সম্পাদকীয়ৰ পৰিৱৰ্তে:

গণিত মানে যুক্তি, যুক্তিৰ কবিতা । বিজ্ঞান প্ৰকৃতিৰ খেয়ালী গদ্য , সত্যক উন্মোচন কৰাৰ গদ্য,সত্যক প্ৰতিস্থা কৰি পথ দেখুওৱা গদ্য। যুক্তিৰে সত্যক প্ৰতিষ্ঠা কৰা বা সত্যৰ যুক্তিক প্ৰকাশ আৰু প্ৰচাৰ কৰাটো প্ৰয়োজনীয় । সেইবাবে গণিত আৰু বিজ্ঞানৰ পৰস্পৰৰ লগত এৰাব নোৱাৰা সম্পৰ্ক ।

বিজ্ঞান আৰু গণিতৰ বিষয়ে খুব তাকৰীয়াকৈ আলোচনা হৈছে অসমীয়াত। যিখিনি হৈছে সেইখিনিকো বেছি সংখ্যক মানুহৰ ওচৰলৈ আমি লৈ যাব পৰা নাই । বহুত ভাল আৰু প্ৰয়োজনীয় বিষয়ৰ লেখাৰে সৈতে কিছুসংখ্যকে বহু দিন ধৰি বিষয় দুটাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই প্ৰচেষ্টাত বহুসংখ্যকে হাত উজান দিয়াৰ আৰু ইয়াক বেছি সংখ্যকৰ মাজলৈ আগুৱাই নিয়াৰ বহুত প্ৰয়োজন আছে।

বৰ্তমান সময়ত আমিবোৰ অতি ধৈৰ্য্যহীনতাত ভূগি আছো। সমাজ, ধৰ্ম, দল , সংগঠন, জাতি ইত্যাদি বিভিন্ন কথাক লৈ সকলো অধৈৰ্য্য । কোনোবাই কিবা এটা সমুখত আনি দিছে, আমি নিজৰ মগজু ব্যৱহাৰ নকৰাকে টপকে গিলি দিছো। বিচাৰ বুদ্ধিত তলা লগাই থৈ আমি নিজে সৃষ্টি কৰি আছো এক সামাজিক বিশৃংখলতাৰ যাৰ বেয়া দিশবোৰে লাহে লাহে সকলোকে গ্ৰাস কৰি আনিছে। এনেকৈ গৈ থাকিলে সকলো ফালে মৰা-শ দেখিবলৈ বেছি পৰ নাই । সকলো কথা জুকিয়াই চাব পৰাকৈ মগজুত বিচাৰ বুদ্ধি সকলোৰে আছে । ব্যৱহাৰ কৰোঁ নে আমি ,নিজৰ যিখিনি আছে সেইখিনি মগজুৰ ?? বোধহয় কৰা নাই । চলি থকা গাড়ী এখনৰ সমুখেৰে ল’ৰা-ছোৱালী লৈ ৰাষ্টা পাৰ হৈ যাবলৈ ভয় নকৰোঁ কিন্তু চৰকাৰী টিকা এটা দিলে ল’ৰা-ছোৱালীৰ কিবা অনিষ্ট হ’ব বুলি ভয় কৰোঁ । যেতিয়াই মানুহে দেখা-শুনা কথা খিনি নিজৰ মগজুৰে ভাবি চাবলৈ আৰম্ভ কৰে তাতেই বিজ্ঞানৰ আৰম্ভণি। ডিগ্ৰী এগাল পিছফালে লগাই লৈ হোৱা বিজ্ঞানৰ অধ্যাপকৰ হাততো গ্ৰহ-নক্ষত্ৰৰ আঙুঠি দেখা পোৱা কথাটোৱে বহু কথা কৈ যায়। কথা প্ৰসঙ্গত মনত পৰিল, মাননীয় বিৰুবালা ৰাভা বাইদেৱে এবাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনৰ বিষয়ে বিষাদগাৰ কৰি কৈছিল, ” তেখেতৰ দৰে জ্ঞানী গুণী ব্যক্তিয়ে যদি মৌন হৈ ডাইনী কাণ্ডৰ সমৰ্থন কৰাৰ দৰে কৰে, মোৰ দৰে নিৰক্ষৰ এগৰাকীৰ যুঁজখন কঠিন হৈ যায়।”

পৃথিৱীৰ বৰ্তমানৰ আটাইবোৰ সমস্যাৰ লগতে জড়িত এটা সমস্যা হ’ল ভয়াবহভাবে জনসংখ্যা বৃদ্ধি । জুলাই মাহতে বিশ্ব জনসংখ্যা দিৱসো (১১ জুলাই) । এই জনসংখ্যা বৃদ্ধিৰ ৰোধ কৰাৰ বাবে বিজ্ঞান আৰু গণিতৰ মানসিকতা সকলো মানুহৰ মাজলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।সাংখ্যিক ভাবে ই কিমান ভয়াবহ সেইটো বুজি পালেহে মানুহ সচেতন হ’ব। জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানৰ সচেতনতা লাগিবই , নহ’লে সকলো বৃথা ।

লাহে লাহে প্ৰকৃতিৰ পৰিৱেশো সলনি হ’বলৈ লৈছে। বিশিষ্ট বিজ্ঞানী ষ্টিফেন হকিঙে পৃথিৱীৰ আয়ুস যে বেছিদিন নাই তাকো ঘোষণা কৰিছে। আমাৰ চকুৰ আগতে কিমান সলনি হ’ল ভাবকচোন। সলনিবোৰো চক্ৰবৃদ্ধি সুত বঢ়াৰ দৰে বাঢ়িছে। প্ৰকৃতিৰ প্ৰতি আমাৰ বিজ্ঞান সন্মত দৃষ্টিভঙ্গীৰ অভাৱে বা জ্ঞানৰ অভাৱে ক্ৰমে পৃথিৱীৰ আয়ুস হ্ৰাস কৰি আনিছে।

এইযে বেয়া হোৱাবোৰ লিখি আছো কিন্তু বেয়াবোৰৰ পৰা মুক্ত কৰাৰ কোনো পথ দেখুৱাব পৰা নাই এইটো মোৰ নিজৰ বিজ্ঞান মানসিকতাৰ অভাৱ। বিজ্ঞানে পথৰ সন্ধান দিয়ে , সংকেত দিয়ে। প্ৰতিজনৰে মাজলৈ বিজ্ঞানক লৈ যাব নোৱাৰিলে পথভ্ৰষ্ট হোৱাটো স্বাভাবিক।

হওঁতে খোৱা খাদ্য, শাক পাচলিত প্ৰয়োগ কৰা ক্ষতিকাৰক বস্তুবোৰো বিজ্ঞানৰে দান । বিজ্ঞান বুলি কিন্তু সেইখিনিক বুজাব খোজা নাই । সম্ভৱত প্ৰয়োগ কৰাজন যদি সচেতন হ’লহেতেঁন , কিমান ক্ষতিকাৰক বুজিলেহেতেন বা জানিলেহেতেন, প্ৰয়োগ কৰাৰ পৰা আঁতৰত থাকিলেহেতেন। কিনি ব্যৱহাৰ কৰাজনো যদি সচেতন হ’লহেতেঁন !

সাহিত্যৰ লক্ষ্য কি? উদ্দেশ্য কি ? সাহিত্য , বিজ্ঞান, কলা -সংস্কৃতি সকলোৰে লক্ষ্য এটা যেন নেলাগেনে ? বাকীবোৰ বিষয়ক যি স্থানত ৰাখিছো, বিজ্ঞানক ৰাখিছোনে ? পাৰিছোনে? শুনিবলৈ বেয়া হ’লেও পাঠ্যপুথি আৰু বিজ্ঞানাগাৰৰ বাহিৰত আমি বিজ্ঞানক পাহৰি থাকো। বিজ্ঞানী সকলোৱে হ’ব নোৱাৰে কিন্তু বৈজ্ঞানিক দৃষ্টিভংগী অনাখৰী জনেও ৰাখিব পাৰে আৰু সেয়া অতি প্ৰয়োজনীয় আগবাঢ়ি যোৱাৰ বাবে ।■■■

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 years ago

পঢ়ি ভাল পালো৷ এইবাৰৰ সম্পাদকীয় কিছু সুকীয়া হৈছে৷

Anonymous
3 years ago

বৰ ভাল লাগিল। অনন্য।

মহন্ত
3 years ago

সচাঁয়ে বৰ ভাল লাগিল পঢ়ি.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক