ তিনিটাই কি বুজাই কোৱাছোন?” এটাই যেন মোৰ পৰীক্ষা লোৱা আৰম্ভ কৰিলে ।
“বেয়া নাচাবা,বেয়া নকবা,বেয়া নুশুনিবা।” মই কোৱাৰ আগতেই আন এজনীয়ে তপৰাই ক’লে।
“বেয়া নাচালে,বেয়া নকলে আৰু বেয়া নুশুনিলে সেইটো যে বেয়া আমি কেনেকৈ বুজি পাম। সেইকাৰণে বাতৰি কাগজ , টিভি নিউজ সকলোতে বেয়া খবৰ দিয়ে । হয় নে নহয় মামা?” আন এটাই মাত লগালে।
তাৰ কথা শুনি মোৰ মুখৰ মাত হৰিল। মনে মনে ভা‌বিলো সি ঠিক কথাই কৈছে। আমাৰ সমাজখনে সকলো ফালৰ পৰাই নতুন প্রজন্মটোক বেয়া দেখুৱাবলৈ,বেয়া শুনিবলৈ আৰু বেয়া ক’বলৈ বাধ্য কৰাইছে। তাৰপিছত সিহঁত ভাল হ’ব বুলি আশা কৰাটো আমাৰ নিজৰ ভুল ।
ৰাতিপুৱাৰ কাগজখনৰ প্রথমপৃষ্ঠাৰ পৰা নতুন নতুন বেয়া বাতৰি আহে আমাৰ মাজলৈ। মই আজিও নুবুজিলো কিয় আমাৰ বাতৰি কাকতবোৰে প্রথম পৃষ্ঠাটোত অলপ আশা ভৰা, সাহস গোটাব পৰা  বা প্রেৰণা দিয়া বাতৰি পৰিবেশন নকৰে। বেয়া বাতৰিবোৰৰ বাবে ভিতৰৰ পৃষ্ঠাবোৰ সদায় থাকিব। কিন্তু আমিও জানো কম? আমাক লাগে “আজ কি তাজা খবৰ”। আৰু টিভিৰ বাতৰি বা চিৰিয়েলবোৰৰ ফালেটো চাবই নোৱাৰি। অসমীয়া বাতৰি চালে এনে লাগে যেন অসমত হত্যা,অপহৰণ,ধৰ্ষণ আদিৰ বাদে একো নহয়। আৰু এই সকলোবোৰেই ‘ব্রেকিঙ নিউজ’। কোনোবাই এজনৰ কটা মূৰটো হাতত লৈ থানাত আত্মসমৰ্পণ কৰিছে। আন এজনে নিজৰে বৃদ্ধ মাকক ৰাজপথত ৰাতি এৰি পলায় গৈছে। এইবোৰ চোৱাৰ পিছতো আমি উঠি অহা প্রজন্মটোক ভাল মানুহ হ’ব বুলি আশা কৰোঁ । বেয়া দেখুৱাবলৈ বা বেয়া শুনাবলৈ যিদৰে বাতৰি-কাকত, টি.ভি. আছে ঠিক সেইদৰে বেয়া কোৱাটো আমাৰ জন্মসিদ্ধ অধিকাৰ। এটুপি পিয়াৰ পিছত কথাৰ মাজত বেয়া মাতটো মাতে নে বেয়া মাতটোৰ মাজে মাজে কথা কয় বুজাই টান। চৰকাৰেও পদুলিয়ে পদুলিয়ে মদৰ দোকান খুলি প্রতিটো চুবুৰিতে অতি কমেও এজন জ্ঞানী জন্ম দিছে যি গধুলি হলেই গোটেই চুবুৰিটোকে চিঞৰি চিঞৰি জ্ঞান বিলাই যায়। তাৰপিছত আমি ভাবো নতুন প্রজন্মই ইমান সৰুৰেপৰা বেয়া ক’বলৈ ক’ত শিকে বা বেয়া বস্তু মুখত দিয়ে কিয়?
 
মোৰ পৰা একো উত্তৰ নাপায় সি মিচিকিয়া হাঁহি এটা মাৰি গোটেই জাকটো লৈ আঁতৰি গল। তাৰ হাঁহিটোৱে যেন মোক কৈ গল–  “আৰু বহুত বেয়া কথা শিকিবলৈ আছে মামা । তোমাৰ লগত কথাৰ মহলা মাৰি একো লাভ নাই”।
সিহঁতৰ আহি থকা দিনবোৰৰ কথা ভাবি মইও এটা দুখৰ হাঁহি মাৰিলো। হীৰু দাৰ বিখ্যাত শাৰীটো মনত  পৰি গ’ল । যদিও মোৰ মুখত পৰি অলপ সলনি হল। “মাজে মাজে এটা দুটা হাঁহি মৰা ভাল নহ’লেতো গোটেই জীৱনটোৱেই জঞ্জাল।”
ব্যক্তিগতভা‌ৱে  হয়তো কেৱল এই হাঁহি শব্দটোকেই বিশ্বাস কৰো যাৰ ওপৰত বহি থকা চন্দ্রবিন্দুটো আমাৰ মৃত্যুৰ পিছতো হাঁহি হাঁহি আমাৰ নামৰ আগত বহি থাকে ।
 
“ওপৰলৈ থু পেলালে নিজৰ মুখতে পৰে।” সমালোচনা কৰাতো আমাৰ তেজত আছে। সেয়েহে ওপৰত মই সমালোচনা কৰিলো। কিন্তু মই আমাৰ চিন্তাক সমালোচনা কৰিছো ব্যক্তি বিশেষক কৰা নাই। আমাৰ এজাকে যদি চিঞৰে “তৰুণ গগৈ জিন্দাবাদ,অখিল গগৈ মূৰ্দাবাদ” আন এজাকে চিঞৰে “অখিল গগৈ জিন্দাবাদ,তৰুণ গগৈ মূৰ্দাবাদ”। আৰু শেষত গৈ গৈ  তৰুণ গগৈ আৰু অখিল গগৈৰ যুঁজৰ নাটকখনৰ মাজত  মূল বিষয় নদীবান্ধটো  তল পৰি যায়  । যদি কাইলৈ দুয়োজন আমাৰ মাজৰপৰা নোহোৱা হৈ যায় তেন্তে আমি ভাবিব পাৰো নেকি যে নদীবান্ধ সমস্যাৰো ওৰ পৰিব বুলি ?  দুই মেৰুৰ চিন্তাবোৰ লৈ আন দুটা দল উঠি নাহিবনে? যেতিয়ালৈকে  আমি মূল সমস্যা নিৰূপণ কৰি তাৰ প্রতিকাৰ নকৰো তেতিয়ালৈকে  বেমাৰ ভাল নহয়।
এটা চীনা প্রবচনৰ উদ্ধৃতি দি কও “মেকুৰিটো ক’লা নে বগা সেয়া বিচাৰ কৰাৰ প্রয়োজন নাই। প্রয়োজনীয় কথাটো হ’ল মেকুৰিটোৱে নিগনী ধৰিব পাৰে নে নোৱাৰে।”
 
আহক অলপ হাঁহি আৰু ভাল চিন্তাৰ মাজেৰে অসমখন লাগিলে মাটিৰেই সজাও কিন্তু নতুন প্রজন্মৰ অসমীয়াৰ চিন্তাবোৰ যাতে সোণৰ হয়। সত্যকাম,ধ্রুৱাশিষ,মুকেশ,অনন্যা , প্রিয়ঙ্কাৰ দৰে ল’ৰা-ছোৱালীক আদৰ্শ হিচাপে লৈ যাতে আমাৰ নতুন প্রজন্মই জ্ঞানৰ নিগনী ধৰিবলৈ সক্ষম হয়। ক’লা বগা, ধনী দুখীয়া, ধৰ্ম, জাতি-জনজাতিৰ উৰ্ধ্ধত যেন এজাক প্রকৃত অসমীয়াৰ জন্ম হয়। মোৰ দৰে যাতে আপুনিও গান্ধীৰ বান্দৰ তিনিটাই কি বুজাব খুজিছে তাক ক’বলৈ গৈ থমকি ৰব লগা নহয়। আশাই জীৱন আৰু আশাতে বন্দী আমি প্রতিজন। পঢ়াশালিৰ দিনৰ মোৰ প্রিয় কবিতা এটা সকলোকে মনত পেলাই দিব খুজিছো যাৰ প্রতিটো শাৰীয়ে আমাক আত্মবিশ্বাসী, সাহসী আৰু কষ্টসহিষ্ণু হবলৈ শিকাই যায়।
 
দিন যায় আহে ৰাতি   সময় গৈছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ
সংসাৰ যুঁজৰ ঠাই     শুবৰ সকাম নাই
কাঁচি পাৰি যুঁজা সবে কৰি প্রাণপন।
 
এলাহ নিহালি থোৱা   বীৰবেশ গাত লোৱা
নহবা মৰাৰ দৰে জ্ঞানৰ সন্তান
নহবা গৰুৰ দৰে      খুছিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্র বুলি হোৱা খ্যাতিমান।
 
মহা মহা পুৰুষৰ      চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰো জীৱন গঢ়িত
অভিনয় শেষ হলে    আয়ু বেলি মাৰ গলে
থৈ যাব পাৰো খোজ সময় বালিত।
 
সম্পাদক : উজ্জ্বল ফুকন
 
———————-****————————-
 
“জাতীয় জীৱনৰ সন্ধি ক্ষণত ব্রহ্মাস্ত্র প্রয়োগ কৰিব নোৱাৰিলেও দুই এটা বাটুল গুটি দলিয়াব লাগে।” – অম্বিকাগিৰি ৰায় চৌধুৰী।
 
 

Subscribe
Notify of
11 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

সম্পাদকীয়টোৱে বহু গুৰুত্বপূৰ্ণ বিষয় আমাৰ আগত হাঁহি হাঁহি কৈ গল । সৰলকৈ গুৰুত্বপূৰ্ণ কথা বৰ্ণনা কৰাটো আটাইতকৈ কঠিন কাম । সেয়ে সম্পাদক ডাঙৰীয়াক ধন্যবাদ ।

দিগন্ত শইকীয়া
9 years ago

এটা ব্যতিক্ৰমী সম্পাদকীয় লেখা পঢ়িলো , ভাল লাগিল ৷

ৰূনাব কাঁ
9 years ago

ভাল সম্পাদকীয় । ………….“শকুনি একো বেয়া নাছিল । সি প্রতিশোধ মানে ৰিভেঞ্জ লৈছিল। গান্ধাৰ দেশৰ শকুনিৰ গোটেই বংশটোক দুৰ্যোধনে মাৰিছিল।” মই যিমান পাৰো মনত পেলাই ক’লো।…………. দুৰ্যোধনৰ ঠাইত ধৃতৰাষ্ট্র হ’ব লাগিছিল ।

Chandrama Kalita
9 years ago

বঢ়িয়া

মিণ্টু বৰগোঁহাই
9 years ago

সুন্দৰ ভাষাৰে বৰ্ণনা কৰা এটা সময়োপযোগী সম্পাদকীয় । ধন্যবাদ উজ্জ্ব্ল দা ।

দেৱব্ৰত গগৈ
9 years ago

প্ৰতি ৰূনাব কাঁ —- মই যিমান দূৰ জানো দুৰ্যোধনেই হয় ।

9 years ago

Ujjal, khub bhal hoise. congratulation for coming up with a great editorial and keep that up. I am yet to familiar with assamese script software. So sorry for writing in english.

BRAJEN PATHAK
9 years ago

বহু সাম্প্ৰতিক সমস্যাৰ বহিঃ প্ৰকাশ কৰা হ’ল| লিখনি পঢ়ি ভাল লাগিল|

Manavi
9 years ago

Bhal Lagil…

pulak gogoi
9 years ago

অভিভূত

ৰণদীপ ভুঞা
9 years ago

দেৰিকৈ হলেও পৰহিলো ৷ ভাল লাগিল ৷ আমি সমস্যা বোৰৰ বিষয়ে কথা পাতিয়েই শান্ত হৈ যাও ৷ গাতোত কিবা, বিন্ধা মাৰি নিয়া যেন লাগে ৷