সম্পাদকীয় (চন্দামিতা দেৱী)

সংস্কৃতি বুলিলে আমি সাধাৰণ অৰ্থত এখন সমাজত প্ৰচলিত বিশ্বাস, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, উৎসৱ-পাৰ্বণ আদিকেই বুজোঁ। যিকোনো এটা জাতিৰ সংস্কৃতিয়েই হৈছে জাতিটোৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতীক। এই সংস্কৃতি গঢ় লৈ উঠে শ শ বছৰ জোৰা পৰিৱৰ্তন আৰু সংস্কাৰৰ মাজেৰে। শতিকাজোৰা গতিশীল প্ৰক্ৰিয়াৰে গঢ় লোৱা এটা সংস্কৃতি যেতিয়া আন সংস্কৃতিৰ প্ৰভাৱত নিজস্বতা হেৰুওৱা বা লুপ্ত হোৱাৰ পথত আগবাঢ়ে তেতিয়াই জাতিটোৱে পৰিচয় আৰু অস্তিত্বৰ সংকটত ভুগিবলগীয়া হয়।
যিকোনো ঠাইৰ যিকোনো জাতিৰ সংস্কৃতিয়েই নিজস্বতাৰে উদ্ভাসিত। ‘নিজৰ সংস্কৃতি ভাল, আনৰটো বেয়া’— এই মনোবৃত্তি নাৰাখি আমাৰ নিজ সংস্কৃতিক সন্মান আৰু গৌৰৱ সহকাৰে প্ৰতিষ্ঠা আৰু প্ৰতিপালন কৰিব পাৰিব লাগে। আন যিকোনো জাতিৰ দৰে শ শ বছৰ পুৰণি অসমীয়া সংস্কৃতিৰো নিজস্ব বৈশিষ্ট্য আছে। নানা জাতি-জনজাতি ,বিভিন্ন ধৰ্মাৱলম্বী লোকৰে গঠিত আমাৰ অসমীয়া সমাজখনৰ আছে এক গৌৰৱোজ্জ্বল অতীত আৰু আছে আনতকৈ পৃথক এক বৰ্ণিল সাংস্কৃতি। অসমীয়া সমাজখনৰ আচাৰ-ব্যৱহাৰ, লোকাচাৰ, উৎসৱ-পাৰ্বণ আদি স্বকীয় বৈশিষ্ট্যতাৰে পৰিপূৰ্ণ। বছৰত পালন কৰা তিনিটা বিহু হৈছে অসমীয়া সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ। কাতি বিহুত খেতিপথাৰ আৰু তুলসীৰ তলত চাকি-বন্তি দিয়া, মাঘ বিহুত পথাৰত ভেলাঘৰ সাজি ভোজ-ভাত খাই পুৱা মেজি জ্বলোৱা, ব’হাগ বিহুত গৰুক গা-ধুৱাই নতুন পঘা দিয়া, সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লোৱা, ঘৰে ঘৰে হুচৰি গাই গৃহস্থৰ কুশল কামনা কৰি আশীৰ্বাদ দিয়া, বিহু নচা— এইবোৰ হৈছে অসমীয়া সংস্কৃতিৰ অংশ। তদুপৰি বিভিন্ন উৎসৱ-পাৰ্বণ, শঙ্কৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, ৰাস, দৌল-যাত্ৰা, মে-ডাম-মে-ফি আদিৰ লগতে বিভিন্ন নৃত্য-গীত, যেনে— বৰগীত, নানা লোকগীত, লোকনৃত্য, সত্রীয়া নৃত্য, ওজাপালি আৰু লগতে আইনাম, বিয়ানাম, গোপিনী সবাহ, গৰখীয়া সবাহ, মহো মাগা আদিয়েও আমাৰ একক সংস্কৃতিৰ স্বাক্ষৰ বহন কৰে। মেখেলা-চাদৰকে ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নানাৰঙী পোছাক-পৰিচ্ছদো আমাৰ বৰ্ণিল সংস্কৃতিৰেই উজ্জ্বল চানেকি।
কোনো জাতিৰ সংস্কৃতিৰ স্থায়িত্ব নিৰ্ভৰ কৰে সেই জাতিৰ নিজস্ব সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আস্থাৰ ওপৰত। যেতিয়াই মানুহৰ মাজত নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু আস্থাৰ অভাৱ ঘটে, তেতিয়াই স্বাভাৱিকতে বহিৰাগত সংস্কৃতিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ লয় আৰু সংস্কৃতি অপ-সংস্কৃতিলৈ পৰ্যবসিত হয়। বৰ্তমানৰ সময়ত অসমীয়া সমাজলৈ আন প্ৰান্তৰ সংস্কৃতিৰ আগমন হোৱা পৰিলক্ষিত হৈছে। এই বহিৰাগত সংস্কৃতিয়ে অসমীয়া সমাজ আৰু সংস্কৃতিক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে আৰু এয়া চিন্তাৰ বিষয়। আমাৰ বিয়াবোৰত পূৰ্বপ্ৰচলিত বহুতো লোকাচাৰ বা নীতি-নিয়মক একাষৰীয়া কৰি এচামে উত্তৰ ভাৰতৰ পৰা আমদানিকৃত ‘মেহেন্দী’, ‘সংগীত’ আদি অনুষ্ঠান অতি উলহ-মালহেৰে পালন কৰা দেখিবলৈ পোৱা যায়। তদুপৰি ‘কড়োঁৱা চৌঠ’, ‘ৰাখী-বন্ধন’, ‘গোদ-ভৰাই’ আদিও উত্তৰ ভাৰতৰ দিশৰ পৰা অহা নৱ-সংযোজন। ইয়াতকৈয়ো আগবাঢ়ি গৈ কিছুসংখ্যকে সম্পূৰ্ণ বিদেশী ‘ৰেইন-ডান্স’, ‘লা-টমাটিনা’ আদিও উল্লাসেৰে উদযাপন কৰে।
বহিৰাগত সংস্কৃতিসমূহ আমাৰ সংস্কৃতিলৈ অহাৰ প্ৰকৃত কাৰণসমূহ প্ৰণালীৱদ্ধ গৱেষণাৰ দ্বাৰাহে ভালদৰে জানিব পৰা যাব যদিও বহুক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰতিও আঙুলি টোঁৱাব পাৰি যেন লাগে। বৰ্তমান এচামে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিবলৈ প্ৰায় এৰি দিয়াটোও সংস্কৃতিক অৱক্ষয়ৰ এটা কাৰণ বুলিব পাৰি। অৰ্থনৈতিক উত্থানৰ ফলত অৰ্থব্যয়ৰ ক্ষমতা বাঢ়ি যোৱাৰ লগে লগে আধিক হাৰত মাচুল দি ইংৰাজী মাধ্যমত পঢ়োৱাৰ প্ৰৱণতাই গা কৰি উঠিছে। এইসকলে ভাবি ল’লে যে ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰিলেহে ভৱিষ্যৎ প্ৰজন্মই আৰু অধিক উন্নতি কৰিব পাৰিব। তদুপৰি এটা সময়ত বিভিন্ন কাৰণত বহুসংখ্যক অনুপযুক্ত ব্যক্তিয়ে শিক্ষক পদত নিযুক্তি পোৱাৰ ফলতো চৰকাৰী অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অনাস্থাৰ সৃষ্টি হয় আৰু ইংৰাজী মাধ্যমৰ পিনে ঢাল খায়। অসমীয়া মাধ্যমৰ পৰা আঁতৰি অহাৰ লগে লগে এইসকলৰ ক্ৰমান্বয়ে মূল সুঁতিৰ লগত মানসিক দূৰত্ব সৃষ্টি হ’বলৈ ধৰে। ইংৰাজী মাধ্যমৰ পাঠ্যপুথিত অসমীয়া মাধ্যমৰ পাঠ্যপুথিত থকাৰ দৰে অসমীয়া সমাজখনৰ ভাষা, সংস্কৃতি, বুৰঞ্জী আদিৰ বিষয়ে বিতংকৈ নাথাকে। অসমীয়া মাধ্যমৰ পাঠ্যপুথিত মাটিৰ গোন্ধ থকা নানা গল্প , কবিতা, ফকৰা-যোজনা, চিত্ৰ আদিৰ মাজেৰে সাধাৰণ অসমীয়া সমাজখনৰ লগত পৰিচয় অক্ষুণ্ণ ৰখাত সহায় কৰে। ইংৰাজী মাধ্যমৰ পাঠ্যপুথিত এনে সংস্কৃতিৰ পৰিচয় পোৱা দুৰ্লভ৷ ফলত এটি শিশুমনত সৰুৰে পৰা সমাজ আৰু সামাজিক সংস্কৃতিৰ লগত মানসিক সম্পৰ্কহীনতাই গঢ় লৈ উঠে।
আনহাতে, এচাম লোকৰ চহৰমুখী প্ৰৱণতাকো অন্যতম কাৰক বুলিব পাৰি। জনসংখ্যা বৃদ্ধি আৰু শিক্ষাৰ প্ৰসাৰৰ ফলত অকল কৃষিৰ ওপৰতে নিৰ্ভৰশীল হ’বলৈ এৰি কৰ্মসংস্থাপনৰ সন্ধানত চহৰমুখী হ’বলৈ ধৰে। গ্ৰামাঞ্চল বা বিভিন্ন পৰিৱেশৰ পৰা চহৰলৈ আহি ব্যস্ত আৰু ব্যক্তিকেন্দ্ৰিক জীৱন এটা অতিবাহিত কৰিবলৈ ধৰে। এওঁলোকৰ মাজত কোনো ধৰণৰ আত্মীয়তা আৰু সামাজিক যোগসূত্ৰ সৃষ্টি নোহোৱাৰ ফলত সামাজিকভাৱে পালন কৰিবলগীয়া নিজা কৃষ্টি-সংস্কৃতিখিনি চৰ্চাৰ অভাৱত এলাগী হৈ পৰে।
বহু সময়ত মানুহে নিজস্বখিনিৰ প্ৰতি অভ্যস্ত হৈ পৰে আৰু ইয়াক সাধাৰণ আৰু বিশেষত্বহীন যেন অনুভৱ কৰে; আনহাতে আনৰখিনি অধিক আকৰ্ষণীয় আৰু উজ্জ্বল ৰূপত ধৰা দিয়ে। এই সহজাত আকৰ্ষণৰ ফলস্বৰূপে নিজৰখিনি এৰি আনৰখিনিলৈ হাত মেলা পৰিলক্ষিত হয়। এইক্ষেত্ৰত আমাৰ কৰণীয় এটাই- ঘাইশিপাস্বৰূপ আমাৰ নিজা সভ্যতা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল আৰু দায়ৱদ্ধ হোৱা ; বাহিৰৰ ৰং-চঙত ভোল গৈ নিজৰখিনি এলাগী কৰি আনৰখিনি আকোঁৱালি লোৱাৰ পৰা বিৰত থকা, আৰু উঠি অহা প্ৰজন্মক নিজৰ সংস্কৃতিৰ প্ৰতি সজাগ তথা শ্ৰদ্ধাশীল কৰি তোলা। পৰিৱৰ্তনশীল সময় আৰু প্ৰয়োজনে যদিও আমাক আমাৰ পূৰ্বৰ গাওঁৰ পৰিৱেশৰ পৰা নতুন চহৰীয়া পৰিৱেশত থাকিবলৈ বাধ্য কৰাইছে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ঠাইত ইংৰাজী বা অইন ভাষাৰ বিদ্যালয়ত অধ্যয়ণ কৰাৰ এক পৰিবেশ সৃষ্টি কৰাইছে, এই কোনো এটা পৰিঘটনাকে আমি নিজস্বতা বিসৰ্জনৰ কাৰণ হিচাপে ব্যৱহাৰ কৰিলে নিজা জাতিটোক বিশ্বাসঘাটকতা কৰা হ’ব । বৰঞ্চ আমি দুগুণ উৎসাহেৰে আমাৰ চিৰপ্রবাহমান সংস্কৃতিৰ ধাৰাটোক উপযুক্ত ৰক্ষণাবেক্ষণ দিব লাগিব যাতে ইয়ে ভৱিষ্যতলৈও আমাৰ জাতীয় বৈশিষ্ট্যক বিশ্ব-দৰবাৰত তুলি ধৰিব পাৰে৷
আন্তৰিকতাৰে,
চন্দামিতা দেৱী
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments