সম্পাদকীয় : ডা° গীতাৰ্থ বৰদলৈ

এইবাৰৰ সাহিত্য ডট্‌ অৰ্গৰ সংখ্যাটো চিকিৎসা বিজ্ঞান বিশেষ হিচাপে সজাবলৈ মোক অনুৰোধ জনোৱা হ’ল। চিন্তা কৰিলোঁ, এইটো থীমৰ অনলাইন অসমীয়া আলোচনী মানুহে পঢ়িবনে? তাৰপিছত ভাবিলোঁ যে সাপে খুঁটি মৰা মানুহ জীয়াবলৈ বেজ লগোৱা, গাঁৱত মহামাৰী হ’লে মাইকী মানুহ এগৰাকীক ধৰি ডাইনী সজোৱা, ৰক্তক্ষৰণ হৈ মৰোঁ মৰোঁ হওঁতে হস্পিতেললৈ আনি তাৰ পিছত “ভুল চিকিৎসা” বুলি ডাক্তৰক মাৰধৰ কৰা, অলিয়ে গলিয়ে ৱাইন শ্বপ খুলি ডেকাসকলক মদ্যপানৰ প্ৰতি উত্‍সাহিত কৰা এইখন অসমত এনেকুৱা হাজাৰটা সংখ্যাৰ প্ৰয়োজন আছে। এইবাৰৰ সংখ্যাত এহাতে প্ৰতিম প্ৰতাপ বৰুৱা, মিণ্টু বৰগোঁহাই আদিয়ে  চিকিৎসকৰ লগত তেখেতসকলৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে, আনহাতে ভূপেন শইকীয়া, উদ্দীপ তালুকদাৰ, দীপুল হালৈ, দেৱব্ৰত গগৈ, বিজয় শৰ্মা, পংকজ নেওগ আদিয়ে চিকিৎসা বিজ্ঞান বিষয়ক শক্তিশালী লেখা প্ৰস্তুত কৰি উলিয়াইছে।এবাৰ বক্তৃতা এটাত শুনিছিলোঁ- চিকিৎসক আৰু আৰক্ষীক হেনো সাধাৰণ ৰাইজে মানুহ বুলি গণ্য নকৰে, অন্য কিবা বুলি ভাবে! আগৰ দিনৰ চিকিৎসকসকল ভাগ্যৱান আছিল। তেওঁলোকে ৰোগীক যিহকে খাবলৈ দিছিল, ৰোগীয়ে সেয়া অমৃত বুলি গ্ৰহণ কৰিছিল। লাহে লাহে সময় সলনি হ’ল। বৃত্তিটোক বদনাম কৰিব পৰাকৈ কিছুমান চিকিৎসক লোভী হৈ উঠিল। গ্ৰাহক সুৰক্ষা আইনে চিকিৎসাবৃত্তিকো সামৰি লোৱাত ডাক্তৰ-ৰোগীৰ সম্পৰ্ক বিক্ৰেতা-গ্ৰাহকৰ দৰে হৈ পৰিল। দুয়োপক্ষৰে লোকচান হ’ল। চিকিৎসকসকলে নিজৰ গা বচাবলৈ অধিক পৰীক্ষা-নিৰীক্ষাৰ বিধান দিবলৈ ধৰিলে, কিছুমান ৰোগীৰ গাত হাত লগাবলৈ সংকোচ কৰা হ’ল। বহুতো ৰোগীৰ অভিভাৱকে নিজকে ডাক্তৰকতকৈ অধিক জনা বুলি জাহিৰ কৰি ভুল চিকিৎসা ধৰা পেলাব পৰা হ’ল আৰু চিকিৎসকসকল আক্ৰোশৰ বলি হ’বলৈ ধৰিলে। এৰিক চিগালৰ উপন্যাসৰ নায়ক ডাক্তৰসকল বাতৰি কাকত আৰু টেলিভিছনৰ ব্ৰেকিং নিউজত সীমাবদ্ধ হৈ পৰিল। চিকিৎসক-ৰোগীৰ সম্পৰ্ক আৰু বেয়াৰ ফালে গতি কৰাৰ আগতে চিকিৎসক, সাধাৰণ ৰাইজ আৰু চৰকাৰ তিনিও পক্ষই নিজৰ মানসিকতা অলপ সংশোধন কৰাৰ প্ৰয়োজন। ৰোগীৰ দেহত টকাৰ ভাণ্ডাৰ দেখা পোৱাটো যিদৰে চিকিৎসকৰ বাবে নিন্দনীয়, সেইদৰে মানুহৰ মৃত্যু কেৱল চিকিৎসকৰ অতপালিতহে হ’ব পাৰে বুলি অভিভাৱকসকলে হাত চাফাইত লাগি যোৱাটোও গৰ্হিত কাৰ্য।
চিকিৎসকো মানুহহে। তেওঁলোকৰো ভোক-পিয়াহ, টোপনি, ধনৰ প্ৰয়োজন আছে। মানৱ দেহৰ গঠনো জটিল, একে বেমাৰৰ চিকিৎসা দুজন ৰোগীৰ ক্ষেত্ৰত বেলেগ হ’ব পাৰে। আশাকৰোঁ অদূৰ ভৱিষ্যতে চিকিৎসক-ৰোগীৰ সম্পৰ্কও চিকিৎসাবিজ্ঞান পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ’ব আৰু সমাজখনত এক সংযত আৰু শান্তিময় পৰিবেশ বিৰাজ কৰিব।
**************************************************************************************************
সম্পাদকীয়ত অলপো ডাক্তৰী কথা নিলিখিলে উকা উকা লাগিব! সেয়ে মনলৈ অহা কথা অলপ কওঁ। কথাখিনিৰ লগত সাহিত্য ডট্‌ অৰ্গৰ অলপ হ’লেও সম্পৰ্ক আছে। আপুনি ব’ৰ হ’লে দুঃখিত!
কিছুদিন আগতে ইণ্টাৰনেটত আগতে ভালপোৱা কাম কিছুমান কৰি মোৰ আমনি লগা হৈ আহিছিল। সেয়ে আপোনাকো সুধিছোঁ: আপোনাৰ বাৰু ব’ৰ লাগি আছে নেকি? সদায় কামলৈ অহা-যোৱা কৰি, সদায় মূৰত চিন্তাৰ বোজা এটা লৈ আপোনাৰ আমনি লগা নাইনে? একঘেমীয়া জীৱনে আপোনাক বিষণ্ণ, খঙাল বা মদৰ প্ৰতি আসক্ত কৰি তুলিছে নেকি?
ব’ৰডমৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই। সাধাৰণতে বিশেষ কাৰণ নোহোৱাকৈ চৌপাশৰ পৰিবেশৰ প্ৰতি আসক্তি কমা আৰু কোনো কামতে মনোযোগ দিব নোৱাৰা অৱস্থাকে ব’ৰডম বুলি ক’ব পাৰি।
ব’ৰডম একপ্ৰকাৰৰ নিঃশব্দ হত্যাকাৰী। বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ পাইছে যে ব’ৰডমত ভোগা মানুহৰ মগজুত “ড’পামিন” নামৰ ৰাসায়নিক পদাৰ্থবিধ কম থাকে। মগজুৰ কোনটো অংশই ব’ৰডম নিয়ন্ত্ৰণ কৰে সেয়া জনা হোৱা নাই যদিও ফ্ৰ’ণ্টেল কৰ্টেক্সৰ (সম্মুখৰ অংশ) ক্ষতি হ’লে মানুহ বিপজ্জনক কামৰ প্ৰতি অস্বাভাৱিকভাৱে আগ্ৰহী হয় বা ব’ৰডমত ভোগে। আমোদজনকভাৱে ফ্ৰ’ণ্টেল কৰ্টেক্সে সময়ৰ অনুভৱো নিয়ন্ত্ৰণ কৰে। বোধকৰোঁ সেইবাবেই ব’ৰ হ’লে সময় নাযায় নুপুৱাই যেন লাগে!
সাধাৰণতে আমনিদায়ক কাম এটা শেষ হোৱাৰ লগে লগেই খন্তেকীয়া ব’ৰডমৰ পৰা মুক্তি পোৱা যায়। কিন্তু দীৰ্ঘদিনীয়া ব’ৰড’মৰ ফলত মানুহ বিষাদগ্ৰস্ততা, দুঃচিন্তা, ড্ৰাগ্‌ছ আসক্তি, মদ্যপান, খোৱাত খেলিমেলি, অত্যাধিক খং, নিম্ন সামাজিক আচৰণ আদিত ভোগা দেখা যায়। ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহ হোৱাৰ দৰে শেষত মানুহজনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে!
আপুনি যদি ব’ৰ হোৱা যেন অনুভৱ কৰিছে, তেন্তে মূৰে-কপালে হাত দি দিবাস্বপ্ন দেখিব নালাগে। ব’ৰডমত ভোগা মানুহৰ এটা সুবিধা হৈছে যে তেওঁলোকে সোনকালে নতুন কামত মন বহুৱাব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণো পাব পাৰে। যেনে- যোগাভ্যাস, আড্ডা, নতুন হবী গঢ়া, শাৰীৰিক পৰিশ্ৰম আদি। আনহাতে ব’ৰডমত নোভোগা ড’পামিন বেছি থকা মানুহৰ দৈনন্দিন ৰুটিনত যদি অলপো খেলিমেলি হয়, তেওঁলোকৰ টিঙিছকৈ খং উঠে।
 
হোমেন বৰগোহাঞিয়ে “এদিনৰ ডায়েৰী”ৰ ব’ৰডমত ভোগা নায়কক ডায়েৰী লিখিবলৈ উপদেশ দিছে। আপোনালোকে ডায়েৰী লিখিবলৈ চেষ্টা কৰাৰ উপৰিও বিভিন্ন কামত মনোযোগ বহুওৱাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে। ব’ৰ লাগিলে ৰাতিৰ তৰাভৰা আকাশ চাওক, কেমেৰা এটা হাতত লৈ ওলাই যাওক, পাপনৰ গান এটা চিঞৰি চিঞৰি গাওক, বহুদিন কথা নপতা অন্তৰঙ্গ বন্ধুজনলৈ ফোন কৰক বা ৱিকিপিডিয়াত প্ৰবন্ধ এটাকে লিখক। এইবোৰৰ এটাও ভাল নালাগে যদি “অসমীয়াত কথা-বতৰা”ৰ কোনোবা বিতৰ্ক এটাতে ভাগ লওক আৰু সকলোকে ধাম-ধুম গৰিহণা দিয়ক! চিন্তা কৰিব নালাগে, ব’ৰডমক খেদাওঁ বুলি ভাবিলে ‘অকব’ৰ পৃষ্ঠা খুলি লোৱাৰ পিছত সাহিত্য ডট্‌ অৰ্গ জাতিষ্কাৰ কৰিবলৈ আপোনাৰ কলমেদি (কীব’ৰ্ডেদি) গল্প, কবিতা, প্ৰবন্ধৰ ঢল ব’ব!
 
সাহিত্য ডট্‌ অৰ্গৰ বাবে লিখিবলৈ বহুতৰে এলাহ! সেইবাবে অকাই পকাই এই বেজীটো দিলোঁ- ইমানখিনি আমনিদায়ক কথা পঢ়ি উঠি আপোনাৰ ব’ৰ লগা নাইনে? তেন্তে কামত লাগি যাওক!!

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

আগতে বিশেষ গুৰুত্ব নিদিয়া দিশ এটাৰ বিষয়ে পঢ়ি ভাল লাগিল । ব’ৰডমৰ অসমীয়া প্ৰতিশব্দ নাই যদিও “আমনি” শব্দটো ইয়াৰ প্ৰতিৰূপ হিচাপে আংশিকভাবে ব্যৱহাৰ কৰিব পাৰি চাগে ।
ঘৰৰ পৰা কৰ্মথলীলৈ আৰু কৰ্মথলীৰ পৰা ঘৰলৈ । মাজে মাজে বন্ধু বা আত্মীয়ৰ ঘৰলৈ । ইয়েই হৈছে নগৰীয়া একঘেয়ামী জীৱনৰ ছবি লগতে ব’ৰডম সৃষ্টি হোৱাৰ কঠিয়াতলী ।
সম্পাদকীয়টোত ব’ৰডমৰ পৰা পৰিত্ৰাণৰ উপায়বোৰ জানি উপকৃত হলো ।
সম্পাদক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলো ।

ড০ সুকুমাৰ বৈশ্য
8 years ago

ডা০ গীতাৰ্থ বৰদলৈৰ সম্পাদকীয়টো সৰস, ইনফৰ্মেটিভ (= তথ্য-সমৃদ্ধ ?) তথা অামাৰ দৰে সাধাৰণ পাঠকক লিখিবলৈ জোকাৰ বা চিকুট মাৰি দিয়া বিধৰ (“অকাই পকাই” দিয়া “বেজী”টো) হৈছে। তেখেতক ধন্যবাদ, লগতে অভিনন্দন জনালোঁ।

naba
8 years ago

পঢ়ি ভাল লাগিল…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক