সম্পাদকীয় (অমিতাভ মহন্ত)

পৰিৱৰ্তন অৱশ্যম্ভৱী; বিশেষকৈ এই পৰিৱৰ্তনৰ ধাৰাবোৰ যেতিয়া মানুহ বা সমাজৰ লগত জড়িত হয় তেতিয়া। ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰৰ দৰে সামাজিক পৰিৱৰ্তনো এক ধ্ৰুৱসত্য। আমি হাজাৰ চেষ্টা কৰিলেও এনেধৰণৰ পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰোঁ৷ এক অৰ্থত পৰিৱৰ্তনৰ অবিহনে একো তিষ্ঠি থাকিব নোৱাৰে৷ সেয়ে পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰচলিত যুক্তিবাদক পৰিহাৰ কৰি ইয়াৰ ভাল-বেয়াবোৰৰ মাজৰ পৰা ভালখিনি চান কাঢ়ি লোৱাটোৱেই উচিত৷
চাওঁতে চাওঁতে বাপতি সহোন বিহুটি পালেহি৷ মন মতলীয়া কৰা ফাগুন, বৰদৈচিলাৰ আগমন ইত্যাদিৰ মাজেৰে গছৰ পাত সলাই চেনেহৰ বিহুটি আহি দেহ-মনৰ দুৱাৰদলিত উপস্থিত হৈছেহি৷ কিন্তু ভাৱ হয় যেন আমাৰ ল’ৰালিৰ সেই উন্মাদনা, সেই আৱেগ এতিয়াৰ বিহুবোৰত কিবা ধৰণেৰে নাই। শৈশৱত গৰু বিহুৰ দিনা মাহ-হালধিৰে গৰু ধুওৱা সেই সঙ্গীবোৰ আজি বন্দী হ’ল দেশ-বিদেশৰ বিভিন্ন কৰ্পৰেটৰ হাতোৰাত৷ তাহানিৰ সেই শৈশৱৰ স্মৃতিবোৰ আজি কেৱল আৱদ্ধ ফেচবুকৰ পোষ্টত বা বহুদিনৰ বিৰতিত চাৰিআলিত লগ পোৱা কোনো বন্ধুৰ সৈতে লোৱা চাহকাপৰ জুতিৰ সময়ত চলা কথোপকথনত৷ গৰু বিহুৰ দিনা গা ধুৱাবলৈ দূৰ দূৰলৈ এটাও গৰু বিচাৰি পোৱা নাই, গৰু বিচাৰি পালেও ধুৱাবলৈ পানী নাই৷ গাঁৱতো গৰুৰ ঠাই লৈছে ট্ৰেক্টৰ আৰু আন আন যন্ত্ৰপাতিয়ে। বাকী গাঁৱত থকা গৰু কেইহালৰ খবৰ ল’বলৈ থলুৱা সাংবাদিকে বিহুৰ দুদিনমান আগতে আহি ভিৰ কৰেগৈ নলিনী, লোকেশ্বৰৰ ঘৰত। শৈশৱৰ উল্লাসৰ সেই গৰু বিহুটো যেন আজি এক বন্ধৰ দিনৰ বাহিৰে একো নহয়। কিনি অনা লাৰু-পিঠাৰে বিহু খাই, দিনটো টিভিত নিৰ্বাচনী বিশেষ চাই, গধুলিলৈ পাপন-জুবিন-দীক্ষু কাৰোবাৰ প্ৰগ্ৰেম চাই, ৰাতিলৈ ফেচবুকত তাৰেই আপডেট দি আদৰৰ বিহুটিক আদৰণী জনোৱাৰ কিছু কৃত্ৰিম চেষ্টা কৰি আছোঁ আমি বা আমিবোৰে৷ সেয়ে, ক’ৰবাত কিবাধৰণেৰে যিসকলে এতিয়াও মোৰ ল’ৰালিৰ দিনবোৰত পালন কৰাৰ দৰে বিহু পালন কৰি আছে তেওঁলোকক মই সঁচাকৈ আজিৰ দিনত মনৰ কোনোবা এটা কোণৰ পৰা ভীষণ ইৰ্ষা কৰোঁ৷
সময়ে এনেধৰণৰ নিষ্ঠুৰ আঁচোৰ মাৰি যোৱা সত্বেও বিহুৱে জনমানসত সদায় নিগাজী স্থান অধিকাৰ কৰিয়েই থাকিব৷ অসমৰ বাহিৰত থকা সকলে কৰবাত কুলি-কেতেকীৰ মাত শুনিলেই ধৰফৰাই উঠিব৷ অসমীয়া জাতি থাকে মানে, লুইতখন থাকে মানে বিহু থাকিবই৷ এই আত্মবিশ্বাস প্ৰতিজন অসমীয়াৰ আছে৷ কিন্তু কেৱল আত্মবিশ্বাসেই যথেষ্ট নে? বাইকৰ তালে তালে মেদিনী কঁপোৱা যুৱচামক আজি জোৰ কৰি বিহু নাচিবলৈ বাধ্য কৰাই আমি বিহুক ৰক্ষা কৰিব পাৰিম জানো? একেদৰে এটা চিজনৰ বাবে এজন ঢুলীয়াক কেইহাজাৰমান টকাত বিহুমঞ্চৰ বাবে “চুক্তি” কৰাই আমি বিহুক প্ৰতীকী অৰ্থৰ বাহিৰে কিবা বেলেগ ধৰণেৰে জীয়াই ৰাখিব পাৰিমনে? প্ৰতিবছৰেই আমি বিহুৰ পৰম্পৰা গছৰ তলৰ পৰা মঞ্চলৈ অহাৰ বাবে সমালোচনা কৰোঁ৷ কিন্তু এই সমালোচনাবোৰে বিহুক পুনৰ গছৰ তললৈ ঘূৰাই নিব পাৰিবনে? এইবোৰ নিজক সুধি নিজে বাচি উলিয়াবলগীয়া উত্তৰ। অপ্ৰিয় সত্য হয়তো এয়ে যে মঞ্চলৈ আহিহে আজি বিহু এতিয়াও জনপ্ৰিয় হৈ বাচি আছে৷ গৰু বিহুৰ ক্ষেত্ৰত আজি এই পৰিৱৰ্তন নোহোৱাৰ বাবে ই চহৰাঞ্চলৰ বাবে কেৱল নামত বিহু হৈ আছে৷ বৰ্তমান সময়ত চহৰত বসবাস কৰা শিশুসকলৰ এক বুজন সংখ্যকে গৰু বিহু হয়তো দেখাই নাই বা এই ধাৰাটো চলি থাকিলে কোনোবাদিনা যে দেখিব তাৰো আশা কৰাটো ভুল হ’ব৷ এনেকুৱাত ভাৱ হয় যেন ৰাজহুৱাভাবে পালন কৰাৰ কিবা পথ থাকিলে আমি গৰু বিহু উলহ মালহেৰে পালন কৰিব পাৰিম। পৰিৱৰ্তনৰ এই পাকচক্ৰত পৰি আঁহতৰ তলত শুনিবলগীয়া মহৰ শিঙৰ পেঁপাৰ মাতটো আমি মঞ্চত শুনিবলৈ পাইছোঁ৷ এতিয়া হয়তো সেই দিনলৈও বেছি অপেক্ষা কৰিব নালাগিব য’ত বিহু সমিতিবোৰে গৰুক গা ধুওৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। তেনে হ’লে গৰু বিহুক এই ন-ৰূপত দেখি আমাৰ হৃদয়ে কান্দি উঠিব৷ হয়তো এদিন এনেকুৱা সময় আহিব যিদিনা আমি অনিচ্ছা সত্বেও এয়া কৰিবলৈ বাধ্য হ’ম, অন্ততঃ আমাৰ ভৱিষ্যত প্ৰজন্মক গৰু বিহুৰ পৰম্পৰাৰ বিষয়ে অবগত কৰিবলৈ প্ৰতীকী স্বাৰ্থত৷ ‘লাউ খা বেঙেনা খা ……’ এই বচনফাকিকো হয়তো গৰুবিহুৰ বাণিজ্যিকৰণ কৰিহে ৰক্ষা কৰিব পৰা যাব৷
এইবোৰৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ আগৰ সংজ্ঞাবোৰেই ইয়াত খাটিব যেন বোধ হয়। কিন্তু পৰিৱৰ্তনৰ নামত আমি বিহুক বা অন্যান্য উৎসৱ-পাৰ্বনক কি ৰূপলৈ লৈ যাম সেয়া এক লক্ষণীয় কথা৷ পৰিৱৰ্তনৰ দোহাই দি অৰ্ধনগ্ন পোছাকেৰে ফেশ্যন শ্ব’বোৰত বিকৃত বিহুনৃত্য বা ফাকুৱাৰ ছেগেৰে চৰা দামত বিলাহী কিনি বাৰেভচহু “টমাটিনা ফেষ্টিভেল” পালন কৰালৈকে আমি আমাৰ উৎসৱবোৰৰ পৰিৱৰ্তন বিচাৰোঁ নে? মোৰ বিশ্বাস যে অধিকাংশই এনেধৰণৰ পৰিৱৰ্তন নিবিচাৰিব৷ কিন্তু ইতিমধ্যে পৰিৱৰ্তনৰ নামত আমি বহুতো অশুভ পৰম্পৰাক সাৱতি লৈছোঁ; আৰম্ভণি কৰিছোঁ কিছুমান আচহুৱা পৰম্পৰাৰ৷ ইতিমধ্যে বিভিন্ন ব্যৱসায়ীক গোষ্ঠীৰ কবলত পৰি বিহু বহুলাংশে এক টকা ঘটাৰ আহিলালৈ পৰিৱৰ্তন হৈছে৷ গুৱাহাটীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰত এক বিশেষ বণিক গোষ্ঠীৰ আমাতকৈ আগতেই বিহু গাত লাগে৷ এয়াৰটেল, এয়াৰচেল আদি কৰ্পৰেট গোষ্ঠীয়ে বিহুৰ আনন্দত মতলীয়া হৈ অসমৰ চুকে-কোণে প্ৰচাৰ চলাইছে৷ নাজানো এওঁলোকৰ কবলত পৰি বিহুৱে কি ৰূপ লয়। কিন্তু আমি আশা কৰিম যাতে লোকৰীতি, লোকাচাৰ তথা পৰম্পৰাৰ মূল শিপাডালৰ লগত আমিবোৰৰ সম্পৰ্ক বিছিন্ন হৈ নপৰে৷ পৰিৱৰ্তনৰ আজুহাত লৈ আমি যাতে জাতিটোৰ স্বকীয় বৈশিষ্ট্যক আঘাত নকৰোঁ তাৰ প্ৰতি চোকা নজৰ ৰখাৰ দায়িত্ব প্ৰতিজন সচেতন নাগৰিকৰ। এক অৰ্থত সমাজৰে দায়িত্ব এয়া৷
আন কিছুমান কথায়ো কেতিয়াবা একো একোটা প্ৰশ্ন হৈ আমাৰ আগত থিয় দিয়ে। নিজৰ জাতীয় উৎসৱ ধুমধামেৰে পালন কৰা আমাৰ সকলোৰে দায়িত্ব ঠিকেই। কিন্তু সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ কৰ্ম সংস্কৃতিক পিছলৈ ঠেলি দিয়াৰ যুক্তি কিমান দূৰলৈকে সমীচিন? কৃষি অৰ্থনীতিৰ ভেটিত গঢ় লোৱা এই উৎসৱ আজি বজাৰৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল৷ কেইটামান ব্যতিক্ৰমক বাদ দিলে আজি অসমৰ স্থান উৎপাদন কৰোঁতাৰ ঠাইত নাই, আছেগৈ উপভোক্তাৰ ঠাইতহে৷ আমি কেৱল খাওঁ, পিন্ধোঁ আৰু ফুৰ্তি কৰোঁ৷ সংস্কৃতিৰ বিষয়ে ভাষণ দিওঁতে আমি কৰ্ম-সংস্কৃতিৰ বিষয়ে পাহৰিয়েই থাকোঁ৷ কাম-কাজ বাদ দি তিনিমাহলৈ আমি বিহু নাচিয়েই কটাব পাৰোঁ৷ আহাৰ মাহলৈকে চলি থকা উৎসৱবোৰ আচলতে বিহু নে বিহুৰ নামত শৰাধ? এইবোৰে একো একোটা উত্তৰহীন প্ৰশ্ন।
এইবাৰৰ ব’হাগ আমাৰ বাবে বিশেষ৷ ব’হাগতেই আমি ভোটাধিকাৰ সাব্যস্ত কৰি নতুন চৰকাৰখন গঠন কৰাৰ গুৰুদায়িত্ব পালন কৰিব লাগিব৷ নিৰ্বাচনী বতাহে বিহুৰ মাদকতা অলপ হ’লেও হ্ৰাস কৰিছে৷ ৰাজনৈতিক দলবোৰে সমান্তৰালকৈ দেখুৱাইছে নিৰ্বাচনী বিহু৷ ইতিমধ্যে নিৰ্বাচনী বিহুৰ ঢোল বজাবলৈ বাহিৰৰ নেতাসকল আহি উপস্থিত হৈছেই৷ তেওঁলোকে আমাক বিহুৰ বতৰত আশা দিব, প্ৰতিশ্ৰুতি দিব৷ ঐক্য-অনৈক্যৰ কথা ক’ব৷ পদুমে বিদেশী খেদিব, হাতীয়ে জেওৰা দিব, ঝাৰুৱে সকলো চাফা কৰিব, হাতে এখন ধৰ্মনিৰপেক্ষ দেশ গঢ়িব, আতৰৰ দলে নতুন সংস্কৃতি গঢ়িব৷ আমি তেওঁলোকৰ লগে লগে আগুৱাই যাম, তেওঁলোকে দিয়া দুটকীয়া চাউল খাই, আঁচনিৰ সুবিধা লৈ কাম-কাজ বাদ দি আনন্দত মতলীয়া হৈ গোটেই বছৰটো উৎসৱেই পালন কৰি যাম৷ কিন্তু চহাৰ যিদিনা চেতনা আহিব সেইদিনা দেশখন ৰসাতলে গ’ল বুলি চিঞৰ-বাখৰ কৰাৰ বাদে আমাৰ হাতত আৰু কিবা থাকিবগৈ নে? এইবোৰো নিজে নিজক সোধা একো একোটা উত্তৰহীন প্ৰশ্ন৷ সকলো মহলে কথাবোৰ ন-কৈ চিন্তা নকৰিলে এই পৰিৱৰ্তনে কিবা এটা দিবনে আমাক? নে আমাৰ পৰা কিবাকিবি কাঢ়ি নিব? এই চিন্তন সময়ৰ আহ্বানৰ বাহিৰে কিবা হয় জানো?
তথাপি ব’হাগ ব’হাগেই৷ হাজাৰ পৰিৱৰ্তনৰ মাজতো ই আমাৰ অতিকে আপোন৷ ক’ব নোৱাৰাকৈ ব’হাগে মন আৰু শৰীৰত জগাই তোলে এক অজান শিঁহৰণ আৰু অনুভৱ৷ বিহুৰ দিনা ইয়াকেই কামনা কৰিম যাতে ব’হাগ জিলিকি থাকক অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে৷ আশা কৰিম যেন এই ব’হাগেই সকলোৰে বাবে কঢ়িয়াই আনে এক নতুন দিগন্ত, এই ব’হাগ হওক প্ৰেমৰ ব’হাগ আৰু এই প্ৰেমৰ শক্তিয়ে সমাজখন চিৰদিন একতাৰ দোলেৰে বান্ধি ৰাখক৷
সকলোকে ব’হাগ বিহুৰ ওলগ জনালোঁ৷
ধন্যবাদেৰে,
অমিতাভ
১ বহাগ, ১৯৩৬ শক

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Brajen Pathak
7 years ago

সাম্প্ৰতিক আটাইবোৰ বিষয় সমৰি যুগুতোৱা এই প্ৰবন্দ্ধটো অতি সুন্দৰ হৈছে | পঢ়ি বৰ ভাল লাগিল |

Amitabh Mahanta
7 years ago

আপোনালোকৰ বহুমুলীয়া মন্তব্যবোৰৰ বাবে বহুত ধন্যবাদ৷

5 years ago

how can I read this regularly

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক