সম্পাদকীয় – পাৰবীন চুলতানা

জীৱন: সত্যৰ প্ৰথম অভিকেন্দ্ৰ

—————————–

ঈশ্বৰকেন্দ্ৰিক তথা আত্মাকেন্দ্ৰিক বিশ্বাসেৰে জীৱনৰ সংজ্ঞা নিৰূপণ কৰাৰ সময়তে পাবলো পিকাছো, এলবাৰ্ট আইনষ্টাইনৰ দৰে সত্তাসমূহে জীৱনৰ প্ৰতি বেলেগ এটা দৃষ্টিভংগী দাঙি ধৰিলে৷ টলষ্টয়ে আত্মাৰ অবিনশ্বৰবাদৰ কথাও ক’লে৷ বিপৰীতে বিজ্ঞানে টানিলে প্ৰাণৰ অস্তিত্বৰ কথা৷ কুৰি শতিকাত বিষয়বাদে গ্ৰাস কৰি লোৱাৰ লগে লগে মানৱবাদ, যোগাত্মকতা, অস্তিত্ববাদ ইত্যাদি অলেখ মতামতৰ হেঁচাত জীৱনৰ অৰ্থ এই ‘বাদ’সমূহৰ মেৰপাকত আবদ্ধ হৈ পৰিল৷ তথাপি প্ৰশ্নৰ উত্তৰ নোলাল৷ প্ৰকৃততে জীৱন মানে কি? জীৱন মানে ঈশ্বৰ নে? নে ধৰ্ম? নে শিক্ষা? নে সমাজ? নে ভাষা? নে গণিত? নে বিজ্ঞান? নে প্ৰেম? শৈশৱ? কৈশোৰ অথবা বাৰ্ধক্য? সাহিত্য? গদ্য? কবিতা? …….গোটেই কেইটা ধাৰণাকে যদি Permutation/combination কৰি পেলাওঁ তেতিয়া কেনে হয়? ঈশ্বৰ আৰু ধৰ্ম নতুবা ঈশ্বৰ আৰু বিজ্ঞান৷ সমাজ আৰু ভাষা নতুবা শৈশৱ আৰু সাহিত্য৷ গণিত আৰু গদ্য অথবা ধৰ্ম আৰু কবিতা৷

জীৱন মানে সেয়াই৷ নিৰ্দিষ্ট কোনো কাঠামোৰ মাজত বন্ধ নোহোৱাকৈ ৰৈ যোৱা এক বোঁৱতী সময়ৰ নাম জীৱন৷ সময়ৰ সোঁতে ঢাহিমুহি কঢ়িয়াই লৈ যায় জ্ঞান নতুবা অভিজ্ঞতাৰ মেটমৰা সম্ভাৰ৷

ঈশ্বৰ মানে সত্য নে কল্পনা? আধুনিক মনোবিজ্ঞানৰ জনক ছিগমাণ্ড ফ্ৰয়েডে ঈশ্বৰক মানুহৰ অলীক কল্পনাৰ বাহিৰে একো নহয় বুলি অভিহিত কৰিছে৷ তেওঁৰ মতে মানুহৰ মাজত এটি অকণমানি শিশু লুকাই থাকে, যি অবচেতন মনত অহৰহ দেউতাকক বিচাৰি ফুৰে৷ মানুহৰ মাজত থকা এই পিতৃস্পৃহাৰ বাবেই পিতৃৰ দৰে এজন ঈশ্বৰৰ প্ৰয়োজন৷ তেওঁৰ মতে, বিজ্ঞানহে সত্য৷ বিজ্ঞানে দিব নোৱাৰাখিনি আমি যিহৰ পৰা বিচাৰো সেয়া অলীক কল্পনাহে, অৰ্থাৎ ঈশ্বৰ৷

তেন্তে ধৰ্ম মানে কি? ঈশ্বৰ আৰু মানুহৰ মাজত যোগাযোগ স্থাপন কৰাৰ এক মাধ্যম হৈছে ধৰ্ম৷ ঈশ্বৰক যদি অলীক কল্পনা হিচাপে মনা যায়, তেতিয়া ধৰ্মৰ স্থিতি ক’ত? ধৰ্মৰ আন এক বিশাল সংজ্ঞা আছে৷ ধৰ্ম মানে বৈশিষ্ট্য, নীতি, মানৱ-জীৱন শৃংখলাবদ্ধ কৰাৰ এক প্ৰণালী৷ ধৰ্মই জীৱন যাপন কৰিবলৈ শিকায়৷ ধৰ্মই মৃত্যুক ধাৰণ কৰিবলৈ নিশিকায়৷ বিজ্ঞান আৰু ধৰ্মক একাকাৰ কৰা যায়নে? যায়৷ ঈশ্বৰক যদি বিজ্ঞানৰ উৰ্ধত থকা এক তুৰীয় শক্তি হিচাপে মনা যায়, তেন্তে ধৰ্মক এই শক্তিৰ সৈতে কম্পনাংক সৃষ্টিৰ এক আহিলা হিচাবে ল’ব পৰা যায়৷

বাস্তৱবাদ:

———–
জীৱন আৰু জগতৰ মাজত বিচৰণ কৰি থাকোতেই বন্ধু এজনে ফোন কৰিলে৷ অলপ খঙমিহলি অভিযোগেৰে ক’লে যে তেওঁ হেনো গোটেই ৰাতিটো শুব পৰা নাই৷ মই কাৰণ জানিব বিচৰাত তেওঁ কোৱা কথাখিনিৰ সাৰাংশ এনেধৰণৰ৷ ঘৰৰ ওচৰৰ ২০-২২ বছৰীয়া ল’ৰা এজন আছে৷ বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণত ল’ৰাজনৰ মতি-গতি একেবাৰে ৰসাতলে গ’ল৷ মাত-কথা চূড়ান্ত অশ্লীল৷ মাক-দেউতাক-বায়েক কাকো নামানে, বৰঞ্চ অত্যাচাৰ কৰে৷ ডকাহকা দি ঘৰৰ বস্তু বিক্ৰী কৰে৷ আনকি মাকৰ এটিএম কাৰ্ডখনো নিজৰ লগত ৰাখে৷ সেই ল’ৰাজনে যোৱাৰাতি এপৰলৈকে ঘৰত উৎপাত কৰি পৰিবেশ বিনষ্ট কৰিলে৷ মূৰকত নিজৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰো টোপনি ক্ষতি৷

মোৰ বন্ধুজন অলপ সহিষ্ণু৷ তথাপি তেওঁৰ ধৈৰ্য্যৰ সীমা চেৰাইছিল৷ থানাত ভৰাই থবলৈ নতুবা দুটামান লপাথপা দি পৰিবেশ ঠাণ্ডা কৰিবলৈ তেওঁৰ মন আছিল৷ হিতে বিপৰীত হোৱাৰ আশংকাত তেওঁ সেইটো নকৰিলে৷

ঘটনাটো সাধাৰণ৷ সচৰাচৰ ঘটি থকা ধৰণৰ এটা ঘটনা৷ কিন্তু ঘটনাটোৱে কেবাটাও চিন্তাৰ উক দিলে৷ মই থোৰতে বন্ধুজনক কৈ থ’লো যে ল’ৰাজনৰ মানসিক চিকিৎসাৰ প্ৰয়োজন আছে৷ তেওঁ হয়তো কোনো পৰিস্থিতিত পৰি নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল যাৰ ফলত ল’ৰাজনে নিচাৰ অবিহনে মানসিক স্থিৰতা হেৰুৱাই তেনে অস্বাভাবিক আচৰণ কৰিবলৈ বাধ্য হয়৷

নিচা বুলি কওঁতেই মনলৈ আহিছে মদ, চিগাৰেট, বিড়ি, ভাংৰ পৰা আদি কৰি ব্ৰাউন চুগাৰ, হিৰোইন, কোকেইনলৈকে৷ যুৱ সমাজ অস্থিৰ আৰু উচ্ছৃংখল হোৱাৰ এটা মূল কাৰণ এই নিচাজাতীয় দ্ৰব্য৷ কোনো সন্দেহ নাই যে ব্যক্তিগত লাভালাভৰ বাবে এচাম অসাধু লোকে এনে দ্ৰব্যৰে বজাৰ ভৰাই পেলাইছে৷ কিন্তু আমাৰ প্ৰশ্নটো হ’ল, কি আবেগৰ কৱলত পৰি উঠি অহা যুৱচামে এনে দ্ৰব্যৰ সহায় লয়৷ হতাশাজনিত কাৰণ নে নিৰাপত্তাহীনতা নে জীৱনৰ প্ৰতি বিতৃষ্ণা? আজিৰ যুৱচাম অতি বেছি আবেগিক৷ অনুভূতিহীন পৃথিৱীত এনে আবেগিক লোকে দিকবিদিক হেৰুৱাই পেলায়৷ মনোবিজ্ঞানৰ দৃষ্টিত আবেগ এক বৰ জটিল বিষয়৷ অনুভৱ আৰু আবেগৰ মাজত বৃহৎ তফাৎ আছে৷ অনুভৱী ধাৰণাটো যিমানেই ধনাত্মক, আবেগৰ ধাৰণাটো সিমানেই ঋণাত্মক৷ আবেগ পৰিচালিত হয় কল্পনা আৰু ভাৱনাৰ দ্বাৰা৷ অতি আবেগিক লোকে তেওঁলোকৰ মনৰ জগতত চলি থকা কল্পনাসমূহ ব্যাহত হোৱাৰ সম্ভাৱনা দেখিলে নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে৷ মানসিক প্ৰালোচকসকলে আশা কৰে যে আবেগৰ চৰিত্ৰগত পৰিবৰ্তন ঘটাই সৃজনশীল সুঁতিলৈ বোৱাই নিব পৰা যায়৷

এয়া হ’ল এক ঋণাত্মকতাৰ বিপৰীতে এক ধনাত্মক পৰ্যালোচনা৷ বাস্তবিকতে তেনে হৈ উঠা নাই৷ সেয়ে আমি চকু মুদা কুলিৰ ভাও ধৰিব নোৱাৰো৷ আমি মানিবই লাগিব যে ভিন ভিন বিষয়সমূহ সামৰি যিমানেই অধ্যয়নৰ বিষয় বাঢ়িছে, সিমানেই বাঢ়িছে সমাজবিৰোধী পৰিঘটনা৷ সৌ সিদিনা এজনী বিবাহিতা নাৰীয়ে আত্মহত্যা কৰিলে৷ কাৰণ? কাৰণটো হ’ল যে সমাজে বাচি দিয়া নিয়মবোৰত তেওঁ নিৰাপদ অনুভৱ নকৰিলে৷ সমাজে স্বীকৃতি দিয়া সংগীজনৰ অনিয়ম আচৰণে তেওঁক হতাশাত ভোগালে৷ বাস্তৱবাদী ধাৰণাৰে চাবলৈ হ’লে তেওঁ হতাশ হোৱাৰ কোনো কাৰণ নাছিল৷ অৰ্থনৈতিকভাৱে তেওঁ স্বাৱলম্বী আছিল৷ তেওঁৰ হাতত আইন আছিল৷ এটা জীৱন পালন কৰিব পৰাকৈ তেওঁৰ ওচৰত যথেষ্ট সমল আছিল৷ পুৰুষপ্ৰধান সমাজৰ বহতীয়া হৈ মৌনভাৱ পোষণ কৰাৰ তেওঁৰ প্ৰয়োজন নাছিল৷ কিন্তু তেনে হ’ল৷ কাৰণ তেওঁৰ নাছিল মৰমৰ নিৰাপত্তা৷ খাই বৈ পিন্ধি উৰি থকাটোৱেই মানৱ জীৱন পৰিপূৰ্ণ কৰিব নোৱাৰে৷ এখন হাবিত এটা সিংহ অকলে বাস কৰিব পাৰে৷ কিন্তু এজন মানুহে নোৱাৰে৷ কাৰণ মানুহক সাহচৰ্য্যৰ প্ৰয়োজন৷ মানুহক প্ৰয়োজন সামাজিক প্ৰস্থিতিৰ৷ সামাজিক প্ৰস্থিতি খৰ্ব হোৱা যেন বোধ হোৱাৰ বাবেই আজিৰ বহুতো লোকৰ আচৰণ জীৱনবিৰোধী হৈ পৰিছে৷ সমাজে বান্ধি দিয়া ভেঁটিটোত সেয়ে তেওঁ আস্থা হেৰুৱাই পেলালে৷ তেওঁ মানসিক ৰোগৰ চিকাৰ হ’ল৷ খুব কম সময়ৰ ভিতৰতে এই ৰোগে চূড়ান্ত পৰ্য্যায় পালেগৈ৷ তাৰ পিছৰ কথাখিনি আমাৰ জ্ঞাত৷

এতিয়া কথা হ’ল, সুস্থ সবল মানুহ এজনকো কি কাৰণে সংগৰ প্ৰয়োজন হয়৷ প্ৰকৃতিগতভাৱেই মানুহ সামাজিক প্ৰাণী৷ প্ৰস্তৰ যুগতো যেতিয়া আদিম মানুহৰ মাজত বন্যতাই বিৰাজ কৰিছিল, তেতিয়াও প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত নতুবা বিভিন্ন ভৌতিক কাৰণত মানুহে গোট পাতি বাস কৰিছিল৷ সমাজ পাতি লোৱাৰে পৰা মানুহৰ চৰিত্ৰগত বিকাশ সাধন হৈছে৷ এই চৰিত্ৰগত বিকাশে ব্যক্তিক সামাজিকীকৰণ কৰি তুলিছে৷ আন নালাগে শিশুৰো মানসিক আৰু শাৰিৰীক বিকাশ কেৱল সমাজৰ সংস্পৰ্শতহে হ’ব পাৰে৷

কিংছলি ডেভিছৰ “Human Society” নামৰ গ্ৰন্থখনত উল্লেখ কৰা দুটি উদাহৰণৰ পৰা এই স্পষ্টকৈ বুজিব পাৰি৷ প্ৰথমটো উদাহৰণ আন্না নামৰ এজনী জাৰজ সন্তানৰ৷ মাকৰ কু-কাৰ্য অজ্ঞাত কৰি ৰাখিবলৈ জন্মৰ লগে লগে আন্নাক ওপৰ মহলৰ এটা অন্ধকাৰ কোঠাত অকলে বন্ধ কৰি থোৱা হ’ল৷ আন্নাৰ প্ৰতিপালনৰ কাৰণে কোনেও একো চিন্তা কৰা নাছিল, মাথোঁ জীয়াই থাকিবৰ বাবে তাইক বাৰ্লি খাবলৈ দিয়া হৈছিল৷ বিছনাত গো-মুত্ৰৰ সৈতে তাই অলৰ অৱস্থাত দিন কটাইছিল৷ ছবছৰ বয়সত আন্নাক বন্ধ কুঠৰীৰ পৰা উদ্ধাৰ কৰা হ’ল৷ এই ছবছৰে আন্নাই কাচিৎহে অন্ধকাৰৰ মাজতেই ইকাতি সিকাতি কৰিছিল৷ উদ্ধাৰৰ সময়ত আন্নাই কথা ক’ব নাজানিছিল, খোজ কাঢ়িব নাজানিছিল, বুদ্ধিৰ বিকাশ হোৱাৰ কোনো ইংগিত পোৱা নগৈছিল৷ মাথোঁ জীৱ থকাৰ বাবে ইতৰ প্ৰাণীৰ দৰে জীয়াই আছিল৷

কিংছলি ডেভিছে উল্লেখ কৰা দ্বিতীয় উদাহৰণটিও ইছাবেল নামৰ এজনী জাৰজ সন্তানৰ কথা৷ প্ৰায় ছয়বছৰ বয়সত বন্ধ কুঠৰীৰপৰা ঈছাবেলক উদ্ধাৰ কৰা হৈছিল৷ বন্ধ কুঠৰীত ইছাবেলৰ লগত আছিল কলা আৰু বোবা মাক৷ ইছাবেলে মাতৃদুগ্ধ পাইছিল কিন্তু কথা বতৰা কোৱা নতুবা শিকাৰ কোনো সুযোগ পোৱা নাছিল৷ আন্ধাৰ কোঠাত থকাৰ বাবে তাইৰ শৰীৰত  বিসংগতিয়ে দেখা দিছিল৷ তাইৰ আচৰণ আছিল বন্য জন্তুৰ দৰে আৰু প্ৰকাশ ভংগী আছিল প্ৰতিহিংসা পূৰণৰ৷ উদ্ধাৰৰ পাছতে শিশু দুটিৰ সামাজিকীকৰণৰ প্ৰচেষ্টা চলিছিল৷

কোৱা বাহুল্য আন্নাতকৈ ইছাবেলৰ বিকাশ দ্ৰুত গতিত হৈছিল, তাই মাতৃ দুগ্ধ তথা মাকৰ মৰম পাইছিল৷

ৰাষ্ট্ৰ, আইন আৰু আমাৰ সভ্যতা:
————————————
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানবোৰেৰে নিজক ব্যস্ত কৰি ৰখাৰ অতবোৰ আহিলা থকাৰ পাছতো আমাৰ সমাজে ব্যক্তিক সম্পূৰ্ণ নিৰাপত্তা নিদিয়ে৷ এই নিৰাপত্তাৰ খাতিৰত ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰিছে৷ আইনৰ প্ৰয়োজনীয়তাৰ কথা ইয়াতে দোহৰাৰ প্ৰসংগ নাই৷ আইনে ভাল আৰু বেয়াৰ মাজত সীমাৰেখা নিৰ্ধাৰণ কৰিছে৷ আইনৰ ভয়ত বহুতো মানুহে অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থাকে৷ অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থকা মানেই সমাজ সুস্থ বুলি ক’ব নোৱাৰি৷ আইন শিথিল হ’লে এনে সমাজ দুৰ্বল হৈ পৰিব৷ সেয়া আমাৰ কাম্য নহয়৷ আমাৰ কাম্য এখন সুস্থ সবল সমাজ, আত্ম-উপলব্ধি ৰে যি সমাজ নিৰ্মল আৰু সুস্থিৰ হৈ থাকিব৷

এটা কথাত আত্মসন্তুষ্টি অনুভৱ কৰোঁ যে আমাৰ সভ্যতাই আমাক সেই নিৰাপত্তা দি থৈছে৷ বন্ধুজনৰ সেই সমস্যাটোৰ উত্তৰত বুদ্ধৰ দৰ্শন এটা মনলৈ আহিল৷ এজন অস্থিৰ, উচ্ছৃংখল কিশোৰৰ চৰিত্ৰ শোধনৰ বাবে মাকে লৰাজনক বুদ্ধৰ ওচৰলৈ লৈ আনিলে৷ লৰাজনৰ সমস্যাখিনি শুনাৰ পাছত বুদ্ধই লৰাজনৰ কাণত পৰাকৈ মাথোঁ এষাৰ কথাই ক’লে, “এই লৰাজনক মোৰ ওচৰলৈ কিয় লৈ আনিছে? তেওঁৰ আয়ুস মাথোঁ চৌবিশ ঘণ্টাহে বাকী আছে৷ গতিকে তেওঁক ঘৰলৈ লৈ যাওক আৰু তেওঁৰ শেষ ইচ্ছা অনুসৰি যি মন যায় কৰিবলৈ দিয়ক৷” বুদ্ধৰ মুখত নিজৰ মৃত্যুৰ আগজাননী পাই লৰাটো বিতত হৈ পৰিল৷ মৃত্যুভয়ে তাক জীৱনৰ মায়া দেখুৱালে৷ সেই চৌবিশ ঘণ্টাত তাৰ গভীৰ আত্মোপলদ্ধি হ’ল৷ জীৱন-জগতৰ সৌন্দৰ্যই তাৰ মন মহিমামণ্ডিত কৰি তুলিলে৷ ক্ষমাগুণেৰে সি এক সুস্থ মানসিকতাৰ জন্ম দিলে৷ বুদ্ধৰ সেয়াই লক্ষ্য আছিল৷ চৌবিশ ঘণ্টাত তাৰ উচ্ছৃংখলতাৰ মৃত্যু ঘটি মানৱীয় গুণেৰে পৰিপুষ্ট এক নতুন পুৰুষৰ জন্ম হ’ল৷

এক ব্যতিক্ৰমী ধাৰণাত স্বাধীনতা দিৱসৰ প্ৰসংগ :
—————————————————-
১৯৪৭ চনৰ ১৫ আগষ্ট  তাৰিখে বৃটিছ ঔপনিবেশৰ পৰা বিশাল ভাৰতবৰ্ষই মুক্তি লাভ কৰাৰ পাছতে আজি আমি ৭১ তম স্বাধীনতা দিৱসত ভৰি দিলো । মূলত: স্বাধীনতাৰ অৰ্থ ব্যাপক । আমি বাৰু প্ৰকৃততে স্বাধীন হৈছোনে ? আজিও গধূলি বিয়লিৰ পাছত এজনী ছোৱালীয়ে নিজ ইচ্ছামতে নতুবা নিতান্ত প্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰে । আজিও এজন যুৱপুত্ৰ ঘৰৰ বাহিৰত থকাৰ সময়ত মাতৃহৃদয় দুৰু দুৰু কঁপি থাকে, “পোনাটি ঠিকে ঠিকেই ঘৰলৈ ওভতি আহিবনে” বুলি । ওৰণিৰ তলত, অন্ধকাৰ গলিত হেৰাই যোৱা সপোনবোৰৰ কথা নকলোৱেইবা’ । মনত পেলাবলৈ মন যোৱা নাই, দিনটোৰ অন্তত মজুৰি হিচাপে পোৱা কেইটামান টকাৰ বিনিময়ত শৈশৱ বিক্ৰী কৰা শিশুটিৰ কথা ।

উন্নয়নশীল দেশৰ বাসিন্দা হিচাপে পাহাৰ কাটি নিৰ্মাণ কৰা  ওখ ওখ বিল্ডিং, ফৰলেনযুক্ত ৰাজপথক লৈ গৌৰৱ কৰাৰ সময়তে ৰুষ্ট প্ৰকৃতিয়ে পানীত উটুৱাই নিয়ে খেতিয়কৰ সঁজাল ধৰা সপোন । সেউজীয়াবোৰে সেউজীয়াবোৰৰ ওপৰতে প্ৰতিশোধ লয় । অদূৰৈত উচুপি ৰয় পিতাইৰ আহুকলীয়া ৰোগটোৱে । কোলাৰ কেঁচুৱা কোলাতে নিথৰ হয় ।

এই যে অংকবোৰ ! ক’ৰবাত কোনোবাটো সূত্ৰৰ ভুল প্ৰয়োগৰ ফলতে প্ৰকৃতি আৰু বিজ্ঞানৰ সংগতি হোৱা নাই । সংগতি হোৱা নাই বাবেই ৰাজ্যখনক জুৰুলা কৰে বিভিন্ন দুৰ্য্যোগে । ধন-জন পানীত উটি যায় ।ভাৰসাম্য ৰক্ষাৰ দায়িত্ব প্ৰকৃতিয়ে এনেকৈয়ে লয় ।  বিনিময়ত শিকায় যায় সাম্যবাদৰ কথা । একো একোটা জোকাৰণিত যেতিয়া গিৰগিৰকৈ খহি যায় ধনবানৰ অহংকাৰ, তেতিয়া দুৰ্বোধ্য হৈ নাথাকে ‘কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মা’ৰ তত্ব ।

সাহিত্য আৰু সমাজ:

——————
সাহিত্যই আমাক পথ দেখুৱায়৷ প্ৰকৃততে প্ৰতিটো কলাই আমাক পথ দেখুৱায়৷ আজিৰ সমাজৰ আৰু এটা প্ৰতিবন্ধকতা হ’ল এয়ে যে আমি কলাৰ বাণিজ্যিকীকৰণ কৰি পেলাইছো৷ বাণিজ্যিকীকৰণৰ ফলত কলাৰ প্ৰকৃত মাদকতাৰ পৰা আমি বঞ্চিত হৈছো৷

ভাল-বেয়াৰ সীমাৰেখাডাল বৰ লেহুকা৷ এই ধাৰণাটোও আপেক্ষিক৷ অপৰাধী এজনৰ মাজত লুকাই থকা শিশুসুলভতা তথা শিশু এজনৰ মাজত লুকাই থকা অপৰাধ প্ৰৱণতা, এই দুয়োটাৰে মাজৰ যিটো স্থিতিয়ে সমাজৰ গতি নিৰ্ধাৰণ কৰে, সেইটো স্থিতিৰে গ্ৰহণযোগ্যতা বিচাৰ কৰা উচিত৷

এপলকত জীৱন:

—————–
জীৱন সুন্দৰ৷ জগতখনো সুন্দৰ৷কৌটি কৌটি বছৰৰ পাছত পৃথিৱী নামৰ গ্ৰহটোৰ জন্ম৷ তাৰো কৌটি বছৰৰ পাছত জীৱকূলৰ জন্ম৷ তাৰো কৌটি বছৰৰ পাছত আধুনিক মানৱৰ জন্ম৷ এই পৃথিবীত আধুনিক মানুহৰূপে জন্ম লব পৰাটো সহজ কথা নহয়৷ বিশ্বব্ৰক্ষাণ্ডৰ প্ৰতিটো সৃষ্টিৰ আঁৰত এক গভীৰ তাৎপৰ্য আছে৷ আমি নিজৰ বিশালতা অনুভৱ নকৰো৷ বিশালতা অনুভৱ নকৰো বাবেই নিৰাপদ অনুভৱ নকৰো৷ নিৰাপদ অনুভৱ নকৰিলেই আমাৰ অস্থিৰতা বাঢ়ে৷ ব্যক্তি অস্থিৰ হ’লেই সমাজ অস্থিৰ হয়৷ দোদুল্যমান সমাজত ক্ষণেপ্ৰতি মানৱতাৰ প্ৰতি শংকা জাগ্ৰত হৈছে ৷

সমান্তৰালভাৱে বাঢ়ি গৈছে জটিলতা৷ জটিল দুনীয়াত ৰুদ্ধ হৈ পৰিছে হিমানী অনুভৱ৷ অনুভৱৰ গতি বাঢ়ক৷ আবেগবোৰ সৃষ্টিলৈ বৈ যাওক৷ আত্মোপলদ্ধিৰে প্ৰতিজন ব্যক্তিৰ চেতনা জাগ্ৰত হওক৷ সত্যানুসন্ধানৰ পথ প্ৰশস্ত হওক৷


পাৰবীন

১ ভাদ, ১৯৩৯ শকাব্দ

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বু
4 years ago

খুব সুন্দৰ

অনুপমা বৰগোহাঁই
4 years ago

সুন্দৰ চিন্তাগধুৰ সম্পাদকীয় ৷ভাল লাগিল৷ আলোচনীখনো সুন্দৰ হৈছে!

Anonymous
4 years ago

খুব সুন্দৰ