সম্পাদকীয় – এপ্ৰিল, ২০১৮

ভাৰতৰ কিছু কিছু ৰাজ্য কৃষিক্ষেত্ৰৰ পৰা আঁতৰি গৈছে যদিও অসম এতিয়াও মূলতঃ কৃষিপ্ৰধান ৰাজ্য হৈয়েই আছে ৷ অসমৰ মুঠ জনসংখ্যাৰ শতকৰা সত্তৰ ভাগ বাসিন্দাই এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন যাপন কৰি আছে ৷ তেন্তে কিয় আজি অলপ দিনৰ পৰা কৃষি কৰ্ম কৰিবলৈ আমাৰ অসমীয়া মানুহবোৰৰ ইমান অনীহা হৈছে ? পাৰিলে কৃষিভূমি খিনি বিক্ৰী কৰি, সেই টকাৰে হঠাতে ধনী- মানি হৈ সচ্ছল জীৱন এটাৰ প্ৰতিহে মোহৱিষ্ট হৈ পৰিছে । তেখেতসকলৰ পৰা কৃষিভূমি কিনা সকলৰ প্ৰায়ভাগেই কিন্তু অসমীয়া নহয় ৷ সিদিনা মোৰ কৰ্মক্ষেত্ৰৰ ওচৰৰ এখন অসমীয়া গাঁৱত বছৰত দুটা খেতি কৰাৰ প্ৰশিক্ষন দিবলৈ গৈ, দুটা খেতিৰ আগ্ৰহী খেতিয়ক এজনো নেপালো ৷ খেতি কৰাত কৰে, কিন্তু কেৱল শালিধানৰ খেতিটোহে ৷ কাৰণ শালিধানৰ খেতিত কৃষকসকল অনবৰতে পথাৰত লাগি থাকিবলগীয়া নহয় ৷ বৰষুণৰ লগে লগে কঠীয়া পাৰি, কঠীয়া মূল পথাৰত ৰুই থৈ অহাৰ পিছত সৰহ সংখ্যাক খেতিয়কে খেতিৰ কাম শেষ বুলি ধৰি লয় ৷ ইয়াৰ পাচৰ প্ৰয়োজনীয় যত্ন খিনি লবলৈও যেন তেওঁলোক অপাৰগ।“হেৰৌ, মাজতে যে খেতিডৰা পুৱা-গধূলি পোক পতংগ লাগিছে নেকি?, কিবা বেমাৰ আজাৰ হৈছে নেকি?, চাবলৈ টো যা” ৷ নাই নাযায় ৷ বাৰিষা বতৰ যিহেতু পথাৰত পানী থাকেই ৷ গতিকে জলসিঞ্চনৰো দৰকাৰ নহয় এই খেতিত ৷ গতিকে নেযায় ৷ মাজতে এবাৰ এখন পথাৰত শুঁৰপোকৰ আক্ৰমনৰ খবৰ পাই আমি তাৎক্ষণিক ব্যৱস্থা ল’লো ৷ তাৎক্ষণিক ব্যৱস্থা লোৱাৰ সেই অলপমান সময় তেওঁলোকৰ কি দপদপনি৷ কিন্তু আচল কথাটো হ’ল ধানখিনি ৰোৱাৰ পিছৰ পৰা খেতিডৰাৰ কোনো খা-খবৰ নৰখা খেতিয়ক কেইজনে কাতিবিহুৰ দিনা সন্ধিয়া পথাৰত চাকি জ্বলাবলৈ গৈহে পথাৰত যে শুঁৰপোকৰ আক্ৰমণ হৈছে গম পাইছিল ৷ পিছদিনা পুৱা আমি শুঁৰপোক নিয়ন্ত্ৰন কৰিবলৈ গৈ পথাৰ পোৱালৈ বগলীয়ে পথাৰৰ সমস্ত শুঁৰপোক খাই যে প্ৰাকৃতিকভাৱেই শেষ কৰিলে, তেওঁলোকে গমেই পোৱা নাছিল ৷ আমাক দেখাৰ পিছত কৃষি বিভাগৰ কাম নাই বুলি চিঞঁৰ-বাখৰ কিন্তু থিকেই কৰিছিল। যেন কৃষি বিভাগৰ ওপৰত নিজৰ দুৰ্দশাৰ দায়িত্ব খিনি ঠেলি দিলেই সকলো সমস্যাৰ ওৰ পৰিব। আমি সেই ঘটনাটোৰ পৰা এটা কথাই যেন বুজিছিলো, তেওঁলোকৰ খেতিপথাৰখনো পুৱা-গধূলি পৰীক্ষা কৰি থকাটো যেন কৃষি বিভাগৰহে দায়িত্ব ৷
বাৰু যি হ’ল হ’ল, শালি খেতিভাগ গ’ল যেনেতেনে ৷ যিহেতু বছৰত মাথোঁ এটা খেতিৰে কৃষকৰ অৰ্থনৈতিক দিশটো উন্নত নহয়, সেয়েহে বহু খেতিয়কক লগ ধৰিলো বছৰৰ দুই নম্বৰ খেতিটো কৰাবৰ বাবে ৷ কাৰণ কৃষিভূমি কমি অহাৰ বিপৰীতে মানুহৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে ৷ গতিকে এটুকুৰা কৃষিভূমিতে দুটাৰ পৰা তিনিটা খেতি কৰিলেহে কৃষকৰ অৰ্থনৈতিক দিশটো সচ্ছল হব ৷ কিন্তু শালি খেতিৰ পিছৰ খেতিটো অসমীয়া মানুহে কৰিব কেনেকৈ? সেই সময়ত বৰষুণ নপৰে, পানী যোগানৰ সুব্যৱস্থা নাই ৷ তৰোপৰি পথাৰ শুকান দেখি ৰাইজে পথাৰলৈ গৰু, ছাগলী বা গাহৰি মেলি দিয়ে ৷ গতিকে দুই নম্বৰ খেতিটো নকৰে ৷ কিন্তু চলিবলৈটো টকা পইচা লাগিবই ৷ আৰু এটা খেতিৰ পৰা পোৱা ধনেৰে ঘৰ নচলে ৷ গতিকে মাটিকে এটুকুৰা বিক্ৰী কৰি দিয়ে ৷ বিনা কষ্টতে তেওঁলোকে “ইজি মানি” পোৱাৰ দৰে পায় এই টকাখিনি ৷ কিন্তু তেওঁলোকে ভাবি নাচাই যে এই মাটিখিনিতে যদি বছৰত দুটা বা তিনিটা খেতি কৰিলেহেঁতেন, মাটিখিনিও চিৰদিনলৈ নিজৰ হৈ থাকিলহেঁতেন, লগতে দুই-তিনিটা খেতিৰ পৰা তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰো যথেষ্ঠ উন্নতি হ’লহেঁতেন ৷
মই এই লিখনিৰ দ্বাৰাই সকলো অসমীয়া কৃষকক আহ্বান জনাব খোজো যে আপোনালোকে মাথোঁ এটা খেতি কৰাৰ অভ্যাসটো এৰি এডৰা খেতিমাটিতে দুটাৰ পৰা তিনিটা খেতি কৰক ৷ পথাৰখন খালী কৰি নেৰাখিবই ৷ তাৰবাবে আপোনালোকে ভাল “ক্ৰপ চিকুয়েঞ্চৰ (শস্যানুক্ৰম)” কাৰনে ওচৰৰ কৃষি বিষয়াৰ লগত যোগাযোগ কৰক ৷ খৰাং বতৰত গাওঁ এখনৰ কেৱল এজন-দুজন মানুহে খেতি কৰিলেহে গৰু-ছাগলীৰ সমস্যাটো পাব ৷ গতিকে সেই পথাৰখনৰ লগত জড়িত প্ৰতিজন খেতিয়কে খেতি কৰক ৷ যদি বাৰিষা বতৰত গৰু-ছাগলী গোহালিত বান্ধি ৰাখিব পাৰে, তেন্তে খৰাং বতৰতো পাৰিব ৷ পানীৰ বাবে কৃষিবিভাগ বা জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰক ৷ পৰাপক্ষত ৰাসায়নিক সাৰ বৰ্জন কৰক আৰু জৈৱিক সাৰ প্ৰয়োগ কৰক ৷
শেষত মোৰ নিজৰ জীৱনৰ এটি কাহিনী কওঁ ৷ দুজন যুৱক, শোণিতপুৰ জিলাৰ ৷ খেতি নকৰে বুলি খাটাং কৰিছিল তেওঁলোকে ৷ শালি খেতি কৰি যিকেইটা টকা পাই তাৰে ঘৰ চলাবলৈ নাটে তেওঁলোকক ৷ গতিকে হায়দৰাবাদ নে কেৰেলাত ক’ৰবাত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ চাকৰি কৰিবলৈ যাব বুলি থিৰাং কৰিছিল ৷ আমাৰ ইয়াতহে এইবোৰ চাকৰিৰ দৰমহা দুহেজাৰ বা তিনিহেজাৰ টকা ৷ বাহিৰত হেনো সাত-আঠ হাজাৰ ৷ গতিকে যাবই যাব ৷ মোকেই ৰেলৰ টিকটৰ ভাৰাৰ বাবে পইচা বিচাৰিলে ৷ মই তেওঁলোকক সুধিলো, “এটা কম দিনীয়া অথচ বেচি টকা উপাৰ্জন হোৱা খেতি কৰিবা?” তেওঁলোকে সুধিলে, ” কি খেতি?” মই ক’লো, “তৰমুজ খেতি ৷” কিবা এটা ভাবি তেওঁলোকে তৰমুজৰ খেতিৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে। কেৰেলা, হায়দৰাবাদৰ চিন্তা এৰি গাভৰু নদীৰ বালিচৰত তৰমুজৰ খেতিত লাগিল৷ প্ৰথম বাৰ খেতিত হবলগীয়া খৰচখিনি ময়েই বহন কৰিলো, তেওঁলোকে কেৱল দেহে-কেহে খাতিলে ৷ এইদৰেই এটা তিনিমহীয়া খেতিত তেওঁলোকে প্ৰথমবাৰতে আঢ়ৈ লাখ টকা উপাৰ্জন কৰিলে ৷ তৰমুজৰ পিছতে দ-মাটিত শালিখেতি, তাৰপিছত অগভীৰ নলীনাদ ব্যৱহাৰ কৰি বড়োখেতি ৷ লগতে পুনৰ তৰমুজৰ খেতি ৷ মুঠতে তেওঁলোকে বাহিৰত গৈ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ চাকৰি কৰাৰ কথা পাহৰিলে আৰু খেতিত নিচা লাগিল৷ তেওঁলোকৰ উপাৰ্জনৰ কথা মই আৰু এতিয়া আপোনালোকক নকলেও বুজিব পাৰিছে নিশ্চয় ৷
গতিকে খেতি কৰিও ধনী হব পাৰি ৷ “ইজি মানি”ৰ কথা পাহৰি আমাৰ কৃষকসকলেও যদি এলাহ নিৰাশা পৰিহাৰ কৰি এৰি এটুকুৰা মাটিতে দুটাৰ পৰা তিনিটা খেতি কৰে, কৃষকসকলৰ লগতে অসমৰো অৰ্থনৈতিক অৱস্থা উন্নত হোৱাটো নিশ্চিত ৷
জয় আই অসম ৷

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মাধুৰীমা
3 years ago

সাহিত্য ডট অৰ্গৰ অন্য কিবা শিতানত চকু ফুৰাবলৈ সময় নাপালেও সম্পাদকীয়টো সদায় পঢ়া হয়। সেইবাবেই কথা এষাৰ সুধিবলৈ মন গ’ল – এইবাৰ সাহিত্যৰ সম্পাদকীয়টোৰ বাক্যৰ গাঁথনি আৰু বানান পৰীক্ষা কৰা নহ’ল চাগৈ? অনুগ্ৰহ কৰি এবাৰ চকু ফুৰাই চাবচোন।

3 years ago

nice…

amr
3 years ago

good bro.

3 years ago

bohut val kotha jonala thanks..

3 years ago

Nice Post.