সম্পাদকীয় (দেৱীকা ফুকন)

ডাঠ কুঁৱলীৰ ওৰণি টানি আহোঁ-নাহোঁকৈ শীত আহিল। পুহ আৰু মাঘ মাহক আগুৰি অসমত শীতৰ প্রভাৱ বৰ্ত্তি থাকে। শীতৰ আগমনৰ লগে লগে নানান পৰিভ্রমী চৰাইৰ কলৰৱত প্রকৃতি মনোমোহা হৈ পৰে। যদিওবা এই সময়ছোৱাত গছ-বিৰিখৰ পাত আদি সৰি তেনেই লঠঙা হৈ পৰে, তথাপি সেই লঠঙা বিৰিখেও প্রকৃতিৰ অনন্য ৰূপৰ প্রতিফলন কৰে। নানাৰঙী ফুলে সোণত সুৱগা চৰায়।
প্রকৃতিৰ এই অনন্য ৰূপ পান কৰাৰ উদ্দেশ্যেই মানুহে বনভোজৰ বাবে শীতৰ সময়ছোৱাকে উপযুক্ত হিচাবে বাচি লয়। বিভিন্ন পাহাৰ, নদী, বনাঞ্চল, ঐতিহাসিক ক্ষেত্রসমূহ হৈ পৰে বনভোজৰ প্রাণকেন্দ্রস্বৰূপ। শীতৰ আনন্দমুখৰ পৰিবেশত আত্মহাৰা হৈ নিজৰ দ্বায়িত্ববোধৰপৰা বিচলিত হোৱাটো বৰ্ত্তমান তেনেই স্বাভাৱিক কথা। এই দ্বায়িত্বজ্ঞানহীনতা কেৱল বনভোজস্থলীসমূহ ব্যৱহাৰৰ পিছত কদৰ্য্যময় কৰি থৈ অহাতেই সীমাবদ্ধ নহয়। অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিলৈ শীতৰ সময়ছোৱাতেই সৰ্বাধিক পৰিভ্রমী চৰাইৰ আগমন ঘটে। নিজৰ আনন্দ-উপভোগৰ বাবে বনভোজৰ নামত তেনে ঠাইসমূহলৈ গৈ সেই নিৰীহ প্রাণীবোৰৰ শান্তি ভংগ কৰাটোও উচিত নহয়। তদুপৰি শীতৰ দিনকেইটাতেই ব্যাপকহাৰত বৃদ্ধি পায় পথ দুৰ্ঘটনাসমূহ। সুৰাপান কৰি মাতাল হৈ বনভোজস্থলীত উপদ্রৱ কৰাটো যেন এতিয়া একোটা ৰীতি। কেৱল বনভোজস্থলীয়েই নহয়, জাৰৰ দিনকেইটাত সুৰাপান বৃদ্ধি হোৱাৰ ফলত পথ দুৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ সংখ্যাও দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে। অৱশ্যে শীতৰ ডাঠ কুঁৱলীও এনে দুৰ্ঘটনাসমূহ সংঘটিত হোৱাৰ অন্যতম কাৰক। এইক্ষেত্রত সাৱধানতা অৱলম্বন কৰা অতি প্রয়োজনীয়। আনন্দ-উলাহৰ নামত মানুহৰ অকণমান দ্বায়িত্ববোধৰ হীন-ডেঢ়িয়ে সমগ্র শীতৰ সময়ছোৱাকে কলংকিত কৰিছে। আমাৰ প্রত্যেকৰে নিজৰ ৰাজ্যখনৰ প্রতি, ইজনৰ সিজনৰ প্রতি আৰু প্রকৃতিৰ ৰক্ষণাবেক্ষণৰ প্রতি কেতবোৰ কৰ্তব্য আছে। সেইবোৰ শীতেই হওক বা আন যিকোনো ঋতুৱেই হওক, পালন কৰাটো প্রয়োজনীয়।
সঁচা অৰ্থত ক’বলৈ গ’লে, শীতৰ ৰূপেই মায়াময়। এই একেটা শীতৰ ঋতুৱে কাৰোবাৰ বাবে কঢ়িয়াই আনে উৎসৱ, আমোদ-প্রমোদৰ পৰিবেশ আৰু আন কাৰোবাৰ বাবে কঢ়িয়াই আনে যন্ত্রণা। শীতৰ প্রকোপ বঢ়াৰ লগে-লগে উমাল কাপোৰ, একুৰা জুই হৈ পৰে সকলোৰে কাম্য। সৌ সেইদিনালৈকে শলাত ঘৰ গণি-গণি চুৱেটাৰ গুঁঠা কথাবোৰ এতিয়া কল্পনাতীত। আইতাহঁতে বৈ দিয়া এৰী-চাদৰখনৰ কথা নকলোৱেইবা। হয়তো সকলোৱেই নিজৰ হাতে গোঁঠা পুৰণি চুৱেটাৰটো অথবা এৰী চাদৰখনৰ কথা ভাবি অলপ হ’লেও নষ্টালজিক্ হৈ পৰে। এতিয়া সেইবোৰৰ ঠাই ল’লে বিভিন্ন নামী-দামী কোম্পানীৰ চুৱেটাৰ-জেকেটে। কিন্তু সকলোৰে বাবে এটা উমাল চুৱেটাৰ গোটাই লোৱাটোও সহজ নহয়। শীত নমাৰ লগে লগে যিদৰে নতুন চুৱেটাৰ এটা বা শ্বাল এখন কিনিবলৈ দোকানবোৰত মানুহে ভীৰ কৰেগৈ, সেই একে সময়তে ফুটপাথত কোনো সংগঠন বা অনুষ্ঠানে আঁৰি থোৱা কাপোৰৰ বেনাৰ গাত মেৰিয়াই, ৰাস্তাত পৰি ৰোৱা টুকুৰা কাগজ জ্বলাই ওৰে ৰাতি কঁপি কঁপি শীতৰ লগত যুঁজ দিয়া মানুহো এইখন পৃথিৱীতেই আছে। ফুটপাথৰ সেই লোকসকলৰ বাবে শীত কিমান ভয়ংকৰ হ’ব পাৰে, সেয়া আমি কল্পনাও কৰিব নোৱাৰিম কিজানি! তেনেলোকক অকণমান সকাহ দিবলৈ বুলি আমি নিজৰ পুৰণা অথবা অব্যৱহৃত গৰম কাপোৰবোৰ দিব নোৱাৰোঁ জানো?
শীতৰ নিহালি আৰু জুহালৰ উম, শীতৰ মাদকতা, শীতৰ নানা খাদ্য-সম্ভাৰ আৰু কুঁৱলীৰ মায়াময় পৰিবেশৰ বাবে হয়তো বহুজনৰ বাবে শীত প্ৰিয় ঋতু। তদুপৰি ভাৰতবৰ্ষৰ আন আন কৃষিপ্ৰধান ৰাজ্যসমূহৰ দৰে অসমতো পুহৰ আৰম্ভণিৰপৰাই মাঘ বিহুক আদৰাৰ বাবে খদমদম্ লাগে। মাঘ বিহু ভোগ-বিলাসৰ বিহু— ভোগালী বিহু। নানা পিঠা-পনাৰ প্রস্তুতিৰে মাঘ বিহুক আদৰা হয়।গাঁওবোৰে ঢেঁকীৰ শব্দত প্রাণ পাই উঠে। আঘোণৰ পথাৰৰ পৰা দাই অনা সোণালী ধানৰ চাউল ঢেঁকীত খুন্দি পিঠা-পনা প্রস্তুত কৰা হয়। বিশেষকৈ গোটা কড়াই ভজা, কাঠ আলু, মিঠা আলু, সান্দহ, হুৰুম আদিৰে ভোগালীক ভোগ কৰা হয়। উৰুকাৰ নিশা মেজি পহৰা দি সকলোৱে লগেভাগে এসাজ খোৱাৰ পৰম্পৰাটোও আমাৰ মাজত বোপা-ককাৰ দিনৰে পৰা চলি আহিছে। সাধ্যমতে চাউল, মাটি দাইল, মাছ-মাংস, বাৰীৰ নতুন ওলকবি, ফুলকবি, মটৰ, লাই-লফা আদি যোগান ধৰি সকলোৱে লগ হৈ এসাজ তৃপ্তিৰে খোৱাৰ হেঁপাহে আজিও অসমীয়াক কিঞ্চিত পৰিমাণে হ’লেও এক কৰি ৰাখিছে। বিহুৰ দিনা মেজিৰ পৱিত্র অগ্নিক সেৱা জনাই অসমীয়া ৰাইজে আশীৰ্বাদ লয়। যদিও নগৰসমূহত গাঁওবোৰৰ তুলনাত ভোগালীৰ উদযাপন তাকৰ, তথাপি বৰ্তমান বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানসমূহে নগৰ অঞ্চলত আদৰ্শমূলকভাৱে বা ব্যৱসায়িকভাৱে ভোগালীৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। এনেবোৰ আয়োজন আদৰণীয় যদিও জাতীয় সংস্কৃতিৰ যাতে বিকৃৎ উপস্থাপন নহয়, তাৰ প্রতিও অনুষ্ঠানসমূহ সতৰ্ক হোৱাটো প্রয়োজনীয়। তদুপৰি, ভোগালীৰ ভোগৰ নামত অত্যাধিক মদ্যপান এচামৰ বাবে নিয়মমাফিক হৈ পৰিছে। আনন্দ-উল্লাসৰ মাজত সীমা চেৰাই যোৱাটো এটা জাতিৰ ধ্বংসৰ অন্যতম কাৰক হ’ব পাৰে।
বিগত দিনকেইটাত ৰাজ্যত সংঘটিত হোৱা হিংসাত্মক ঘটনাৱলীয়ে সমগ্র ৰাজ্যবাসীকে জোঁকাৰি গৈছে। সেই দুৰ্ভগীয়া লোকসকলে নিজৰ ঘৰ-বাৰী তথা আপোনজনক হেৰুৱালে। শীতৰ মুকলি আকাশৰ তলত দিন কটোৱা সেইসকল লোকৰ বাবে ভোগালীৰ ভোগৰ কল্পনা কৰা অবান্তৰ। সৰুতে জ্যেষ্ঠজনে কোৱা শুনিছিলোঁ যে মাঘৰ মেজি জ্বলোৱাৰ দিনৰপৰা অগ্নি সকলোতকৈ ডাঙৰ হয়। আশা ৰাখিছোঁ, এইবাৰ মাঘৰ মেজিৰ জুই ইমানেই উজ্বল আৰু উত্তপ্ত হওক, যাতে এই জুয়ে সকলো অন্যায়-অবিচাৰ, হত্যা-হিংসাক জ্বলাই নিঃশেষ কৰিব পাৰে।
আন্তৰিকতাৰে,
দেৱীকা ফুকন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক