সম্পাদকীয় -মুক্ত প্ৰকাশৰ যুগ- (উদ্দীপ তালুকদাৰ)

-মুক্ত প্ৰকাশৰ যুগ- (উদ্দীপ তালুকদাৰ)
কেই বছৰমান আগতে বন্ধু এজনে এটা সাধু কথা কৈছিল। এনে ধৰণৰঃ কালিদাস ৰাজকবি হৈ থকা দিনতে উজ্জয়িনী সাম্ৰাজ্যৰ সৰু গাঁও এখনত বাস কৰিছিল এজন কবি। এইজন কবিয়ে কবিতা লিখি গাঁওৰ দুখীয়া নিচলা মানু্হক শুনাইছিল আৰু তেওঁলোকে দক্ষিণা হিচাপে দিয়া অলপীয়া সাহাৰ্যৰে জীৱন নিয়াইছিল। গাঁৱৰ মানুহবোৰে প্ৰায়েই তেখেতক কৈছিল, ‘আমি আপোনাৰ প্ৰতিভাৰ কদৰ হিচাপে মৰমৰ বাহিৰে আন একো দিব নোৱাৰোঁ, আপুনি সম্ৰাটৰ ওচৰলৈ যাওঁক। আমাৰ সম্ৰাটে কবি-সাহিত্যিকক বেছ সন্মান কৰে। তেখেতে আপোনাক নিশ্চয় সহায় কৰিব।’ ৰাইজৰ কথা শুনি কবি সম্ৰাটৰ ওচৰলৈ গ’ল। সম্ৰাটক লগ ধৰি নিজৰ উদ্দেশ্য জনোৱাৰ পাছত সম্ৰাট কবিতা শুনিবলৈ ৰাজী হ’ল। কবিতাৰ উপযুক্ত বিচাৰৰ বাবে ৰাজকবি কালিদাসকো কাষতে বহুৱাই ললে। সম্ৰাটে কবিতা শুনি ভালেই পালে। কিন্তু কালিদাসে কবিৰ প্ৰতিভা দেখি ইৰ্ষান্বিত হ’ল। তেওঁ ৰজাক ক’লে যে সেয়া সাধাৰণ মানৰ কবিতা। ৰাজ অনুগ্ৰহৰ যোগ্য নহয়। সেইবাবে সম্ৰাটেও কবিক বিদায় দিলে। হতাশাত কবি আহি নৈৰ পাৰৰ অকলশৰীয়া ঠাই এডোখৰত বহিল। সন্ধিয়া হৈ আহিছিল, জুই একুৰা জ্বলাই ল’লে। লিখা থোৱা কবিতাৰ সাঁচিপাতবোৰ উলিয়াই ললে। তাৰ পাছত এটা এটাকৈ কবিতাবোৰ আবৃত্তি কৰি পঢ়িবলৈ আৰম্ভ কৰিলে আৰু পঢ়ি শেষ কৰাৰ পাছত সেই জুইত জাপি দি গ’ল। তেখেতৰ কবিতা শুনি ঘৰলৈ উভতিব ধৰা চৰাই, জন্তু-জানোৱাৰ সকলো মন্ত্ৰমুগ্ধ হৈ তাতেই ৰৈ গ’ল। কিন্তু কবিয়ে একোৰে ভ্ৰূক্ষেপ নকৰি মাত্ৰ কবিতা আবৃত্তি কৰি জ্বলাই যাবলৈ ধৰিলে। এনেকৈ কবিতা জ্বলি জ্বলি শেষ হোৱাৰ লগে লগে কবিৰো মৃত্যু হ’ল।
এটা দুখ লগা সাধু কথা। কিন্তু সাধুটোৰ আঁৰত কিছুমান আৰু দুখ লগা কথা সোমাই আছে। ভালকৈ মন কৰিলে দেখিব পুৰণি দিনৰ যিকেইজন সাহিত্যিকৰ নাম আমি জানো সেই সকলো ৰাজ অনুগ্ৰহত বৰ্তি থকা সাহিত্যিক। অকল সাহিত্য ৰছনা কৰি জীয়াই থকাটো পুৰণি দিনত সম্ভৱ নাছিল। কাৰণ ৰছনাবোৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যাবলৈ তাৰ বহু সংখ্যক প্ৰতিলিপি কৰাটো কষ্টসাধ্য আৰু খৰছসাপেক্ষ আছিল। এই অসুবিধাবোৰ দূৰ কৰি সাহিত্য সকলোৰে মাজলৈ সোমাই যোৱাত প্ৰথম ঢাপটো আছিল মুদ্ৰণ যন্ত্ৰৰ ব্যৱহাৰ। কিন্তু মুদ্ৰণ যন্ত্ৰৰ প্ৰয়োগ কৰি প্ৰতিলিপি প্ৰস্তুত কৰাটোত কিছু পৰিমাণে খৰছ আছিলেই। ৰজা-মহাৰাজৰ টকা নালাগিলেও অন্ততঃ টকা-সিকা থকা ধনী মানুহৰ দ্বাৰাহে মুদ্ৰণ যন্ত্ৰ ব্যৱহাৰ কৰাটো সম্ভৱ আছিল।
কিন্তু সকলো সলনি হ’ল আজি দুটা দশক আগতে। বৰ্তমান ইণ্টাৰনেটৰ বহুল প্ৰচলনে যিকোনো লোককে ৰাইজৰ মাজলৈ নিজৰ চিন্তা-চৰ্চা আগবঢ়াই দিবলৈ সুযোগ দিলে। ইয়াতো অকণমান খৰছ আছিল। ৱেবছাইট এটা স্থাপন কৰাৰ খৰছখিনি। কিন্তু তাৰ পাছতে আহিল ব্লগ আৰু সামাজিক নেটৱৰ্কিং ৱেবছাইট। ইয়াৰ লগে লগে আচলতে আমি নজনাকৈয়ে এটা বিপ্লৱৰ সূচনা হ’ল। ইণ্টাৰনেটৰ সেৱা উপলব্ধ প্ৰতিজন মানুহেই নিজৰ ক’বলগীয়াখিনি সকলোকে ক’ব পৰা হ’ল।
আজি দুটা দশকৰ আগলৈ ৰাইজৰ মাজলৈ কি যাব, কি নাযাব সেইটো সদায় আন কোনোবাৰ বিচাৰাধীন হৈ আছিল। কিন্তু এতিয়া প্ৰতিটো চিন্তাই, প্ৰতিটো কথাই সকলোৰে মাজলৈ যাব পাৰে। ইণ্টাৰনেটৰ মূল শক্তি তাতেই। ইণ্টাৰনেটৰ আন এটা কথাৰ বাবে ইণ্টাৰনেটৰ উদ্ভাৱকৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই আহে। সেয়া হ’ল ইণ্টাৰনেটক কাৰো মালিকানা স্বত্বত থাকিবলৈ নিদিয়াটো। সেয়ে ইণ্টাৰনেটত কাৰোবাৰ কণ্ঠ ৰূদ্ধ কৰাৰ স্বেচ্ছাচাৰ কাৰোৱেই নাই।
উল্লেখযোগ্য যে ইণ্টাৰনেটৰ ভাল দিশসমূহেই ইয়াৰ বেয়াখিনিও। মুক্ত চিন্তাৰ প্ৰকাশৰ পথ হ’লেও ইণ্টাৰনেটক সমানে বেয়া কামৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। তাৰ দেধাৰ উদাহৰণো দিব পাৰি। কিন্তু সামগ্ৰিক ভাৱে বিভিন্ন ব্লগ আদিত লেখা মতামতবোৰ চাই ধাৰণা হয় যে ৰাইজৰ সন্মিলিত শক্তিয়ে বেয়াখিনিক যথেষ্ট পৰিমাণে বান্ধি ৰখাত সক্ষম হয়। উদাহৰণ স্বৰূপে বিশেষ দেশ বা জাতি বা ধৰ্মৰ প্ৰতি বিদ্বেষ উদ্ৰেককাৰী সমলবোৰক প্ৰায়েই বহুতো লোকে যুক্তি আৰু কথাৰে প্ৰত্যাক্ৰমণ কৰা দেখা যায়। তৎস্বত্তেও আমি নুই নকৰোঁ যে কৌশলী ব্যক্তিয়ে ইণ্টাৰনেটক বেয়া কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে। আমি পাহৰিলে নচলিব যে শক্তিৰ লগতে সদায় দায়িত্বও আহে। ইণ্টাৰনেটে প্ৰতিজন মানুহকে আচলতে সীমাহীন শক্তি দান কৰিছে, কিন্তু সেই শক্তিক ভালৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰতিজনে দায়িত্বখিনিও মূৰ পাতি ল’বলৈ সাজু থাকিব লাগিব।
এই কথাখিনি ইয়াত কোৱাৰ এটা নিজস্ব কাৰণ আছে। এই অনলাইন আলোচনী ‘সাহিত্য’ও বহুতে নভবাকৈয়ে, হয়তো নজনাকৈয়ে এক মুক্তবাদী দৰ্শনৰ ফলশ্ৰুতি। ফেচবুকৰ গোট ‘অসমীয়াত কথা-বতৰা’, য’ত অসমীয়া লিখিব পৰা যিকোনো ব্যক্তিয়েই যোগদান কৰিব পাৰে, তেওঁলোকৰ যিকোনো লেখা ইয়াত প্ৰকাশ কৰিব পাৰি। এই নিয়মটোৱেই আচলতে প্ৰচলিত ছপা মাধ্যমৰ বিপৰীতে ‘সাহিত্য’ক এক উন্মুক্ত মাধ্যম হিচাপে গঢ় দিছে। য’ত অসমীয়াত লেখা যিকোনো কথা প্ৰকাশ কৰিব পাৰি, ইয়াত আনকি কিমান দীঘল লেখা হ’ব লাগিব আদিৰ দৰে সাধাৰণ বাধ্য-বাধকতাও নাথাকে। মাত্ৰ লিখক আৰু সাহিত্যত যোগ দিয়ক।
এনে ধৰণৰ প্ৰচেষ্টাৰ বিপৰীতে দিয়া এটা অতি সহজ যুক্তি হ’ল লেখাৰ মান কমি আহিব। কিন্তু মই কথাটো ওলোটাকৈ ভাবো। লেখা এটাৰ মান কিমান তাক কেইজনমান বিজ্ঞ ব্যক্তিয়ে মিলি কেনেকৈ কৰিব পাৰে? এনে ক্ষেত্ৰত বিজ্ঞসকলে কৰা মাৰাত্মক ভুলৰ বহুতো উদাহৰণ আছে। যিকোনো সৃষ্টিশীল কাৰ্য্যৰ মূল পাঠক/আলোচক হৈছে জনসাধাৰণ। তেওঁলোকক চাবলৈ দিয়া। যদি ৰাইজে ভাল পায়, ৰৈ যাব। আৰু যদি নেপায়, ৰাইজে নিজেই বেয়া হৈছে বুলি আওকাণ কৰিব। সেয়ে মাধ্যমটোৰ কাম হৈছে তাক আগবঢ়াই দিয়া। বাকী ৰাইজৰ হাতত। এইটো উপায় সদায় ফলৱতী নহয়। কেতিয়াবা ইয়াৰ বিৰূপ প্ৰভাৱো পৰিব পাৰে। কিন্তু কেইজনমানে মিলি মান নিৰূপন কৰাতকৈ এইটো বহু গুণে ভাল উপায় বুলিয়েই মই ভাবো। আৰু এটা কথা, কেইজনমানে মিলি এইটো ভাল লাগিছে বোলা বস্তুটোৰো প্ৰয়োজন আছে, কিন্তু তেওঁলোকে ‘এইটো বেয়া হৈছে, ইয়াক আঁতৰাই ৰাখা’ সেইটোহে মই মানি নলওঁ। অৱশ্যে সকলো চিন্তাকে ওলাই আহিবলৈ দিয়াত বিপদো আছে, কিন্তু তেনে লেখা ওলোৱাৰ লগে লগেই যিসকলে তাৰ ভিতৰৰ বেয়াখিনি বুজি পায়, সেইখিনি আঙুলিয়াই দিবলৈ তেওঁলোক ওলাই আহিব লাগিব। মুক্ত লেখাৰ দৰ্শনত সেইবাবে বিজ্ঞসকলৰ দায়িত্ব আচলতে বাঢ়িহে যায়। কাৰণ ৰাইজে তেখেতসকলৰ যুক্তিপূৰ্ণ মন্তব্য চাই সেই মৰ্মে নিজৰ চিন্তাৰ ধাৰাও সলনি কৰিব।
সেয়ে যিকোনো লেখা প্ৰকাশ হোৱাটো যিমান জৰুৰী, তাৰ আলোচনা-সমালোচনা হৈ ভিতৰখনত সোমোৱাটো তাতকৈ বেছি জৰুৰী। ইণ্টাৰনেটে এই ক্ষেত্ৰত এটা নতুন ভূমিকা লৈছে। এটা সৰু উদাহৰণ স্বৰূপে মই ক’ব খুজিছোঁ, মাৰ্ক ক্ৰিলীৰ কথা। তেখেতে ইউটিউবত ‘মাংগা’ (জাপানৰ কমিক্‌ছৰ এটা শৈলী) কেনেকৈ আঁকিব লাগে সেই বিষয়ে কিছুমান ভিডিঅ’ প্ৰস্তুত কৰে। তেখেতৰ ভিডিঅ’বিলাকত ৰাইজে আগবঢ়োৱা মতামতবিলাক পঢ়িলে আৰু বহুতো কথা জানিব পৰা যায় আৰু ৰাইজে আনকি মাৰ্কলৈও বহুতো পৰামৰ্শ আগবঢ়ায়। ক্ৰিলীয়ে নিজেই তাৰে বহুকেইটা পৰামৰ্শ মানি পাছৰ ভিডিঅ’টো আৰু উন্নত কৰিবলৈ যত্ন কৰে। মোৰ বোধেৰে মাৰ্কৰ ভিডিঅ’ চাই যিমান মানুহ উপকৃত হৈছে, তাতকৈ বেছি উপকৃত হৈছে তেখেতে নিজেই।
একেধৰণে আমাৰ ‘অ.ক.ব.’ গোটৰো কেবাজনো লেখকে নিজৰ লেখাত পোৱা মতামত সমূহৰপৰা কিঞ্চিৎ পৰিমাণে হ’লেও উপকৃত হৈছে বুলি মই বিশ্বাস কৰোঁ। অৱশ্যে যিখিনি পৰামৰ্শ আহে সেইখিনি যথেষ্ট নহয় বুলি ময়ো ভাৱো। কিন্তু মূল কথাটো হ’ল, ইয়াত যে এইখিনি পাইছেই! অইন মাধ্যমত সেইখিনিও সিমান সহজে নাহে।
অৱশ্যে এই মুক্ত মাধ্যমত টিকি থাকিবলৈ লেখকসকলে বেছি কষ্ট কৰিব লাগিব। সকলোৰে বাবে মুক্ত এই প্ৰতিযোগিতাত প্ৰতি্ভা, সততা, কঠোৰ পৰিশ্ৰম অবিহনে সাফল্য লাভ কৰা সম্ভৱ নহয়। ‘হাইপ’ সৃষ্টি কৰি এই মাধ্যমত সফল হোৱাৰ সম্ভাৱনা নাই। কেতিয়াবা সাময়িক সাফল্য আহিলেও সি ফুটুকাৰ ফেনৰ দৰেই দুদিনতে নোহোৱা হৈ থাকিব। অ.ক.ব. গোটত নিয়মীয়াকৈ লিখা-মেলা কৰি থকাসকলে এই কথাবোৰলৈ লক্ষ্য ৰাখিব লাগিব।
এই মুক্ত মাধ্যমত লেখক বা শিল্পীয়ে নিজৰ কামৰ মাননী আহৰণ কৰাৰো সুবিধা আছে। অৱশ্যে অসমীয়া ভাষাত সেইটো পৰ্যায় পাবলৈ আৰু অলপ ৰ’ব লাগিব। কিন্তু সেই দিন সূদূৰ নহয়। সোনকালেই অসমীয়াৰ বাবেও ইণ্টাৰনেট নিজৰ সৃষ্টিক বিপনন কৰাৰ মাধ্যম হৈ পৰিব।
 
সম্পাদক হিচাপে দায়িত্ব ভাৰ লোৱাৰ পাছত মোৰ প্ৰথম চিন্তা আছিল একো বাদ নিদিওঁ, চব লেখাই দি দিম। কিন্তু পাছত দেখিলো, মুক্ত চিন্তাৰ আদৰ্শত বিশ্বাসী হোৱাটো সহজ, কিন্তু তাক সকলো ক্ষেত্ৰতে মানি চলাটো সম্ভৱ নহয়। সকলো মাধ্যমৰে এটা সীমা আছে, আৰু তাৰ বাবে কিছুমান এৰা-ধৰা কৰা প্ৰয়োজনীয়। ব্লগত কিবা এটা লেখা আৰু সাহিত্যত কিবা এটা লেখা ওলোৱা তাৰ মাজত কিছুমান মূলগত পাৰ্থক্য আছে। সেয়ে কিছুমান ক্ষেত্ৰত কটা-কূটা কৰিব লগা হৈছে। কিন্তু কোনো বিৰোধী মতাদৰ্শ বা অমিল চিন্তাৰ ওপৰত সম্পাদকৰ কলম নচলাওঁ বুলি আৰম্ভণিতেই ঠিক কৰি লৈছিলো আৰু যিমান পাৰি লেখাবোৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ চেষ্টাই কৰিছোঁ।
‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্যকে মোৰ ধন্যবাদ জনাইছোঁ। কিন্তু কেইজনমানক অলপ বিশেষ ভাৱে ধন্যবাদ জনাব খুজিছোঁ, এওঁলোক হ’লঃ মিতালী বৰ্মন, দীপা ডেকা, বৰ্ণালী দেউৰী, ৰূপালী গগৈ বৰুৱা, বিভা বড়ো, ত্ৰিনয়ন বৰা, মহান দত্ত, সত্যকাম দত্ত, পংকজ বৰা আৰু ভগৎলাল দত্ত। আটাইকেউজনকে মোৰফালৰপৰা বিশেষ ভাৱে ধন্যবাদ।
শেষ কৰাৰ আগতে দুটামান সৰু সৰু কথা। সাহিত্যৰ এই সংখ্যাৰ কামৰ মাজতে নতুন বছৰ এটা আহি পালে। এই নতুন বছৰত অ.ক.ব. আৰু জাতিষ্কাৰ হৈ উঠক তাৰ কামনা কৰিলোঁ।
পিছে অকল নতুন বছৰেই নে? ভোগালী বিহুও দেখোন আহিয়েই পালে। সেয়ে অলপ পুৰণি কিন্তু অতি আপোন কেইটামান শব্দৰে আটাইলৈ ভোগালীৰ শুভেচ্ছা জনালোঃ
জাৰ পৰিছে
ঠেঁটুৱৈ লগা জাৰ
পোৰা টায়াৰ, পোৰা বাৰুদ আৰু
চিতাৰ জুয়ে নিদিয়ে মনত উম।
অঁকৰা পোনাকণহঁতে আকৌ নৰা কাটিছে
মাঘত মেজি সাজিবলৈ।
মেজিৰ জুইতে তপতাও আহঁক
শীতল মনবোৰ
কিজানি আহেই ভোগালী!
এইবাৰ ধান হওঁক
মনত..
 
(উদ্দীপ তালুকদাৰ)
 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rajoo Sonowal
9 years ago

স ম্পাদক ডাঙৰী,
লিখা বিলাক নিজে কেনেকৈ দিব পাৰিপদ্ধতিটো জনাবলৈ আনুৰুধ কৰিলো ।

9 years ago

ভাল লাগিল।এতিয়া কথাটো যদি ওপৰ খাপলৈ লৈ যাব লগা হয় তেবেহলে তেতিয়াহলে যদি সকলো মুক্তই তেনেহলে সমপাদকৰ কাম কি?
আন এটা ঘটনা মন কৰা যাওক ,বাছ এখনত কোনোবাই চিয়ৰিলে ‘পকেটমাৰ । বছ পকেতমাৰৰ সন্দেহত সকলোবোৰ মানুহে এজন লৰাক বখলিয়াই বখলিয়াই মাৰিলে।পিচত গম পোৱা গল সেই লৰাটো চোৰ নাছিল, আছল চোৰ হুলস্থুলৰ আৰ লৈ পলাল।নিশ্ছয় ধৰিব পাৰিছে সেই সময়ত বাছখনত এনে এজন মানুহৰ দৰকাৰ আছিল যিয়ে ক্ষিপ্র আৰু সঠিক সিদ্ধান্ত দি প্রকৃত চোৰজনক ধৰিব পৰাটো।
সমাজৰ আনবোৰ দিশৰ দৰেই সাহিত্য বা মত প্রকাশৰ মাধ্যমবোৰতো -অতি আবেগ ,একপক্ষিয় ভাবধাৰাই ইজনে সিজনৰ লগত ভাব প্রকাশৰ সম্ভাবনিয়তাবোৰ বন্ধ কৰি এগোত মানুহক আকৌ এখন দ্বীপৰ বাসিন্দা কৰি তোলে।
সম্পাদকৰ কাম হল সেই দ্বীপবোৰৰ মাজত সেতুৰ সৃষ্টি কৰা।

9 years ago

ভাল লাগিল পঢ়ি..সম্পাদকীয়ৰ লগত কিছু কথাত একমত অনুভৱ কৰিলো৷ ধন্যবাদ থাকিল৷