সম্পাদকীয় (মিতালী বর্মন)

সম্পাদকীয়

“বিহু আনন্দীয়া      বিহু বিনন্দীয়া
বিহুৰে মৌ মিঠা মাত”
গছে-পাতে ৰহণ সিঁচি আকৌ বসন্ত আহিল। ঋতুৰাজে আদৰি আনিলে আমাৰ প্রাণৰো আপোন ব’হাগৰ বিহুটি। ফাগুন-চ’ত মাহৰ পচোৱাই কোবাই যোৱা প্রকৃতিয়ে বসন্তৰ পৰশতে ন-ৰূপ পায়। সঁচাকৈয়ে প্রকৃতিও কি এক অপৰূপ শিল্প— “ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ” যেন শলিতাহে জ্বলায়! বসন্ত ঋতুৰ আগমনিত প্রকৃতি যৌৱনপ্রাপ্ত হৈ উঠে। কুলি-কেতেকীৰ বিননি, মৃদু-মধুৰ মলয়াৰ বা আদিয়ে সদ্য যৌৱনা প্রকৃতিক মতলীয়া কৰি তোলে। প্রকৃতি শস্যসম্ভবা হয়। প্রকৃতিক মতলীয়া কৰা বসন্তই জোকাৰি যায় ডেকা-গাভৰুৰ হৃদয়ৰ কাৰেংঘৰ। ন-কৈ কুঁহি মেলা পাপৰিৰ সুবাস আৰু যুৰীয়া কপৌৰ কুৰুলিয়ে চঞ্চল ৰংঘৰৰ বাকৰিত তুলি যায় পূৰবী-ৰাগিনীৰ মিঠা ঝংকাৰ। ভূপেন দায়ো কৈ গৈছে,
“স্বকীয় ৰূপ লৈ ব’হাগ নো আহে ক’লৈ
ব্রহ্মপুত্রৰ দুয়োপাৰলৈ, নহয় জানো!”
অসমৰ বিহু আৰু অসমৰ চাহ— অনা-অসমীয়াৰ ওচৰত এয়া হ’ল এগৰাকী অসমীয়াৰ বাবে গৌৰবৰ পৰিচয়। গবেষকসকলে নিতৌ এই দুয়োটি বিষয়ৰে ন ন গবেষণাত ব্রতী হৈ আছে। কিন্তু মাজে-সময়ে মনতে প্রশ্নৰ উদয় হয়, কিমান দূৰ সফল আমি আমাৰ গৌৰবৰ প্রতীক দুটিক অক্ষয় কৰি ৰখাত? গছৰ তলৰ মুকলি বিহুৰ ঠাই অধিগ্রহণ কৰি ল’লে মঞ্চই, মঞ্চৰ পৰা গৈ সি ঠাই পালে চিডি, কেচেটত। ভাল হ’ল নে ভুল হ’ল?
ভাল হ’ল, চিডি অথবা কেচেটত বিহুৰ পয়োভৰে অসমৰ চুক-কোণ ফালি উলিয়াই আনিছে যুৱ প্রজন্মৰ হাজাৰ হাজাৰ কিশোৰ-কিশোৰী। তেওঁলোকক ব্যাকৰণ সন্মতভাবে বিহু নৃত্যৰ প্রশিক্ষণ দিয়াৰ বাবে ঠায়ে ঠায়ে বিহুৰ কর্মশালাৰো আয়োজন কৰা হৈছে। গছৰ তলৰ মুকলি বিহু কি নাজানিলেও জাকে জাকে গাভৰু মুগাৰ সাজযোৰেৰে বিহুৱা ডেকাৰ ঢোলৰ চাপৰত অথবা পেঁপাৰ চেঁৱত বৰদৈচিলাজনীৰ দৰে টাকুৰী ঘূৰা দি নাচিব জনা হৈছে।
মানবজাতি অনুকৰণপ্রিয়। ভাল হ’ল চিডিবোৰৰ বিহু চাই ঘৰতে ককায়েক-বায়েকহঁতে নচা দেখি কণমাণিটোৱেও তাল ধৰিব পৰা হ’ল।
বিহুৰ চিডিবোৰত নায়িকাবোৰে অসমীয়া পৰম্পৰাগত সাজযোৰহে পিন্ধে। বোৱা মেখেলা-চাদৰ, পাটৰ অথবা মুগাৰ মেখেলা-চাদৰৰ প্রতি অসমীয়া জীয়ৰী-বোৱাৰীৰ মোহ আগতকৈয়ো বাঢ়িল। ভাল হ’ল, এঢাপ আগুৱাই গ’ল আমাৰ হস্ততাঁত আৰু বয়ন শিল্প। শিপিনীসকলে দেহৰ দুঃখ-ভাগৰকো কাটি কৰি থৈ “কাপোৰত পৰীৰ সাধু ৰচনা” কৰিবলৈ আকৌ অনুপ্রেৰিত হ’ল। “ছাঁতে শুকোৱা মুঠিতে লুকোৱা” কাপোৰৰ জন্মৰ আঁৰত থকা পাট আৰু মুগা পলুৰ খেতিৰে আত্মনির্ভৰশীল হ’বলৈ উদ্বুদ্ধ হ’ল বহুজন। বিশ্ববাসীৰ চকুত পাট-মুগা শিল্পক উচিত ৰূপত মূল্যায়ন কৰাৰ যেন পথ প্রশস্তহে হ’ল।
লণ্ডনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক, ২০১২ৰ উদ্বোধনী অনুষ্ঠানত অসমৰ ভালে সংখ্যক বিহুৱা-বিহুৱতীৰে বিহু নৃত্য প্রদর্শনৰ যো-জা চলি আছে। ইয়াৰ আগতে অলিম্পিক খেলৰ কোনো উদ্বোধনী অনুষ্ঠানতে বিহুনৃত্য প্রদর্শন হোৱা মনত নপৰে। কিন্তু তাৰ বিপৰীতে অন্যান্য ৰাষ্ট্রৰ বিভিন্ন প্রদেশৰ ভিন ভিন নৃত্য উপভোগ কৰাৰ কথাহে মনত পৰে। ভাল হ’ল, এইবাৰ আনবোৰৰ লগতে আমাৰ আপোন বিহুটিয়েও তাত স্থান পাব। আমাৰ কৃষ্টি-সংস্কৃতিক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰাৰ এয়া যেন প্রথম সোপান।
যদি ইমানবোৰ ভাল হ’ল তেন্তে ভুলনো ক’ত হ’ল? বিহুনৃত্য কেন্দ্রিক চিডিবোৰ নির্মাণ কৰোঁতে নির্মাতাই অসমীয়া সংস্কৃতিৰ লগতে অসমীয়া সমাজখনৰো নির্মোহ ছবি অংকণ কৰিব পাৰিব লাগিব। বিহু প্রদর্শনীৰ সময়ত বিহুৰ লগত জড়িত অসমৰ থলুৱা বাদ্যযন্ত্র যেনে ঢোল, তাল, পেঁপা, গগনা, বাঁহী, সুতুলী আদিৰ লগতে অসমীয়া সমাজৰ সাজ-পোচাক, আ-অলংকাৰ, আচাৰ-ব্যৱহাৰ এই সকলো দিশৰ ওপৰতে গুৰুত্ব আৰোপ কৰিব লাগিব। কেৱল ব্যৱসায়কেন্দ্ৰিক মনোবৃত্তিৰে চিডি নির্মাণ কৰি এই দিশবোৰ আওকাণ কৰি থাকিলে আমাৰ সংস্কৃতিক সুচাৰুৰূপে প্রতিফলিত কৰাৰ দিশত কিমান সফল হোৱা যাব সেয়া সন্দেহৰ আৱর্তত! যদি অনাগত দিনবোৰত চিডিৰ বিহুয়েই সংস্কৃতি ৰক্ষাৰ অন্যতম বাহক স্বৰূপ হৈ পৰে তেন্তে সেয়া নিখুঁট হোৱাটো নিতান্তই বাঞ্ছনীয়।
ইমানবোৰ ভাল আৰু বেয়াৰ মাজত সংঘর্ষ হোৱাৰ পাচতো প্রশ্নৰ উদয় হয়, আমাৰ কৰণীয় কি? হয়, কৰণীয় আছে। বিহুৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিয়ে বিশ্বদৰবাৰত খোজ পেলোৱাৰ লগে লগে আপোনাৰ, তেওঁৰ, আমাৰ, সকলোৰে দায়িত্ব বাঢ়িল। নিজৰ কৃষ্টিক, নিজৰ জাতিক বিশ্ববাসীৰ লগত পৰিচয় ঘটোৱাৰ এনে সুবর্ণ সুযোগকণ এৰি দিব নোৱাৰি। প্রতিটো বস্তুৰে ভাল আৰু বেয়া এই দুয়োটি দিশ থাকে। ভালবোৰ গ্রহণ কৰি সেইবোৰ ঘঁহি-পিহি উজলাই তুলিলে বেয়া দিশবোৰ নিজে নিজে নিষ্প্রভ হৈ পৰে। কঁকালত টঙালি বান্ধি সাজু হ’বৰ সময় সমাগত।
মিতালী বর্মন
সম্পাদক, বসন্ত বিশেষ সংখ্যা, ২০১২
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
syed rizwan ahmed naser
9 years ago

M’am
editorial tu pohi bor bhal lagil. if the information regarding DHEKI can be provided,through site, I think it will much more help for our new as well as future generation.
thank you