সম্পাদকীয়- অঞ্জলি গগৈ বৰগোহাঞি

“শৰত সমান নাহি সুখ কাল
সবেও বিদিত ভৈল
স্বচ্ছ ভৈল জল আকাশ নিৰ্মল
দূৰ গৈল মেঘগণ…”
 
– ( শৰৎ বৰ্ণনা ) শ্ৰীমন্ত শংকৰদেৱ

         প্ৰাণ-প্ৰাচুৰ্যৰে ভৰপূৰ, শেৱালিৰ সুবাস, দূৱৰিত কুঁৱলীৰ আচ্ছাদন সানি আকৌ শৰৎ আহিল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও শৰতৰ বিমোহিত ৰূপত মোহিত হৈ গুণানুকীৰ্তন কৰা আমি ‘শৰৎ বৰ্ণনা’ত পাওঁ৷ এৰা, শৰৎ মানেইতো এক মিঠা শিহঁৰিত অনুভৱ৷ শৰৎ ঋতুৰ আগমনৰ লগে লগে বাৰিষাৰ বোকা, বানপানী, উৎকট গৰম, মহ-ডাঁহৰ উৎপাত, এইবোৰৰ বিপৰীতে প্ৰকৃতিৰ ৰূপ বিনন্দীয়া হৈ পৰে৷ এই ঋতুৰ আগমনত প্ৰতিজন সৌন্দৰ্য্য পিয়াসীৰ মন ঐশ্বৰ্য্যশালী প্ৰকৃতিৰ ৰূপত মোহিত নহৈ নোৱাৰে৷ বিশ্ববৰেণ্য সাহিত্যিক, চিত্ৰকাৰ, গায়ক আদি কৰি সাধাৰণ হজুৱাজনলৈকে এই ঋতুৱে সদায়ে উদ্বুদ্ধ কৰি আহিছে৷ সন্ধ্যা আৰু পুৱতিনিশা পদূলিৰ শেৱালিজোপাৰ পৰা মৃদু মলয়াত ভাঁহি অহা মতলীয়া কৰা কোমল সুগন্ধত মন আপ্লুত হয়৷ জান-জুৰি, চৰ-চাপৰিৰ পাৰৰ কঁহুৱাবোৰে হাত বাউল দি মাতে, নেচাওঁ বুলি ভাবিলেও চকুৱে বাধা নামানে৷ আকাশত কপাহৰ দৰেই শুভ্ৰ কোমল মেঘবোৰে ভিন্ন চিত্ৰ আঁকি উৰি উৰি গুচি যায়৷ সুদীৰ্ঘ বাট অতিক্ৰম কৰি চাইবেৰিয়াৰ পক্ষীকুল শৰতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ নিৰ্দিষ্ট গতিধাৰাৰে আহি বিল, জলাশয় আদি ভৰি পৰেহি৷ দূৱৰি বনত নিয়ৰৰ কণমান টোপালবোৰ প্ৰভাতী সূৰুযৰ কিৰণত মুকুতা হৈ জিলিকে৷ সঁজাল ধৰা গাঢ় সেউজীয়া পথাৰখন চঞ্চলা গাভৰু হয়৷ এজাক উতনুৱা বতাহে পথাৰখনক জোকায়৷ লাজুকী তথা চঞ্চলা পথাৰখন ঢৌ খেলি খেলি, নাচি থাকে৷ সঁজাল ধৰা ৰোৱাবোৰৰ পাতৰ আগত লাগি থকা নিয়ৰৰ টোপালবোৰৰ স’তে প্ৰেমালাপ কৰা বতাহৰ হয়তো সহ্য নহয়৷ সেয়েহে মৃদু মলয়া আহি গাভৰু ৰোৱাবোৰৰ পাতৰ পৰা নিয়ৰৰ টোপালবোৰ আলফুলে আঁতৰাই দিয়ে৷ শৰতৰ শুভ্ৰ মেঘৰ দলিচাত বহি দশভুজা দুৰ্গতিনাশিনী দেৱী দুৰ্গাই আসুৰিক শক্তি নাশি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সন্তানসহ মৰ্ত্যলৈ নামি আহে৷ তাহানিৰ ৰজা-মহাৰজা বা ঋষি-মুনিৰ দিনৰে পৰা শৰৎ কালত দেৱী দুৰ্গাৰ পূজা পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে হৈ আহিছে৷ অৱশ্যে তাহানিৰ দুৰ্গা পূজা আৰু বৰ্তমানৰ দুৰ্গা পূজাৰ মাজত আকাশ-পাতাল পৰিৱৰ্তন হ’ল৷ এতিয়া দুৰ্গা পূজাৰ মণ্ডপৰ জাকজমকতাৰ নামত যিমান অৰ্থ ব্যয় হয়, তাৰ হিচাপ শুনিলে আচৰিত লাগে৷ বৰ্তমান সময়ত কোনখন পূজামণ্ডপত কিমান কিমান টকা খৰচ কৰি কিমান ধুনীয়াকৈ সজাব পাৰি সেইটো বিষয় লৈয়েই পূজা সমিতিসমূহৰ মাজত প্ৰতিযোগিতা চলে৷ এইবাৰো বহু পূজা মণ্ডপৰ বাবে অসমৰ বাহিৰৰ পৰা কাৰিকৰ আনি ব্যতিক্ৰমী ধৰণে তৈয়াৰ কৰিবলৈ যাওঁতে কোটি কোটি টকা অসমৰ বাহিৰলৈ ওলাই যাব৷ তাতোকৈ আমাৰ ৰাজ্যৰে শিল্পীসকলৰ দ্বাৰাই পূজা মণ্ডপ তৈয়াৰ কৰিলে, সেই ধনৰাশিয়ে ৰাজ্যৰ অৰ্থনৈতিক দিশত যৎকিঞ্চিত হ’লেও সহায়ক হ’লহেঁতেন৷ দূৰদৰ্শনৰ চেনেল সমূহত দুৰ্গা পূজাৰ পোনপটীয়া প্ৰচাৰ তথা কোনখন পূজা মণ্ডপ আটাইতকৈ বেছি আকৰ্ষণীয় হৈছে, সেই প্ৰতিযোগিতা পতাৰ বাবেও, পূজা সমিতিসমূহে অৰ্থ ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ সমস্যাৰে জৰ্জৰিত এখন ৰাজ্যৰ এচাম মানুহৰ পূজাৰ জাকজমকতাৰ উচ্ছাস-উদ্দীপনাৰ আঁৰত লুকাই পৰে দুদিনমানৰ আগতে তিনি চাৰিটা বানে সৰ্বস্ব ধুই নিয়া বানপীড়িত আন এচাম মানুহৰ চকুলো৷
 
         সি যি কি নহওক, দুৰ্গাপূজা উদ্‌যাপনৰ হাৰ দিনে দিনে বাঢ়িহে গৈ আছে, পিছে শান্তি প্ৰতিষ্ঠা হৈছে জানো? চাৰিওফালে দেখোন হিংসা, সন্ত্ৰাস, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সহজলব্ধ উপায়েৰে অৰ্থ অৰ্জন, বলাৎকাৰ, আত্মহত্যা, সামাজিক প্ৰমূল্যবোধ ধ্বংস ইত্যাদি বাঢ়িহে গৈ আছে৷ তদুপৰি দিনে দিনে দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে, নিম্ন মধ্যবিত্ত তথা মধ্যবিত্ত নাগৰিকসকলক বাৰুকৈয়ে জুৰুলা কৰিছে৷ এটা সময়ত এক বিশ্ব, এক বজাৰ, এক বাণিজ্য ধাৰণাটো লাহে লাহে শেষ হ’বলৈ গৈ আছে৷ এতিয়া বিশ্বায়নৰ সমৰ্থক দেশসমূহতে অৰ্থনীতিৰ অৱস্থা বেয়া৷ গতিকে তেওঁলোকে অন্য অৰ্থনৈতিক দৰ্শনৰ সন্ধানত আছে৷ বিশ্বায়নে ভাৰতৰ দৰে দেশক অৰ্থনীতি সবল কৰিছিল৷ যদি বিশ্বায়নৰ ধাৰণাটো ভাঙি পৰে, তাৰ প্ৰভাৱ অসমত বাৰুকৈয়ে পৰিব৷ কাৰণ আমাৰ ৰাজ্যখনত বৃহৎ উদ্যোগ আঙুলিৰ মূৰত লেখিব পৰা৷ বহুতো কল-কাৰখানা সম্পূৰ্ণৰূপে বন্ধ হৈ গ’ল৷ কৃষিখণ্ডৰ অৱস্থাও তথৈবচ৷ নতুন কোনো উদ্যোগ তেনেকৈ গঢ়ি উঠা নাই৷ ইফালে দিনে দিনে বাঢ়ি আহিছে শিক্ষিত নিবনুৱা সংখ্যা৷ গতিকে অকল পূজা, বিহু আদি কৰি বাৰটা মাহত তেৰটা উৎসৱ পাতি, পুঁজি বাহিৰৰ ৰাজ্যলৈ পঠোৱাৰ কিবা যুক্তি আছে জানো? আমি এতিয়া আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ দিশটো কেনেকৈ টনকিয়াল কৰিব পাৰোঁ, সেই কথাটো ভবাৰ চূড়ান্ত সময় আহি পৰিছেহি৷ নহ’লে হয়তো কিছু বছৰৰ পাছত আমি চৰম অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব লাগিব৷
 
         তথাপিও শৰৎ ঋতু ভাল পাওঁ৷ শৰতৰ আগমনৰ বাতৰি পালেই যান্ত্ৰিক পৃথিৱীৰ পৰা আঁতৰি, মোৰ চকুত ভাঁহি আহে এজনী কণমানি ছোৱালী৷ যিজনী ছোৱালীয়ে পুৱাৰ সুখনিদ্ৰা ত্যাগ কৰি, কুঁৱলীৰ পাতল চাদৰ এখনে আৱৰি থকা চোতালৰ সেউজীয়া দলিচাত খালী ভৰিৰে খোজকাঢ়ি গৈছিল৷ প্ৰতিটো খোজ আগুৱাই দি, তাই বাৰে বাৰে পিছলৈ উভতি চাই গৈছিল! নাচাবই বা কিয়? তাইৰ প্ৰতিটো খোজৰ চিহ্ন সেউজীয়া হৈ বননিত যে ৰৈ গৈছিল৷ ফুটফুটীয়া ফ্ৰকটো কোঁচাই একোঁচ তলসৰা শেৱালি বুটলি লৈছিল৷ শাৰদীয় জোনাক ৰাতি তন্ময় হৈ চাই ৰৈছিল আকাশখন৷ আহ্! কি যে মায়াময় আছিল সেইবোৰ দিন! আচলতে অতীতক পাহৰিব পাৰি জানো? আমাৰ বৰ্তমানৰ সোপানবোৰ অতীতেইতো বহন কৰি আনিলে৷ অতীত হ’ল বৰ্তমান আৰু ভৱিষ্যতৰ শিপা৷ সেইটো কথা অস্বীকাৰ কৰিব পাৰিনে? শিপায়েই যদি নাথাকে তেন্তে আমি দেখোন তেনেই অস্তিত্বহীন হৈ পৰিম? ১৯৫১ চনৰ এন আৰ চিৰ পাছত ভাৰতৰ ভিতৰতে প্ৰথম অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ (এন আৰ চি)ৰ কাম আৰম্ভ হোৱা সময়ত, শিপা বিচাৰি হাহাকাৰ কৰা সাধাৰণ জনতাৰ মনৰ কথাৰ উমান পাইছিলোঁ৷ এইটো কথা অনস্বীকাৰ্য যে নেটৱৰ্কিঙৰ দ্বাৰা পৃথিৱীখন তেনেই সৰু হৈ গ’ল৷ তথাপিও আমি আমাৰ সভ্যতাক, সংস্কৃতিক, ভাষাক ধৰি ৰাখিব পাৰিব লাগিব৷ অসমীয়া হিচাপে আমাক ধৰি ৰাখিবলৈ শিপা এইবোৰেই৷ নতুনত্ব আহিবই, সেইবুলিয়েই আমি আমাৰ সকলোখিনি হেৰুৱাই পেলামনে?
 
         অসমীয়া ভাষা আজি সংকটৰ গৰাহত৷ যদি আমাৰ মাতৃভাষাটোৱেই নাথাকে, অসমীয়া বুলি আমি কিদৰে পৰিচয় দিম বাৰু? এই কথাটো আমি সকলো অসমীয়াই উপলব্ধি কৰা অতিকৈ প্ৰয়োজন৷ অসমীয়া ভাষা কেতিয়াও বাংলা ভাষাৰ অপভ্ৰংশ নাছিল৷ অতীজৰে পৰা অসমীয়া ভাষাটো এটা স্বতন্ত্ৰ ভাষা৷ এই সম্পৰ্কে আমি প্ৰতিজন অসমীয়া সজাগ হ’ব লাগিব৷ এইখিনিতে কথা এটা উনুকিয়াব খুজিছোঁ৷ বৰ্তমান অসমীয়া ভাষাত বহুতো উন্নত মানৰ লেখা, ছপা মাধ্যমত ভাৰতীয় অন্য উন্নত মানৰ লেখাৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ প্ৰকাশ হৈ আছে৷ কিন্তু এইটো কথা সঁচা যে আমাৰ ভাষাত পঢ়ুৱৈৰ সংখ্যা তেনেই নগণ্য৷ অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি জীৱন অতিবাহিত কৰা কথাটো এতিয়াও সুদূৰ-পৰাহত৷ অসমীয়া ভাষাৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হোৱা লেখাৰ বাবে লেখকক যি মাননি দিয়া হয়, সেইয়াও লেখকৰ শ্ৰম অনুসৰি তেনেই কম৷ আনকি বৰ্তমান সময়ত সাহিত্যিক পেঞ্চনৰ নামত যিকেইটা টকা এজন সাহিত্যিকক দিয়া হয় সেই পৰিমাণো তেনেই নগণ্য৷ মহেন্দ্ৰ বৰাৰ দৰে জ্ঞানী-গুণী সাহিত্যিকৰো জীৱনৰ আৰ্থিক দিশটো শেষ অৱস্থাত বৰ দুখলগা আছিল৷ তদুপৰি বহুতো সাহিত্যিকে নিজৰ গাঁঠিৰ ধন ভাঙি অমূল্য সৃষ্টি কৰি আছে, কিন্তু প্ৰকাশকে হয়তো কিতাপৰ প্ৰচাৰ নকৰাকৈ আছে বা বিক্ৰীৰ বাবে ৰাজ্যখনৰে বেলেগ ঠাইলৈ পঠোৱা নাই৷ যি দুই এখন কিতাপ বিক্ৰী হয়, তাৰ বাবদ লিখকে প্ৰাপ্য মুনাফাৰ পৰা বঞ্চিত হৈ আছে৷ অৱশ্যে সকলো প্ৰকাশক তেনেকুৱা নহয়৷ তথাপিও লিখকৰ জন্ম হৈয়েই আছে, লিখকে সৃষ্টি কৰিয়েই আছে৷ মোৰ এটা কথা ভাল লাগে চ’চিয়েল মিডিয়াত অসমীয়া ভাষাত সাহিত্য চৰ্চা বহু বছৰ ধৰি হৈয়েই আছে, আৰু বহুতো ভাল সাহিত্যিকৰ জন্ম ইয়াতেই হৈছে৷ সুপ্ত হৈ থকা বহুকেইজন সাহিত্যিকক চ’চিয়েল মিডিয়াই পুনৰ জাগ্ৰত কৰি আমাক চিনাকি কৰাই দিছে৷
 
         যিয়েই নহওক, এইবাৰৰ শৰতে অসমীয়া ৰাইজলৈ কেইবাটাও ভাল বাতৰি লগত লৈ আহিল৷ কেইবাগৰাকী অসম সন্তানে আমাক গৌৰৱান্বিত কৰিলে৷ দুদিন আগলৈকে অসমৰ মানুহেই চিনি নোপোৱা হিমা দাসে বিশ্ব ২০বছৰ অনুৰ্ধ এথলেটিকচ চেম্পিয়নশ্বিপ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰাৰ উপৰিও সদ্য সমাপ্ত এছিয়ান গেমচৰ দৌৰ প্ৰতিযোগিতাত আকৌ এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰি আনিলে৷ হিমা দাসে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি আমাৰ বাপতিসাহোন গামোচাখন দুহাতেৰে উৰুৱাই বিশ্বৰ দৰবাৰত এজন অসমীয়া হিচাপে বিশ্ববাসীৰ আগত নিজৰ চিনাকি দিলে৷
 
         হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে৷ চীন, জাপানকে ধৰি বিশ্বৰ আগশাৰীৰ দেশৰ শ্বুটাৰক চেৰ পেলাই এনে বিৰল কৃতিত্বৰ দাবীদাৰ হোৱাটো সঁচাকৈয়ে গৌৰৱৰ কথা৷
 
         ৰীমা দাসৰ “ভিলেইজ্ ৰকষ্টাৰ্চ” নামৰ চিনেমাখন অস্কাৰৰ বাবে মনোনীত হৈছে৷ নামী-দামী ২৮টা ভাৰতীয় অন্যান্য ভাষাৰ মাজৰ পৰা ৰীমা দাসৰ “ভিলেইজ ৰকষ্টাৰ্চ” নামৰ অসমীয়া চিনেমাখন অস্কাৰৰ বাবে মনোনীত হোৱাটো প্ৰতিজন অসমীয়াৰ বাবেই সঁচাকৈয়ে গৌৰৱৰ কথা৷ আমি এতিয়া আশা কৰিছোঁ “ভিলেইজ্ ৰকষ্টাৰ্চে” অস্কাৰ বঁটা লাভ কৰক৷ বিশ্বৰ দৰবাৰত ৰীমা দাসেও আমাক চিনাকি কৰাই দিয়ক৷
 
         অসমৰ আন এগৰাকী সন্তান, অভিনয় শিল্পী আদিল হুছেইনেও আমাক গৌৰৱান্বিত কৰিছে৷ ’হোৱাট উইল পিপল ছে’ নামৰ চিনেমাখনত এজন পাকিস্তানী পিতৃৰ সফল অভিনয়ৰ বাবে নৰৱেৰ অভিনয় ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ সন্মান ’আমান্দা বঁটা’ লাভ কৰিছে৷
 
         বহুতো জল্পনা-কল্পনাৰ ওৰ পেলাই অসম সন্তান ৰঞ্জন গগৈদেৱ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনোনীত হ’ল আৰু ৩ অক্টোবৰত তেখেতে শপতবাক্যও পাঠ কৰিলে৷ ৰঞ্জন গগৈদেৱেই প্ৰথম অসমীয়া যিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ শুৱনি কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ আগলৈকে আনকি উত্তৰ-পূব অঞ্চলৰ কোনো এজনেও এই পদত অধিষ্ঠিত হোৱা নাছিল৷ আমি আশাবাদী যে ১৩ মাহৰ কাৰ্যকালত তেখেতে অসম তথা অসমীয়াৰ হকে সহমৰ্মিতাৰে কাম কৰি যাব আৰু অসমৰ বহুতো ন্যায়কেন্দ্ৰিক সমস্যাৰ কিছু হ’লেও সমাধান কৰি যাব৷ আমাৰ সকলোৰে জ্ঞাত যে ৰঞ্জন গগৈদেৱ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হৈ থকা সময়ত তেখেতে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ (এন আৰ চি)ৰ খচৰা প্ৰস্তুত কৰোঁতে সবল ভূমিকা পালন কৰাৰ কথা৷ ইতিমধ্যে তেখেতে কাৰ্যভাৰ হাতত লৈয়েই অসমীয়াৰ হকে ন্যায়কেন্দ্ৰিক কিছু কাৰ্যক্ৰমণিকা হাতত লৈছে৷
 

“আমাৰ জীৱন ঘেৰি বনজুই জ্বলে
নতুন দিনৰ দীপ্তি বুলি ভুল হয় যদি,
হ’ক ভুল৷ ক্ষতি নাই৷ আমাৰ দেহৰ ছাঁয়ে
ঢাকি যাব পৃথিৱীৰ এই অসুন্দৰতা৷ ”
 
– (সুন্দৰৰ পাতনি) বীৰেশ্বৰ বৰুৱা

 
         লেখাবোৰ যুগুতাই আলোচনীখন সম্পাদনা কৰি উলিওৱালৈকে মোক প্ৰয়োজনীয় সময়ত সহায়ৰ হাত আগবঢ়োৱা সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ৷ সাহিত্য ডট্ অৰ্গৰ সকলো শুভাকাংক্ষীলৈ মোৰ শাৰদীয় শুভকামনা তথা শ্ৰদ্ধা জনাই ‘সাহিত্য ডট্ অৰ্গ’ নামৰ ইউনিক’ড আলোচনীখন আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ৷

(অঞ্জলি গগৈ বৰগোহাঞি)
সম্পাদিকা, সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ সপ্তম সংখ্যা
কাতি ১৯৪০ শক, ২০১৮ চন
গুৱাহাটী ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মলিন মজুমদাৰ
3 years ago

শৰতৰ সৌন্দৰ্য আৰু প্ৰাসংগিক চিন্তাৰ উল্লেখেৰে সম্পাদকীয়টো সুন্দৰ হৈছে।
সাম্প্ৰতিক কালৰ বৰেণ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াৰ সাক্ষাৎকাৰটোৱে আলোচনীখন তুলি ধৰিছে। পাৰবীনৰ সুন্দৰ গল্পটো আৰু আন কেইটামান লেখা পঢ়িছোঁ‌, ভাল লাগিছে। বাকীবোৰ লেখাও পঢ়িম।
সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে অঞ্জলি আৰু গোটৰ সংশ্লিষ্ট সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ।