সম্পাদকীয় (দেৱপ্ৰতীম হাজৰিকা)

‘ঈশ্বৰ’- সঁচাকৈয়ে অদ্ভুৎ এই শব্দটো। মানুহৰ বিশ্বাসৰে ফল হয়তো এই ঈশ্বৰ। মানুহৰ মনৰ এই বিশ্বাসে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি নানা ৰূপ ল’লে। ‘ৰাম-কৃষ্ণ’, ‘আল্লা’, ‘গড’ আদি বহুতো নাম পালে এই ঈশ্বৰে। এই নামবিলাকৰ ওপৰত ভিত্তি কৰিয়েই মানুহে নিজৰ আচল ধৰ্ম পাহৰি কিছুমান নতুন ধৰ্মৰ সৃষ্টি কৰিলে। কিছু ক্ষেত্ৰত এই ধৰ্ম সৃষ্টিয়েই সুবিধাৰ কাৰণ হ’ল, কিন্তু কিছুমান ক্ষেত্ৰত এই ধৰ্মই সৃষ্টি কৰিলে অৰাজকতা। মানুহৰ মাজত ভেদ-ভাৱৰ সৃষ্টি হ’বলৈ ধৰিলে। কিছুমানে সকলো ধৰ্মৰে মূলমন্ত্ৰ ‘ঈশ্বৰ একেজনেই’ কথাষাৰ পাহৰিবলৈ ধৰিলে। এই পাহৰণিৰ ফলতেই হ’বলৈ ধৰিলে যুদ্ধ-বিগ্ৰহ। ধৰ্মৰ নামত আৰম্ভ হ’বলৈ ধৰিলে কিছুমান অমানৱীয় কাৰ্য্য। এই ধৰ্ম সৃষ্টিৰ লগে লগেই যেন মানুহে নিজৰ আচল ধৰ্ম ‘মানৱীয়তা’ পাহৰিবলৈ ধৰিলে, যিটো(মানৱীয়তা) সকলো ধৰ্মৰে হয়তো প্ৰধান উদ্দেশ্য আছিল, যিটো ইমানবিলাক ৰূপ সলোৱাৰ পাছতো প্ৰতিটো ৰূপতে ‘ঈশ্বৰ’ বোলাজনে কৈ গৈছিল। কিন্তু এই ধৰ্ম সৃষ্টিৰ লগে লগেই মানুহে নিজৰ নিজৰ ধৰ্ম শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যেন বদ্ধপৰিকৰ হৈ উঠিল। এই প্ৰতিযোগিতাৰ ফলত তেওঁলোকে ‘ঈশ্বৰ’ক পাহৰিবলৈ ধৰিলে, পাহৰিবলৈ ধৰিলে তেওঁৰ মূল উদ্দেশ্য, মাথোঁ মনত ৰাখিছে ‘ঈশ্বৰ’ৰ বিভিন্ন নাম।
তেনেতে একশ্ৰেণীৰ মানুহৰ আৱিৰ্ভাৱ হ’ল। তেওঁলোকে সকলোবিলাক চালি-জাৰি চাইহে কোনো এটা বস্তুৰ অস্তিত্ব মানি লয়। এই ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাই তেওঁলোকৰ প্ৰধান আহিলা। তেওঁলোকেও এই ‘ঈশ্বৰ’ৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছে। কিন্তু বাৰে বাৰে তেওঁলোক যেন এই বিশ্বাসৰ আগত হাৰ মানিছে, কিছুমানে এই বিশ্বাসক নিজৰ বিশ্বাস বুলি মানি লৈছে কিন্তু বহুতে এতিয়াও এই ‘ঈশ্বৰ’ৰ অস্তিত্বৰ পাছত দৌৰি ফুৰিছে।
এই ‘ঈশ্বৰ’ৰ ওপৰত ভিত্তি কৰিয়েই নানা ধৰণৰ গ্ৰন্থ ৰচিত হৈছে। গ্ৰন্থসমূহত ‘ঈশ্বৰ’ক অলৌকিক শক্তিৰ অধিকাৰী, ভীষণ শক্তিশালী বুলি অভিহিত কৰিছে। তেওঁলোক অতি দয়াবান, দুষ্টক দমন আৰু শিষ্টক পালনেই তেওঁলোকৰ মূল ধৰ্ম। আমি সৰুৰেপৰা এই কাহিনীবোৰ পঢ়ি আহিছোঁ। পঢ়ি আমাৰ মনত অজানিতে ‘ঈশ্বৰ’ বোলাজনৰ প্ৰতি ভক্তি জাগি উঠে; মা-দেউতাই শিকোৱা ধৰণে ‘ঈশ্বৰ’ক ভক্তি কৰি। বিভিন্ন নাম অনুসৰি এই ‘ঈশ্বৰ’ক ভক্তি কৰাৰ প্ৰথা যে বেলেগ বেলেগ সৰুতে আমি এইবিলাক কথা নুবুজোঁ। মাথোঁ জানিবলৈ ধৰোঁ ‘ঈশ্বৰ’ৰ বিভিন্ন নাম। কিন্তু মনত নিজৰ ‘ঈশ্বৰ’জনেই আটাইতকৈ শক্তিশালী বুলি ভাবিবলৈ ধৰোঁ, মানে সেই ধৰ্মৰ পুলি সৰুৰে পৰাই সাৰ-পানী পাই লহপহকৈ বাঢ়িবলৈ ধৰে।
সেই ধৰ্মৰ পুলি লহপহকৈ বাঢ়ি অহাৰ সময়তে আমি কেতিয়াবা সংস্পৰ্শলৈ আহোঁ ওপৰত উল্লেখ কৰা সেই বিশেষ শ্ৰেণীৰ লোকসকলৰ। তেতিয়া মনটোৱেও ভাবিবলৈ আৰম্ভ কৰে তেওঁলোকৰ দৰেই। ‘ঈশ্বৰ’ৰ অস্তিত্বৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন আহি পৰে। ভাবিবলৈ ধৰোঁ ‘ঈশ্বৰ’ৰ পৰাক্ৰমী কাহিনীসমূহৰ বিষয়ে। বিচাৰি ফুৰোঁ তাত কিছু প্ৰশ্নৰ উত্তৰ। সেই বিশেষ শ্ৰেণীৰ লোকসকলৰ অৱদান বিজ্ঞানে দিবলৈ সক্ষম হয় কিন্তু বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাযায়। তেতিয়াই মনৰ কল্পনা শক্তিয়ে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিবলৈ লয়।
কল্পনা কৰোঁ এখন পৃথিৱীৰ য’ত একো উন্নতি হোৱা নাই। মানুহ তেতিয়াও আদিম যুগত। হঠাতে এদিন সেই পৃথিৱীত আৱিৰ্ভাৱ হয় এখন উৰাজাহাজৰ দৰে এক যন্ত্ৰৰ। আদিম মানুহে কেতিয়াও নেদেখা তেনে যন্ত্ৰবিধ দেখি আচৰিত হ’ল, ভয়ত কঁপিবলৈ ধৰিলে। তেনেতে সেই যন্ত্ৰৰ পৰা ওলাই আহিল এজন সুন্দৰ সুঠাম পুৰুষ। আচলতে সেই পুৰুষজন আছিল এটা বেলেগ গ্ৰহৰ প্ৰাণী, এক কথাত এলিয়েন। বিজ্ঞানত অতি আগবঢ়া সেই প্ৰাণীবিধে বিজ্ঞানৰ জৰিয়তে নানা ধৰণৰ অলৌকিক কাণ্ড কৰিবলৈ ধৰিলে। সেই অলৌকিক কাণ্ড দেখি আদিম মানৱ সেই পুৰুষৰ শৰণাপন্ন হ’ল আৰু এক বিশেষ ‘ঈশ্বৰ’ৰ জন্ম হ’ল। সেই ‘ঈশ্বৰ’ৰ কথা শুনি সেই গ্ৰহৰে আন এজনে তেনেদৰে পৃথিৱীলৈ আহি নিজৰ শক্তি পৃথিৱীবাসীৰ আগত দেখুৱালে। তেনেদৰে সৃষ্টি হ’ল আন এজন ‘ঈশ্বৰ’ৰ। এনেদৰেই বিভিন্ন ‘ঈশ্বৰ’ৰ সৃষ্টি হ’বলৈ ধৰিলে আৰু ‘ঈশ্বৰ’ৰ নামো সলনি হ’বলৈ ধৰিলে। মানুহবিলাকেও নিজৰ বিশেষ ‘ঈশ্বৰ’ অনুযায়ী ভাগ হ’বলৈ ধৰিলে। ‘ঈশ্বৰ’ৰ উপাসনা হ’বলৈ ধৰিলে।
ওপৰৰ কথাখিনি মনৰ মাথোঁ এক কল্পনা। এই কল্পনাত জড়িত হৈ আছে সেই বিশেষ শ্ৰেণীৰ লোকসকলৰ অৱদান বিজ্ঞান। এনেদৰেই হয়তো জন্ম হৈছিল ‘কল্পবিজ্ঞান’ৰ। মনৰ কিছুমান অলৌকিক চিন্তা আৰু অলপ বিজ্ঞানৰ সানমিহলি। কিন্তু যেতিয়া এই কল্পবিজ্ঞানক আমি ‘ঈশ্বৰ’ৰ অস্তিত্ব পৰীক্ষাৰ কাৰণে ব্যৱহাৰ কৰিম তেতিয়া এটা কাহিনী ওলাই আহিব ঠিক ওপৰত কোৱাৰ দৰেই।
আমাৰ বিভিন্ন ‘ঈশ্বৰ’ৰ ওপৰত ৰচিত ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থসমূহতো আমি বিজ্ঞান বিচাৰি পাব পাৰোঁ। টি.ভি­.ত দেখুওৱা বিভিন্ন অস্ত্ৰ-শস্ত্ৰসমূহৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজিৰ যুগৰ ৰকেট বিজ্ঞান, মিছাইল বিজ্ঞান আদিৰ গঢ় লৈ উঠিছে। তদুপৰি বিভিন্ন সময়ত প্ৰকাশ পোৱা বিভিন্ন কল্পবিজ্ঞান গ্ৰন্থসমূহৰ কথাবিলাকো বাস্তৱলৈ ৰূপান্তৰিত হৈছে। এক কথাত এই কল্পবিজ্ঞান বৰ্তমান বিজ্ঞানৰ বাটকটীয়া।
মানে যদি এতিয়া বিজ্ঞানৰ ফালৰ পৰা চাওঁ তেন্তে ওপৰত কল্পনা কৰা কল্পবিজ্ঞানৰ কাহিনীটো ভৱিষ্যতৰ বিজ্ঞানৰ বাটকটীয়া বুলিব পাৰিম। মানে যদি ভৱিষ্যতে বাহিৰৰ গ্ৰহত প্ৰাণী থকাৰ প্ৰমাণ পোৱা যায় তেন্তে ওপৰৰ কল্পবিজ্ঞান কাহিনীটো সঁচা হোৱাৰ বহুতো থল আছে। এনে হ’লে আমি আজিৰ ‘ঈশ্বৰ’ৰ বিভিন্ন ৰূপৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ’ম তথা এই বিভিন্ন নামৰ ‘ঈশ্বৰ’ক লৈ চলি থকা এচাম লোকৰ অৰাজকতাও দূৰ কৰিবলৈ সক্ষম হ’ম। সেয়েহে অপেক্ষা এনে এটা দিনৰ যেতিয়া কোনো লোকৰ বাবে প্ৰাণস্বৰূপ, কোনো লোকৰ বাবে এক বিশ্বাস, কোনো লোকৰ বাবে এতিয়াও এক ৰহস্য এই বিভিন্ন নামৰ ‘ঈশ্বৰ’সমূহ একগোট হৈ কওকহি, “আমাৰ মাজত বিভাজন উচিত নহয়। আমাৰ সকলোৰে শক্তি একেই, আমি দেখিবলৈ মাথোঁ বেলেগ, কিন্তু ভিতৰত সকলো একেই। কোন শ্ৰেষ্ঠ, কোন হেয় সেয়া প্ৰতিপন্ন কৰা তোমালোকৰ ধৰ্ম নহয়। নিজৰ কাম নিয়াৰিকৈ কৰি যোৱাই তোমালোকৰ ধৰ্ম, কৰ্মই তোমালোকৰ ধৰ্ম, মানৱীয়তাই তোমালোকৰ আচল ধৰ্ম।”
 
দেৱপ্ৰতীম হাজৰিকা
সম্পাদক
সাহিত্য ডট্ অৰ্গ, ফেব্ৰুৱাৰী ২০১৪
 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ধনজিৎ কুমাৰ শৰ্ম্মা
7 years ago

‘ঈশ্বৰ’ – সঁচাকৈয়ে অদ্ভুৎ এই শব্দটো…. আৰাম্ভনিৰ পৰা শেষলৈ বঢ়িয়া লিখিছে দে‍ই।

Anonymous
7 years ago

পঢ়ি ভাল লাগিল। সুন্দৰ।

Anonymous
4 years ago

bor val lagil pohi

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক