সম্পাদকীয় – জয়ন্ত আকাশ বৰ্মন

আধুনিক ভাষাতত্ববিদসকলৰ অগ্ৰণী পুৰুষ, আমেৰিকান দাৰ্শনিক নোৱাম চমস্কি  (Noam Chomsky)ৰ মতে পৃথিৱীত ভাষাৰ উদ্ভৱ মুখ্যতঃ চিন্তা কৰিবৰ কাৰণে সৃষ্টি হোৱা মগজুৰ এক আভ্যন্তৰীণ  প্ৰক্ৰিয়া, বাহ্যিক পাৰিপাৰ্শ্বিকতাৰ  লগত যোগাযোগ এক গৌণ কাৰকহে। যিকোনো এটা কথা চিন্তা কৰিবলৈ আমাক ভাষাৰ অতীৱ প্ৰয়োজন। আৰু সেই চিন্তা প্ৰকাশ কৰিবলৈয়ো আকৌ এটা ভাষাৰেই প্ৰয়োজন। সেই অৰ্থতেই ভাষা আৰু চিন্তা এটা আনটোৰ পৰিপূৰক। মাতৃভাষাৰ প্ৰয়োজনীয়তা ইয়াতেই অনুমেয়।
ক্ৰমবিকাশৰ লগে-লগে ভাষা এটাই ধীৰে-ধীৰে স্বকীয় বৈশিষ্ট্য ধাৰণ কৰি একক ৰূপ লৈ পৰিচিত হ’বলৈ আৰম্ভ কৰে। আৰু লগে-লগে ই এখন সমাজৰ সাংস্কৃতিক চৰিত্ৰৰ বাহক হৈ এক নিজস্ব সাংস্কৃতিক পৰিচয়ৰ মৰ্যদা লাভ কৰে।
মানৱ সভ্যতা কেতিয়াও একে ঠাইতে স্থবিৰ হৈ নাথাকে। জীৱনৰ মূল প্ৰয়োজনীয়তাৰ সন্ধানতেই হওক নতুবা প্ৰভুত্ব বিস্তাৰৰ চিৰাচৰিত মানসিকতাৰ বাবেই হওক, সভ্যতা এটা   এঠাইৰ পৰা আন এঠাইলৈ গতি কৰি থাকে। লগত লৈ যায় ভাষা, সংস্কৃতি ইত্যাদি। এনেকৈয়ে কালক্ৰমত ই গোলকটোৰ চাৰিওফালে বিস্তাৰিত হৈ পৰে। আদান-প্ৰদান হয় সংস্কৃতিৰ, ভাষাৰ। এটা সংস্কৃতিয়ে আন এটা সংস্কৃতিক আঁকোৱালি লয়। এনেকৈয়েই সংস্কৃতিৰ স্বাংগীকৰণ হৈ গৈ থাকে। সভ্যতাই গতি লৈ থাকে। জাতি এটাৰ পৰিচয় সুস্পষ্ট হ’বলৈ এক নিৰ্দ্দিষ্ট একক ভাষাৰো প্ৰয়োজনীয়তা অনুভূত হয় এইখিনিতেই।
অসমীয়া ভাষা এক প্ৰাচীন ভাষা। মূলৰ কথা ক’বলৈ নগ’লেও এইটো প্ৰমাণিত যে ইতিমধ্যেই ই এক দীঘলীয়া পথ অতিক্ৰম কৰি ক্ৰমবিকাশ হৈ হৈ আহি এইখিনি পাইছে। হয়তো ধ্ৰুৱীয় ভাষাৰ আটাইখিনি গুণেৰেই ই গুণবান। ভাৰতত ইতিমধ্যে স্বীকৃত ছটা ধ্ৰুৱীয় ভাষা তামিল,সংস্কৃত, তেলেগু, কানাড়া,মালায়লম আৰু  উডিয়াৰ পিচত হয়তো সপ্তমটো ধ্ৰুৱীয় ভাষাৰ সম্ভাৱনাৰে ই সম্ভাৱনাময়। এতিয়া প্ৰয়োজন ইয়াৰ সুৰক্ষাৰ, ইয়াৰ প্ৰসাৰ তথা উৎকৰ্ষৰ।
মাতৃভাষাক ভাল পোৱাটো কোনোপধ্যেই এক ঠেক মনোবৃত্তি নহয়। নিজস্ব বৈশিষ্ট্যৰে মহীয়ান হৈ আত্মমৰ্যদা সম্পন্ন জাতি হিচাপে বিশ্বত খোজ দিয়াটো আত্মসন্মানবোধসম্পন্ন সকলো জাতিৰেই এক অধিকাৰ তথা কৰ্তব্য।
এইখিনিতে আমি সাৱধান হোৱা উচিত যাতে আমাৰ ভাষাপ্ৰেম আত্মাভিমানলৈ ৰূপান্তৰিত নহয়; যাতে, আমাৰ ভাষাপ্ৰেম সংকীৰ্ণ নহয়। লক্ষ্য ৰাখিব লাগিব যে নিজৰ ভাষাক শ্ৰেষ্ঠ প্ৰতিপন্ন  কৰিবলৈ গৈ যাতে আমাৰ লগতেই বসবাস কৰি থকা আমাৰ জাতি-ভাইসবৰ ভাষাক হেয় প্ৰতিপন্ন কৰা নহয়; উচ্চাৰণগত ভিন্নতাই যাতে মনবোৰত বিভেদৰ বীজ ৰোপন নকৰে।  ভৌগলিকভাবে আমি একেখন অসমত বাস কৰি থাকিলেও সাংস্কৃতিকভাবে আমি এক মিশ্ৰিত ভাষিক জাতি। অসমীয়া ভাষাৰ বিশুদ্ধতাক লৈ টানি ধৰিলে হয়তো বহু ক্ষেত্ৰত আমি কিছুমানক ক্ষুণ্ণ কৰা হ’ব। ফলত এক জাতিগত বিভংগন প্ৰক্ৰিয়াই সাংস্কৃতিক সমাজখনো ছেদেলি-ভেদেলি কৰি দিব। ইতিমধ্যে তেনেকুৱা কিছুমান ভুলৰ বাবেই অসমীয়া ভাষাৰ পৰিসৰো কিছু সংকুচিত হৈ পৰিছে। আমাৰ বিচাৰ্য ভাষা হোৱা উচিত বিশাল অসমৰ ভাষা, ঠেক গণ্ডীৰ অসমীয়া ভাষা নহয়। অসমৰ সকলো ভাষাকেই সন্মানৰ চকুৰে চাই ভাষাৰ স্বাভাবিক স্বাংগীকৰণৰ বাবে আমি মানসিকভাবে প্ৰস্তুত থাকিব লাগিব। অসমীয়া ভাষাক সমৃদ্ধ কৰিবলৈ ইয়াৰ কপাটখন সদায় খোলা ৰাখিব লাগিব।
দীৰ্ঘ সম্পাদকীয় নিষ্প্ৰয়োজন, আলোচনীখনৰ সামগ্ৰিক আত্মাটোৱেই আমাৰ সম্পাদকীয়।
জয়ন্ত আকাশ বৰ্মন
সম্পাদক,
ফেব্ৰুৱাৰী সংখ্যা, ২০১৭,
সাহিত্য ডট্ অৰ্গ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments