সম্পাদকীয় – গায়ত্ৰী গোস্বামী অধ্যাপক

যুগে যুগে নাৰীক শক্তিৰ প্ৰতীকীৰূপত উপস্থাপন কৰি অহা হৈছে, এয়া প্ৰাচ্য হওক কিম্বা পাশ্চাত্যই হওক৷ বিশেষকৈ সিন্ধু আৰু গ্ৰীক সভ্যতা এই ক্ষেত্ৰত আগৰণুৱা৷ পৌৰাণিক কালৰে পৰা এফালে নাৰীক প্ৰধানকৈ শক্তি, সৌন্দৰ্য্য আৰু উৰ্বৰতাৰ প্ৰতীক ৰূপে উপাসনা কৰি অহা হৈছে, আনফালে সমাজত নাৰীয়ে এইসমূহ সভ্যতাকে ধৰি আজিকোপতি সমমৰ্য্যদা, সমঅধিকাৰ আৰু ন্যায় লাভৰ সম্পৰ্কে যুঁজ কৰি যাবলগীয়া হৈছে৷ যিসময়ত মানৱ সভ্যতাই কোটি কোটি আলোকবৰ্ষ দুৰৰ নক্ষত্ৰৰ গতি বিধিৰ মেপ অংকন কৰিব পৰা হৈছে সেই একেটা সভ্যতাই নাৰীক ৰহস্যময়ী, চলনাময়ী ইত্যাদি বিভূষণেৰে বিভূষিত কৰি সংস্কাৰৰ দৌৰত এখোজ পিছুৱাই ৰখাৰ ব্যৱস্থা চলাই আহিছে৷ প্ৰাচ্য কি পাশ্চাত্য, বতৰ্মানেও অধিকাংশই যি নিজকে উত্তৰ আধুনিক সমাজৰ প্ৰতিভূ বুলি ভাবে, সেইসকলেই সমাজ সংস্কৃতি ৰক্ষাৰ সমস্ত ভাৰ একমাত্ৰ নাৰীৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা প্ৰকাশ কৰা দেখা যায়৷ সাজ পোছাকৰ পৰা আৰম্ভ কৰি খাদ্যাভাসলৈকে নাৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় সৰ্বাধিক৷ শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল শ্ৰেণীৰ অন্তৰ্ভুক্ত নাৰীহে বুলি বিভিন্ন সভ্যতাত নাৰীৰ শৰীৰ ঢকাৰ নামত সীমাবদ্ধ কৰি ৰখাৰ প্ৰস্তুতি পৰিলক্ষিত হয়৷ কিন্তু তুলনামুলক দুৰ্বল বুলি ভবা (! ) এই নাৰীয়েই জন্ম দিয়ে, গঢ় দিয়ে একো একোজন শক্তিশালী পুৰুষক, নেতৃত্ব দিয়ে এখন প্ৰগতিশীল সমাজক৷ এয়া সভ্যতাৰ এক চৰম বৈপৰিত্য৷

বৰ্তমানে ব্যক্তি স্বাধীনতাৰ ক্ষেত্ৰত পাশ্চাত্যৰ দেশসমূহ প্ৰাচ্যৰ দেশসমূহতকৈ আগৰণুৱা বুলিব পাৰি৷ স্বস্থানে মহিমামণ্ডিত দেশসমূহৰ, সমাজসমূহৰ তুলনামূলক অধ্যয়ন কঠিন৷ তথাপি দেখা যায় যে প্ৰায় সমূহ সভ্যতাই নাৰীক আৰাধ্য দেৱী বুলি স্বীকৃতি প্ৰদান কৰি আহিছে৷ গ্ৰীক, ৰোমান, স্পেনিছ, পৰ্তুগীজ, ইউৰোপীয়ান আদিৰে উদ্ভাসিত সভ্যতাতকৈয়ো পৌৰাণিক প্ৰাচ্য সভ্যতাতো নাৰীক দেৱী ৰূপে অংকন কৰা হৈছে৷ তথাপি বিভিন্ন সময়ৰ উত্থান পতনৰ বালি-ধুমুহাৰ কোনোবা খিনিত প্ৰাচ্যৰ সমাজ ব্যৱস্থাত নাৰীৰ স্থান অৱনমিত হৈ আহিল সেয়া সঠিককৈ কোৱা টান৷

শশী থাৰুৰৰ মতে, “ভাৰত, মানুহে ভবাৰ দৰে পিছপৰা দেশ নহয়, বৰঞ্চ, ইতিহাস আৰু সাংস্কৃতিক বিচিত্ৰতাত এখন অতি বিকশিত দেশহে, মাত্ৰ ই তীব্ৰ ক্ষয়ি়ষ্ণুতাৰ চিকাৰ হৈছে৷” সাংস্কৃতিক বৈশিষ্ট্যতাত ভাৰত কোনো গুণে আনতকৈ পিছপৰা নহয়, বৰঞ্চ আন সভ্যতাক পোহৰ দেখুৱাই আহিছে বুলিলেও ভুল নহয়৷ ‘শূন্য’ৰ আৱিষ্কাৰক ভাৰতে আন দেশৰ পৰা প্ৰযুক্তি আমদানি কৰিব লগা হোৱাটো একপ্ৰকাৰৰ আশ্চৰ্য্য যিদৰে, সেইদৰে আধুনিক গৱেষণাৰ মৌলিক অৱদানত পিছপৰি ৰোৱাটোও চিন্তাৰ কাৰণ৷ কৰবাত যেন ভাৰতীয়ই আত্মশ্লাঘাত ভুগি পশ্চিমীয়া অন্ধ অনুকৰণত স্ব-পৰিচয় হেৰুৱাই পেলাইছে৷ যিসময়ত ইউৰোপীয় সভ্যতা অন্ধকাৰত ডুবি আছিল সেইসময়ত বৰ্তমানৰ ভাৰত, ইৰাণ, আফগানিস্তান আদি দেশে বিভিন্ন শৈল্পিক কাৰুকাৰ্য্য, চিকিৎসা বিজ্ঞানৰ বিকাশ ঘটাইছিল৷ আয়ুৰ্বেদৰ বিধান আজিও আধুনিক পশ্চিমীয়া চিকিৎসাই নস্যাত কৰিব পৰা নাই৷ আকৌ ইউৰোপীয় দেশ সমূহতো নাৰীৰ ভোটাধিকাৰৰ বাবে, মাটি সম্পত্তিৰ অধিকাৰৰ বাবে সৌসিদিনালৈকে ন্যায়িক যুঁজ চলাবলগীয়া হৈছিল৷ পাশ্চাত্যৰ একমাত্ৰ স্পাৰ্টান সকলেহে নাৰীক যুঁজৰ শাৰীৰিক প্ৰশিক্ষণ লবলৈ দিছিল, সম্পত্তিৰ মালিকীস্বত্ব দিছিল, ৰাজহুৱাকৈ মদ্যপানৰ অনুমতি দিছিল৷ আন পশ্চিমীয়া পৌৰাণিক সভ্যতাত তেনে নজিৰ বিচাৰি পোৱা নাযায়৷ কিন্তু পশ্চিমীয়া সভ্যতাত যেনেকৈ লেবছৰ চাপহ’ৰ নাম কবি হিচাপে, কাইৰিনিৰ আৰিটি দাৰ্শনিক হিচাপে, স্পাৰ্টাৰ গাৰ্গ’, এথেন্সৰ আছপাচিয়া নেত্ৰী হিচাপে, এথেন্সৰ আগনোদাইচ শল্য চিকিৎসক হিচাপে যুগে যুগে বন্দিত হৈ আহিছে, ঠিক তেনেকৈ ভাৰতীয় সভ্যতাৰ গাৰ্গী, মৈত্ৰেয়ী, মীৰাবাঈকে ধৰি বহু বৈপ্লৱিক, ঐতিহাসিক কিম্বা পৌৰাণিক চৰিত্ৰ জিলিকি আছে৷

ধৰ্মীয় দৃষ্টিকোণেৰেও প্ৰাচ্য আৰু পাশ্চাত্যৰ দেৱ-দেৱীৰ ধাৰণাৰ অভাৱনীয় মিল দেখা যায়৷ এথেন্সৰ প্ৰখ্যাত দেৱী এথেনাক জ্ঞানৰ, বুদ্ধিৰ, সাহসৰ আৰু সন্মানৰ অধিষ্ঠাত্ৰী হিচাপে মানি অহা হৈছিল, যিদৰে আমি দেৱী সৰস্বতীক পূজো৷ সৰস্বতীৰ দৰেই এথেনাও অত্যন্ত শক্তিশালী দেৱী বুলি স্বীকৃত৷ সেইদৰে, মধ্য যুগত ইজিপ্তত দেৱী আনাতক প্ৰেম, যৌনতা, উৰ্বৰতা, যুদ্ধৰ প্ৰতীকীৰূপত পূজন কৰা হৈছিল৷ তেওঁ আছিল বৈপৰিত্যৰ সমাহাৰ, এফালে প্ৰেমৰ আৰু আনফালে যুদ্ধৰ, এফালে জীৱনৰ আনফালে ধ্বংসৰ বাবে জনাজাত আছিল, ঠিক আমাৰ দেৱী কালীৰ দৰে৷ আমিও কালী গোসাঁনীক সময়ৰ, পৰিবৰ্তনৰ, বৈপ্লৱিক আগমনৰ প্ৰতীকৰূপে পূজা কৰো, অপসংস্কৃতিক ধ্বংস কৰি নৱকল্লোল প্ৰতিষ্ঠাৰ বাবে আহ্বান কৰো৷ সৃষ্টি আৰু ধ্বংসৰ বিপৰীতমুখী শক্তিৰ সমাহাৰ দেৱী কালী৷ আধুনিক মহাকাশ বিজ্ঞানৰ কৃষ্ণ গহ্বৰৰ ধাৰণাৰে সংপৃক্ত এই দুই সভ্যতাৰ দুগৰাকী দেৱী৷ এদিন সকলো লয় প্ৰাপ্ত হ’লে মাত্ৰ থাকি যাব সময়চক্ৰৰ বাহিৰৰ, আকৃতিবিহীন সৃষ্টিৰ পূৰ্ণ শক্তিপু়্ঞ্জৰূপত এই বিমূৰ্ত ধাৰণা৷ আকৌ দেখা যায়, গ্ৰীক সভ্যতাৰ আদৰৰ দেৱী ভেনাছ, দেমেটাৰ, পাৰ্চিফনীৰ সমাহাৰেই যেন হিন্দু ধৰ্মৰ দেৱী দুৰ্গা৷ দুটা সম্পূৰ্ণ বেলেগ সময় কালৰ, পৃথিৱীৰ ইমুৰ সিমুৰৰ দুই ধৰ্মীয় আস্থাৰ অপূৰ্ব মিল৷ দেৱী দুৰ্গাও ত্ৰিনয়না ৰূপে জনা যায়৷ তেওঁৰ বাওঁ চকু যাক চন্দ্ৰৰে সূচোৱা হয়, হৈছে আকাংক্ষাৰ প্ৰতীক, সোঁ চকু যাক সূৰ্যৰে সূচোৱা হয়, হৈছে কৰ্মৰ প্ৰতীক আৰু মধ্য চকু যাক অগ্নিৰে সূচৱা হয়, হৈছে জ্ঞানৰ প্ৰতীক৷ প্ৰায় একেই ধাৰণাৰে চুমেৰিয়ান সভ্যতাৰ দেৱী ইনান্না আৰু ইজিপ্তীয় সভ্যতাৰ টাৱেতৰ ধাৰণাৰ লগত অদ্ভুত মিল৷

গতিকে কব পাৰি, মাত্ৰ পাশ্চাত্য সভ্যতাতে নহয় বৰং তাতোকৈও বহু আগৰেপৰাই ভাৰতীয় সভ্যতাতো নাৰীক ভিন্ন ৰূপত উচ্চ আসন দি অহা হৈছে৷ কিন্তু সময়ৰ কুটিল চক্ৰত প্ৰাচ্য সভ্যতাই যেন উজুটি খাই নাৰীক সতীদাহ প্ৰথাৰে, আত্মসন্মানৰ নামত সমূহীয়া আত্মহত্যাৰ অন্য নাম জোহৰ প্ৰথাৰে, বোৰ্খাৰে ঢাকি ৰাখি তিন তালাক প্ৰথাৰে মানৱ জাতিৰ আধা অংশক চিৰকাললৈ পদানত কৰাৰ চক্ৰান্ত কৰা হ’ল, যাৰ প্ৰকোপৰ বাবে এতিয়ালৈকে বহুলোকে স্বকীয় চিন্তাৰে নাৰীকো একে পয্যায়ৰ মানুহ বুলি ভাবিব নোৱাৰে৷ নাৰীৰ অধিকাৰৰ কথা কলেই নাৰীবাদী বুলি তাচ্ছিল্য কৰে কিন্তু মানৱতাবাদী বুলি ভুলতো ভাবিব নোৱাৰে কাৰণ তেওঁলোকৰ বাবে মানৱ জাতি আৰু নাৰী জাতি দুটা পৃথক ধাৰণাহে, সংপৃক্ত ধাৰণা নহয়৷ দেৱী বুলি পূজা কৰি আশিস ধন্য হোৱাৰ কামনা কৰা সকলে প্ৰাত্যহিক জীৱনতো নাৰীক মানুহ হিচাপে সম মৰ্যাদা দিব পাৰিব লাগিব, অন্যথা উত্তৰ পুৰুষৰ ওচৰত চিৰদিন শিৰনত হৈ ৰ’ব৷

সাম্প্ৰতিক কালত হঠাতে তৰিৎ গতিত বৃদ্ধি পোৱা সমস্যাটোৱেই হৈছে নাৰী নিৰ্যাতন, যাৰ বাবে সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে যদিও সমাধানৰ পোহৰ চকুত পৰা নাই৷ ধনী – দুখীয়া, শিক্ষিত-অশিক্ষিত, জাতি-বৰ্ণ নিৰ্বিশেষে কোনো নাৰীয়েই আজি নিৰাপদ নহয়, কি ঘৰত, কি পৰত৷ অৱশ্যে আশাৰ বতৰা এই যে, অধিকাংশ মহিলাই যি আগতে এক নিৰাপদ দুৰত্ব বজাই ৰাখি নিৰ্বিকাৰ হৈ আছিল, আজি সেই পৰিবেশ সলনি হৈছে, তেওঁলোকো প্ৰতিবাদমুখৰ হৈছে৷ আমি সকলোৱে বেয়া পাইছো, গৰিহণা দিছো, নাৰীৰ ওপৰত যি ধৰ্ষণ-কেন্দ্ৰিক শাৰীৰিক মানসিক অত্যাচাৰ হৈছে সেয়া শীঘ্ৰে বন্ধ হ’ব লাগে, সকলোতে, অসমত, ভাৰতত, বিশ্বত৷

প্ৰতিবাদ হৈছে, প্ৰতিবাদৰ ভাষাও ভিন্ন, ৰূপো ভিন্ন৷ কিন্তু সমস্যাটোৰ গভীৰতা চাই এই প্ৰতিবাদক এতিয়াও নিস্তেজ প্ৰতিবাদ বুলিয়েই ক’ব পাৰি, কাৰণ আজিৰ পৰা ডেৰশ বছৰ আগতেই ৰাণী লক্ষ্মীবাঈয়ে পুৰুষৰ সাজ পিন্ধি ঘোঁৰাত উঠি হাতত তৰোৱাল লৈ যুদ্ধলৈ গৈছিল, একেদেশৰে আজিৰ দিনৰ শিক্ষিত আধুনিক নাৰীৰ প্ৰতিবাদ এনে দুৰ্যোগত যিটো মাত্ৰাত হ’ব লাগিছিল, সেয়া হৈ উঠা নাই, যিহেতু পৰোক্ষ-নিৰীহ প্ৰতিবাদৰ দিন উকলিল, হাতে-কামে কিবা এটা কৰাৰ বাবে আগবাঢ়ি আহিবৰ হ’ল৷

নাৰী নিৰ্যাতনৰ বিষয়টো সামগ্ৰিক ভাৱে একপক্ষীয় সমাধান হ’ব নোৱাৰে৷ প্ৰথমেই আহে ঘৰখন৷ ঘৰখনেই জীৱনৰ কঠীয়াতলি, যিখন ঘৰত পিতৃজনে মাতৃগৰাকীক সন্তানৰ সন্মুখতে অত্যাচাৰ, ককৰ্থনা কৰে, তেনে সন্তানে বাৰু ভৱিষ্যতে নাৰীক মৰ্যাদাৰ চকুৰে চাব পাৰিবনে? ঘৰ এখনত ছোৱালী সন্তানক সামাজিক ৰীতি-নীতি, দায়বদ্ধতাৰ অনেক পাঠ পঢ়োৱাৰ ব্যৱস্থা কৰা হয়, কি পিন্ধিব, ক’ত যাব, কেতিয়া ঘূৰিব লাগিব, কিন্তু ল’ৰা সন্তানৰ প্ৰতি এনে শিক্ষাৰ ব্যৱস্থা থাকে জানো?

ভূক্তভোগীক নীতিশিক্ষাৰ পাঠ দিয়াতকৈ অত্যাচাৰীক কঠোৰ হাতেৰে দমনৰ প্ৰৱণতা আমাৰ দেশত খুব কমেই দেখা যায়৷ দেশৰ সন্মানীয় সংবিধানেও নাৰী নিৰ্যাতনৰ বিষয়ে সময়-সাপেক্ষ, সমাজ-সাপেক্ষ উচিত মাত্ৰাৰ তৰিৎ শাস্তিৰ ব্যৱস্থা কৰা নাই, যাৰবাবে এইবিষয়ে সজোৰে সংবিধান সংশোধনৰ দ্বাৰা কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন হৈছে৷

কিন্তু আইনে এখন সমাজৰ গতিবিধিক কিমান দূৰলৈ বান্ধি ৰাখিব পাৰে সেয়াও বিচাৰ্য, তাৰ পৰিৱৰ্তে মানুহৰ মানসিকতাক শিকলি পিন্ধাই ৰখোৱা অসম্ভৱ৷ প্ৰকৃততে, মানুহৰ মানসিকতা সলনিৰ বাবে বিদ্যালয় পৰ্য্যায়তে যৌন শিক্ষাৰ লগতে নৈতিক শিক্ষাৰ ব্যৱস্থা কৰাটো একান্তই বাঞ্ছনীয় হৈ পৰিছে৷ নজিৰবিহীন কঠোৰ শাস্তিয়ে অপৰাধীৰ সংখ্যা নিশ্চয় কমাব, কিন্তু তাৰ লগতে অপৰাধীৰ মানসিকতা সলনিৰ বাবে সমস্যাটো শিপাৰ পৰা উভালি পেলাব পাৰিব লাগিব৷ বৰ্তমানেও কিছু ৰাজনীতিবিদৰ, তথাকথিত নেতাৰ নাৰী বিদ্বেষী মন্তব্যৰ নীচতা দেখি তবধ মানিব লগা হয়৷ নাৰীৰ পোছাকৰ পিছত দৌৰি ফুৰা এইসকলৰ মানসিকতা কোনে শুধৰাব সেয়াহে প্ৰশ্ন৷ “পুৰুষৰ কেতিয়াবা ভুল হয়েই, সেয়ে ধৰ্ষণৰ বাবে মৃত্যুদণ্ড সমৰ্থন কৰিব নোৱাৰি৷”- বুলি মন্তব্য কৰাজনক দেশৰ আইনে কি কৰিব? ক্ষমতাৰ ৰাগীত মতলীয়া অকল এই দেশৰ পুৰুষেই নহয়, উন্নত দেশৰ পুৰুষ কিম্বা নাৰী কোনো পিছ পৰি থকা নাই৷

মণিকা লিউন্সিকি কেছত পতি বিল ক্লিণ্টনক পত্নী হিলাৰীয়ে সমৰ্থন কৰোঁতে আমাৰ দেশৰ একাংশই হাত চাপৰি বজোৱা নাছিলনে? পতিৰ বিপদত ঢাল হোৱাহে ভাল, লাগিলে হাজাৰ মণিকা নিপীড়িত হওক! কাৰণ, যুগে যুগে পতিৰ ঢাল হবলৈহে শিকোৱা হয়, সত্যৰ পক্ষে থিয় হবলৈ শিকোৱা নহয়৷ কিন্তু কিয়?

হিলাৰীৰ ৰাজনৈতিক আকাংক্ষাৰ আগত অন্য গৰাকী নাৰীৰ প্ৰতিবাদৰ মুল্য নাছিল৷ কাৰণ, সত্যৰ পক্ষত মাত মতা হ’লে তেখেতে স্বয়ং পতিৰ দলটোৰ হৈ ৰাষ্ট্ৰপতি পদৰ টিকট নাপালেহেঁতেন৷ সেইদৰে, ট্ৰাম্পৰ বিৰুদ্ধে সাত আঠ গৰাকীকৈ মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে, কিন্তু এইবিষয়ে তেখেতৰ পত্নী – কন্যা নিমাত, কাৰণ, তেওঁলোককো ক্ষমতা লাগে, ক্ষমতা৷ মাত মাতিলেই হোৱাইট হাউছত থাকিবলৈ নাপাব৷

প্ৰতিবাদ কৰি লেডী ডায়েনাই ৰাজপৰিয়ালৰ বিপক্ষে গৈ, ডিভোৰ্চ লওতে কিমানে বেয়া পাইছিল, সেয়াও দেখিছিলো৷

সাত সাগৰৰ পাৰৰ হ’লেও এইয়া আমাৰ চিনাকি ছবি যেন নালাগেনে, য’ত মাতৃয়ে পুত্ৰৰ কোনো দোষেই নেদেখে, পত্নীয়ে বৈষয়িক সুখৰ উদ্ধত একো নাভাবে৷ কিন্তু, সকলো অন্যায় অত্যাচাৰ নীৰৱে সহ্য কৰি সংসাৰখন টানি নিয়াটোৱেই নাৰী-জীৱন হ’ব নোৱাৰে৷ এখন হাতেৰে তালি বজোৱাৰ ব্যৰ্থ প্ৰচেষ্টাক সমাজৰ একাংশই বাঃ বাঃ দিলেও সেয়া অস্বীকাৰ কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰিব লাগিব৷

এগৰাকী নাৰীৰ বিপদত আন এগৰাকীয়ে সহায় কৰিবলৈ বিনা দ্বিধাই আগবাঢ়ি আহিব লাগিব, , তাৰ পৰিবৰ্তে, পৰিয়ালৰ, সমাজৰ বান্ধি থোৱা নিয়মৰ, মান-সম্ভ্ৰমৰ চিন্তা কৰি নিৰাপদ দূৰত্বত ৰৈ চাইহে থাকিব, সেয়া চিন্তা কৰাৰ সময় সমাগত৷

জীৱ মাত্ৰেই সৰ্বোত্তম পছন্দ হ’ল ’স্বতন্ত্ৰতা ’৷ ভয়ত বিতত হৈ, বাধ্যত পৰি নাইবা প্ৰেমৰ নামত মানুহে নিজক আন এজনৰ ওচৰত সমৰ্পণ কৰে৷ কিন্তু আনজনে, লাগিলে প্ৰেমৰ নামতেই হওক, প্ৰেমিক বা প্ৰেমিকাক বা পতি বা পত্নীক যেতিয়া নিজৰ অধীন কৰাৰ নামত হকে বিহকে অপ্ৰত্যক্ষ পৰাধীনতাৰ শিকলি পিন্ধাবলৈ আৰম্ভ কৰে, তেতিয়াই সম্পৰ্কত ফাঁট মেলে৷ সম্পৰ্কই যেতিয়া স্বতন্ত্ৰতাৰ টেটু চেপি ধৰে, হতাশাই পাখি মেলি উৰিবলৈ ধৰে৷ কিন্তু চকুপানীক সন্মান কৰিব নজনাৰ আগত কান্দি কি লাভ? অৰণ্য ৰোদনতকৈ হাতত হেংদাং লৈ ওলাই আহাটোহে জৰুৰী৷ এয়া, যেন কুকুৰৰ তেন টাঙোনৰ দিনহে, নিজৰ মুখ নিজে ঢকাৰ দিন নহয়৷ তাৰ বাবে, নাৰীয়ে প্ৰথমতে সলনি কৰিব লাগিব নিজক৷ হলা গছত কুঠাৰ পৰিবই, মেৰুদণ্ড পোন কৰি থিয় হব লাগিব আমি নিজেই৷ ক্ষন্তেকীয়া মোহত নিজকে প্ৰসাধন সামগ্ৰীৰে পুতি থোৱাৰ মানসিকতাৰ পৰা উদ্ধাৰ কৰিব পাৰিব লাগিব৷ আহকচোন, প্ৰথমতে নিজক সংশোধন কৰো, মানসিকতাৰ যোগাত্মক পৰিৱৰ্তন কৰো৷

গায়ত্ৰী গোস্বামী অধ্যাপক
সম্পাদক,
সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ, দ্বাদশ সংখ্যা৷

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
হিতেন ৰয়
2 years ago

প্ৰায় একে উশাহতে পঢ়িলোঁ। ভাল লাগিল।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক