সম্পাদকীয় (ধীৰাজ কলিতা)



ভোক-শ্ৰমৰ বিষয়ে চকুত পৰা সৰু সৰু কথাবোৰ:
যোৱা ৰাতিৰ পৰা মালতীয়ে পানী এটুপিও মুখত দিয়া নাই। কালি হালৰ পৰা আহি মানুহজনে নাঙলখন গোহালিৰ কাষত একাষৰীয়াকৈ থৈ হাতত থকা হালোৱা লৰুডালেৰেই তিনি-চাৰি কোব দিছিল। ঘৰত থকা চাউলখিনিৰে আৰু দুদিনমানহে যাব বুলি তিনি দিনমান আগৰে পৰা কৈ আহিছে মালতীয়ে। নাই, মদনৰ কোনো কাণসাৰেই নাই। বোৱাৰী পুৱাৰে পৰা ৰাতিপুৱা দহটালৈ পথাৰত, তাৰ পিছত দিন-দুপৰতে এটুপি গিলি আমজোপাৰ তলত সন্ধিয়া গোহালিত গৰু নোসোমোৱালৈকে তাচপাত। এয়াই মদনৰ দৈনন্দিন ৰুটিন। “গাঁৱৰ সিটো মূৰৰ ৰতনহঁতৰ সমবায়ৰ দোকানৰ পৰা চাউলখিনি আনিবলৈও এলাহ, এইখিনি চাউল শেষ হ’লে ডিঙিলৈকে খুৱাম”………. ঘৰৰ তিনি নং সদস্য শাহুৱেকৰ আগতো মানুহজনৰ এলাহৰ কথা কৈ কেবাদিনো ভোৰভোৰাইছে মালতীয়ে। যোৱাকালি মালতীয়ে নোখোৱাকৈ থকা গম পাই মদনৰো মনটো বেয়া।
মালতীৰ দৰে বহুতেই নিজৰ দুখ আৰু প্ৰতিবাদৰ বহিঃপ্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা মাধ্যম হ‘ল “ভোক”। প্ৰিয়জনৰ ভোকক অনুভৱ কৰি দুখৰ সমভাগী হ’ব জনা মদনেও পেটৰ প্ৰচণ্ড ভোকৰ কোবত জ্ঞানহীন হৈ পৰিছিল, কি ভাল/কি বেয়া ? ভোকৰ বহিঃপ্ৰকাশ, কালি নিজৰ খং-ৰাগ সৰ্বস্ব উজাৰিলে হালোৱা লৰুডালেৰে।
ভোকৰ ভিন্নতা:
উদৰ পূৰাই ভাতসাঁজ খোৱাৰ পিছতো আলমাৰিত থকা খেজুৰৰ ডাঙৰ গোল্লাকেইটা দেখি দুই ওঁঠ চেলেকিছে দোকানত কাম কৰা ল’ৰাজনে। দিনৰ দিনটো দোকানৰ পিছফালে দমকলৰ পাৰত সৰু কাঁচৰ গিলাচ আৰু ষ্টীলৰ প্লেটকেইখন চাবোনৰ ফেনত ডুবাই ধুই থকা ল’ৰা জনে ইমান দিনে দেখাই নাছিল নিজৰ দোকানত ইমান ধুনীয়া মিঠাই আছে বুলি।
নতুনকৈ খোলা “বাৰ”খনত ঘূৰণীয়া সাঁফৰৰ ৰঙীন বিদেশী সুৰাৰ বটলটোৰ দাম দেখি একেই দুখ ঠিকাদাৰৰ বৰ পুতেকৰ। যেনেতেনে তিনি হাজাৰ টকা অহা সপ্তাহত মেনেজ কৰিবই লাগিব বুলি ভাবি দুখমনেৰে ঘৰলৈ উভতিল সি। নাথাকি নোখোৱা আৰু থাকিও খাব নোৱাৰাজনৰ ভোকৰ ৰঙ বেলেগ বেলেগ । কেতিয়াও ভোক নলগাজনে নুবুজে ভোক, নুবুজে জীৱন।
ভোকৰ চিনাকি বহু সময়ত সুখ আৰ্জনৰ আহিলা হিচাপে। এদিন ওৰে দিনটো একো নোখোৱাকৈ থকাৰ পিছত দুপৰীয়াৰপৰাই আপোনাৰ আনন্দ লাগি থাকিব যে “সন্ধিয়া এসাঁজ ভাত খাম”। ভোকাতুৰ পেটত আপুনি খোৱা শাক-পাত-লোণ হ’ব অমৃত সমান আৰু এখন্তেকৰ কাৰণে হ’লেও আপুনি পাব স্বৰ্গ সুখ-পৰম তৃপ্তি।
কৰ্ম আৰু ভোকৰ সম্পৰ্ক পোনপটীয়া। পৃথিৱীত কাৰো ভোক নালাগিলে মানুহে কৰ্ম কৰিলেহেঁতেন নে ! নকৰিলেহেঁতেন ! কি হ’লহেঁতেন সেয়া সহজেই অনুমেয়। কৰ্ম শব্দটো উচ্চাৰণ কৰাৰ লগে লগেই নেগুৰত লাগি থকাৰ দৰে আনটো শব্দ হ’ল কৰ্মফল। ভাল কাম কৰিলে ভাল ফল পাবই পাব, তাত কোনো সন্দেহ নাই। আজি নহ’লে কাইলৈ, চকুত পৰাকৈ বা চকুত নপৰাকৈ। কলেজৰ পৰা আহোঁতে চিটি বাছত বাছ কণ্ডাক্টৰক ঠগি পইচা নিদিয়াকৈ পলাই আহিব পৰাটো চখ আৰু আনন্দ আছিল। দুটকা ৰাহি কৰাতকৈ কণ্ডাক্টৰৰ চকুত নপৰাকৈ অহা-যোৱা কৰাটোৱে আছিল যেন গৌৰৱ। ৰাতি পঢ়া মেজত বহি দেখোঁ হয়তো শ্ৰেণীকোঠাতেই কলমটো হেৰুৱাই থৈ আহিছোঁ নহয় জীৱ বিজ্ঞানৰ প্ৰেকটিকেল ক্লাচতে ৰবৰটুকুৰা পেলাই থৈ আহিছোঁ। বিশ্বাস কৰক নকৰক, থোৰতে এইয়াই কৰ্মফল। আপোনাৰ দৈনন্দিন জীৱনত কিবা ভাল বা বেয়া ঘটনা এটা ঘটিলেই সেই ঘটনাটোক আপুনি পাৰ হৈ যোৱা দিনত আপুনি কৰা কামবোৰৰ লগত যদি সংযোগ কৰি বিশ্বাসত ল’ব পাৰে আপুনি হাততে পাই যাব কৰ্মৰ ফল। ৰাস্তাত খোজ কাঢ়ি থাকোঁতে উজুটি খোৱাৰ সময়ত, মাছৰ লগত খাবলৈ কিনি অনা জিকাকেইটা তিতা হোৱাৰ সময়ত আপুনি চিন্তা কৰক, দহ জনে খোজ কাঢ়ি থকা ৰাস্তাটোত মই কিয় উজুটি খালোঁ (?) বা মই কিনি অনা জিকা কেইটাহে তিতা ওলাব লাগে নে? লাভ লোকচানৰ কথা নাই, মানিলে ধান নামানিলে পতান। ৫ মিনিটৰ কাৰণে পুৰণি দিনকেইটাত আপুনি কৰি অহা কাম কেইটা মনত পেলালেই আপুনি উজুটি খোৱা, তিতা জিকা খাব লগা হোৱা কাৰণটো বিচাৰি পাব। আহক আমি আটায়ে ভাল কাম কৰোঁ, ৰাতিপুৱা শুই উঠিয়েই অন্ততঃ সেইদিনটোৰ কাৰণে সংকল্প লওঁ-”কোনো পৰিস্থিতিতেই আজি মই এখুদমানো বেয়া কাম নকৰোঁ”।
গৃহ কন্দল:
দুই মেকুৰীয়ে কাজিয়া কৰে, বুধিয়ক শিয়ালে আহি মেকুৰীৰ ভাগৰ ৰুটি খায় আৰু মেকুৰী দুটাই ভোকত কলমলাই থাকে। সাধুটো মনত পৰিলেই দৈনিক দ্ৰুত গতিত বৃদ্ধি পাই অহা ভাতৃঘাতী সংঘৰ্ষবোৰৰ কথা মনলৈ আহি মনটো টেঙাই দিয়ে। এইবোৰ হ’ল শেষ নোহোৱা বিষয়। তথাপিও মই ক’ব খোজা কথাখিনি অতি চমুকৈ, মূলভাৱখিনি জুকিয়াই কওঁ বাৰু। নিজৰ ককায়েক-ভায়েক-ভনীয়েক-শাহুৱেক-ননদ-দেওৰ আদি পৰিয়ালৰ সদস্যৰ মাজত যদি অকল এটা বস্তু, “একতা” থাকে, বুকুত হাত থৈ হাজাৰবাৰ চিঞৰি চিঞৰি ক’বলৈ মোৰ সাহস আৰু বিশ্বাস আছে যে পৃথিৱীৰ কোনো শত্ৰুৱে আপোনাৰ গাৰ নোম এডালো চুব নোৱাৰে। আৰু আনৰ অপকাৰ, হিংসা কৰি ঘূৰি ফুৰা এই শত্ৰুবোৰে যেতিয়া আপোনাৰ একতাৰ ভেটিক তিল মাত্ৰও ক্ষয় নিয়াব নোৱাৰিব, আপোনা-আপুনি সিহঁতে নিজৰ হিংসা, শত্ৰু বৃত্তি এৰি দিব। কাৰণ সিহঁতে বুজি পাব যে ঘৰৰ, ওচৰ-চুবুৰীয়াৰ হিংসা কৰি সিহঁতৰ ভাত মোকলোৱা দিন উকলি গল। আমি আমাৰ শত্ৰু। সমাজত-দেশত শত্ৰু নাথাকিলে গুম-গুমাই সমাজ আগবাঢ়ি যাব উন্নতিৰ পথে।
আহক, জীৱন সংগী জনৰ লগত কৰাৰ দৰেই আমি পৰিয়ালৰ সকলো সদস্যৰ স’তে আজি প্ৰতিজ্ঞাবদ্ধ হওঁ, শপত খাওঁ যে “কোনো মূল্যৰ বিনিময়তে আমি এজনে আনজনৰ কথা বেয়াকৈ কেতিয়াও চিন্তা নকৰোঁ, নকৰোঁ, নকৰোঁ (কাষৰ পৰিয়ালে সুবিধা ল’ব, যি হ’লেও আমাৰ তেজৰ সম্পৰ্ক আছে, আমি একেটা পৰিয়ালৰে )”। তাৰ পিছত চাওক, আপুনি এই দুনিয়াৰ সকলো সমস্যাৰ লগত অতি সহজেই মোকাবিলা কৰিছে, কোনো সমস্যাই আপোনাক বেৰি ধৰিব পৰা নাই। আৰু সেই বিশেষ দিনটোক আমি “একতা”ৰ দিন হিচাপে উদ্‌যাপিত কৰোঁ আহক।
মালৈ চিঠি:
মৰমৰ মা,
এই ৰাস্তাতে পোষ্টমেনজনক লগ পাই থিয়ৈ থিয়ৈ দুআষাৰ লিখিলোঁ। শনিবাৰলৈ ভালকৈ এখন চিঠি দিম বাৰু।আমাৰ ঘৰৰ ঠিকনা পোষ্টমেনজনে জনা হৈ গৈছে, কিবা লিখি দিলেই হ’ল। নিজে খাম কিনি এঠা লগাই তালৈ পোষ্ট কৰি দিয়ে। যি হওক, আমাৰ ঘৰত কাম কৰা চাহজাহানৰ কথা কওঁ, সিহঁত বিদেশী বুলি তহঁতেতো আগতেই জানিছিলি, জানিও ইমান বছৰে কিয় আমাৰ ঘৰত ৰাখিছিলি? বয়স হৈছে, অচিন ঠাই, কি কৰি খাব বুলি তেওঁক একো নক’লি, পিছৰ বছৰত ঘৈণীয়েক-পৰিয়ালো লৈ আহিল। ছাত্ৰ দলটোৰ নেতাকেইজনে কিবা ক’ব খুজিলেও দেউতাই গৈ একো নকৰিবলৈ অনুৰোধ কৰে। কাৰণ মানুহজনৰ প্ৰতি, পৰিয়ালটোৰ প্ৰতি তহঁতৰ পুতৌ জন্মিছিল। ইমান দিনে নিচলা, গৃহহীনক সহায় কৰি ধৰ্ম কৰি আহিছিলি। আজি বুজি পাইছোঁ মা, শুনিবলৈ বেয়া শুনিলেও আমাৰ পৰিয়ালে স্বদেশৰ লগত এয়া গাড্ডাৰি কৰিছে, আমি পাপ কৰিছোঁ মা। তহঁতে এবাৰো চাগে’ নাভাব, নতুনকৈ যে বজাৰত কাম কৰিবলৈ আহে মানুহবোৰ, সিহঁত ক’ৰ পৰা কেনেকৈ আহে? এখন দেশৰ পৰা অইন এখন দেশলৈ গৈ কাম কৰাৰ সাহস জানো তোৰ আছে? নাই। সিহঁতৰো নাছিল! কিন্তু সিহঁতক সাহস দিয়া মানুহবোৰক আমি পুহি ৰাখিছোঁ। কাৰণ নিয়মতকৈ আমি আবেগক বেছি গুৰুত্ব দিওঁ, কাৰণ মিলিটাৰীয়ে চাহজাহান খুৰাক, খুৰী আৰু সৰু ল’ৰা-ছোৱালীকেইটাৰ স’তে ৰাস্তাৰে চোঁচৰাই নি জেলত ভৰাই থোৱা দৃশ্য চাবলৈ তহঁত হৃদয়ৰ পৰা কঠোৰ হ’ব লাগিব, যিখিনি তহঁতে নোৱাৰ, কিয়নো সিহঁতে ইমান দিনে আমাক খেতি কৰি সহায় কৰি দি আহিছে । কিন্তু মা, সিদিনাখন সীমান্তত, চাহজাহান খুৰাৰ আত্মীয়জনে মোৰ বুকু ভেদি গুলীওৱাৰ সময়ত কিন্তু এবাৰো ভবা নাছিল যে মই ঘৰত বৃদ্ধ মাক এৰি থৈ আহিছোঁ আৰু ঘৰ এৰি গুচি অহা সিহঁতৰ মোমায়েক “চাহজাহান” আমাৰ ঘৰতে খাই-বৈ-শুৱে। সঁচা কথাটো হ’ল স্বদেশে প্ৰেমে আবেগ নুবুজে।
সেৱাৰে,
তোৰ বেটা
যুদ্ধ কছাৰী
৩০ নং সেনা ছাউনী

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Lolit Bora
8 years ago

সুন্দৰ সম্পাদকীয়…