সম্পাদকীয় (দেৱব্রত গগৈ – মুখ্য সম্পাদক, ১৫ মাৰ্চ,১২ সংখ্যা)

ল’ৰাহঁত

“ তাতে থাকি নাযাব । উভতি আহিব । আহোঁতে লগত মেম লৈ নানিব” — অসমৰ অন্যতম যুগজয়ী পুৰুষ ড° ভবেন্দ্ৰনাথ শইকীয়াই উচ্চশিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ আগমূহূৰ্তত তেখেতৰ বন্ধু এজনে শইকীয়া ছাৰক উপৰোক্ত কথাখিনি পিছপিনৰ পৰা কৈছিল আৰু ছাৰে সেই সময়ত গুৱাহাটীৰ বিমান বন্দৰত উৰিবলৈ সাজু হৈ থকা উৰাজাহাজখনৰ ফালে দৌৰি দৌৰি ধাপলি মেলিছিল , বিদেশলৈ বুলি । কথাখিনি ছাৰে আত্মজীৱনীত উল্লেখ কৰি থৈ গৈছে । উপযুক্ত সময়ত ছাৰ মাতৃভুমিলৈ উভতি আহিল । উভতি অহাৰ পাছত ছাৰে অসমৰ বাবে কি কৰিছিল , আমাৰ বাবে কি কৰি থৈ গ’ল সেইখিনি লিখাৰ ধৃষ্টতা নকৰো । কেৱল ভাবো ছাৰ যদি বিদেশৰ পৰা উভতি নাহি তাতেই থাকি যোৱাহেঁতেনে ড° ভবেন্দ্ৰনাথ শইকীয়া নামৰ এজন মানুহ থাকিল হয় কিন্ত আমি আমাৰ শ্ৰদ্ধাৰ শইকীয়া ছাৰক পালোহেঁতেনে ?
অলপতে এখন বাতৰি কাকতত পালো যে অহা পাঁচ বছৰৰ ভিতৰত উত্তৰ-পূবৰ পৰা দেশ আৰু বিদেশলৈ প্ৰায় 50 লাখ শিক্ষিত আৰু উচ্চ শিক্ষিত ব্যক্তিয়ে প্ৰব্ৰজন কৰিব , উন্নত সংস্থাপনৰ আশাত । নিসন্দেহে সেই 50 লাখৰ ভিতৰত আমাৰ অসমীয়া অতি কমেও 20 লাখ মান থাকিব । যোৱা 2010 চনত এই সংখ্যাটো আছিল প্ৰায় চাৰি লাখৰ ওপৰ আৰু উক্ত 50 লাখৰ মাত্ৰ 5%হে ঘুৰি অহাৰ সম্ভাৱনা আছে । প্ৰব্ৰজনক মানৱ সভ্যতাৰ এক এৰাব নোৱাৰা প্ৰক্ৰিয়া বুলি ধৰিলেও ওপৰৰ খৱৰটোৱে অসম আৰু অসমীয়াৰ বাবে কিছুমান অশনি সংকেত কঢ়িয়াই আনিছে ।
অসমত এতিয়া গুণ আৰু সংখ্যাৰ ভাৰসাম্যতা নোহোৱা হবলৈ আৰম্ভ কৰিছে । নিবনুৱাৰ সংখ্যা বাঢ়িছে কিন্ত উপযুক্ত মানৱ সম্পদ পাবলৈ নাই । উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত স্থান প্ৰাপ্তসকলৰ কথা বাদেই দ্বিতীয় বিভাগত উৰ্ত্তীণ হোৱা প্ৰাৰ্থীও ওলাই গৈছে ৰাজ্যখনৰ বাহিৰলৈ ভাল কিবা এটা পোৱাৰ আশাত , হোৱাৰ আশাত আৰু এইবোৰৰ প্ৰভাৱ লাহে লাহে ৰাজ্যখনৰ প্ৰতিটো সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰিবলৈ ধৰিছে । সৰু উদাহৰণ হ’ল , বহু চৰ্চিত সদ্যসমাপ্ত টেট পৰীক্ষা । বিজ্ঞানৰ যোগ্য প্ৰাৰ্থীৰ অভাৱত পৰীক্ষাৰ আয়োজকসকল থমকিব লগীয়া হ’ল আৰু বাৰে বাৰে পৰীক্ষাৰ নিয়ম শিথিল কৰিলে ।
এইটোও নহয় যে অসমীয়া জাতিটোত যোগ্য মানুহ নাই , কিন্ত থাকিও নথকাৰ দৰে হৈছে । উচ্চশিক্ষাৰ বাবে ৰাজ্যখনৰ পৰা ওলাই যোৱা ব্যক্তিসকলে পৰৰ্ৱতী সময়ত ৰাজ্যখনলৈ ঘুৰি অহাৰ পৰম্পৰাটো লাহে লাহে কমি আহিছে আৰু ৰাজ্যখনত সকলো ক্ষেত্ৰতে , সকলো বিভাগতে যোগ্য ব্যক্তিৰ অভাৱ ঘটিছে । মুষ্ঠিমেয় যি কেইজন আগবাঢ়ি আহিছে তেওঁলোকক হয় নানান প্ৰকাৰে বাধা দিছে নহয় তেওঁলোকক ন্যস্তস্বাৰ্থ মহলে আপোচ কৰিবলৈ বাধ্য কৰোৱাইছে । ইয়াৰ ফলত গছ নোহোৱা হাবিত এৰা গছেই বৰ গছ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।
বিষয়টো সৰলীকৰণ কৰি কব পৰা যায় যে প্ৰতিভাৱান ল’ৰা-ছোৱালীবোৰ অসমৰ পৰা ওলাই গৈছে কেতিয়াও ঘুৰি নহাৰ প্ৰতিশ্ৰুতিৰে । দেশ আৰু বিদেশৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিজ গুণেৰে উজলি উঠিছে আৰু আমি তেওঁলোকৰ কীৰ্তিৰ বতৰা শুনি পুলকিত হৈছো । এনেধৰণৰ প্ৰবাসী অসমীয়াক লৈ আমি গৌৰৱ কৰি আছো আৰু আগলৈও কৰি থাকিম কিন্ত অসম নামৰ ৰাজ্যখনক লৈ গৌৰৱ কৰিব পৰাৰ পৰিৱেশ আৰু পৰিস্থিতি আজি আছে নে নাই তাক ভবাৰ সময় সমাগত ।
উচ্চশিক্ষা সমাপ্তি হোৱাৰ পাছত এক উপযুক্ত সংস্থাপনৰ পোৱাৰ আশাতেই বিদেশ তথা দেশৰ অন্যপ্ৰান্তত অধ্যয়নৰত অসমীয়া যুৱক-যুৱতীসকলে ৰাজ্যখনৰ বাহিৰতে বাস কৰিবলৈ বিচাৰে । সকলোৱে মাথোন এষাৰ কথাই কয় — “ তাত একো নাই , গৈ কি কৰিম?” সচাঁই একোৱেই নাইনে ? বহিঃৰাজ্যৰ অনা-অসমীয়া বেপাৰীয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আলংত উত্পা দিত বাঁহগছৰে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছে । সমগ্ৰ জিলা দুখনৰ ৰাজনীতিৰ চাবি-কাঠি এই অনা-অসমীয়া বেপাৰীৰ হাতত । প্ৰকৃতিয়ে অকৃপণ হাতেৰে আমাক দান দিয়া এই বাঁহ নামৰ প্ৰাকৃতিক সম্পদখিনিক কেচাঁ মাল ৰূপে অসমৰ বাহিৰলৈ নি পুনৰ কাগজৰ ৰূপত আমাকেই বিক্ৰী কৰিছেহি । এইটো মাথোন এক ক্ষুদ্ৰ উদাহৰণহে । আজি সমগ্ৰ ভাৰতবৰ্ষৰ বেপাৰী গোষ্ঠীয়ে উত্তৰ-পূৰ্বাঞ্চললৈ ধপলিয়াই আহিছে , বিশেষকৈ অসমলৈ । কাৰণ তেওঁলোকে মুনাফাৰ গোন্ধ পাইছে অসমৰ মাটিত আৰু লগতে পাইছে সকলোক্ষেত্ৰতেই প্ৰতিদ্বন্দ্বিতাহীন এখন পথাৰ । বিশ্বৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান তথা সভা-সমিতিত অসমক প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰিছে অসমৰ ভাষা , সংস্কৃতি , মাটি-পানীৰ গোন্ধ চিনি নোপোৱা এচাম অনা-অসমীয়াই । থলুৱাৰ ৰুৱতী মাটি ছলে-বলে কৌশলে কাঢ়ি লৈছে এইসকল বনিয়া অনা-অসমীয়াই । ঘৰতে পৰ হবলৈ আৰম্ভ কৰিছে অসমৰ ভুমি-পুত্ৰই আৰু কোনোবা মেধাবী অসমীয়াই দিল্লী-মুম্বাই-বাংগালোৰ-নিউৰ্য়ক বা নিউজাৰ্ছিৰ সুউচ্চ অট্টালিকাত বহি বিলাসী নষ্টালজিয়াত ভুগি মনত পেলাইছে অসমত এৰি থৈ অহা নদীৰ থিয় গৰাটোৰ কথা নতুবা মুকলি পথাৰখনৰ কথা । কিন্ত হায় , তেওঁতো গম নাপাই যে তেওঁৰ নষ্টালজিয়াত জীৱন্ত হৈ থকা সেই মুকলি পথাৰখনত অনা-অসমীয়া বেপাৰীয়ে কেতিয়াবাই চিমেণ্টৰ গুদাম সাজিলে !!!
এই সংক্ৰান্তত “ব্ৰেইন-ড্ৰেইনৰ” দৰে বিলাসী শব্দ ব্যৱহাৰ কৰি গ্লেমাৰযুক্ত আলোচনা কৰাৰ মন নাই । অসমত মেধাবী আৰু সাহসী অসমীয়াৰ অভাৱ ঘটিছে , সেয়ে ল’ৰাহঁত উভতি আহিব লাগে নিজ মাতৃভুমিলৈ । উচ্চ্-শিক্ষা কৰা মানেই যে চাকৰি কৰি গেবাৰী খাটিব লাগিব তেনে কোনো কথা নাই । অসম নামৰ এই ভু-খণ্ডত থকা অফুৰন্ত প্ৰাকৃতিক সম্পদক সদ-ব্যৱহাৰ কৰি উপযুক্ত সংস্থাপনৰ বাট নিজেই সৃষ্টি কৰিব পাৰি । আমি আশাবাদী যে এদিন আমাৰ এই মেধাবী ল’ৰাহঁতেই অসমক দ্বিতীয় এখন উন্নত জাপানলৈ ৰূপান্তৰিত কৰিব , অসমীয়া জাতিক গঢ় দিব আন এক ইজৰাইলীৰ দৰে , যিয়েই নেকি হব অতিকৈ চতুৰ , দায়িত্বশীল , স্বজাতিৰ প্ৰতি মৰমীয়াল আৰু শত্ৰুৰ প্ৰতি দয়াহীন ।
 

দেৱব্রত গগৈ
(মুখ্য সম্পাদক)

Subscribe
Notify of
9 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

সময়োপযোগী লেখা | এতিয়া ব্ৰেইন-ড্ৰেইনৰ ওলোটা সোঁত অসমক বাৰুকৈয়ে প্ৰয়োজন হৈছে | অন্যথা, আমি অতি সোনকালে হেৰুৱাব লাগিব আমাৰ সোনৰ অসমখন |

9 years ago

বৰ ভাল লাগিল কথা খিনি পঢ়ি ।

9 years ago

এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়ত কৰা এনে আলোচনাই অসমীয়া সমাজত সদৰ্থক ভুমিকা ল’ব পাৰে৷‘‘এদিন আমাৰ এই মেধাবী ল’ৰাহঁতেই অসমক দ্বিতীয় এখন উন্নত জাপানলৈ ৰূপান্তৰিত কৰিব , অসমীয়া জাতিক গঢ় দিব আন এক ইজৰাইলীৰ দৰে’’– মুখ্য সম্পাদকৰ দৰে আমিও এই আশা কৰিবলৈ ভাল পাম, কিন্তু তাৰ লগে লগে এই কথাও চাব লাগিব, বাহিৰলৈ যোৱাৰ বাবে বৃদ্ধি পোৱা অনুৰাগৰ আচল কাৰণ কি৷ এয়া এক ৰকমৰ মধ্যবিত্তীয় বিলাস নহয়নে, যাৰ বাবে একালত বিদেশলৈ গৈ অসমলৈ ঘুৰি অহা লোকৰ সন্তানেই আজি বিদেশত (বা ৰাজ্যৰ বাহিৰত) থিতাপি লৈছে বা ল’ব বিচৰিছে? বাহিৰত থাকিও অসমৰ স্বাৰ্থত কাম কৰিব পাৰি (অনেকে কৰিছেও), পিছে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লোকে যেতিয়া নিজৰ সন্তানে অসমীয়া নপঢ়ে বা অসমীয়াত পঢ়িব লগা একো নাই বুলি কৰা সন্তানৰ মন্তব্যক লৈ গৌৰৱ কৰে, তেতিয়া কেৰোণবোৰ আন ধৰণেও ভাবিব লগীয়া হয়৷
মুখ্য সম্পাদকক এই বিষয়টি উত্থাপন কৰাৰ বাবে পুনৰ ধন্যবাদ৷ এনে চিন্তাই বিদেশগামী ২ শতাংশক প্ৰভাৱিত কৰিলেও অসমৰ বাবে তাৰ ফল মংগলময় হ’ব৷

9 years ago

বৰ উন্নতমানৰ হৈছে সম্পাদকীয়টি। এক গুৰুত্বপূৰ্ণ বিষয়লৈ দৃষ্টি আকৰ্ষন কৰাৰ বাবে ধন্যবাদ

Anonymous
9 years ago

“……….কিন্ত হায় , তেওঁতো গম নাপাই যে তেওঁৰ নষ্টালজিয়াত জীৱন্ত হৈ থকা সেই মুকলি পথাৰখনত অনা-অসমীয়া বেপাৰীয়ে কেতিয়াবাই চিমেণ্টৰ গুদাম সাজিলে………..”
হয় বৰ দুখৰ কথা ….. আটাইবোৰ দেখি-শুনিও একো এটা কৰিব নোৱাৰোঁ ……

Anonymous
9 years ago

সুন্দৰ উপস্থাপন ।সম্পাদকীয়ৰ বিষয়বস্তয়ে বহুতৰে মনৰ ভাব প্ৰকাশ কৰাত সফল হৈছে ।ভাল লাগিল পঢ়ি

প্ৰবোধ বৰা
9 years ago

সম্পাদকীয় নিবন্ধটি পঢ়ি অতিশয় আপ্লুত হ’লো | এই সময়োপযোগী আৰু অন্তৰস্পৰ্শী লিখনিৰ বাবে সম্পাদক শ্ৰী দেৱব্ৰত গগৈলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনালোঁ | আশাকৰোঁ তেওঁৰ এই লিখনিয়ে যাক উদ্দেশ্য কৰি লিখা হৈছে তেওঁলোককো স্পৰ্শ কৰিব আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ অনুপ্ৰাণিত কৰিব |

Runab Ka
9 years ago

সাহিত্য ডট অৰ্গৰ ১৫ মাৰ্চ’২০১২ সংখ্যাৰ সম্পাদকীয় (দেৱব্রত গগৈ – মুখ্য সম্পাদক,) “ল’ৰাহঁত” পঢ়ি ভাল লাগিল। গগৈদেৱে এক প্রয়োজনীয় দিশলৈ আঙুলিয়াইছে । শিক্ষা আহৰণৰ বাবে যি য’লৈ যায় যাওক, শিক্ষাগ্রহণৰ পাছত নিজৰ জাতিৰ কথা ভবা উচিত । আৰু এটা কথা বুদ্ধিৰ বিকাশৰ পাছত ব্যক্তিৰ মাজত অসুয়া নাশ হোৱা উচিত । আনে জাতিৰ বাবে কৰা ভাল কামক ইৰ্ষা নকৰি উৎসাহ প্রদান কৰা দৰকাৰ, লগতে নিজৰ জ্ঞানেৰে সহায়ৰ হাত উজান দিলে জাতিটোৰ মঙ্গল । শেষত গগৈদেৱৰ মনচুই যোৱা বাকশাৰী,- “…আমি আশাবাদী যে এদিন আমাৰ এই মেধাবী ল’ৰাহঁতেই অসমক দ্বিতীয় এখন উন্নত জাপানলৈ ৰূপান্তৰিত কৰিব , অসমীয়া জাতিক গঢ় দিব আন এক ইজৰাইলীৰ দৰে , যিয়েই নেকি হব অতিকৈ চতুৰ , দায়িত্বশীল , স্বজাতিৰ প্ৰতি মৰমীয়াল আৰু শত্ৰুৰ প্ৰতি দয়াহীন ।“

BRAJEN PATHAK
9 years ago

ভাল লাগিল | আচলতে অসম খনত বিদেশ নাইবা ভাৰতৰ অ‍ইন প্ৰান্তত হোৱা উন্নত কামৰ দৰে একো দৰ্শনীয় পৰিবৰ্তন নহয় বাবে আৰু ইঞ্জিনিয়াৰ, ডাক্তৰ, এম.বি.এ, ফেচন, মেনেজমেন্ট্‌ বা তেনে উচ্চ শিক্ষা আদি পঢ়ি জোখৰ চাকৰি এটা নাপাব ভাবি বাহিৰলৈ ঢাপলি মেলে আৰু সংস্থাপিত হোৱাৰ সুবিধা পায় বাবে অসমলৈ পিঠি দিয়ে | সম্পাদক ডাঙৰীয়াৰ উক্ত কলমত তাৰে প্ৰতিফলন |