সম্পাদকীয় – অষ্টম বৰ্ষ, সপ্তম সংখ্যা, মাঘ ১৯৪১ শক

কিছু কাৰিকৰী অসুবিধা তথা সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিৰ বাবে কিছু পলমকৈ হ’লেও ভোগালী বিহুৰ শুভেচ্ছা যাঁচি আমাৰ আটাইৰে মৰম আৰু হেঁপাহৰ আলোচনীখন আপোনালোকৰ মাজলৈ উলিয়াই দিয়াৰ প্ৰয়াস কৰিছোঁ। সময়ৰ লগে লগে পৰিস্থিতি সলনি হ’ব, কিন্তু আমি জীৱনটো আগুৱাই নিবলৈ যত্নপৰ হ’বই লাগিব।
জাতীয় আৰু ভাষিক দুৰ্যোগৰ এই জটিল সন্ধিক্ষণত মন ভাৰাক্ৰান্ত হ’লেও আমি আমাৰ কৰ্তব্যসমূহ পাহৰিব নালাগিব; ইয়াৰ লগে লগে কৰ্মসংস্কৃতিকো আগস্থান দিব লাগিব। অসমত বিভিন্ন সময়ত হোৱা আন্দোলন, সন্ত্ৰাসবাদ আৰু এইবোৰ দমনৰ নামত ৰাষ্ট্রযন্ত্ৰৰ কঠোৰ নীতিয়ে আমাৰ জাতিটোক ইতিমধ্যে বহুত পিছুৱাই লৈ গ’ল। সেয়ে, কেৱল কৰ্ম-সংস্কৃতিয়েহে এতিয়া আমাক এটা স্বাধীন আৰু আধুনিক জাতি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব-এইষাৰ কথা প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে উপলদ্ধি কৰাৰ সময় সমাগত!

চাওঁতে চাওঁতে ইংৰাজী বছৰে বাগৰ সলালে। সময়ৰ এমুঠি সোণসেৰীয়া বালি আমাৰ হাতৰ মুঠিৰে যেন নিমিষতে সৰকি গ’ল। এইবালিখিনিৰ যিখিনি অৱশিষ্ট আমাৰ হাতত লাগি ৰৈ গ’ল সেইখিনিয়ে আমাৰ বছৰটোৰ উল্লেখনীয় প্ৰাপ্তি অথবা অপ্ৰাপ্তি নহয়নে?!
যোৱা পোন্ধৰ ডিচেম্বৰত বহু চৰ্চিত আৰু শেষলৈ সামান্য বিতৰ্কিত “চ্ছপাক” (CHHAPAAK) নামৰ মেঘনা গুলজাৰৰ কাহিনীৰে নিৰ্মিত কথাছবিখনে মুক্তি পায়। পোন্ধৰ বছৰ বয়সতে এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনভিত্তিক ছবিখনত মূল চৰিত্ৰটোত অভিনয় কৰিছে দীপিকা পাদুকনে। লক্ষ্মীৰ পৰিয়ালৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা বত্ৰিছ বছৰীয়া এজন পুৰুষে প্ৰেমৰ প্ৰস্তাৱত সঁহাৰি নাপায় নিজৰ ভগ্নীৰ সহায়ত কৰা এচিড আক্ৰমণৰ ফলত লক্ষ্মীৰ জীৱনৰ গতি সলনি হৈ পৰে। সাতটা বিভিন্ন চাৰ্জাৰীৰ পাছতো সামান্য নোহোৱা শৰীৰ-মুখ লৈ এই অপৰাধৰ বিৰুদ্ধে যুঁজত নামি পৰে লক্ষ্মী। তেওঁৰ প্ৰচেষ্টাতেই ভাৰতত এচিডৰ মুক্ত বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ হোৱাৰ লগতে ভাৰতীয় দণ্ডবিধি ( Indian Penal Code)ত এচিড আক্ৰমণে এক সুকীয়া অপৰাধৰ স্থান লাভ কৰে আৰু কমেও দহ বছৰৰপৰা যাৱজ্জীৱন পৰ্যন্ত ইয়াৰ শাস্তি নিৰূপিত হয়।
আমাৰ সমাজত শকত-ক্ষীণ, ক’লা-বগা শৰীৰৰ বৰণ, ওখ-চাপৰ বা সমাজে বান্ধি দিয়া সৌন্দৰ্যৰ সংজ্ঞাই সামৰি নল’লেই আমি হীনমন্যতাত ভুগোঁ। তেনে শৰীৰক লৈ body shaming কৰা হয়। তেনে এখন সমাজত এচিডে বিকৃত কৰা মুখ লৈ নিজৰ তথা আন হাজাৰজনী লক্ষ্মীৰ বাবে যুঁজিবলৈ ওলাই অহা আৰু পৰিয়ালৰ অৰ্থনৈতিক সকাহ (টেলিভিছন চেনেলৰ ঘোষিকা পৰ্যন্ত) হোৱা লক্ষ্মী কিমান সাহসী, দৃঢ়মনা আৰু সমাজপ্ৰিয় হ’ব লাগিব সেয়া ভাবিলেও আবেগিক হৈ পৰা যায়!
Criminology বুলি আইনৰ শাখাটোত অপৰাধ, ইয়াৰ কাৰণ, সামাজিক,মানসিক, জৈৱিক কাৰক আদি অধ্যয়ন কৰা হয়। এইটো বিষয় অধ্যয়ন কৰিলে বুজিব পাৰি ব্যক্তি এজনে সাধাৰণতে হঠাতে অপৰাধ এটা কৰি নেপেলায়। বেছিভাগ ক্ষেত্ৰতে যি পৰিবেশত ডাঙৰ-দীঘল হয়, লগ-সংগ আৰু খাদ্যাভ্যাসে অপৰাধ হোৱা বা নোহোৱাৰ ওপৰত বিস্তৰ প্ৰভাৱ পেলায়। এটা কথা নিশ্চিত যে শিশু অৱস্থাৰপৰা মানৱীয় গুণসমূহ বিকশিত হোৱাত গুৰুত্ব দিলে, সুকুমাৰ কলা-শিল্প, ভাল গ্ৰন্থ, চিনেমা আদিৰ পঢ়া-চোৱা আদিত শিশুটিক জড়িত কৰিলে আৰু বিফলতা আৰু জীৱনত ঘটা অনাকাংক্ষিত ঘটনা-প্ৰবাহত কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত আদি কথাবোৰ ধনাত্মকভাৱে শিকালে সেই শিশুৱে নিজৰ অথবা আনৰ লগত/প্ৰতি সহজে অপৰাধমূলক কামত জড়িত হৈ পৰিব নোৱাৰে। ফুল-আকাশ-নদী-শিশু অথবা অন্য জীৱ-জন্তুক ভালপোৱা কোনোবাইনো কেনেকৈ আনৰ অপকাৰ কৰিব পাৰে! নহয়নে?

সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ –


(উৎপলা কৌৰ)

অষ্টম বৰ্ষ, সপ্তম সংখ্যা, মাঘ ১৯৪১ শক
সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!”

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গায়ত্ৰী গোস্বামী
1 year ago

সময়োপযোগী সম্পাদকীয় । ভাল লাগিল । বহু কথাই কম শব্দত সাঙুৰিলে । ঘৰখন আৰু শিশু এটাই পোৱা পৰিৱেশ সচাকৈয়ে বৰ গুৰুত্বসহকাৰে লোৱা উচিত

Bhaskar jyoti sarma
1 year ago

ভাল লাগিল সম্পাদকীয় টো। সময়োপযোগী হৈছে।

Palash Saikia
1 year ago

I am very impressed to read this Magazine.