সম্পাদকীয়ৰ পৰিৱৰ্তে

শিৱসাগৰৰ কালুগাঁৱৰ নাম নুশুনা অসমীয়া মানুহ খুব কমেই ওলাব। মোৰ শৈশৱ কেঁচা মাটিৰ গোন্ধ লৈ তাতেই অতিবাহিত হৈছিল।
ডিব্ৰুগড়ত চাকৰি কৰা দেউতাই শনিবাৰে সন্ধিয়া আহি সোমবাৰে পুৱাই কৰ্মস্থলীলৈ ঘূৰি যায়। প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচাৰিত ‘জনশিক্ষা’ আলোচনীৰ ডাঙৰ আখৰৰ সাধুকেইটাৰ মাধ্যমেৰে শিক্ষয়িত্ৰী মায়ে মোক আখৰৰ সৈতে পৰিচয় কৰাই দিলে। মোৰ মা স্কুলত আছিল সকলোৰে প্ৰিয় শিক্ষয়িত্ৰী, পথাৰত ৰোৱনী-দাৱনী, তাঁতৰ শালত পাকৈত শিপিনী, ঢেঁকী শাল আৰু পাকঘৰত এগৰাকী ৰন্ধন বিশেষজ্ঞা। গোহালিত গৰুৰ গাখীৰো মায়ে নিজে খীৰায়। পৰিয়ালৰ আটাইৰে যা-যতন লোৱাৰ পিছত মায়ে মোক আইতাৰ হাতত গতাই থৈ ৪মাইল দূৰৈৰ মগৰাহাট স্কুললৈ খোজ কাঢ়ি অহা-যোৱা কৰে। সেই হেন কৰ্মঠ মাতৃক ৩-৪মাহৰ মূৰে-মূৰে পেটৰ বিষত ছটফটাই থকা মই অবোধ বালকে বিমোৰ বিস্ময়েৰে লক্ষ্য কৰিছিলোঁ। গাঁৱে-ভূঁয়ে সৰ্বত্ৰ প্ৰচলিত এসময়ৰ বিখ্যাত ‘বেৰেলগান’ নামৰ দৰবৰ তেতিয়া বোধহয় সিমান প্ৰচলন হোৱা নাছিল। পেটৰ বিষৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ মায়ে এৰাপাতত গৰম ছাই মেৰিয়াই পেটত সেক লৈছিল, যাৰ ফলত মাৰ পেটৰ ছালৰ বৰণ কজলা পৰি গৈছিল। একো কৰিব নোৱৰাৰ দুখত মাৰ পেটৰ কজলা বৰণৰ দৰে মোৰ কুমলীয়া হিয়াখনো কজলা পৰি গৈছিল! কিবা এটা কৰাৰ বাসনা তেতিয়াই মোৰ কুমলীয়া মনত হয়তো মই নজনাকৈয়ে অংকুৰিত হৈছিল! ২-৩ঘণ্টাৰ মূৰত বিষ আঁতৰ হ’লে মায়ে আকৌ কামত লাগি গৈছিল। কাচিৎ বিষ নকমিলে ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰে ৰেলী চাইকেলেৰে আহি মাক দুই-এটা বেজী দি গৈছিলহি। পিছতহে গম পাইছিলোঁ, মাৰ পেটত আচলতে ‘পিত-পাথৰ’ হৈছিল। কোনোবা শুভাকাংক্ষীৰ পৰামৰ্শত এটা সময়ত মায়ে ডিব্ৰুগড়ৰ ‘সৌডামিনি হোমিঅ’ ফাৰ্মেচী’ৰ দৰব খাবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে পেটৰ বিষটো নোহোৱা হৈ থাকিল। পৰিয়ালৰ সকলোৱে মাৰ অসুখৰ কথা পাহৰিয়ে পেলালে। চাৰি দশকৰ মূৰত পুনৰ মাৰ পেটৰ বিষ হ’লত আলট্ৰাচাউণ্ড, চি.টি. স্কেন আদি কৰিলত ধৰা পৰিল, পিত্তত কৰ্কট ৰোগ।

পঢ়া-শুনাৰ বাবে দেউতাই মোক কালুগাঁৱৰ পৰা ডিব্ৰুগড়লৈ আনিলে। তৃতীয় শ্ৰেণীৰ পৰা মোৰ স্কুলীয়া জীৱন আৰম্ভ হ’ল। চতুৰ্থ শ্ৰেণীত হাইস্কুলত দাখিল হোৱাৰ লগে লগে দেউতাই মোক আন এখন জগতৰ সৈতে পৰিচয় কৰাই দিলে। জিলা পুথিভঁৰালৰ সদস্য হোৱাৰ লগে লগে মই কিতাপৰ এখন নতুন জগত আৱিষ্কাৰ কৰি ধন্য হ’লোঁ। ষষ্ঠ শ্ৰেণী পোৱাৰ পিছত মই আৱাসিক বিদ্যালয়ত পঢ়িবৰ বাবে নিৰ্বাচিত হৈ পৰিয়ালৰ পৰা আঁতৰি অসমৰ বাহিৰলৈ গুচি যাবলগীয়া হ’ল। নৱম শ্ৰেণীত কেৰিয়াৰ বাছনিৰ চৰ্চা ওলোৱাৰ সময়ত চিকিৎসা সেৱাক কেৰিয়াৰ হিচাপে লোৱাৰ কথা ব্যক্ত কৰাত আমাক ইতিহাস আৰু সমাজ বিজ্ঞান পঢ়োৱা ‘গুল্লুজী’ চাৰে মোক উপদেশ দিছিল– ‘Try to be a professionally good doctor as well as a good man.’ নিজৰ আদৰ্শ শিক্ষকৰ আশিস নিৰ্মালী শিৰত লৈ এটা সময়ত ডাক্তৰ হ’লোঁ। স্নাতক ডিগ্ৰীধাৰী হাউচ চাৰ্জন হৈ থাকোঁতে ধুবুৰীৰ এজন ডাক্তৰ মোৰ ওচৰত ৰোগী হিচাপে চিকিৎসাধীন হ’ল। তেওঁ মোক দঢ়াই দঢ়াই ক’লে– ‘তুমি স্নাতকোত্তৰ ডিগ্ৰী নোলোৱাকৈ কেতিয়াও নাথাকিবা। সময়ত তুমি মোৰ এই কথাৰ মোল বুজিবা।’
ডাক্তৰ হোৱাৰ আগৰ কথা। কলেজীয়া জীৱন কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত আৰম্ভ কৰিব লওঁতেই মোৰ বৰ টান নৰিয়া হ’ল। চেৰিব্ৰেল মেলেৰিয়াত ভুগি জ্বৰৰ কোবত ভ্ৰম বকিবলৈ ধৰিলোঁ। গুৱাহাটী মেডিকেলত এসপ্তাহৰ অধিক কাল থাকি কেইবাটাও কুইনাইন বেজী লৈ কোনোমতে জীৱনটো বাচিল। ৰোগী হিচাপে তেতিয়াই পোন প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ, কিদৰে ৰোগীয়ে নিজৰ প্ৰিয় চিকিৎসকজনৰ আৰু ভিজিটৰৰ আগমনলৈ আগ্ৰহেৰে বাট চাই থাকে।
এসময়ত মেডিচিন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আয়ত্ত কৰি অনুভৱ কৰিলোঁ, কিদৰে শিক্ষাই বহল দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ মাৰ্গ দৰ্শন কৰে। তাৰ পিছত বিদেশত শিক্ষা লভি বুজিলোঁ, আমাৰ দেশৰ আৰু বিদেশৰ শিক্ষা পদ্ধতিত কিমান কি কি পাৰ্থক্য আছে! ডেৰটা দশকৰো অধিক কাল অসমত চৰকাৰী চাকৰিৰ মিঠা-তিতা-কেঁহা অভিজ্ঞতা; সাফল্য আৰু বিফলতাৰ খতিয়ান কঢ়িয়াই লৈ অৱশেষত স্বদেশৰ মোহ এৰি বৰ্তমান এটা দশকৰো ওপৰ কাল প্ৰৱাসী জীৱন কটাইছোঁ। চৰকাৰী চাকৰিত যোগদান কৰাৰ আগতে মেঘালয়ৰ সৰু চহৰ নংপোত অৰ্জন কৰা চিকিৎসা জীৱনৰ নানা বিচিত্ৰ অভিজ্ঞতাৰ কথা মই কাহানিও পাহৰিব নোৱাৰিম। চাকৰি কালত ওপৰৱালাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি শাস্তি পোৱাৰ তিক্ত অভিজ্ঞতাও মই পাহৰা নাই।
অভিজ্ঞতাৰ মেটমৰা বোজাই আৰু সাহিত্যৰ প্ৰতি অনুৰাগে মোক কলম ধৰিবলৈ শিকালে। কলম নহয়, কী-ব’ৰ্ডত আঙুলি বুলাবলৈ বাধ্য কৰিলে। মোৰ লিখনিৰ ঘাই উপজীব্য হ’ল– ‘যি ক’ম সঁচা ক’ম’। মানুহৰ জীৱনক এজন ডাক্তৰে যিমান ওচৰৰ পৰা চাব পাৰে, অইন কোনেও বোধ কৰোঁ সিমান ওচৰৰ পৰা চাব নোৱাৰে। চিকিৎসকে অকল জীৱনেই নহয়, মৃত্যুকো নিচেই ওচৰৰ পৰা চাব পাৰে। দিল্লীৰ গংগাৰাম হস্পিতেলৰ প্ৰসিদ্ধ চাৰ্জন এজনে মাক চাই ক’লে– ‘অপাৰেচন কৰিলে আৰু কেমোথেৰাপি দিলে তেখেত যিমান দিন বাচিব তাতকৈ বেছি দিন বাচিব যদি আপোনালোকে চিম্প্‌ট’মেটিক চিকিৎসা চলাই যায়।’ সেইমতেই তিলতিলকৈ যন্ত্ৰণা ভোগা মাতৃদেৱীক নিজ হাতে চিকিৎসা দি ৬ মাহ সময় অতিবাহিত কৰিলোঁ। মাৰ গাৰ তেজ কমি গ’লে চাকিত তেল দিয়া দি ৰক্তদান দি কেইসপ্তাহমান আয়ুস বঢ়াই দিওঁ। এটা সময়ত একো চিকিৎসাই কাম নকৰা হ’ল আৰু চিকিৎসাই নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ’ল। জীৱনৰ চৰম সত্যটো হ’ল যে ডাক্তৰে জীৱন ধৰি ৰাখিব নোৱাৰে। মাথো আধুনিক চিকিৎসাৰ দ্বাৰা মৃত্যুক কম কষ্টপ্ৰদ কৰি তুলিব পাৰে। মাতৃ বিয়োগৰ ৭বছৰৰ ব্যৱধানত বৰবাৰীৰ অসম মেডিকেল কলেজৰ এটা কেবিনত দেউতাকো অন্তিম সময়ত চিকিৎসাধীন কৰিবলগীয়া হৈছিল। মেডিকেলত থাকিলেও সম্পূৰ্ণ নিজাববীয়াকৈ আপ্ৰাণ চেষ্টা কৰিও জীৱন আৰু মৃত্যু সম্বন্ধে একেটা সত্যকেই পুনৰ উপলব্ধি কৰিলোঁ।
অসমত থকা সময়ত অপহৰণৰ ভাবুকি, ধন দাবী, ডকাইতি –এই গোটাইকেইটাৰে মুখামুখি হলোঁ। দুৰ্গম অঞ্চলত চাকৰি কৰিবলৈ ৰে’লৰ ইঞ্জিনত উঠি যাত্ৰা কৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা আৰু নৈশ বাচত বহাৰ লগে লগে পৰিচালকৰ বিশেষ ঘোষণা– ‘এইখন বাচত এতিয়ালৈকে ৪বাৰ ডকাইতি হৈছে। গতিকে ৰাইজে নিজৰ দায়িত্বত যাত্ৰা কৰিব।’ শুনাৰ ভাগ্য অসমতহে বোধ কৰোঁ সম্ভৱ।
এতিয়া মই বিশ্বৰ নানা দেশৰ ৰোগীক চিকিৎসা কৰি নানা কথা জনাৰ সুযোগ পাইছোঁ। ভাৰতীয়ৰ বাহিৰেও পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালৰ ৰোগীসকলে মোৰ ওপৰত পৰম ভৰসা ৰাখে আৰু মোক ‘নিজৰ মানুহ’ বুলি ভাবে। তদুপৰি দূৰৈৰ পৰাই টেলিফোন, ইণ্টাৰনেট, স্কাইপ’, ই-মেইলযোগে অসম আৰু মেঘালয়ৰ সপ্তাহত ৩-৪জনকৈ ৰোগীক পৰামৰ্শ দিয়াৰ সুযোগ পাইছোঁ। নেদেখা লোকৰ এইদৰে ভৰসা আৰ্জন কৰি মই সঁচাই ধন্য হৈছোঁ।
ইমানখিনি পাতনি গোৱাৰ বাবে পাঠকে মোক অকাৰণে নিজৰ ঢোল নিজে কোবোৱা বুলি নাভাবে যেন। এজন ডাক্তৰৰ প্ৰত্যক্ষ অভিজ্ঞতা, পৰিস্থিতি বুজাৰ কামত আহিব বুলিহে ব্যক্ত কৰিলোঁ। হয়, আজিৰ ডাক্তৰসকলৰ ‘বহুতৰ’ ধনৰ লালসা বেছি হৈছে। চৰকাৰী চিকিৎসালয়ত টকা নাপালে ভৰ্তি হ’বলৈ বিছনা নাপায়, অ’পাৰেচন নহয় –আদি সকলো বাতৰি অতিৰঞ্জিত বুলি উৰুৱাই দিব নোৱাৰি। ব্যক্তিগত খণ্ডত আই.চি.ইউ.ত ভৰ্তি কৰাৰ প্ৰৱণতা, প্ৰসৱ মানেই চিজাৰিয়েন, ভেণ্টিলেটৰত মৃত্যুৰ পিছতো ৰোগীত ৰাখি থোৱা, চেম্বাৰত মাত্ৰ ৩-৪ মিনিটতে ৰোগীৰ পৰীক্ষা শেষ কৰি প্ৰতিবাৰতেই উচ্চ হাৰত ফিজ লোৱা,– আদি ডাক্তৰৰ বিৰুদ্ধে অভিযোগ অনেক।
এটা সময়ত কোৱা হৈছিল– চিকিৎসক মানেই ভগৱান। পিছত অলপ তললৈ নমাই কোৱা হ’ল– চিকিৎসকসকলো মানুহহে। তাৰ পিছত এচামে ক’লে– চিকিৎসকসকল বেপাৰী। আনকি আজি কিছুমানে ক’বলৈ সংকোচ নকৰে যে ডাক্তৰ হ’ল ডকাইত বা কচাই! এই অৱনমিত গ্ৰাফখনৰ কাৰণ চিকিৎসকসকলে পৰ্যালোচনা কৰাৰ এয়েই সময়। চিকিৎসকসকলে ডাক্তৰ হওঁতেই লোৱা হিপ’ক্ৰেটিকৰ শপত পাহৰা অনুচিত। বৰ্তমান এনে এটা পৰ্যায়ত আমাৰ চিকিৎসক বন্ধুসকল উপনীত হৈছেহি যে মোৰ নিজৰ গলব্লাডাৰৰ অ’পাৰেচন কৰিবলগীয়া হোৱাত একে হোষ্টলতে থাকি পি.জি. কৰা ডাক্তৰ এজনে মোৰ পৰা তেওঁৰ সম্পূৰ্ণ ফিজ ল’বলৈ সামান্যতমো দ্বিধাবোধ নকৰিলে।
বহুতে হয়তো ভাবিব, নিজে এজন ডাক্তৰ হৈয়ো ডাক্তৰৰ বিৰুদ্ধেই ইমানবোৰ কথা মুকলিভাৱে কিয় কৈছে? হয়, এনে কৰিবলগীয়া হোৱাটো বৰ পৰিতাপৰ কথা। ডাক্তৰসকলৰো ক’বলগীয়া বহু কথা আছে। নাৰ্চিংহোম, ফাৰ্মাচী, ষ্টেচনাৰী, হৰেক মালৰ দোকান খুলি ব্যৱসায় কৰিছে যদিও বহু নিবনুৱাৰ পৰিয়ালক সংস্থাপনো দিছে। সমৰ্থনযোগ্য কেতিয়াও ন’হলেও, অসতৰ্কতাৰ ফলত চিকিৎসাৰ বিভ্ৰাট আয়াৰলেণ্ডৰ দৰে উন্নত দেশতো হোৱা নিজে প্ৰত্যক্ষ কৰিছোঁ।
বছৰেক দিন আগৰ কথা। আমাৰ চুবুৰীয়া, প্ৰায় ৫৫বছৰীয়া বৰুৱাই পত্নীসহ চেন্নাইৰ এখন নাম থকা চিকিৎসালয়লৈ গৈছিল কঁকালৰ বিষৰ চিকিৎসা কৰোৱাবলৈ। তাৰ ডাক্তৰে ক’লে, ‘অপাৰেচন কৰালে চিৰদিনৰ কাৰণে বিষটো ভাল হৈ যাব।’ অ’পাৰেচনৰ দুদিন আগত আনন্দমনেৰে দম্পতীহালে খুব ফুৰা-চকা কৰিলে। সাধাৰণ বুলি কোৱা অ’পাৰেচনৰ বাবে অ’.টি.ত যি সোমাল, কফিনতহে লক্ষাধিক টকাৰ বিল পৰিশোধ কৰি গুৱাহাটীলৈ ঘূৰি আহিবলগীয়া হ’ল। আকৌ ভাৰতৰ নানা বিখ্যাত চিকিৎসালয়ত ভাল নোহোৱা ৰোগীও অসমৰ ডাক্তৰৰ হাতত আৰোগ্য হোৱাৰ উদাহৰণো আছে। গতিকে আন্তঃগাঁথনিৰ অভাৱ হ’লেও আমাৰ অসমৰ মেডিকেলকেইখনৰ চিকিৎসকসকলক পিছ পৰা বুলি গণ্য কৰাটো মুঠেই সমীচিন ন’হব। প্ৰয়োজন মাথো আমাৰ ডাক্তৰসকলৰ মনত আন্তৰিকতা আৰু সেৱাৰ মনোভাব জগাই তোলাৰ। হয়তো আমাৰ ডাক্তৰ সকলে আত্মসমালোচনা কৰিব শিকিলে পৰিস্থিতিৰ আমূল পৰিৱৰ্তন হ’ব। আনৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ যাওঁতে ডাক্তৰসকলে নিজৰ পৰিয়াল আৰু আত্মীয়ৰ সংগ-সুখলৈ বহু সময়ত পিঠি দিবলগীয় হয়। পুলিচ, ৰাজনীতিক আৰু যিকোনো সাধাৰণ নাগৰিকৰ হাতত ডাক্তৰসকল লাঞ্চিত হ’বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। অলপতে এটি সাধাৰণ বিবাদৰ ফলত এজন বিধায়ক আৰু পুলিচ বাহিনীৰ হাতত কাণপুৰ মেডিকেল কলেজৰ কেইবাজনো চিকিৎসক প্ৰহৃত আৰু গ্ৰেপ্তাৰ হোৱা ঘটনাৰ ফলত ৬দিন ধৰি সমগ্ৰ উত্তৰ প্ৰদেশৰ চিকিৎসকসকলৰ ধৰ্মঘট চলিল। ন্যায়ালয়ৰ হস্তক্ষেপতহে শাসনাধীন চৰকাৰৰ গা লৰিল আৰু বিক্ষোভ শাম কাটিল। ডাক্তৰসকলে ধৰ্মঘট কৰিবলগীয়া পৰিস্থিতি এটাৰ উদ্ভৱ হ’লে এনে ধৰ্মঘটৰ দুৰ্ভোগ ভোগে সাধাৰণ জনতাই –ই এক চিন্তনীয় বিষয়।
মই ভাবোঁ, ইমান দীঘলীয়া সময় কষ্ট কৰি পঢ়ি-শুনি, চহৰ-গ্ৰাম্যাঞ্চলৰ অভিজ্ঞতা লৈ, বহু সময়ত পৰিয়ালৰ নানা আনন্দমধুৰ ক্ষণৰ পৰা বঞ্চিত হৈ, দিন বা ৰাতিক একাকাৰ কৰি ৰোগীৰ বাবে নিজৰ জীৱনৰ বহুবোৰ ক্ষণ হাঁহিমুখে জলাঞ্জলি দিয়াৰ বিনিময়ত চিকিৎসকে যদি ৰোগী বা ৰোগীৰ অভিভাৱকৰ পৰা যথাসাধ্য আৰ্থিক মাননিৰ উপৰি এষাৰ মৰমৰ মাত আৰু কৃতজ্ঞতাসূচক এক চাৱনি আহৰণ কৰিব পাৰে তেনে সেয়াই হ’ব এজন চিকিৎসকৰ মানৱ সেৱাৰ আচল স্বীকৃতি আৰু পৰম সন্তুষ্টি।
(‘সাহিত্য ডট অৰ্গ’ৰ বাবে লেখাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা প্ৰতিজন ব্যক্তিৰে আন্তৰিক শলাগ ললোঁ। কৰ্মব্যস্ততাৰ মাজত অকণ অকণ সময় উলিয়াই আপোনাসৱৰ লেখাসমূহৰেই আলোচনীখনক এক ৰূপ দিয়াৰ প্ৰয়াস কৰিলোঁ। ইয়াত ভুল-ত্ৰুটি অনেক ৰৈ যোৱাটো নিতান্তই স্বাভাৱিক। তত্ত্বগধুৰ কথাৰে ভৰাই সম্পাদকীয়ও লিখিব নাজানিলোঁ। ‘অকব’ৰ সহৃদয় পাঠকসকলে মোৰ সীমাবদ্ধতাক বুজি মোৰ দোষ ক্ষেমিব বুলি আশা কৰিলোঁ।)
শ্ৰদ্ধা আৰু আন্তৰিক শুভ-কামনাৰে~
ডা০ ভূপেন শইকীয়া
১৫মাৰ্চ ২০১৪
ডোহা, কাটাৰৰ পৰা

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

সুন্দৰ সম্পাদকীয় অভিন্ন্দন

7 years ago

বহুজন পাঠকৰ আদৰ সাদৰত সঁচাকৈয়ে আপ্লুত হৈছোঁ৷ সমূহীয়াকৈ সকলোকে কৃতজ্ঞতা জনাই ভূপেনদাৰ গীতৰ ভাষাৰে পুনৰবাৰ কওঁ – মোৰ লিখনিৰ হাজাৰ পাঠক – তোমাক নমস্কাৰ – মোৰ লিখনিৰ তুমিয়েইটো প্ৰধান অলংকাৰ !

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক