সম্পাদকীয় – কলচুম বিবি

সাহিত্য সৃষ্টিৰ ঐক্যমঞ্চ

সাহিত্য হৈছে সমাজৰ দাপোণ। মানৱ সমাজৰ বিভিন্ন ধৰণৰ বিষয়সমূহ লেখকৰ ভাৱ, কল্পনা, অনুভূতি আৰু ভঙ্গীৰ সাহিত্যৰ মাজেদি সুন্দৰ প্ৰকাশ হয়। অসমীয়া জাতি বাৰেবৰণীয়া সংস্কৃতিৰ সমন্বয়ৰ জাতি। প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি-সংস্কৃতি আছে, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, জনম-মৰণ সম্পৰ্কীয় মত আছে। এই সকলোবোৰে অতীতৰে পৰা লোকমনক প্ৰতিফলিত কৰি অহা বাবে লোকসমাজত ইয়াৰ সাহিত্যিক মূল্যও যথেষ্ট বেছি। কিন্তু এই জনপ্ৰিয় সাহিত্যৰাজি থকা সত্বেও বিশ্বৰ আন আন জাতিৰ সাহিত্যই যিদৰে এটা সবল ৰূপ পাইছে সেইদৰে অসমীয়া সাহিত্যই আজিকোপতি নিজৰ স্থিতি সবল কৰিব পৰা নাই। বংগীয় সাহিত্য ইয়াৰ উৎকৃষ্ট উদাহৰণ। বঙালী লিপিতকৈ অসমীয়া লিপি স্বতন্ত্ৰ আৰু অধিক সমৃদ্ধ যদিও বিশ্বই অসমীয়া ভাষাক বঙালী ভাষাৰ অপভ্ৰংশ বুলিহে ভাবে। সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ বিস্ফোৰণ ঘটা বুলি বহুতে ক’ব খোজে। কিন্তু যিটো হাৰত সাহিত্যৰ সৃষ্টি হৈছে বা সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বাঢ়িছে সেই হাৰত প্ৰকৃত সাহিত্যৰ বা উৎকৃষ্ট সাহিত্যিকৰ সৃষ্টি হোৱা নাই। তাৰ কাৰণ উমৈহতীয়া উদ্দেশ্য, পৰিকল্পনা আৰু অধ্যৱসায়ী মন এটাৰ অভাৱ বুলিয়ে ভাবো। সাহিত্যত আমাৰ অতীত সংৰক্ষিত হৈ থাকে, গতিকে আমি ভাবি ল’ব লাগিব যে আজিৰ সাহিত্য এদিন অতীত হ’ব। আমি এই কথাও পাহৰি যাব নালাগিব যে অতীতৰ ভেটিতেই বৰ্তমানৰ স্থিতি নিৰ্ভৰ কৰে। সেয়ে আমি পৰিকল্পনাৰে আগবাঢ়ি যাব লাগিব। যুৱপ্ৰজন্ম আৰু শিশুসকলৰ মনোগ্ৰাহী হোৱাকৈ সাহিত্যৰ সৃষ্টি কৰিব লাগিব। কাৰণ পৰিৱৰ্তন আৰু প্ৰগতিৰ বীজ যুৱপ্ৰজন্মৰ মাজতেই নিহিত হৈ থাকে।

অসম লোকসংস্কৃতিৰ ক্ষেত্ৰত এখন অন্যতম ৰাজ্য। বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত কৃষ্টি-সংস্কৃতিক সমল হিচাপে লৈ অসমীয়া ভাষাত ৰচিত গ্ৰন্থৰ সংখ্যা তাকৰ। যেতিয়ালৈকে আমি থলুৱা সম্পদখিনিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব নোৱাৰো তেতিয়ালৈকে অসমীয়া সাহিত্যৰ বিকাশৰ গতি মন্থৰ হৈয়ে থাকিব। প্ৰতিজন সাহিত্য চৰ্চা কৰা ব্যক্তিৰ হৃদয়-মন এক হ’ব লাগিব। অনৈক্যৰ মাজত তেতিয়াহে ঐক্যৰ সৃষ্টি হ’ব।

অসমীয়া সাহিত্যৰ উদ্ভৱকালত, শংকৰীয় যুগত বা শংকৰোত্তৰ যুগৰ সাহিত্যৰাজি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। কিন্তু এই সাহিত্যৰাজিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া সাহিত্যক স্বীকৃতি প্ৰদান কৰিব পৰা নাই । তাৰ কাৰণ হৈছে সেই সময়ৰ সাহিত্যৰাজি বিশেষকৈ ধৰ্ম প্ৰচাৰৰ বাবে ৰচনা কৰা হৈছিল। অৰুণোদয় যুগতো খ্ৰীষ্টান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ বাবে অসমীয়া সাহিত্যৰ বিকাশত গুৰুত্ব দিয়ে। জোনাকী যুগত বংগীয় সাহিত্য আৰু পাশ্চাত্য সাহিত্যৰ সংস্পৰ্শলৈ আহি কলিকতালৈ যোৱা অসমৰ কেইজনমান যুৱকে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এটা ঢৌৰ সৃষ্টি কৰিবলৈ সক্ষম আছিল। কিন্তু সেয়া যথেষ্ট নাছিল। সাম্প্ৰতিক সময়ত দুই-এজন লেখকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰিবলৈ চেষ্টা কৰি আহিছে। কেইবাখনো অসমীয়া গ্ৰন্থৰ ইংৰাজী অনুবাদ কৰা হৈছে,যদিও সেয়া এপাচি শাকত এটা জলকীয়াৰ দৰে।

“War and Peace” গ্ৰন্থৰ প্ৰণেতা টলষ্টয়ে এই গ্ৰন্থখনৰ বাবে সম্পূৰ্ণ পাঁচটা বছৰ অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেতৰ কৰ্মস্পৃহাই তেখেতক বিশ্বৰ মহৎ লেখকসকলৰ ভিতৰত এগৰাকী হিচাপে প্ৰতিষ্ঠা কৰিছে। কিন্তু তেনে কৰ্মস্পৃহা আমাৰ নৱপ্ৰজন্মৰ মাজত খুব কমেই দেখা যায়। সাম্প্ৰতিক সময়ত অসমৰ চুকে-কোণে ঠাহ খাই থকা থলুৱা সংস্কৃতিলৈ প্ৰত্যাহ্বান আহিছে। যিদৰে গৱেষণা হ’ব লাগিছিল সেইদৰে হোৱা নাই। থলুৱা সংস্কৃতি সংৰক্ষণৰ পৰিৱৰ্তে দুস্কৃতিয়ে খোপনি পুতিবলৈ লৈছে। দুস্কৃতিৰ পৰিৱৰ্তে যুৱসমাজত কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ সাহিত্যিকসকলেই এটা জাগৰণ আনিব লাগিব।

বিশ্বৰ কালজয়ী সৃষ্টিসমূহৰ দৰে সকলোৱে এখন উৎকৃষ্ট গ্ৰন্থ বা এটা শ্ৰেষ্ঠ গল্প সৃষ্টিৰ বাবে আকাংক্ষা কৰে। সেই আকাংক্ষাক কাৰ্যত পৰিণত কৰিবলৈ কৰ্মস্পৃহা বৃদ্ধি কৰিবই লাগিব। তাৰ বাবে লাগিব এটা উদ্দেশ্যপূৰ্ণ পৰিকল্পনা। জোনাকী, আৱাহন, জয়ন্তী, ৰামধেনু যুগৰ কথা আমি জানো। সেই সময়ৰ আলোচনীসমূহে সাহিত্যৰ গুৰি ধৰা বাবেই প্ৰতিভাসম্পন্ন সাহিত্যিকৰ সৃষ্টি হৈছিল। বঁটা-বাহনৰ বাবে কোনেও সাহিত্য সৃষ্টি কৰা নাছিল। সকলোৰে উদ্দেশ্য এটাই আছিল।সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছিল কেৱল ভাষাৰ উন্নতিৰ হকে, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ।

এতিয়া বিশ্বায়নৰ যুগ। বিশ্বায়নৰ ফলত সৰু সৰু ভাষাবোৰৰ প্ৰায়সংখ্যক ইতিমধ্যে মৃত্যুমুখত পৰিছে। বিশ্বায়নে অসমীয়া ভাষাৰ ওপৰতো যে প্ৰভাব পেলাব পৰা নাই তেনে নহয়। ইংৰাজী ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষালৈ ভাবুকি কঢ়িয়াই আনিছে। আনকি অসমীয়া ভাষাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও ক্ৰমান্বয়ে কমি আহিব ধৰিছে। বিশ্বায়নে অসমীয়া ভাষাক, সংস্কৃতিক আৰু সাহিত্যৰাজিক যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে অসমীয়া সাহিত্যজগতত যিসকল ন-পূৰণি সাহিত্যিকে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে তেওঁলোকে একেটা সুৰত বান্ধ খাব লাগিব। অসমীয়া সাহিত্যক আন দেশৰ সাহিত্যৰ লগত ফেৰ মাৰিব পৰাকৈ সমৃদ্ধ সাহিত্য সৃষ্টিত গুৰুত্ব দিব লাগিব। বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ সাহিত্যৰাজিক যিদৰে অসমীয়া ভাষালৈ অনুবাদ কৰি বহিৰ্দেশীয় সাহিত্যৰ সোৱাদ দিছে, ঠিক তেনেদৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাহিত্যক অসমীয়া ভাষাৰ পৰা বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগিব আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিশেষকৈ ইণ্টাৰনেট, চছিয়েল মিডিয়া, ইউ টিউব আদিৰ যোগেদি সহজলভ্য কৰি তুলিব লাগিব।

প্ৰতিবছৰে আমাৰ অসমীয়া সাহিত্যিকসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা দেখা যায়। আমাৰ বাবে এয়া নিতান্তই সুখৰ কথা। তেওঁলোকৰ সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় পৰ্যায়ত সীমিত নাৰাখি আন্তঃৰাষ্ট্ৰীয় মৰ্যাদাৰে পৰিচিত কৰাই দিবৰ বাবে আমি চেষ্টা কৰা উচিত। তাৰ বাবে আমাৰ সাহিত্যিকসকলে ইংৰাজী, ফ্ৰান্স,ৰুছ, স্পেনিচ, জাপানিজ আদি ভাষালৈ সাহিত্যৰাজি অনুবাদ কৰা উচিত। প্ৰয়োজনত বিদেশী ভাষা শিকিবলৈ কুণ্ঠাবোধ কৰিব নালাগিব। বিশ্বায়নৰ এই হেন ৰমকজমক অবস্থাত আমি যদি ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰো তেন্তে আন আন সৰু সৰু ভাষাসমূহৰ বিলুপ্তিৰ দৰেই এদিন অসমীয়া ভাষাৰ বিলুপ্তি ঘটিব। সেই দিন যেন কোনোদিনে নাহে তাৰ বাবে আমি সকলোৱে সজাগ আৰু অধ্যৱসায়ী হোৱা উচিত।

মূঠতে ন-পুৰণি সাহিত্যিকসকলৰ সৃষ্টিৰাজিক পৰিকল্পিতভাৱে সমালোচনা আৰু আলোচনা কৰি যুৱপ্ৰজন্মৰ সাহিত্য চৰ্চাৰ পথ সুগম কৰাৰ দায়িত্ব আমাৰ। তাৰ বাবে সাহিত্য চৰ্চাৰ এখন বৃহৎ মঞ্চৰ সৃষ্টি হ’ব লাগিব আৰু সেই বৃহৎ মঞ্চৰ বাটকটীয়া ‘অকব’ অৰ্থাৎ “অসমীয়াত কথা বতৰা”ও হ’ব পাৰে।


সম্পাদক,
সাহিত্য ডট্ অৰ্গ
অষ্টম বছৰ, প্ৰথম সংখ্যা৷


Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পাৰবীন
2 years ago

সুন্দৰ বিষয়বস্তুৰে উন্নত সম্পাদকীয়।

পৰিস্মিতাা বৰদলৈ
2 years ago

বৰ প্ৰাসংগিক বিষয় এটি উত্থাপন কৰিলে বা সম্পাদকীয়ৰ জৰিয়তে

Anonymous
2 years ago

ভাল লাগিল বা। সুন্দৰ সম্পাদকীয়

মুকুট
2 years ago

সকলো দিশ সামৰি লিখা সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল